কৃপণালীৰো এটা সীমা থকা ভাল : Storyboard - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Wednesday, June 2, 2021

কৃপণালীৰো এটা সীমা থকা ভাল : Storyboard

Storyboard

জকাইচুক গাৱঁত কেৰেপাই নামৰ এজন মহাজনে বাস কৰিছিল,যদিও তেওঁৰ ওচৰত টকা-পইচাৰ কোনো অভাৱ নাছিল তথাপিও তেখেত বৰ কৃপণ আছিল। এবাৰ তেওঁ এখন দোকানত নাৰিকল কিনিবলৈ গ'ল!( Storyboard )


দোকানীজনে যেতিয়া নাৰিকলৰ দাম ক'লে তেতিয়া মহাজনে ক'লে:-"বৰ দাম কৈছা।তুমিটো বহুত ঠগিছা!য'ৰ পৰা তুমি আনিছা তাতটো ইমান দাম নহয়!"


তেতিয়া দোকানীজনে ক'লে:-"যাওক তেতিয়া পাইকাৰী দোকানীৰ তাতে কিনকগৈ!"


মহাজন পাইকাৰী দোকানীৰ ওচৰ পালেগৈ আৰু তেওঁ যেতিয়া নাৰিকলৰ দাম সুধিলে তেতিয়া তেওঁ অলপ দাম বেছি পালে আৰু ক'লে:-"য'ৰ পৰা তোমালোকে আনা তাতটো ইমান দাম নহয়!!"


দোকানীজনে চিঞৰি ক'লে:-"হয় দিয়ক!আপুনি ঠিকেই কৈছে! আমিতো নাৰিকলৰ গছৰ পৰাহে আনো!তাতটো একদম বিনামূলীয়াকৈ নাৰিকল পায়,তাৰ পৰাই লৈ আহকগৈ!"


মহাজনে এই কথাটো শুনি বৰ ভাল পালে আৰু ভাবিলে,যেতিয়া বিনামূলীয়াকৈ বস্তুটো পাইছো তেতিয়া ধন খৰচ কিয় কিয় লওঁ!!তেওঁ নাৰিকলৰ গছ বিচাৰিবলৈ ধৰিলে আৰু শেষত এজোপা নাৰিকল গছ পালে!তেওঁ নাৰিকল গছৰ ওপৰত উঠি গ'ল!!ইমান ওখ আৰু থিয় গছজোপাত উঠি তেওঁ নাৰিকল চিঙিলে সচাঁ, কিন্তু তেওঁ নামিব নোৱাৰা হ'ল!এতিয়া তেওঁ নাৰিকল গছত উঠি ভয়তে ভাবিবলৈ  ধৰিলে তেওঁ কেনেকৈ নামিব??


যেতিয়া তেওঁ গছৰ পৰা নামিব নোৱাৰিলে তেতিয়া তেওঁ মনতে ভাবিলে যদি মই গছৰ পৰা নামিব পাৰোঁ তেতিয়া মই ১০১ জন ব্ৰাহ্মণক ভোজভাত খুৱাম !


এইদৰেই ভাবোঁতেই তেওঁৰ মনলৈ  হঠাৎ মনোবল আহি গ'ল আৰু তেওঁ চকু মুদি লাহে লাহে নামিলত আধালৈকে নামি আহিব পাৰিলে!চকু মেলি তেওঁ যেতিয়া দেখিলে তেতিয়া তেওঁ পস্তাৱলৈ ধৰিলে "মই মিছাতেই ১০১ জন ব্ৰাহ্মণৰ কথা ক'লো!আধালৈকেটো মই নামিব পাৰিলোৱেই ! এতিয়া তেওঁ ক'লে যে যদি মই তললৈকে নামিব পাৰো তেতিয়া মই ৫১ জন ব্ৰাহ্মণকহে ভোজন কৰাম!!"


অলপ সাহস কৰি লাহে লাহে তেওঁ যেতিয়া নামিবলৈ আৰম্ভ কৰিলে তেতিয়া তেওঁ আৰু অলপ তললৈ নামিব পাৰিলে!!এতিয়া আৰু তলৰ ভাগটোহে নামিবৰ বাবে বাকী আছিল । তেওঁ যেতিয়া এইটো দেখিলে তেতিয়া ক'লে:-"মই ২১ জন ব্ৰাহ্মণক ভোজন কৰাই দিম!"


এইদৰে যেতিয়া তেওঁ আৰু অলপ তললৈ নামিব পাৰিলে তেতিয়া তেওঁ ক'লে যে, এতিয়া ২১ জনক নহ'লেও ১১ জনকটো খুৱাইয়েই দিম!!তাৰ পাছত যেতিয়া তেওঁ নামিবলৈ ধৰিলে আৰু দেখিলে যে মাত্ৰ ২,৩ ফুটহে বাকী আছে তেতিয়া তেওঁ জঁপিয়াই দিলে আৰু ক'লে ১১ জনক নহ'লেও এজন ব্ৰাহ্মণক হ'লেও খুৱাই দিম!!নিশ্চয় খুৱাই দিম!


এতিয়া মহাজনে এনেকুৱা এজন ব্ৰাহ্মণ বিচাৰি ওলিয়ালে যিজনে বহুত কম খায় !! কেইবা ঠাইতো বিচাৰি তেওঁ সামান্যভাৱে খোৱা মানুহ বহুত পালে কিন্তু বহুত কম খোৱা লোক নাপালে!!অৱশেষত কেইবাজনো ব্যক্তিয়ে কোৱাত তেওঁ এজন ব্ৰাহ্মণৰ ওচৰলৈ গ'ল!!


তেওঁ সেই ব্যক্তিজনৰ ঘৰ পালেগৈ!! তেওঁৰ ঘৰ পাইয়েই তেওঁ ব্ৰাহ্মণক প্ৰণাম জনালে আৰু ক'লে, মই এজন ব্ৰাহ্মণক ভোজন কৰোৱাৰ কথা ভাবিছিলো সেইকাৰণে মই আপোনাৰ ওচৰলে আহিছো । নগেন নামৰ ব্ৰাহ্মণ জনে ক'লে,ঠিক আছে মই আপোনাৰ নিমন্ত্ৰণ ৰক্ষা কৰিম!!


এতিয়া মহাজনে ব্ৰাহ্মণক যিটো প্ৰশ্ন কৰিলে তাৰ কাৰণে তেওঁ প্ৰস্তুত নাছিল!মহাজনে সুধিলে:-"আপুনি কিমান খাই?"


এই প্ৰশ্নটো শুনিয়েই ব্ৰাহ্মণে তেওঁৰ মনোভাৱ বুজি পালে যে মহাজন বৰ কৃপণ,সেইকাৰণে এনেকুৱা কথা সুধিছে!!মহাজনৰ কথা বুজি তেওঁ নিজৰ ৰণনীতি প্ৰস্তুত কৰিলে!!মহাজন যিমান কৃপণ আছিল ব্ৰাহ্মণো সিমানেই চালাক আৰু মহা চতুৰ আছিল!!কাঁহ মাৰি ক'লে:-"মই ৫০ গ্ৰাম খাব পাৰোঁ...কোনোপধ্যে পাতলা ,পাতলা দুখন পুৰি,বচ্!!


মহাজন আনন্দিত হৈ গ'ল আৰু ভাবিলে এইজন ব্ৰাহ্মণেই উপযুক্ত হ'ব।তেওঁ ব্ৰাহ্মণক ক'লে:-"চাওঁক ব্ৰাহ্মণ দেৱতা ! মই ৮:০০ বজাতেই দোকানলৈ গুচি যাওঁ আপুনি তাৰ আগতেই ভোজন কৰি ল'ব লাগিব।"


ব্ৰাহ্মণ দেৱতাই ক'লে:-"ঠিক আছে !!"মহাজন আনন্দ মনেৰে ঘৰলৈ ঘূৰি আহিল ! 


আবেলি ভোজনৰ সকলো তৈয়াৰী হৈ গ'ল!!৮:০০ বজালৈকে মহাজনে ব্ৰাহ্মণ দেৱতাৰ বাবে অপেক্ষা কৰি থাকিল কিন্তু তেওঁ নাহিল!লাহে লাহে ৯:০০ বাজি গ'ল!শেষত ভাগৰি-জোগৰি মহাজন নিজৰ দোকানলৈ গুচি গ'ল আৰু পত্নীক কৈ গ'ল:-"চোৱা মই যাওঁ!!মই নথকাত ব্ৰাহ্মণ দেৱতা আহিলে তেওঁক ভোজন কৰোৱাই দিবা!!১১ টকাৰ দক্ষিণাও দি দিবা!!"


প্ৰায় ১২ মান বজাত ব্ৰাহ্মণ আহিল!আহিয়েই কেকাই-কেকাই ক'লে ,:- "পেটতো ভাল নহয় কি কