বিয়াৰ উপযুক্ত বয়স পাৰ হৈ যোৱা ৰ পাছত এজনী বিয়া নোহোৱা ছোৱালীক কিছুমান সমাজে বা ঘৰ খনে কি হিচাপে গন্য কৰে সেই কথা আপোনালোকে জানে ( Assamese Storyboard )। আৰু মোৰ ও তেনেকুৱা হৈছিল । যিমান পাৰি সিমান সোনকালেই মই নিজে স্বাবলম্বী হ'ব বিচাৰিছিলো । যিহেতু মোৰ বিশেষ যোগ্যতা নাই গতিকে যি কাম পাম তাকে কৰিম ভাৱি পলাশৰ কথা মতে গুৱাহাটী লৈ গুচি আহিলো । পলাশে মোক মহাবীৰ উদ্যান লৈ মাতিছিল । তাৰ কথা মতে মই মহাবীৰ উদ্যান লৈ আহিলো । মই তাক কি কাপোৰ পিন্ধিছো , কি ৰং ৰ সকলো বিবৰি কৈছিলো । সেইমতে সি মোৰ ওচৰত আহিছিল ।
অনুগ্ৰহ কৰি পাঠক সকলে মন কৰিব
আজি দিনৰ ১ বজত SMJ24 ত প্ৰকাশ পাব এখন নতুন ধাৰাবাহিক "বিচ্ছেদৰ পিছত"
- হেল্ল' মই পলাশ ।
মই দেখিছিলো এজন সম্পূৰ্ণ ষ্টাইলত থকা অৰ্থাৎ অফিচাৰ ত কৈ কোনো গুণে কম নোহোৱা পলাশ ।
- হয় ।
মই কি কম ভাৱি পোৱা নাছিলোঁ । তথাপি হয় বুলি কৈছিলো ।
- আপুনি অৰুনা ?
- হয় ।
- নাম আৰু মানুহৰ মাজত সম্পূৰ্ণ পৃথক ।
মই পলাশৰ কথা একো বুজি নাপালোঁ । আচলতে সি কিয় মোক তেনেকৈ কৈছিল ।
- মই বুজা নাই ।
- আচলতে আপুনি মোৰ কামটোৰ বাবে যোগ্য নহয় ।
মই একো বুজি নাপালোঁ । কামৰ বাবে যোগ্য হোৱা ৰ বাবে মই কি কৰিব লাগিব !
- কিন্তু মই কিয় যোগ্য নহয় ! মই এজনী লেবাৰ হিচাপে কাম কৰিম ! যিহেতু মোৰ যোগ্যতা কম ।
- মেডাম , আমাৰ এই কামত যোগ্যতাৰ কথা আহি নপৰে ।ইয়াত প্ৰথম কথা হ'ল সৌন্দৰ্য ।
মই পলাশৰ কথা একো বুজা নাছিলোঁ । কামৰ লগত সৌন্দৰ্য ৰ কিহৰ সম্পৰ্ক ! মই শুনা মতে কাম সদায় যোগ্যতা , অভিজ্ঞতা ৰ ভিত্তিত হে হয় । গাৱৰ মানুহ হ'লেও অন্তত এই খিনি কথা মই জানো । সেয়েহে মই পলাশ ক প্ৰশ্ন কৰিছিলোঁ ।
- পলাশ এয়া কি কাম ! যি কামত যোগ্যতাকৈ সৌন্দৰ্য প্ৰথম স্থান পালে ।
- মেডাম আমাৰ এই কামত যোগ্যতাৰ কোনো প্ৰয়োজন নাই আছে একমাত্ৰ সৌন্দৰ্য ৰ প্ৰয়োজনীয়তা ।
- আচলতে এই কামটো কি পলাশ ?
- এই কামটো হ'ল টকাৰ বিনিময়ত কোনোবাই কাৰোবাক সন্তুষ্ট কৰা ।
- মানে !
