এই যে পৃথিৱীত অহৰহ নদী বৈ আছে অহৰহ বায়ু চলি আছে কিয়নো? অস্তিত্বৰ শেষ নিৰুপমাৰ শাখাৰ সৈতে সংলগ্ন এক যুগশাখাৰ সন্ধানতেই নহয়নে( Assamese Storyboard )! বৰ্ষাৰণ্যত বৰ্ষাৰ যি প্ৰাভুত্য, মৰুভূমিতো সেই একেই প্ৰাভুত্য কিন্তু দেখা নাযায়। মনৰ বায়ুৰ সৈতে লগলাগি পৱনবোৰেও আজি দিকবিদিক হেৰুৱাই অসহায়তাৰ সৌজন্যতাৰ তপ্ত বলুকাত নিৰ্বাস কৰিছে। ক্ৰমে উষ্ণৰ পৰা উষ্ণতালৈ গতি কৰিছে জীৱনে। মৰণ ইয়াৰ সত্যৰ অন্বেষণ যদিও কোনেও অন্তৰৰ দাপোণ ইয়াক সজীৱ নকৰে। নিৰ্জীৱতাৰ লগে লগেই এই সত্যৰ গ্ৰাসতে এদিন সকলো বিলীন হৈ যায়।
অনুগ্ৰহ কৰি পাঠক সকলে মন কৰিব
আজি দিনৰ ১ বজত SMJ24 ত প্ৰকাশ পাব এখন নতুন ধাৰাবাহিক "বিচ্ছেদৰ পিছত"
মাকৰ শব্দভেদি বানে মানসীৰ অন্তৰআত্মা কঁপাই তুলিলে। মাকৰ মুখৰপৰা ওলোৱা কথাটো শুনি তাইৰ যোৱাথোৱা অৱস্থাত উপনীত হ'ল। জীৱন মানেই যেন আশ্চৰ্য। আশ্চৰ্যৰ কোলাহলতাত নুশুনি একো বিব্দভেদি নায়কৰ স্বৰ্ণিম ধ্বনি। যন্ত্ৰণাই কোঙা কৰা শৰীৰ, মন আৰু মগজুত অন্য এক যান্ত্ৰণা।
"হে ভগৱান যিটো মানুহৰ লগত বিয়াৰ পিছত ভালদৰে এষাৰ কথা পতা নাই (পাতি পোৱা নাই) এতিয়া আকৌ সেইজনৰ মানুহৰ ল'ৰা-ছোৱালী মোৰ গৰ্ভত থিতাপি লোৱাৰ কথা মায়ে কেনেকৈ ভাবিলে। দস্যুৰতাৰ কোৰতাৰ অন্তিম চৰণমুখী বিমূৰ্ত ধ্বংসাৱশেষৰ পৰিণত আজি মোৰ খহনীয়ামুখী এক অভিশপ্ত জীৱন। এই জীৱন কোনো গাথা নাই, আছে মাথোঁ আনক সুখী কৰাৰ কল্পাসূত স্বপ্নাৰ বিপাশা। ক্ৰুতি নহয় ই যেন আদেশ। কিন্তু এই আদেশৰ বননিত মই যেন অপ্ৰয়োজনীয় গোন্ধহীন এপাহি তলসৰা শেৱালি। উফফ্ নাথাকো আৰু মই ইয়াত। চবেই মিলি মোক "পাগলী" নামৰ অন্য এটা উপাধি প্ৰদান কৰিবলৈ যেন উত্তপ্ত হৈ পৰিছে আৰু তাৰ নিৰ্ভীক দৰ্শকৰ ৰূপত সৰৱ হৈ বহি আছোঁ মই। সেইখন ঘৰতটো মই একুৰা জুইৰ মাজতহে আছিলোঁ কিন্তু ইয়াতটো শব্দহীন, উত্তাপহীন, ফিৰিঙতিহীন, ৰঙহীন এক অগ্নিপিণ্ডৰ মাজতে মই আছোঁ। ইমান আৰু সহ্য কৰিব নোৱাৰি। সহ্যৰো এডাল লক্ষ্মণৰেখা থাকে। মই চাগে সেইডাল কেতিয়াবাই পাৰ কৰিলোঁ। কিন্তু লক্ষ্মণৰেখা পাৰ কৰাৰ পিছতো মোক নিবলৈ অতদিনে ৰাৱণ অহা নাই কিয়? অ' বুজিলোঁ কাৰণ মই স্বয়ং ৰাৱণৰ লগতেই বিয়াত বহিছো। খাটাং এইবাৰ মই নিজেই মৰি যাম।
: মোকতো লাগেই মা, আপোনাৰ ছোৱালীয়েহে........
: এইৰ কথা নুশুনিবা ৰক্তিম। এইৰ কথা মতে চলিলে এই জনমত আৰু তোমালোক মাইকী-বাপেকী নোহোৱা। সময়ৰ কাম সময়ত কৰিব লাগে।
: তাকেইতো মা। সি তাইলৈ চাই চকুটিপ এটা মাৰিলে।
"মাক নাতি-নাতিনী লাগে, তোমাক মোৰ শৰীৰটো লাগে কিন্তু মোক কি লাগে কিয় এবাৰো তোমালোকে সোধা নাই। অচিন সীমনাৰ গাগৰি বলুকাত মই সোমাই আছোঁ কিন্তু তোমালোকে মোক গুৰুত্ব নিদি গাগৰিকেইডালৰ লগত লাগি আছা। দুখবোৰে উজান দিছে ৰূপ লৈছে এক দতাঁল হাতীৰ। কিন্তু ইয়াৰ মাঁখুন্দী........? আশ্ৰয়হীনতাৰ অচিনৰ কপঁনিত কঁপিছো মই। আহানা এবাৰ মোক উঠাই সাৱটি লোৱাহি। অচিন আৰু অবাস্তৱৰ মায়াজালত বন্দীত্বৰ জলহীন কোঁৱাত পৰি আছোঁ মই আৰু বিচাৰি আছোঁ সাৰথি। এনেকুৱা লাগিছে যেন বৰ্তমান মোৰ শব্দবোৰ কোঁৱাটোৰ বাহিৰলৈ যোৱা নাই। কিন্তু যিদিনাই যাব সেইদিনাই নাৰীত্ব সাৰ পাব।"
চকুটিপটো দেখি গোটেইজনী খঙে-শোকে জৰ্জৰিত হৈ একো নাইকীয়া হৈ পৰিল।
: উফফ্ বৰ গৰম লাগিছে দেই।
: মুনু যা, ৰক্তিমক তোৰ ৰুমলৈ লৈ যা। বুজিছা ৰক্তিম এইটো ৰুমৰ ফেনখন বেয়া হৈ আছে আৰু এইখনৰ সিমান প্ৰয়োজনো নাই। ভাতখোৱা সময়তহে লাগে আৰু তাকো গৰমদিনকেইটাত সেয়ে লগোৱা নাই।
আচলতে সকলো এটা এটা বাহানা, সকলো মায়া। ধন-সম্পত্তিৰ মায়া, কামনা-বাসনাৰ মায়া, জীয়াই থকাৰ মায়া মুঠতে মায়াৰ এসাজ ৰঙীন সাজেৰে আৰু আভূষণেৰে সজ্জিত এই মায়ালগা পৃথিৱী আৰু অজানিতে গভীৰ নিশান্তলৈ বিচ্ছাৰিত মায়ালগা পৃথিৱীৰ পাখিলগা মনবোৰ।
কথাখিনি শুনি মানসী আহি ৰুম পালেহি। পিছে পিছে ৰক্তিমো আহি ৰুম পাই দৰজাখন বন্ধ ভিতৰফালৰ পৰা হুক লগাই দিলে।
: তোমাৰ হেনো গৰম লাগিছে!
: উমম্ লাগিছে।
: তেন্তে দৰজাখন কিয় মাৰি দিছা?
: ফেনখন দেখোন চলি আছেই।
এখোজ-দুখোজকৈ সি মানসীৰ কাষলৈ আহি তাইৰ কঁকালটো খামুচি ধৰি তাৰ বুকুৰ মাজলৈ তাইক টানি আনিলে। এক প্ৰেম প্ৰেম লগা অনুভৱৰ বন্তি যেন কোঠাটোত জ্বলি উঠিল। আপোন-আপোন লগা এটি সুগন্ধি নিশিগন্ধাৰ গোন্ধ উজাই আহিল। খিৰিকীৰ ফাঁকেৰে তৰাবোৰেও সেই দৃশ্যটো দেখি লাজ কৰিছে।
: বহুত ভাল পাওঁ তোমাক। তুমি নুবুজা কিয়?
: ইমানখিনিৰ পাছতো মোৰ আৰু কি বুজিবলৈ বাকী আছে।
: প্লিজ্............।
: হুহ্....।
খং নহয় অভিমানৰ নামমাত্ৰৰে সজ্জিত এখন মুখ য'ত আছে এটা ৰঙা ফূট আৰু সেওঁতাত কাৰোবাৰ নামত অকাজলি ৰঙা গোলাপী ৰঙৰ সেন্দূৰ। সি এইবাৰ তাইৰ ওন্দোলোৱা মুখখনৰ থুতৰিটোত হাতেৰে ধৰি গালখনত চুমা টপককৈ এটা খাই দিলে।( Assamese Storyboard )
: ছৰী সোণজনী আজিৰ পৰা আৰু মই তোমাক কেতিয়াও কষ্ট নিদিওঁ।
: চাওঁ এৰা। বুলি কৈ তাই তাক বিচনালৈ ঠেলি গুছি আহিব লওঁতেই সি তাইৰ হাতখনত থাপ মাৰি ধৰি পেটটোত খামুচি ধৰিলে।
: কি কৰিছা?
: মৰম।
: হা...............
: কি "হা" শাহুমাৰ আদেশ শুনা নাই নেকি? তেওঁকতো নাতি বা নাতিনী লাগেই এতিয়া বেবী (Baby) এটাতো আকাশৰপৰা সৰি নপৰে..... তাৰবাবে...............
: ধেৎ এৰা বুলি কৈ তাই তাৰ গাৰপৰা ওলাই দৰজাখন খুলিলে আৰু দুৱামুখৰপৰা তালৈ উভতি চাই ক'লে -------------
: তোমাৰ গাটো অতিপাত বেয়া গোন্ধাইছে এনেকৈ আৰু কোনোদিনে মোৰ কাষলৈ নাহিবা। যোৱা সৌটো বাথৰুম গাটো ধুই লোৱা।
হাঁহি মাৰি তাই পাকঘৰ পালেহি। এয়াই সুখ নহয় জানো? মানুহকনো আৰু কি সুখ লাগে? নিজৰ প্ৰিয়জনৰ পৰা পোৱা অলপ মৰমেই সকলো দুখ-কষ্ট, সকলো অৱসাদ দূৰ দিগন্তলৈ খেদি পঠিয়াব পাৰে। মানৱী জনমৰ এয়াইটো বৈশিষ্ট্য।আপোনজনৰ সান্নিধ্যত পৰিষ্ফূটিত হয় মৰমে হেৰুৱাই সকলো বেদনা বিচাৰে মাথোঁ আৰু এবুকু মৰম। অচিনৰ পৰা অচিন্তলৈ কিমান দূৰ বা কিমান বাট নাজানো! মাথোঁ সুখৰ আৰু মৰমৰ গাড়ীখনত গ'লে সেইবোৰ একো গম পোৱা নাযায়। যাত্ৰা লক্ষ্যহীনেই হওঁক বা লক্ষ্যযুক্তই হওঁক। নাৰীৰ যাত্ৰা কিন্তু সদায় অন্য এক যাত্ৰাই হয়। শুকুলা মেঘবোৰ ফালি যেতিয়া ৰ'দৰ একাজলি ৰঙে পৃথিৱীৰ চৰণ চুৱেহি তাৰ শিল্পলাঞ্ঝাৰ গুণ সকলোৱে বখানে কিন্তু তাৰ কষ্টৰ কথা কোনেও নোসোধে।
সকলোৱে ভাতপানী খাই সমুখৰ কোঠাটোলৈ আহিল।
: ৰক্তিম চাৰে এঘাৰটা বাজিল এতিয়া আৰু ঘৰলৈ যাব নালাগে ইয়াতে থাকা। কালিলৈ লাগিলে ৰাতিপুৱাই যাবা।
: হ'ব দেউতা।
"ইচ্ হ'ল আৰু! মই ভবাটোৱেই হ'ল। কিন্তু এতিয়া মোৰ এই কথাটো শুনাৰ পিছত মনটো আগৰ দৰে বেয়া লগা নাই বা খং উঠা নাই কিয়? তথাপিও দিয়াচোন ইমান ৰাতিখনটো আৰু এজন মানুহক অকলে যাবলৈ দিব নোৱাৰি। থাকক আৰু ৰাতিটো ইয়াতে! ..............আজি আৰু এইজনক কোনে পায়? এনেও অহাৰপৰাই ইমান ৰোমাণ্টিক হৈ আছে এতিয়া আৰু..........! হৈছে আৰু দে মানসী তোৰ ফালে। কি হয় আজি একো ঠিক নাই.........!
হয়তো নাৰী এনেকুৱাই। অলপ মৰমতে জীৰ্ণ যায় আৰু তাৰেই সুবিধা লয় বহুতো প্ৰৱঞ্চক, অসাধু কিম্বা দুষ্টচক্ৰই। কিন্তু নিজৰ স্বামীয়ে.........! এবাৰ প্ৰৱঞ্চনা কৰাৰ পিছত আকৌ জানো...........!
: যোৱা মুনু বিছনা পাৰাগৈ। ৰক্তিমৰ চাগে ভাগৰ লাগিছে। শুই থাকাগে। কাইলৈ তুমি দাদাৰ লগত যাব লাগিব নহয়।
: অ'কে মা.......।
: যোৱা ৰক্তিম।
বিছনাখন পাৰি মানসীয়ে মাত্ৰ চুলিৰ কেপেনাডাল খুলি থৈছিল হে তেনেতে কোনোবাই তাইক পিছফালৰ পৰা সাৱটি ধৰিলে। আপোন এই নামহীন সুগন্ধ। কিবা এটাতো আছে এই সুগন্ধৰ। মৰমে মৰমৰ ফাকু খেলিবলৈ যেন সাজু হৈছে। দাপোণখনেও লাজ কৰিছে। আশাবোৰেও সাম কাটিছে। বুকুৰ ধপধপনি বাঢ়িছে। অহেতুক ভাবধাই ক্ৰিয়া কৰা মনটোৱেও ধান বানিবলৈ এৰিছে। ফুলপাহ মৰহিছিল কিন্তু সাৰপানী পাই আকৌ যেন জী উঠিল।
/p>
দ্ৰাসিত্বৰ মন্থন্তত এষাৰি কোমল ভাবনাৰ হেঁচা ঠেলাই আজি বৰকৈ আমনি কৰিছে। নিষিদ্ধ ৰজনী ক্লেশলতাৰ সুবাসত উত্তাৰিত মনটোৱে এক ত্বৰান্বিত গতি লাভ কৰিছে। দুৰ্গশম, দুৰাংগাৰিত, দ্বিবাসিত নে দুপাখিত নাজানো মাথোন উৰণীয়া মনৰ উন্মনা ফাগুন মোৰ হিয়া মোৰ শৰীৰ আৰু মোৰ সুসান্ত গহ্বৰ।
ৰাবাহিক খনৰ পৰবৰ্তী খণ্ড কালিলৈ দিনৰ ঠিক ১০ বজাত প্ৰকাশ পাব। সময়মতে পঢ়িবলৈ অনুগ্ৰহ কৰি গুগুলত চাৰ্ছ কৰিব - smj24.in )
✍️✍️...............…...আগলৈ...................✍️✍️
( আজিৰ খণ্ডটো পঢ়ি কেনেকুৱা পালে জনাব।।🙏🙏।।)
এই উপন্যাস খনৰ বাকী কেইটা খণ্ড আৰু আন বহু গল্প/উপন্যাস পঢ়ক এই লিংকত - www.গল্প/উপন্যাস.com
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
আমাৰ মেইল আই ডিৰ লিংক - smj24.in@gmail.com
আমাৰ ফেচবুক গ্ৰুপটো আপুনি পোনপটিয়াকৈ গল্প প্ৰকাশ কৰিব পাৰে।
আমাৰ গ্ৰুপৰ লিংক - SMJ24.facbookgroup
No comments:
Post a Comment