ৰূপৱতী পত্নী নোপোৱাৰ বাবে এগৰাকী স্বামী যেতিয়া হতাশ হৈ পৰে : Storyboard - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Wednesday, June 2, 2021

ৰূপৱতী পত্নী নোপোৱাৰ বাবে এগৰাকী স্বামী যেতিয়া হতাশ হৈ পৰে : Storyboard

Storyboard

বিৰাজৰ কাৰণে স্ত্ৰী পৃথিৱীৰ সকলোতকৈ ধুনীয়া বস্তু আছিল। তেওঁ এজন কবি আছিল। তেঁওৰ কবিতাবোৰত স্ত্রীৰ ৰূপ আৰু যৌৱনৰ প্ৰশংসাই মূল আকৰ্ষণৰ কেন্দ্ৰ আছিল( Storyboard )।  তেওঁৰ দৃষ্টিত স্ত্ৰী হৈছে  সংসাৰত ব্যাপী থকা কোমলতা,মাধুৰ্য্য আৰু অলংকাৰৰ সজীৱ প্ৰতিমা। মুখত স্ত্ৰীৰ কথা ওলালেই তেওঁৰ চকু জিলিকি উঠিছিল, কান থিয় হৈ পৰিছিল, যেন কোনোবা এজন ৰসিকে গানৰ শব্দ শুনা পালে। যেতিয়াৰ পৰা তেওঁ বুজি উঠা হল, তেওঁৰ মনত সেইজনী সুন্দৰীৰ কল্পনা কৰিব আৰম্ভ কৰিলে যিগৰাকী তেওঁৰ হৃদয়ৰ ৰাণী হব। সেইগৰাকীৰ মাজত ঊষাহৰ প্ৰফুল্লটা থাকিব, ফুলৰ দৰে কুমলতা, জিলিকণি,  বসন্তৰ ছবি, কুলিৰ দৰে মিঠা মাত । মুঠতে কবিতাৰ শব্দৰে বিভূষিত কৰিব পৰাকৈ হব তেওঁ। বিৰাজ সেই কল্পনাৰ মূৰ্তিৰ উপাশক আছিল, কবিতাত তাইৰ গুণ গাই, বন্ধুৰ সৈতে চৰ্চা কৰে, সদায় তাইৰ ভাৱনাত মগ্ন থাকে। 

সেইদিন ওচৰ চাপিল যেতিয়া তেওঁৰ আশাবোৰে সেউজীয়া পাতৰ দৰে লৰিব , তেওঁৰ মনোকামোনা পূৰণ হব।

কলেজৰ অন্তিমটো পৰীক্ষা শেষ হৈছিল আৰু বিয়াৰ বাবে প্ৰস্তাৱ আহিব ধৰিলে।

বিয়া ঠিক হল, বিৰাযে কইনাক চাব বিচাৰিলে কিন্তু যেতিয়া তেওঁৰ মোমায়েকে বিশ্বাস দিলে যে 'ছোৱালী বহুত ৰূপৱতী,মই নিজ চকুৰে দেখিছোঁ।' তেতিয়া বিৰাজ মান্তি হল। উলহ মালহেৰে বিয়াৰ বাবে দৰা উপস্থিত হল আৰু শুভ লগণ আৰম্ভ হল। কইনা আভূষনেৰে সৈতে ৰভাতলীলৈ আহিল আৰু তেতিয়া বিৰাজৰ চকু তাইৰ ভৰি হাতত পৰিল। কিমান যে ধুনীয়া আঙুলিবোৰ, যেন দ্বীপশিখা,  অংগবোৰৰ শোভা কিমান যে মনোমোহা আছিল। বিৰাজ ফুৰ্তিত কব নোৱাৰা হল। দ্বিতীয় দিনা কইনা বিদায় দিয়াৰ পাছত বিৰাজ তাইক চাবলৈ ইমানেই অধীৰ হৈ পৰিল যে যেতিয়াই দোলা কঢ়িয়াই অনা মানুহকেইজনে হাত মুখ ধুবলৈ গল তেওঁ মনে মনে আহি কইনাৰ ওচৰ পালে। তাই উৰণি গুচাই বাহিৰলৈ জুমি চাই আছিল।