মই পলাশৰ কথা বোৰ একো বুজা নাছিলোঁ
- মানে কথাটো হ'ল আপুনি দেখাত যদি ধুনীয়া হ'ল হেঁতেন আপুনি এটা দিনত দহহাজাৰ টকা পালে হেঁতেন । কিন্তু এতিয়া আপোনাক কোনেও পচন্দ নকৰিব ।
মই তাৰ কথাত আচৰিত হলো । এৰা , ধুনীয়া ! পৃথিৱীত প্ৰত্যেক জন মানুহ ধুনীয়া । সকলোৰে পৃথক পৃথক ৰূপ আছে । এয়া ভগবানৰ সৃষ্টি । তাক লৈ মানুহ ৰ গৌৰৱ ,অহংকাৰ , বৈষম্য কিয় মই বুজি নাপাওঁ ।
- মোক পচন্দ নকৰিব মানে ? মই ধুনীয়া নহয় কাৰনে আপোনাৰ ক'ম্পেনীত কাম কৰাৰ অসমৰ্থ !
- মেডাম আপুনি বুজা নাই । আপুনি যেতিয়া ধুনীয়া নহয় , আপোনাৰ লগত টকাৰ বিনিময় ত যৌন সম্পৰ্ক কৰিবলৈ কোন আগবাঢ়িব !
- যৌন সম্পৰ্ক !
- হয়, আমি ধুনীয়া , ছোৱালী বোৱাৰী এচাম ধনী ব্যক্তিক ঠিক কৰি দিওঁ । আৰু সিহঁতে সেই বোৱাৰী বা ছোৱালী জনীৰ লগত টকাৰ বিনিময় ত যৌন সম্পৰ্ক কৰি সুখী হয় ।
মই বুজিলো পৰাশৰে কোৱা কামটো মানে বেয়া কাম । কিন্তু মই এতিয়া কি কৰিম !
- হয় , মই মানি লৈছোঁ পলাশ , মোৰ বাহ্যিক সৌন্দৰ্য নাই । কিন্তু মই বৰ বিপদত পৰিছো । মোক এটা কামৰ বৰ প্ৰয়োজন ।
- কিন্তু মোক ক্ষমা কৰিব মেডাম । মই আপোনাৰ কণ্ঠ স্বৰ শুনি আপোনাক মাতি পঠাইছিলো । ভাৱিছিলো আপুনি চাগৈ বহুত ধুনীয়া । কিন্তু এতিয়া আপোনাক দেখি হে গম পাইছোঁ আপুনি ,,,
- এৰা , মই ছক্ৰেটিছৰ দৰে কুসিৎ । কিন্তু মই মহা বিপদত পৰিছো । আপোনাৰ কথা মতে মই মোৰ ঘৰ এৰি আহিছোঁ । সেই খন ঘৰত আকৌ কেতিয়াও উভতি নাযাও বুলি শপত খাই আহিছোঁ । কিন্তু এতিয়া মই কৰিম কি !( Assamese Storyboard )
মই সপোনত ও ভৱা নাছিলোঁ যে পলাশে মোক তেনেকুৱা কামৰ কাৰনে মাতিছে । মই ভাৱিছিলো যিহেতু এয়া ক'ম্পেনীৰ কাম হয়টো সাধাৰণ শ্ৰমিক ৰ দৰে কাম কৰিব লাগিব । যিহেতু মোৰ উপযুক্ত যোগ্যতা নাই । আৰু মই তেনেকুৱা কাম কৰিবলৈ দৃঢ় সংকল্প লৈ ওলাই আহিছিলো । প্ৰয়োজন হ'লে মোৰ ব্যক্তিগত জীৱনত কষ্ট হওঁক । কিন্তু মই কাৰো কথা শুনি , মিছা অপবাদ খাই জীয়াই থাকিব নিবিচাৰোঁ ।
- আপুনি কি কৰিব ! মই একো ভাৱি পোৱা নাই ।
হঠাৎ মই পলাশৰ ভৰিত পৰিছিলো । তাক মই অনুৰোধ কৰিব লৈছিলোঁ ।
- প্লীজ পলাশ প্লীজ । মোক জীয়াই থাকিবলৈ দিয়ক । আপুনি যিকোনো প্ৰকাৰে মোক কাম এটা জোগাৰ কৰি দিয়ক । মই মাত্ৰ জীয়াই থাকিব বিচাৰোঁ । সমাজৰ অবহেলা , বা ঘৰ খনৰ কুটু সমালোচনাত মই মোৰ জীৱন টো হেৰাই যাৱ দিব নোখোজো । যিহেতু মই ভগবানৰ বা প্ৰকৃতিৰ সৃষ্টি ।
পলাশে কিছু সময় চিন্তা কৰিছিল । আৰু কিছু মুহুৰ্তৰ কাৰনে সি হয়টো অৰুনা ৰ কথা খিনি ভাৱি চাইছিল ।
- কাম নোহোৱা নহয় , অন্য কাম ও আছে ।কিন্তু আপুনি পাৰিব জানো ?
