প্ৰত্যেক অমাৱশ্যাত আঁহত গছৰ তলত ৰাণীয়ে জ্বলাইছিল বন্তি : Religious Studies - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Monday, August 9, 2021

প্ৰত্যেক অমাৱশ্যাত আঁহত গছৰ তলত ৰাণীয়ে জ্বলাইছিল বন্তি : Religious Studies

 

Religious Studies

আজি শাওণ মাহৰ অমাৱশ্যা,শাওণ মাহৰ অমাৱশ্যাক শ্ৰাৱণী অমাৱশ্যা নামেৰে জনা যায়।। ( Religious Studies )

এসময়ৰ কথা, এখন নগৰত এজন ৰজা আছিল। ৰজা'জনৰ দুগৰাকী পত্নী আছিল। এদিন ৰজাৰ সৰু পত্নীয়ে, ৰজাৰ কোঠাত থকা, মিঠাই মনে মনে খালে। আৰু ৰজাই সুধাত, সৰু ৰাণীয়ে কলে, সেই মিঠাই নিগনিয়ে খালে। সৰু ৰাণীৰ কথা নিগনিয়ে শুনাত, নিগনিয়ে কলে, এই সৰু ৰাণীয়ে আমাক মিছা অপবাদ দিছে। এই কথাৰ সত্য আমি সকলোৰে আগলৈ আনিম। 


কিছু দিনৰ পাছত ৰজাৰ অট্টালিকালৈ কিছু আলহী আহিল।ৰজাই তেওঁলোকক অতিথি কোঠাত থাকিবলৈ দিলে। তেতিয়া নিগনিয়ে ভাৱিলে, এয়াই সঠিক সময়, সৰু ৰাণীৰ কথা সকলোৰে আগলৈ আনিবলৈ। যথা সময়ত নিগনিয়ে সৰু ৰাণীৰ কাপোৰ লৈ গৈ অতিথিৰ কোঠাত থৈ দিলেগৈ। পুৱা হলত অট্টালিকাত কাম কৰা লোকে দেখা পালে, সৰু ৰাণীৰ কাপোৰ অতিথি কোঠাত আছে। লাহে লাহে এই কথা সম্পূর্ণ অট্টালিকাত বিয়পি পৰিল। যেতিয়া এই কথা ৰজাৰ কাণত পৰিল, তেতিয়া ৰজাই সৰু ৰাণীক অট্টালিকাৰ পৰা উলিয়াই দিলে। 


সৰু ৰাণীয়ে অট্টালিকা থাকোতে, অট্টালিকাৰ বাগিচাত থকা আহত এজোপাৰ তলত বন্তি জ্বলাইছিল।কিন্তু সৰু ৰাণী এতিয়া অট্টালিকাত নথকাত সেই আঁহতৰ তলত বন্তি জ্বলাব পৰা নাছিল। এদিন যেতিয়া ৰজাই চিকাৰ কৰি উভতি আহিছিল, তেতিয়া দেখাপালে অট্টালিকাৰ বাগিচাত কিবা জিলিকি উঠিছে।তেতিয়া ৰজাই নিজৰ সৈণিকক আদেশ দিলে, যোৱা, সেই আঁহত গছৰ ওপৰত বহি চোৱাগৈ, তাত কি ঘটিছে! ৰজাৰ আদেশ পাই, ৰজাৰ সৈণিকে আহঁত গছৰ ওপৰত বহি নিশা দেখা পালে, আহঁত গছৰ তলত থকা বন্তি দুগচে কথা পাতিছে। ( Religious Studies )


এগচ বন্তিয়ে আনগচ বন্তিক সুধিলে, তুমি কৰপৰা আহিছা! তেতিয়া আনগচ বন্তিয়ে কলে, মই ৰজাৰ অট্টালিকাৰ পৰা আহিছো। সৰু ৰাণীয়ে সদায়ে ইয়ালৈ আহি, ইহঁতৰ তলত বন্তি জ্বলাইছিল। আজি শাওণৰ শ্ৰাৱনী অমাৱশ্যা হয়। কিন্তু সৰু ৰাণী নাহিল। কাৰণ ৰজাই তেওঁক অট্টালিকাৰ পৰা উলিয়াই দিলে।তেতিয়া প্রথম গচ বন্তিয়ে সুধিলে, ৰজাই সৰু ৰাণীক কিয় অট্টালিকাৰ পৰা উলিয়াই দিলে! তেতিয়া ৰজাৰ অট্টালিকাৰ বন্তি গচিয়ে কলে, এদিন সৰু ৰাণীয়ে ৰজাৰ কোঠাত ৰখা মিঠাই খাইছিল। আৰু সৰু ৰাণীয়ে ভয়তে ৰজাৰ আগত নিগনিয়ে মিঠাই খালে বুলি, নিগনিৰ মিছা অপবাদ দিলে। 


সৰু ৰাণীৰ সত্যক সকলোৰে আগলৈ আনিবলৈ, নিগনিয়ে সৰু ৰাণীৰ কাপোৰ আনি অতিথি কোঠাত থৈ দিলে। তেতিয়া সৰু ৰাণীৰ ওপৰত মিছা অপবাদ লাগিল। তেতিয়া ৰজাই সৰু ৰাণীক অট্টালিকাৰ পৰা উলিয়াই দিলে। সেইবাবে আজি মই উকা। সৈণিকে এই কথা যেতিয়া শুনিলে, তেতিয়া তৎক্ষনাত আঁহত গছৰ পৰা নামি আহিল আৰু ৰজাক সকলো কথা বিৱৰি কলে। সৈণিকৰ কথা শুনি ৰজাই সৰু ৰাণীক পুনৰ অট্টালিকালৈ মাতি আনিলে। 

আৰু তাৰ পাছত সৰু ৰাণীয়ে পুনৰ আঁহতৰ গছৰ তলত বন্তি জ্বলোৱাৰ নিয়ম আৰম্ভ কৰি দিলে।।

ঔঁ নমঃ শিৱাই…

এনেধৰনৰ আৰু আধ্যাত্মিক লেখা পঢ়ক এই লিংকত - www.আধ্যাত্মিক.com


Religious Studies

বিঃদ্ৰঃ এই লেখা Social Media Journalism ফেচবুক গ্ৰুপৰ এগৰাকী সন্মানীয় সদস্যা ৰেখামণি চাৰিঙীয়াই আমালৈ প্ৰেৰণ কৰিছে।আপোনালোকেও যদি কোনো লেখা বা গল্প  আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপৰ সদস্য হৈ তাত প্ৰকাশ কৰিব পাৰে।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব।Religious Studies )

আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup


 নতুবা আমাৰ ফেচবুক পেজ বা SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সতো গল্প সমূহ প্ৰেৰণ কৰিব পাৰে।

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page

No comments:

Post a Comment

Advertisement

Pages