সিহঁত তিনিটা মাজত ঘনিষ্ঠতা বহুত বাঢ়ি গৈছিল!!
তাৰ পাছত বৃস্তিয়ে তাক তাইৰ মাক -দেউতাকৰ লগতো লগ কৰাই দিলে ( Assamese Storyboard )!! তেওঁলোক আহি পাওঁতেই কেইদিনমান দেৰি হ'ল !! কাৰণ ভাইয়েক ভালকৈ ভাল হোৱা পাছত হে তেওঁলোক আহিছিল!!
গুৱাহাটীৰ পৰা ঘূৰি আহি মাক-দেউতাকে তাক ঘৰলৈ মাতিলে আৰু বহুত ধন্যবাদ দিলে!! আৰু ভাত পানী খোৱালে লগতে তাক মৰমেৰে ক'লে-" মনোজ মাজে-মাজে আহি গৈ থাকিবি!!" তাৰ পাছৰে পৰা মনোজে সিহঁতৰ তালে যায়!!
লাহে লাহে দিনবোৰ বাগৰি গ'ল আৰু মনোজে ভাবিছিল সি তাৰ ভাল পোৱা পালে!! আচলতে ভাল পোৱা আধা পাগলৰ দৰে ভাল পালে মানুহে ভাবে যি সি ভাবে বেলেগ ও ভাবে বুলি!!
সি নিবিৰক কৈছিল মই মোৰ ভাল পোৱা পালোঁ!! কিন্তু নিবিৰে ক'লে- "তাইটো তোক আজিলৈকে মনৰ কথা কোৱা নাই............... আৰু তই কৈ আছ তই তোৰ ভাল পোৱা পাই গলি বুলি !!পাগল সপোন দেখিবলৈ বাদ দে!! "
মনোজে ভাবি আছিল যে সি ভাল পোৱা পালে বুলি কিন্তু আজিলৈকে নেহাই তাক ভাল পাওঁ বুলি একো সংকেত দিয়া নাছিল!!
যিয়ে হক সি বহুত আনন্দিত হৈ আছিল!!সি ভাবিছিল নিজৰ ওপৰত বিশ্বাস থাকিব লাগে !! সন্মুখৰজনে ইনেও এদিন বুজি পাব!!
তাক নিবিৰে বুজাইছিল যে তই নিজৰ মনত মিছা আশা নুপুহিবি !! ধুনীয়া ছোৱালীবোৰ ভাল নহয় ঠগিব তোক পাছত গম পাবি!!
ৰাতিপুৱা সোনকাল খাই বৈ মনোজ উলাই আছিল আৰু তেতিয়াই নিবিৰ আহি পালে!!
তাক উলাই থকা দেখি নিবিৰে ক'লে-" ইমান সাজি- কাঁচি ক'ত যাওঁ!! কোনোবাই মাতি পঠিয়াইছে নেকি??"
মনোজে হাঁহি মাৰি ক'লে- "তেনেকুৱাই কিবা আৰু!!নিবিৰে ক'লে কথা যিয়ে হক নিজৰ কথাটো আগত ৰাখিবি!! ছোৱালীজনীৰ মনত কি আছে তেতিয়া হে গম পাবি!!! মই জানো যে এইকেইদিন তই নেহাক য'ত ত'ত ঘূৰাই ফুৰিছ আৰু পইচাবোৰ খৰছ কৰিছ!! ইমান কষ্টৰে গোটোৱা পইচা পানী দৰে উটোৱাই আছ!!
আজি তাইক ভালকে কলো সুধিবি !! পাছত বোলে একো নহ'ল তেতিয়া তোৰ ইনেই যাব!!
নিবিৰৰ এই কথাবোৰেই মনোজে ভাল নাপাইছিল!!
সি অলপ খঙ কৰা দৰে ক'লে-"নেহা তেনেকুৱা ছোৱালী নহয়!!!"তাই মোক ফুৰাবলৈ নিবলৈ কোৱা নাই !!পইচাৰ বিচাৰা নাই আৰু মোক একো বস্তু বিচাৰা নাই!!