বিৰাজৰ চকু তাইৰ ওপৰত পৰিল।  নিৰাশা, ঘৃণা আৰু খঙেৰে ভৰা এটা যেন ঢৌ পাৰ হৈ গল। এইজনী তেওঁ কল্পনা কৰা সেইগৰাকী সুন্দৰী নহয়, যাৰ বাবে তেওঁ বহুত বছৰৰ পৰা কল্পনা কৰি আছিল। চেপেটা নাক, এছলিয়া মুখ আৰু ফুলি থকা গালেৰে সৈতে এইজনী এজনী কুৰুপা স্ত্ৰী। ৰং বগা আছিল কিন্তু সেই ৰঙে ৰূপৰ অভাৱ পূৰণ কৰিব নোৱাৰে।

বিৰাজৰ সকলো উৎসাহ নাইকিয়া হৈ গল।' এইজনী হে মোৰ ডিঙিত উলমিব পালে নে? এইৰ কাৰণে গোটেই সংসাৰত কোনো ওলোৱা নাছিল নিকী?' বিৰাজৰ মোমায়েকৰ ওপৰত খং উঠিল যিয়ে তাইৰ ৰূপৰ গুণ গাইছিল। যদি তেওঁক এতিয়া বিৰাজে ওচৰত পালে হেতেন তেন্তে তেওঁক ভালকেই কলে হয় যাতে তেওঁ সকলো কথা  মনত ৰাখে।

যেতিয়া দোলা ধৰা মানুহকেইজনে আকৌ দোলা দাঙিলে বিৰাজে মনতে ভাবিলে,'এইগৰাকী তিৰোতাৰ লগত মই কথা কেনেকৈ পাতিম? গোটেই জীৱনটো কেনেকৈ কতাম? তাইৰফালে চালেই ঘৃণা উপজিছে। এনেকুৱা কুৰূপ মহিলাও যে পৃথিৱীত আছে মই আজিলৈকে গম পোৱা নাছিলোঁ। কি মুখ ভগৱানে সাজিলে, কি চকু! মই সকলোৰে ফালৰ পৰা চকু বন্ধ কৰিছোঁ। এই বেকা মুখখন , হে ভগৱান! এই বজ্ৰপাত মোৰ ওপৰতেই দিব পালা নে?

বিৰাজৰ নিজৰ জীৱনটো নৰক যেন লাগিছিল। সি তাৰ মোমায়েকৰ লগত কাজিয়া কৰিলে। শহুৰেকক লিখি পঠিয়ালে কথাবোৰ, মাক দেউতাকক মিনতি কৰিলে কিন্তু যেতিয়া এইবোৰৰ পৰা শান্তি নাপালে সি পলাই যোৱাৰ কথা চিন্তা কৰিলে। মুনমিৰ ওপৰত তাৰ দয়া উপজিছিল । সি ভাবিছিল যে এইবোৰত তাইৰ কোনো দোষ নাই। তাইতো জোৰ কৰি মোৰ লগত বিয়া হোৱা নাই। কিন্তু এই দয়া আৰু চিন্তাধাৰাই তাৰ মনত ওপজা সেই ঘৃণাক হৰোৱাব পৰা নাছিল যিটো মুনমিৰ মুখখন দেখা ৰ লগে লগে তাৰ দেহৰ শিৰে শিৰে ব্যাপ্ত হৈ পৰিছিল। মুনমিয়ে সদায় ভাল আৰু ধুনীয়া কাপোৰ পিন্ধে, বেলগ ধৰণেৰে চুলি সজাই, বহুত সময় আইনাৰ সন্মুখত থিয় হৈ নিজৰ শৃংগাৰ কৰে কিন্তু বিৰাজৰ বাবে এইবোৰ ধেমালি যেন লাগে। মুনমিয়ে সদায় বিৰাজক মনৰ পৰা সন্তুষ্ট কৰিব খুজিছিল। তাৰ কাম কৰিবলৈ অজুহাত উলিয়াইছিল। কিন্তু বিৰাজ তাইৰ পৰা পলাই ফুৰিছিল। যদি কেনেবাকৈ তাইক দেখি পাই এনেকুৱাকৈ  ঠাট্টা কৰি কথা কয় যে তাই কান্দি তাৰ পৰা আঁতৰি আহে। সকলোতকৈ বেয়া কথা এইটো যে বিৰাজ বেয়াৰ ফালে ঢাল খালে। সি যে বিয়া পতা হয় এইটো সি পাহৰিব খোজে।

মুনমিয়ে আজিকালি বিৰাজক দেখিয়ে নোপোৱা হল। তাই তাৰ মাতষাৰ বাহিৰৰ পৰাই শুনে। তাই তাক লুকাই চাই দেখে যে সি লগৰ বন্ধুৰ লগত কান্ধত হাত থৈ ফুৰিবলৈ ওলাই গৈছে আৰু তাই হতাশ হৈ বহি পৰে।

এদিন ভাত খাই থাকোতে তাই কলে,' আজিকালিতো তোমাক দেখিবলৈ নাপাওঁ । মোৰ কাৰণে এতিয়া ঘৰ এৰি দিবা নিকী?'

বিৰাজে মুখ বেকা কৰি কলে,'ঘৰতেইটো থাকোঁ । আজিকালি কাম বিচাৰি ঘূৰি আছোঁ সেইবাবে দৌৰা দৌৰি অলপ বেছি হৈছে।'

মুনমি: ' মোৰ চেহেৰাটো কোনোবা এজন ডাক্তৰক দেখুৱাই কিয় নিদিয়া? শুনিছোঁ আজিকালি চেহেৰা সলোৱা ডাক্টৰো আছে।'

বিৰাজ:' কিয় অশান্তি কৰি আছা? ইয়ালৈ তোমাক কোনে মাতিছে?'


মুনমি: 'তেন্তে মোৰ এই কুৰুপ বেমাৰৰ চিকিৎসা কোনে কৰিব?'

বিৰাজ:' এই বেমাৰৰ কোনো দৰৱ নাই। যিটো কাম ঈশ্বৰে কৰিব নোৱাৰিলে সেইটো কোনেও নোৱাৰে।

মুনমি:' তেন্তে তুমিয়েই ভাবাচোন ঈশ্বৰৰ ভুলৰ শাস্তি তুমি মোক দিয়া নাইনে? সংসাৰত এনেকুৱা কোনজন পুৰুষ আছে যিয়ে ধুনীয়া চেহেৰা বেয়া পায়। কিন্তু তুমি কেতিয়াবা কুৰুপ হোৱাৰ বাবে পুৰুষ এজনক বিয়া নকৰুৱাকৈ থকা দেখিচানে? এইদৰে ৰূপহীন ছোৱালীবোৰো মাক দেউতাকৰ ঘৰত বিয়া নোহোৱাকৈ পৰি নাথাকে। যেনে তেনে তেওঁলোকৰো বিয়া হৈ  যায়। হয়তো তেওঁলোকৰ স্বামীয়ে তেওঁৰ উপৰত প্ৰাণ নিদিয়ে কিন্তু গাখীৰত পৰা মাখি বুলি নাভাবে।'

বিৰাজ:' কিয় মিছাতেই লাগি আছাঁ? মইতো তোমাৰ লগত কাজিয়া কৰা নাই। মনটোক মই বুজাব নোৱাৰোঁ আৰু তোমাৰ কথাই ইয়াৰ ওপৰত কোনো প্ৰভাবো নেপেলাই। মইতো তোমাক একো নকওঁ তেন্তে তুমি মোৰ লগত কিয় কাজিয়া কৰিব বিচৰা?'

মুনমিয়ে কথাবোৰ শুনি তাৰ পৰা গুচি আহিলে। তাই ভাবি ললে যে বিৰাজৰ মনত তাইৰ প্ৰতি থকা কঠোৰতা চিৰদিনৰ বাবে ঠাই ললে।


কিছুদিনৰ বাবে বিৰাজ নাইকীয়া হৈ পৰে ইফালে মুনমি চিন্তা আৰু হতাশাত ভুগি অসুস্থ হৈ পৰিল। কিন্তু বিৰাজ পাহৰিও তাইক চাবলৈ নাহে, তাইৰ চোৱা চিতা কৰাটো দূৰৰে কথা। ইমানেই নহয়,সি মনতে ভাবে যদি তাই মৰি যায় তেন্তে পিছাঁ এৰিব। তাৰ পাছত নিজৰ পছন্দত বিয়া কৰাব।

এতিয়া বিৰাজে বেছি কৰিব ললে।

আগতে বিৰাজে ভাবিছিল যে তাৰ সকলো কামতেই নজৰ ৰাখিবলৈ কোনোবা আছে কিন্তু এতিয়া তাৰ সেই চিন্তাও নোহোৱা হল। সি কাম বাসনাত এনেদৰে লিপ্ত হৈ পৰিল যে তাৰ অধিক সময় বদনাম গলীৰ কোঠালীতে পাৰ হবলৈ ধৰিলে। কিন্তু এনে উপভোগত মাত্ৰ ধনৰে ক্ষতি নহয় , তাতকৈ বেছি শক্তি আৰু বুদ্ধিৰ ক্ষতি হয়। বিৰাজৰ চেহেৰা হালধীয়া হব ধৰিলে। দেহাও ক্ষীনাই গৈছে। ডিঙিৰ হাড় ওলাই পৰিছে। চকুৰ পাৰবোৰ দ আৰু ক'লা হব ধৰিলে। এতিয়া সি আগতকৈ বেছি হেঁপাহ কৰিব ধৰিলে। সদায় চুলিত টেল লগাই চুলিবোৰ ধুনীয়া কৰি থয়, কাপোৰ সলাই কিন্তু মুখৰ পৰিৱৰ্তন নহল। সাজি কাঁচি কি নো লাভ?

এদিন মুনমি বাৰাণ্ডাত পাতি পাৰি শুই আছিল। ইফালে তাই বিৰাজক একসপ্তাহ ধৰি দেখা নাছিল। তাইৰ তাক চাবলৈ মন গল। তাই ভাবিলে তেওঁ চাগে নাহে কিন্তু নিজৰ মনটোক তাই বুজাব পৰা নাছিল। তাই বিৰাজক মাতি পঠিয়ালে। বিৰাজৰও তাইৰ ওপৰত দয়া উপজিল। সি আহি উপস্থিত হল। মুনমিয়ে তাৰ মুখলৈ চাই অবাক হৈ পৰিল। বিৰাজ ইমান দুৰ্বল হৈ পৰিল যে তেওঁক চিনি পোৱাত অসুবিধা হৈছিল। তাই কলে,' তুমিও অসুস্থ নিকী? তুমিতো মুতকৈও বেয়া হৈ পৰিলা।'

বিৰাজ: 'জীৱনটোত আছে নো  কি যাৰ বাবে জীয়াই থাকিবলৈ চিন্তা কৰিম?'( Storyboard )

মুনমি:'  জীয়াই থাকিবলৈ চিন্তা নকৰা মানুহ ইমান দুৰ্বল হৈ নপৰে। তুমি ঔষধ নোখোৱা কিয়?'

 কথাখিনি কৈ তাই বিৰাজৰ সোহাত খনত ধৰি ওচৰলৈ টানি আনিলে আৰু সিও হাতখন এৰুৱাবলৈ চেষ্টা নকৰিলে। তাৰ স্বভাৱত এই সময়ত নম্ৰতা দেখা পোৱা গৈছিল যিটো মুনমিয়ে কেতিয়াও দেখা নাছিল। কথাবোৰৰ পৰা নিৰাশতাৰ উমান পোৱা গৈছিল। খং দেখা পোৱা নাছিল।


মুনমিৰ এনেকুৱা অনুভৱ হল যেন  বিৰাজৰ চকুত চকুলো আছে।

বিৰাজ পাতিত বহি লৈ কলে,' মোৰ চিকিৎসা এতিয়া মৃত্যুয়েহে কৰিব। মই তোমাক কষ্ট দিবলৈ কোৱা নাই। ভগৱানে জানে যে মই তোমাক কোনোদিন মনত কষ্ট দিব খুজা নাই। মই আৰু বেছি দিন জীয়াই নাথাকো। মোৰ কিবা ডাঙৰ বেমাৰৰ লক্ষণ দেখা দিছে। ডাক্টৰেও তাকেই কৈছে। মোৰ মাত্ৰ দুখ এইটোএ যে, তুমি মোৰ কাৰণে বহুত কষ্ট পালা, মোক ক্ষমা কৰিবা। কেতিয়াবা বহি থাকিলে মনটো ভাগি পৰে আৰু মূর্ছা যোৱাৰ দৰে লাগে। কথাখিনি কৈ থাকোতে বিৰাজ কঁপি উঠিল। গোটেই দেহটো জোকাৰি গল। মূৰ ঘূৰাই সি পৰি গল আৰু হাত ভৰিবোৰ কোচখাই আহিলে । মুখেৰে ফেন উলাব ধৰিলে। গোটেই শৰীৰৰ ঘামেৰে উপচি পৰিল।

মুনমিৰ সকলো অসুস্থতা নাইকীয়া হৈ গল।  তাই বহুত দিন ধৰি বিচনাৰ পৰা উঠিব পৰা নাছিল। কিন্তু এই সময়ত তাইৰ শৰীৰত এটা ফুৰ্তিৰ অনুভূতি হল। তাই বিৰাজক ধুনীয়াকৈ বিছনাত শুৱাই দিলে আৰু তেওঁৰ মুখত পানী ছটিয়াই দিলে। বাহিৰত খবৰটো গল আৰু বিৰাজৰ বন্ধুৱে ডাক্তৰক খবৰ দিলে। বহুত যত্ন কৰাৰ পাছতো বিৰাজে চকু নেমেলিলে। সন্ধিয়া হোৱালৈ তাৰ মুখখন বেকা হৈ পৰিল আৰু দেহৰ বাওঁ অংশ অৱশ হৈ ধলি পৰিল। লৰচৰ কৰাটো দূৰৰ কথা মুখেৰে কথা কবও নোৱাৰা হল। তেওঁৰ পেৰালাইচিছ্ হল।

পেৰালাইচিছৰ দৰে ভয়ঙ্কৰ ৰুগত আক্ৰান্ত ৰোগীৰ সেৱা কৰা সাধাৰণ কথা নহয়। ইফালে মুনমিও অসুস্থ আছিল। কিন্তু  বিৰাজৰ এই বেমাৰৰ আগত তাই নিজৰ অসুস্থতাক পাহৰি গল। ১৫ দিনলৈকে বিৰাজৰ অবস্থা বহুত বেয়া আছিল । মুনমি ৰাতি দিন সমানে বিৰাজৰ ওচৰত বহি থাকে। তেওঁৰ বাবে আহাৰ প্ৰস্তুত কৰা,  তেওঁক কোলাত দাঙি দৰব খুৱাই দিয়া। তেওঁৰ সৰু সৰু ইংগীতবোৰ বুজি পোৱা এই সকলোবোৰ কাম মুনমিৰ দৰে ধৈৰ্যশিলা মহিলাই কৰিব পাৰে।

তাই মূৰৰ বিষত বহুত কষ্ট পাই , জ্বৰ উঠে কিন্তু তাই এইবোৰ একো চিন্তা নকৰে।

১৫ দিনৰ পাছত বিৰাজৰ অৱস্থা অলপ ভাল হল। তাৰ সোঁভৰিখন কাম নোহোৱা হৈছিল কিন্তু ফুটা নুফুটা মাতেৰে কথা কব পাৰিছিল। সকলোতকৈ বেয়া অৱস্থা বিৰাজৰ মুখখনৰ হৈছিল। মুখখন ইমান বেকা হৈ গৈছিল যেন কোনোবাই ৰবৰৰ পুতলা এটাক টানি দীঘল কৰিছে। বেটেৰীৰ সহায়ত যেন অলপ সময়ৰ কাৰণে উঠিব বহিব পাৰিছিল কিন্তু খোজকাঢ়িব পৰা নাছিল।


এদিন শুই থাকোতে তেওঁৰ মনত কি চিন্তা আহিল জানো আইনাখন দাঙি নিজৰ চেহেৰাটো চাব ললে।

এনেকুৱা কুৰূপ পুৰুষ বিৰাযে কেতিয়াও দেখা নাছিল।সি মুনমিৰফালে চাই কলে," মুনমি , ভগৱানে মোক গঁড়ূৰ পক্ষীৰ দৰে শাস্তি দিলে। বাস্তৱত এইয়া সেই বেয়া কামৰ প্ৰতিফল হয় যি মই তোমোৰ লগত কৰিলোঁ। যদি এতিয়া তুমি মোৰ মুখখন চাই ঘৃণাত নাক কুছোৱা তেন্তে মোৰ কোনো আপত্তি নাই। মই বিচাৰোঁ তুমি মোৰ লগত মই কৰা সেই  দূৰব্যৱহাৰৰ প্ৰতিশোধ লোৱা যি মই তোমাৰ লগত কৰিছিলোঁ।

মুনমিয়ে বিৰাজৰফালে মৰমেৰে চাই কলে,' মইতো তোমাক এতিয়াও সেই আগৰ দৃষ্টিৰে চাওঁ। মইতো তোমাৰ মাজত কোনো পাৰ্থক্য দেখা নাপাওঁ।'