মই আনন্দিত হৈ তাক সুধিছিলো ।
- কি কাম কওক ! মই পাৰিম নিশ্চয় ।
- আপুনি মোক ধুনীয়া ছোৱালী যোগান ধৰিব পাৰিব ?
মই কিছু সময় চিন্তা কৰি কৈছিলো ।
- পাৰিম ! কিন্তু পুলিচ ৰ কাৰণে ভয় লাগে ।
- হ'ব আপুনি পুলিচ ৰ কথা চিন্তা কৰিব নালাগে । পুলিচ ক আমি মেনেজ কৰি থাকোঁ । যদি হে আপুনি ধুনীয়া ছোৱালী যোগান ধৰিব পাৰে তেন্তে আপুনি বহু খিনি টকা মোৰ পৰা পাব ।
- হ'ব পলাশ , মই পাৰিম । মই এই কামটো কৰিম ।
- কিন্তু আমাৰ এই কামৰ সম্পৰ্কে ভুলটো ৰেখা নবৌৰ আগত মুখ নুখুলিব । কাৰণ তেওঁ নাজানে যে মই এনেকুৱা কামত জড়িত ।
- নাই নাই নকৰোঁ । মই এনেকুৱা কাম কৰা বুলি জানিলে তাই মোক ও ঘৃনা কৰিব ।
- উম ঠিক আছে তেন্তে । আজিৰ পৰাই আপুনি কামত লাগক ।
তেনেকৈ মই এই কামত জড়িত হৈ পৰিলোঁ ছাৰ ।
বৰুৱা ই কিছু সময় মৌন হৈ থাকিল । এবাৰ নিজৰ খুলি আউলাইছে আকৌ এবাৰ নিজৰ মুখ খন মোহাৰিছে । টেবুল ৰ ওপৰত থকা পানী গ্লাচ খাই ললে ।
- আপুনি য়ে ৰাধিকা ক এই পথত নিয়া ?
- আচলতে ছাৰ মই ৰাধিকা ক নিবলৈ বিচৰা নাছিলোঁ । মই ৰাধিকা ৰ মাক ৰূপালী ক হে কৈছিলো । তাই মোৰ লগৰে আছিলে । আৰু দেখাত ও যথেষ্ট ধুনীয়া ।
- কিন্তু ৰূপালী দত্ত ই ৰাধিকা ক এই কামত জড়িত কৰালে ।
- হয় ছাৰ ।
- যিহেতু আপোনাৰ ফালৰ পৰাই ৰাধিকা ক পলাশে পাইছিল । আপোনাক তাৰ বিনিময়ত কিমান টকা দিয়া হৈছিল ?
- পাচ হাজাৰ ।
- উম ! ঠিক আছে মিছেছ অৰুনা । আপোনাক আকৌ থানাত প্ৰয়োজন হ'ব । আজিলৈ যাব পাৰে ।
- ঠিক আছে ছাৰ ।
বৰুৱা ৰ নিৰ্দেশ ত অৰুনা থানাৰ পৰা ওলাই গৈছিল । এইবাৰ আকৌ বৰুৱা ই ৰেখাৰ লগত কথা পাতিবলৈ ললে ।
- মিছেছ ৰেখা এতিয়া আপোনাক কওকচোন আপোনাৰ আৰু পলাশৰ মাজত কিবা সম্পৰ্ক আছিলে নেকি ?
এই কথা টোৰ উত্তৰ দিবলৈ গৈ ৰেখা কিছু পৰিমাণে উজুটি খাইছিল ।
- ছাৰ আমাৰ মাজত তেনেকুৱা কোনো বিশেষ সম্পৰ্ক নাছিল ।
- তেন্তে কেনেকুৱা সম্পৰ্ক আছিল ?
- ঠিক বন্ধুৰ দৰে ।
এইবাৰ বৰুৱা ই পুলিচৰ কৌশল প্ৰয়োগ কৰিলে । আগতকৈ কিছু কঠোৰ সুৰত ৰেখাক কৈছিল ।
- মিছেছ ৰেখা আপোনাৰ সন্মুখত থকা জন আপোনাৰ সহজ সৰল স্বামী বা কোনো আত্মীয় বুলি নাভাৱিব । এজন পুলিচ অফিচাৰ হয় । ইয়াত যিয়ে সত্য কথা কয় , তেওঁ ৰ অপৰাধ কিছু পৰিমাণে ক্ষমা কৰা হয় । আৰু যিবিলাকে অপৰাধ কৰি ও মিছা কথা কয় সিহঁতক কি কৰা হয় নিশ্চয় জানে !
ৰেখাই এইবাৰ ভয় খালে । কি পাকচক্ৰত পৰি গ'ল তাই । তাই কেতিয়াও ভৱা নাছিল যে তাই পুলিচ ৰ হাতত ধৰা পৰিব । কিন্তু বচাই আইনৰ সুৰুঙাৰে সাৰি যাৱ নোৱাৰি । আকৌ বৰুৱা ই আৰম্ভ কৰিছিল ।
- মই জনাত আপোনাৰ আৰু পলাশৰ মাজত আছিল অবৈধ সম্পৰ্ক ।
ৰেখাৰ সৰ্বশৰীৰ কপিছিল । বুকু খন ধিপিং ধিপিং মাৰিছিল । চকুৰ পতা বহল হৈ গৈছিল । তাৰমানে এই কথা তাইৰ স্বামী আৰু ননদ মল্লিকা ই আৰক্ষীক কৈছে ।
- হয় নে নহয় কওক !
ৰেখাৰ মুখৰ হাত হেৰাই গৈছিল ।
- আপুনি সচা কথা কব নে মই ,,,,,,
- কম ছাৰ ! মই সকলো কথাই আপোনাৰ আগত কম । মই বৰ সহজতে ধৰা পৰি গলো ছাৰ । হয় , মোৰ আৰু পলাশৰ মাজত আছিল এক অবৈধ সম্পৰ্ক । কিন্তু কেনেকৈ , কি পাকচক্ৰত পৰি এই সম্পৰ্ক মই কৰিব লগা হল । মই আপোনাক সকলো কম ছাৰ ।
এই উপন্যাস খনৰ বাকী কেইটা খণ্ড পঢ়ক এই লিংকত - https://www.smj24.in/search/label/Radhika?&max-results=7
(ধাৰাবাহিক খনৰ পৰবৰ্তী খণ্ড কালিলৈ দিনৰ ঠিক ১১ বজাত প্ৰকাশ পাব। সময়মতে পঢ়িবলৈ অনুগ্ৰহ কৰি গুগুলত চাৰ্ছ কৰিব - smj24.in )
আগলৈ…
ক্ৰমশঃ © ৰাগ ৰঞ্জন
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
আমাৰ মেইল আই ডিৰ লিংক - smj24.in@gmail.com
আমাৰ ফেচবুক গ্ৰুপটো আপুনি পোনপটিয়াকৈ গল্প প্ৰকাশ কৰিব পাৰে।
আমাৰ গ্ৰুপৰ লিংক - SMJ24.facbookgroup
No comments:
Post a Comment