এগৰাকীৰ ছাত্ৰৰ নিৰুদ্দেশৰ অন্তৰালৰ ৰহস্য : Storyboard - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Wednesday, June 2, 2021

এগৰাকীৰ ছাত্ৰৰ নিৰুদ্দেশৰ অন্তৰালৰ ৰহস্য : Storyboard

Storyboard

ৰিয়ানৰ হঠাৎ অন্তৰ্ধানে বিদ্যালয়ৰ শিক্ষক শিক্ষয়তী, ছাত্র ছাত্রী মাক দেউতাক, পৰিয়ালৰ আন লোকসকলৰ আৰু গাওঁখনকে ধৰি অঞ্চলটোৰ সকলোকে চমক খোৱালে( Storyboard )। দেউতাক দিগন্ত ফুকনৰো এনে কোনো মতানৈক্য কাৰোবাৰ লগত নাই যে, যাৰ কাৰণে লৰাটো বিদ্যালয়ৰপৰা ঘৰলৈ গৈ থকা অৱস্থাতে কোনোবাই লৈ যাব পাৰে। ৰিয়ানৰ নিয়মীয়া উপস্থিতি, দায়িত্ববোধ, শৃংখলাপ্ৰিয়তা আৰু শিক্ষা গ্ৰহণৰ অনুৰাগে জাতীয় বিদ্যালয়ৰ নৱম মানৰ বন্ধু বান্ধৱীসকলক অনুপ্ৰাণিত কৰাৰ লগতে শিক্ষক শিক্ষয়তীসকলকো পুলকিত কৰিছিল।

বিদ্যালয়ত প্ৰায়ে অনুষ্ঠিত হোৱা শোকসভা, স্মৃতি দিৱস, স্বাধীনতা দিৱস, আদি বিশেষ বিশেষ অনুস্থানত ৰিয়ান মঞ্চত উঠিবই। বচা বচা শব্দৰে দুআষাৰ কবই। তাৰ খবৰ সংবাদৰ কায়দায় ভাল। কব লগা কথাখিনি পৰিপাতিকৈ আৰু তথ্য সহকাৰে কোৱাৰ নিয়মটো সি ভালদৰে আয়ত্ত কৰি লৈছে। যোৱা দুটা বিশেষ অনুষ্ঠানত অৰ্থাৎ ককা লক্ষ্যধৰ চৌধুৰীৰ স্মৃতি সভাত আৰু শিক্ষক দিৱসত ড:সৰ্বপল্লী ৰাধাকৃষ্ণনৰ সম্পর্কে খৰচি মাৰি কৈ শিক্ষক শিক্ষয়তী ছাত্র ছাত্রী সকলোকে ৰিয়ানে অবাক কৰি দিছিল। 


ইফালে আকৌ আবৃত্তি কৰাটো তাৰ এটা নিচা। ককা চৌধুৰীৰ মোৰ লক্ষ্য, কৱি দেৱকান্ত বৰুৱাৰ মোৰ দেশ, কেশৱ মহন্তৰ আঘোণৰ কুৱঁলী, জ্যোতিপ্রসাদ আগৰৱালাৰ কনকাই আৰু ভালেকেইটা কবিতা ৰিয়ানৰ কন্ঠত। আবৃত্তি সি লগৰীয়া সকলৰ অনুৰোধত প্ৰায়েই কৰিব লগা হয়। মানৱতাৰ গভীৰ সুৰ বাজি থকা তাৰ আবৃত্তিৰ বাবে নিৰ্বাচিত কবিতাবোৰে শিক্ষকসকলকো ভৱাই তোলে, ৰিয়ান, সচাঁকৈ আন ছাত্ৰ ছাত্রীতকৈ বহুত বেলেগ।তেওঁলোকে আকুল হৃদয়ৰে সদায়ে তাৰ মংগল কামনা কৰি আহিছে। 

কিন্তু সেই লৰাটো যোৱা দুদিন ধৰি বিদ্যালয়ৰ পৰা ঘৰলৈ আহি থাকোতে চাইকেল বেগ সহ নোহোৱা হৈছে। চাৰিওফালে খা খবৰ লোৱা হৈছে। মাহী পেহী, ইষ্ট কুটুম্ব সকলোলৈ খবৰ পথোৱা হৈছে। সকলোৱে চিন্তাত পৰিছে৷ ৰিয়ানৰ এই আকষ্মিক অৰ্ন্তধ্যানত। এজাহাৰ এখনত সবিশেষ জনায় থানাটো দিয়া হৈছে। অঞ্চলটোত মানুহৰ সোঁত বৈছে। দিগন্ত ফুকনৰ ঘৰলৈ। ইতিমধ্যে দৈবজ্ঞৰ হতুৱাই বাছনি মেলা হৈছে। দৈবজ্ঞই কৈছে, লৰা নিজে নিজে আহিব, পশ্চিম ফালে এটা বিশেষ কামৰ বাবে ব্যস্ত হৈ আছে( Storyboard )। /p>


আইতাকে পানী এটুপিও খাব পৰা নাই। লৰা আনি দিলেহে কিবা খাব। এতিয়া ঘৰখনৰ সকলোৰে বিপদ হৈছে আইতাকক লৈহে। মাকে, নামঘৰ, থান, মন্দিৰ সকলোতে শৰাই আগবঢ়াইছে। ঈশ্বৰে চকু মেলি চালেই হল। কন্দা, হহাঁ মানুহৰ সমাগমৰ মাজতে হঠাৎ দ্বিতীয় দিনৰ আবেলি লৰা এটাই চাইকেল এখন লৈ আহি ৰিয়ানহঁতৰ মাজ চোতালত ৰোৱাহি সকলোৱে দেখিবলৈ পালে। আগফালৰ বেগটোৰ সতে, সেইখন চাইকেল ৰিয়ানৰে বুলি ঘৰৰ লোকে চিনি পাই, মাকে দৌৰি আহি লৰাটোক সাৱটি ধৰি কলে, কলৈ গলি ঐ বাবু, বুলি চিঞঁৰিবলৈ ধৰাত লৰাটোৱে সবিশেষ বুজাই কবলৈ চেষ্টা কৰিলে। 


লৰাটোৱে চোতালত জোম বান্ধি থকা মানুহখিনিক বুজাই কলে, আচলতে সি চাইকেলখন কালিয়েই দিবলৈ আহিব লাগিছিল। তেতিয়া হলে এনে বিপদ নহল হয়! ৰিয়ানে, লৰাটোৱে চাইকেলখন ঘৰতে দি সবিশেষ কবলৈ কৈছিল। লৰাটোৱে জনোৱামতে বিদ্যালয়ৰ পৰা একেলগে অহা ৰিয়ানৰ প্ৰিয় বন্ধু হিমাংশুৱে হঠাৎ দেউতাকৰ অসুখৰ খবৰ পাই হিমাংশু বৰ্তমান থকা মোমায়েকৰ ঘৰত কিতাপখিনি থৈয়েই বাছত যোৱাৰ বাবে আগবঢ়াই দিবলৈ ৰিয়ানক কোৱাত সি বাছ ষ্টেণ্ডলৈ গৈ হিমাংশুক বাছত উঠাই দি পুলিচ পইন্টতো পাইছিলহি হে মাত্র, এটা হুৱাদুৱা পৰিৱেশ ঠাইখনৰ ইটো মূৰত দেখা গল। আৰু লগে লগে গম পালে যে হিমাংশুক উঠাই দি অহা বাছখনে দলংখন পাৰ হওতেই এখন ট্ৰাকৰ লগত মুখামুখি সংঘৰ্ষ হোৱাত ঠিতাতে পাঁচজনৰ মৃত্যু হৈছে আৰু অতি সাংঘাতিক অৱস্থাত দহ জনক অসামৰিক চিকিৎসালয়লৈ নিবলৈ ততাতৈয়াকৈ দুখন গাড়ী ব্যৱস্থা কৰা হৈছে। তাক কোৱা মতে ৰিয়ান নিশ্চিত হৈছিল যে, আগফালে বাছত বহুৱাই থৈ অহা হিমাংশুয়ে হয়টে মৃত্যুক সাৱটি লৈছে নতুবা আধামৰা হৈছে। ৰিয়ান লৰাটোৰ দোকান খনলৈ আহি, তাৰ চিনাকি বাবে ঘৰৰ ঠিকনাটো দি সবিশেষ চমুকৈ বুজাই হয়তো সেই গাড়ীতেই চিকিৎসা লয়লৈ গৈছে। 


লৰাটোৰ বৰ্ণনা শুনি দুজনমানে চিঞঁৰিয়েই উঠিল। অ, হয়টো আজিৰ বাতৰিত দিছে, লগে লগে পাচঁজনে মৃত্যুক সাৱটি লৈছে। আন ১০জনক চিকিৎসালয়লৈ লৈ যোৱা হৈছে। তাৰে তিনি জনৰে অৱস্থা সংকটজনক বুলিছে। মুখে মুখে সকলোৱে ঘটনাটোৰ সম্পর্কত কোৱা কুৱি কবলৈ আৰম্ভ কৰিলে। তেন্তে, ৰিয়ানৰ খবৰ অসামৰিক চিকিৎসা লয়লৈ গলেহে পোৱা যাব। কোনো নিদিষ্ট সিদ্ধান্ত লৈ মানুহখিনিয়ে দেখা পালে, ৰিয়ানহঁতৰ  পদূলিমুখেদি হাঁহি মাৰি সোমাই আহিছে, ৰিয়ান আৰু হিমাংশু। হিমাংশুৰ সোঁহাতখনৰ এটা অংশত ডাঠ বেণ্ডেছ। ঘটনাটো বুজিবলৈ কাৰো আৰু একো বাকী নাথাকিল। চাইকেল দিবলৈ অহা লৰাটোৱে দোষী দোষী ভাৱেৰে চাইকেলখন জেওঁৰাতে থৈ ওলাই গল। মাকে ভিতৰৰ পৰা দৌৰি আহি,দুয়োতাকে সাৱটি ধৰিলেহি। দেউতাককে ধৰি সকলোৰে মুখত সেই মূহুত্বত ফুটি উঠিল সহস্র প্ৰশ্ন! আইতাকে কেঁকাই কেঁকাই ওলাই আহি চলচলীয়া চকুৰে দুয়োকে কেৱল তপচ তপচ চুমা খোৱাত লাগিল।


এনেধৰনৰ আৰু গল্প/উপন্যাস পঢ়ক এই লিংকত - www.গল্প/উপন্যাস.com


Best story

বিঃদ্ৰঃ এই গল্প Social Media Journalism ফেচবুক গ্ৰুপৰ এগৰাকী সন্মানীয় সদস্যা ৰেখামণি চাৰিঙীয়াই আমালৈ প্ৰেৰণ কৰিছে।আপোনালোকেও যদি কোনো লেখা বা গল্প  আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপৰ সদস্য হৈ তাত প্ৰকাশ কৰিব পাৰে।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব।Storyboard )

আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup


 নতুবা আমাৰ ফেচবুক পেজ বা SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সতো গল্প সমূহ প্ৰেৰণ কৰিব পাৰে।

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page


No comments:

Post a Comment

Advertisement

Pages