আজি পুনৰ এটা হস্ত বিজ্ঞানৰ লগত জড়িত বিষয় লৈ আপোনালোকৰ কাষলৈ আহিছো। আজি আমি আঙুলিৰ বিষয়ে আলোচনা কৰিম। আঙুলিয়ে মানুহৰ জীৱনৰ শক্তিৰ বিষয়ে জনায়( Assamese Fact )। মানুহৰ চিন্তা ধাৰা, বিচাৰ বিবেচনা, স্বভাব, ব্যৱহাৰ, চৰিত্ৰ আৰু ভৱিষ্যতে কেনেকুৱা হ'ব আদি জানিবলৈ হ'লে মানুহজনৰ আঙুলিৰ ওপৰত জ্ঞান থাকিব লাগিব। সাধাৰণতে আঙুলি তিনি প্ৰকাৰৰ থাকে.....
প্ৰথমে আমি যদি হাতৰ আঙুলি সমূহ মুঠি মাৰি বুঢ়া আঙুলিটো পোন কৰি পিছলৈ নিবলৈ চেষ্টা কৰে তেতিয়া সেইটো পোন আঙুলি বুলি ধৰা হয়। যদি ২০ শতাংশ পিছলৈ আহিলেও তাক পোন আঙুলি কোৱা হ'ব। যাৰ বুঢ়া আঙুলি পোন থাকে তেনেকুৱা মানুহ মানসিক ভাৱে বহুত সবল হয়। এনৱকুৱা মানুহ নিজৰ কষ্টৰ ফলত পৃথিৱীক জয় কৰিব বিচাৰে। তেওঁলোকে জীৱনত বহুতো কষ্ট কৰিব লগীয়া হয় আৰু তেওঁলোকৰ জীৱনত একোবস্তু সহজ ভাবে নাপায়। তেওঁলোকৰ জীৱনত এটাৰ পিছত এটা সংঘৰ্ষ আহে আৰু উত্থান পতন হৈ থাকে। ইয়াৰ কাৰণ হৈছে যদি কোনোবাই কিবা কথা কৈ দিলে আৰু কাম কৰি দিলে সেইটো কেতিয়াও নহ'ব।
তেওঁলোকে নিজৰ পৰিচয় নিজে গঢ়ি লয় আৰু সদায় নতুন পথৰ সন্ধান কৰে। তেনে লোকৰ মানুহৰ এটা বিশেষ গুণ আছে যে তেনেকুৱা ব্যক্তিয়ে লিডাৰৰ আসন গ্ৰহণ কৰে আৰু যদি তেনে ব্যক্তিক কামৰ দায়িত্ব দিয়া হয় তেতিয়া ভাল প্ৰদৰ্শন দেখুৱাই কিন্তু কাৰোবাৰ অধীনত কাম কৰিবলৈ ভাল নাপায়। তেনেকুৱা ব্যক্তিৰ জ্ঞান বহুত থাকে। তেনেকুৱা ব্যক্তিয়ে প্ৰত্যেক বিষয়ৰ ওপৰত অধিক জ্ঞান হোৱাটো বিচাৰে। তেনেকোৱা ব্যক্তিৰ মনত জ্ঞানৰ আন্দোলনৰ সৃষ্টি হৈ থাকে। কিন্তু মুখত অলপো ভাৱনা আহিবলৈ নিদিয়ে। সেইকাৰণে ৰহস্যময় বুলি ক'ব পাৰি। তেনে ব্যক্তিয়ে নিজৰ অলপো অপমান সহ্য কৰিব নোৱাৰে। যদিওবা ধেমালিতে কোনোবাই কিবা কৈ দিলে তেতিয়া মনত বহুত আঘাত পায়। তেনেলোকে জীৱনৰ সফলতাত বহুত গুৰুত্ব দিয়ে, বহুত উচ্চাকাংশী হয় আৰু প্ৰত্যেক কৰ্তব্য পালন কৰে।নিজৰ বন্ধু বা প্ৰেয়সীৰ কাৰণে অকুৰগোজ হয়। যদি কাৰোবাক ভাল পাই তেতিয়া প্ৰেমৰ ক্ষেত্ৰত কাৰোবাক পাব বিচাৰিলে নিজৰ কৰিহে ল'ব। তেনে লোকৰ সৰু কালত টকা-পইচাৰ অভাৱ থাকিব, বয়স বঢ়াৰ লগে লগে উন্নতি হয় আৰু সদায় নতুনত্ব আগ্ৰহ বাঢ়ি যায়। পৰিস্থিতিৰ লগত আগুৱাই যায়। বহুত চাফা চিকুণ আৰু ভিৰৰ মাজত নিজে নিজৰ মাজত পৰিচয় আগুৱাই নিব বিচাৰে।
এনে লোকে ভাবে যে যিটো জীৱন ভগৱানে দিছে সেই অনুসৰি জীৱন উপভোগ কৰিব লাগে। সাধাৰণ জীৱন যাপন কৰি ভাল পায়। যি আছে তাতে সন্তুষ্ট হয়। এই লোকে বহুত কোন লোকচানৰ সন্মুখীন হয়। পোন আঙুলিৰ তুলনাত এনে ব্যক্তিৰ কোন লোকচানৰ সন্মুখীন হয়। এনে ব্যক্তিয়ে বেছি ৰিক্স নলয় আৰু যদিও লয় তেতিয়া পৰিস্থিতি কি হ'ব সিইটো লৈ ভয় নাখায়। কাৰণ যি কৰ্মই কৰে প্ৰথমে সেই কৰ্মটোৰ ওপৰত ভালকৈ নিৰীক্ষন কৰি লয়। কিমান লাভ বা লোকচান হ'ব আৰু যদিও লোকচানৰ সন্মুখীন হয় আগতীয়াকৈ নিজৰ অনুসাৰে সুবিধা কৰি লয়। বিশ্বাসী আৰু জীৱনত আগুৱাই যায়।
তেনে ব্যক্তি বহুত আলসুৱা মনৰ অধিকাৰী হয়। যাৰ প্ৰতি আকৃষ্ট হয় তেওঁৰ হ'ব বিচাৰে আৰু প্ৰত্যেক সম্পৰ্ক ভাল ধৰণেৰে কৰিব বিচাৰে। এনে লোক বহুত বুধিয়ক হয়, কৰ্মৰ প্ৰতি আকৃষ্ট হয়। এনে লোকে লক্ষ্যত উপনীত হ'বলৈ হলে নিৰ্দিষ্ট কৰি লয় আৰু যিকোনো প্ৰকাৰে লক্ষ্যত সফল হয়। এনে ব্যক্তিৰ খং কম হয়। যদি কেতিয়াবা খং উঠে তেতিয়া বহুত খঙাল হৈ যায়। এনেও ব্যয়ক্তিৰ জন্মগত কিছুমান কলা থাকে। নাচ, গান ,খেলত জীৱনৰ লক্ষ্য স্থিৰ নকৰিলেও বিভিন্ন কলাত পাৰ্গত হয়। এনে লোকৰ ভাগ্য বহুত প্ৰবল হয়। হাঁহি ফুৰ্তি কৰি ভাল পায়। উনৱ লোকৰ টকা পইচাৰ অভাৱ নাথাকে। ভাগ্য ভাল থাকে ।
তিনিওটা আঙুলিৰ ব্যক্তিৰ কিবা নহয় কিবা এটা নিজৰ স্থিতি থাকে। এইটো এটা বহুত সহজ উপায় যে আমি আঙুলিৰ জৰিয়তে বেলগৰ জীৱনৰ বহুত কথা জানিব পাৰো।
এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in
( Assamese Fact )
বিঃদ্ৰঃ উক্ত লেখা ইন্টাৰনেতৰ পৰা সংগ্ৰহ কৰা তথ্যৰ ওপৰত আধাৰিত। SMJ24 এ এই তথ্যৰ সত্য সত্যতাৰ দাবী নকৰে,ধন্যবাদ।
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
আমাৰ মেইল আই ডিৰ লিংক - smj24.in@gmail.com
No comments:
Post a Comment