প্ৰেম,বিবাহ,বিচ্ছেদ…আৰু তাৰ পিছত ? ( খণ্ড ১ ) Assamese Storyboard - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Monday, August 9, 2021

প্ৰেম,বিবাহ,বিচ্ছেদ…আৰু তাৰ পিছত ? ( খণ্ড ১ ) Assamese Storyboard


ভাগি যোৱা বিবাহ স্থলীত চকী এখনত বহি আছে ৰত্নেশ্বৰ চলিহা।হঠাৎ তেওঁ‌ কি কৈ পেলালে ধৰিবই নোৱাৰিলে( Assamese Storyboard )।ঘৰৰ ভিতৰত কান্দি আছে পত্নী আৰু একমাত্ৰ পুত্ৰই।তেওঁ‌ৰ যে এতিয়া শক্তি নাই সিহঁ‌ত দুজনৰ ওচৰলৈ যাবলৈ।এটা সৰু কথাৰ বাবে কিমান এটা ডাঙৰ ঘটনা হৈ গ'ল তেওঁ‌ ধৰিবই নোৱাৰিলে।


এতিয়া তেওঁ‌ সমাজৰ আগত কেনেকৈ মুৰ তুলি কথা কব।তাতোকৈ ডাঙৰ কথা মাক আৰু পুতেকে তেওঁ‌ক ক্ষমা কৰি দিব নে?তেওঁ‌ৰ নিচিনা এজন অৱসৰ প্ৰাপ্ত শিক্ষকৰ ভুল হব পাৰে জানো?সেই সময় খিনিত নিজে কি কৈ দিলে বোৱাৰীৰ ঘৰৰ মানুহক তেওঁ‌ ধৰিবলৈয়ে নোৱাৰিলে।তেওঁ‌ সকলোকে ক্ষমা খুজিব লাগিব।অইন কোনোৱে তেওঁ‌ক ক্ষমা নকৰিলেও নিজৰ পত্নী আৰু সন্তানেতো কৰিব,তেওঁ‌ক বুজি পাব।

  অলপ আগতে নিউজ চেনেলৰ মানুহবিলাক আহি বোৱাৰীৰ যৌতুক খিনিৰ লগতে ঘৰখনৰ কিবা কিবি ভিডিও ও উঠাই নিছে,হয়তো সন্ধিয়ালৈ সেইবিলাক ব্ৰেকিং নিউজ হিচাপে সকলোৱে দেখা পাব।


ঃমোক ক্ষমা কৰি দে ও বোপাই- ভিতৰলৈ গৈ পুতেকৰ ভৰিত ধৰি কৈ উঠিল চলিহাই। ( Assamese Storyboard )

আজি যে নিজৰ ভুলবোৰৰ বাবে তেওঁ‌ৰ অন্তৰ খন দহি গৈছে।কি সতে শান্তিত থাকে তেওঁ‌।ঘৰখনৰ শান্তিৰ বাবে বোৱাৰীজনী আনিলে,কিন্তু তাকো দুদিন নহোওতেই তেওঁ‌ৰ এটি সামান্য ভুলৰ বাবে বোৱাৰীজনী মাকহঁ‌তৰ ফালৰ মানুহে লৈ গ'ল।সকলোৰে আশাবিলাক আশা হৈয়ে ৰৈ গ'ল।

ঃতোমাৰ ভুল নাই দেউতা,ভুল সিহঁ‌তৰ মানুহ বোৰৰ হৈছে,বেলেগ মানুহবোৰে আমাৰ কথাত কিয় গুৰুত্ব দিব দেউতা।আমি যে দোষী সিহঁ‌তৰ দৃষ্টিত।ভুল নকৰিলেও আমি দোষী।আৰু সিহঁ‌ত যে কইনা পক্ষৰ মানুহ। সিহঁ‌তৰ কথাই সকলোৱে অধিক গুৰুত্ব দিব।কিন্তু শ্ৰুতিক জানো আকৌ ঘুৰাই পাম মই?


ঃতাই যদি তোৰ কপালত আছে তেনেহ'লে তাই আকৌ ঘুৰি আহিব ও বোপাই।তই চিন্তা নকৰিবি তাই যদি আকৌ ঘুৰি আহে আমি তাইক আদৰি লম।মোৰ আশিৰ্বাদ তোৰ লগত সদায় আছে।

-এই উপন্যাস খনৰ  বাকী কেইটা খণ্ড পঢ়ক এই লিংকত - https://বিচ্ছেদৰ-পিছত.in

( Assamese Storyboard )


(ধাৰাবাহিক খন প্ৰতি দিনেদিনৰ ঠিক ১ বজাত প্ৰকাশ পায়। সেয়ে  নিৰ্দিষ্ট সময়মতে পঢ়িবলৈ অনুগ্ৰহ কৰি গুগুলত চাৰ্ছ কৰিব - smj24.in )



Assamese Storyboard


আমালৈ গল্প বা উপন্যাস প্ৰেৰণ কৰিবলৈ আমাৰ মেইল আই দি আৰু ফেচবুক পেজৰ লিংক তলত উল্লেখ কৰা হল ।

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

আমাৰ মেইল আই ডিৰ লিংক - smj24.in@gmail.com


আমাৰ ফেচবুক গ্ৰুপটো আপুনি পোনপটিয়াকৈ গল্প প্ৰকাশ কৰিব পাৰে।

আমাৰ গ্ৰুপৰ লিংক - SMJ24.facbookgroup


No comments:

Post a Comment

Advertisement

Pages