মই হে তাইক জোৰ কৰি ফুৰাবলৈ লৈ যাওঁ!! তাই যাব নিবিচাৰে মই কিমান জোৰ কৰো তাৰ পিছত হে যায়!!
নিবিৰে বুজি পালে যে মনোজে তাইৰ বিষয়ে এতিয়া একো নুশুনে!! তাৰ পাছত সি মনোজক ধুনীয়া কৈ ক'লে যে মই তাইক কিবা ভালকৈ সুধিবলে হে কৈছোঁ!!
মই একো জানিব নিবিচাৰোঁ !!এটা কথাই জানো মই তাইক ভাল পাওঁ আৰু নমৰা লৈকে ভাল পায় থাকিম!!
হ'ব দে সন্ধিয়া লগ কৰিম বুলি কৈ সি আগবাঢ়ি গ'ল!!
নিবিৰে বহুত দেৰি মনোজ যোৱা চাই থাকিল!! সি মনোজৰ কাৰণে বহুত চিন্তা কৰি আছিল!! সি বুজি পাইছিল যে এতিয়া মনোজ সলনি হৈ গ'ল আৰু কিবা বুজালেও খঙ কৰে!!( Assamese Storyboard )
তাৰ পাছত সিও নিজৰ কামত গ'ল !!
মনোজলে নেহাই ফোন কৰিছিল আৰু কৈছিল যে আজি ফুৰিবলৈ যাওঁ !! তুমি ইনেই সকলো ঠাই চিনি পোৱা!!
সেই কাৰণে সি সোনকালেই উলাই তালে গ'ল!! গৈ পায় সি দেখিলে যে টেবুলত খোৱা বস্তু সজাই থোৱা আছিল!!
সকলোৱে তাৰ বাবে অপেক্ষা কৰি আছিল!!
আজি জানি বুজিয়ে বৃস্তি সিহঁতৰ লগত ফুৰিবলৈ নাহিল!! সেই কাৰণে মনোজেও নেহাৰ লগত খুলি কথা পাতিবলৈ সুযোগ পাইছিল!! এতিয়া লৈকে নেহাই একো কথা পতা নাছিল!!
যেতিয়াই সি কথা পাতিবলৈ চেষ্টা কৰে!!তাই ব্যয়স্ত হোৱা দৰে কৰি দেখাই!!
তাৰ পাছত সি তাইক সুধিলে-
"কি ভাবি আছা নেহা??"
তাই ক'লে একো নাই !!ভাবিছো মানুহে আশা কৰে আৰু যে পাছত ভাঙি যায়!!
মনোজে বহুত মৰমেৰে তাইক সুধিলে-
"নেহা তোমাৰ মনত কি আছে!!"তুমি কি বিচাৰা??
"মানে আশা কি?বিয়া কেনেকুৱা ল'ৰা লগত পাতিব বিচাৰা!!
বিয়া!!বিয়া পাতিলেও মই ১-২ বছৰৰ পাছত পাতিম!! মোৰ জীৱন সংগী এনেকুৱা হ'ব লাগিব যে তাৰ ওচৰত বহুত পইচা, ঘৰ , ডাঙৰ গাড়ী আৰু সি যাতে ধুনীয়া হয় !!
তাৰ পাছত তাই মনোজৰ ফালে চাই হাঁহি ক'লে- "তোমাৰ দৰে ধুনীয়া!!" তুমি মোৰ জীৱন সংগী ৰূপটোৰ দৰেই একেই!!
এইবোৰ শুনি তাৰ এনেকুৱা লাগিছিল যেন তাৰ কলিজাটো বাহিৰলৈ উলাই আহিল!!
মোক তোমাৰ ভাল লাগে নেকি??
অ' বহুত ভাল লাগে !! কিন্তু তোমাৰ যদি বহুত পইচা থাকিল হয় !! মই নিশ্চয় তোমাৰ লগত বিয়া পাতিলো হেঁতেন!!
মোৰ জীৱন সংগী পইচা থকা হ'ব লাগে যাতে মোক সকলো সুবিধা দিব পাৰে!! তাই কৈ গৈ আছিল মই বিদেশত ফুৰিব বিচাৰোঁ!! মই মোৰ সপোন পূৰণ কৰিবলৈ যিটি কৰিব পাৰোঁ!!
তাই কথাবোৰ শুনি মনোজৰ হৃদয়খন ভাঙি যোৱা দৰে হ'ল! তাইৰ আশা বহুত ডাঙৰ আছিল !! যিবোৰ সি পূৰণ কৰিব নোৱাৰে!!
তাই আকৌ ক'লে- "মই মোৰ সপোন পূৰণ কৰিবলৈ যিটি কৰিব পাৰোঁ!!"
তাৰ পাছত মনোজে ক'লে - ঠিকেই আছে দিয়া ৰাতি হ'ল বুলি কৈ সি উঠি থিয় হ'ল!! তাৰ পাছত দুয়োটা নিজৰ নিজৰ ঘৰলৈ গুচি আহিল আৰু মনোজৰ মনতো বেয়া হৈ গ'ল!!
পাছত দিনা সি আকৌ নেহা ঘৰলৈ গ'ল তাইক বহুত কথা ক'ব লগা আছিল আৰু বুজাব লগা আছিল!! সি ভাবিছিল নেহাক সি মৰেমেৰে বুজাব!! গৈ সি দেখিলে যে দুৱাৰত তলা মৰা আছিল!!
"তাত কোনো নাছিল আৰু সি তাৰ পাছতো নেহা ,নেহা বুলি বহুত মাতিলে কিন্তু তাত কোনো নাছিল!!"
অলপ দূৰত ঘৰ এটা আছিল সি তালে গৈ মানুহ এগৰাকীক সুধিলে - "এওঁলোক ক'ত গ'ল??"
মানুহগৰাকীয়ে ক'লে- "তেওঁলোক ইয়াৰ পৰা গ'ল আৰু ক'ত গ'ল মই নাজানো!!"
তাৰ পাছত তাৰ মূৰত নিবিৰে কোৱা কথাবোৰ ঘূৰিবলৈ ধৰিলে!!
" ধুনীয়া ছোৱালী বিশ্বাস ঘাটক!!"
"বিশ্বাস ঘাটক!!"
"কি এই কথাটো সঁচা নেকি?"
"তাৰ মানে কি তাই মোক ঠগি গুচি গ'ল..........তাই কি সঁচাকে বিশ্বাস ঘাটক আছিল নেকি??"
নিবিৰে মোক আগতেই কৈছিল!! এতিয়া তাৰ মূৰত বিশ্বাস ঘাটক শব্দটো ঘূৰি থাকিবলৈ ধৰিলে!!
এই উপন্যাস খনৰ বাকী কেইটা খণ্ড পঢ়ক এই লিংকত - www.মোহময়ী-হত্যাকাৰী.in
(ধাৰাবাহিক খন প্ৰতি দিনেদিনৰ ঠিক ১২ বজাত প্ৰকাশ পায়। সেয়ে নিৰ্দিষ্ট সময়মতে পঢ়িবলৈ অনুগ্ৰহ কৰি গুগুলত চাৰ্ছ কৰিব - smj24.in )
আগলৈ…
গল্প বা উপন্যাস প্ৰেৰণ কৰিবলৈ আমাৰ মেইল আই দি আৰু ফেচবুক পেজৰ লিংক তলত উল্লেখ কৰা হল ।( Assamese Storyboard )
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
আমাৰ মেইল আই ডিৰ লিংক - smj24.in@gmail.com
আমাৰ ফেচবুক গ্ৰুপটো আপুনি পোনপটিয়াকৈ গল্প প্ৰকাশ কৰিব পাৰে।
আমাৰ গ্ৰুপৰ লিংক - SMJ24.facbookgroup
No comments:
Post a Comment