বিৰাজ : 'ৱাহ! বান্দৰৰ দৰে মুখ হৈ গল আৰু তুমি কৈছা একো সলনি হোৱা নাই। মইতো আৰু কেতিয়াও বাহিৰলৈ নোলাও। ভগৱানে মোক সচাকৈ শাস্তি দিলে'।


বহুত যত্ন কৰাৰ পাছতো তাৰ মুখখন বেকা হৈয়ে ঠাকিল। মুখখনৰ বাওঁফালটো ইমানেই বেকা হৈ গল যে দেখিলেই ভয় লগা হৈ পৰিল। কিন্তু, ভৰি হাতত ইমানটো জোৰ আহিল যে খোজকাঢ়ি ঘূৰিব পাৰে।

 মুনমিয়ে স্বামীৰ বেমাৰৰ বাবে দেৱীমাৰ ওচৰত প্ৰাৰ্থনা কৰিছিল আৰু আজি সেই গৰাকী দেৱীৰ পূজা। ওচৰ চুবুৰীয়া তিৰোতাবোৰ সাজি কাঁচি আহি উপস্থিত হল। গান বাজনা হৈ আছিল।

এগৰাকীয়ে মুনমিক সুধিলে,: ' এতিয়া চাগে তোমাৰ তেওঁৰ মুখখন চাবলৈ একেবাৰে ভাল নালাগে।'

মুনমিয়ে গভীৰভাৱে উত্তৰ দিলে 'মইতো আগতকৈ বেছি ভাল হে দেখিছোঁ।'

'হব দিয়া কথা লুকুৱাব নেলাগে।'

' নহয় বাইদেউ মই সঁচা কৈছো। তেওঁৰ ৰূপৰ সলনি মই তেওঁৰ আত্মা পালোঁ যিটো ৰূপতকৈ বহুত বেছি মূল্যবান।


বিৰাজ ৰুমত বহি আছিল বন্ধু কেইজনমানৰ লগত । তেওঁলোকে টাছ পাত খেলি আছিল।

ৰুমত এখন খিৰিকী আছে যিখন খুলিলে  চোতালৰ পৰা দেখা পোৱা যায় । এইসময়ত বন্ধ আছিল খিৰিকীখন। লগৰ এজনে  মনে মনে খিড়িকীখন খুলি দিলে। তেওঁ আইনাত বাহিৰলৈ চাই বিৰাজক কলে , 'আজিটো তোমাৰ ঘৰত পৰিৰ আগমন হৈছে।'

বিৰাজ : 'বন্ধ কৰি দিয়া'।

" আৰে ভাই চোৱাচোন কিমান ধুনীয়া ধুনীয়া চেহেৰা ! তোমাৰ ইয়াৰ ভিতৰত কুনজনী ভাল লাগিছে?'

বিৰাযে চাই কলে যে ," মোৰতো সেইজনী ভাল লাগিছে যিয়ে থালত ফোলবোৰ সজাই আছে।"

"ৱাহ! তোমাৰ দৃষ্টি মানিব লগীয়া।তোমাৰ চেহেৰাৰ লগতে দৃষ্টিও বেয়া হল নিকী? মোৰটো  সেইজনী সকলোতকৈ কুৎসিত লাগিছে।"

বিৰাজ: ' তুমি তাইৰ চেহেৰা চাইছাঁ এইকাৰনেই চাগে তুমি তাইক বেয়া দেখিছা। কিন্তু মই তাইৰ মনতো আৰু আত্মাক দেখা পাইছোঁ।"

" অ , তাৰমানে এইগৰাকীয়েই মিছেছ বিৰাজ?"

" হয়, এইগৰাকীয়েই সেই দেৱী হয় ।"


এনেধৰনৰ আৰু গল্প/উপন্যাস পঢ়ক এই লিংকত - www.গল্প/উপন্যাস.com

Storyboard )

বিঃদ্ৰঃ আপোনালোকেও যদি কোনো গল্প আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ গল্প সমূহ আমাৰ ফেচবুক পেজত নতুবা SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সত প্ৰেৰণ কৰিবলৈ আহ্বান জনালো।নিৰ্বাচিত গল্প সমূহ প্ৰেৰকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব,ধন্যবাদ।

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page


আমাৰ ফেচবুক গ্ৰুপটো আপোনালোকে পোনোপটীয়াকৈ গল্প প্ৰকাশ কৰিব পাৰে।আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup

No comments:

Post a Comment

Advertisement

Pages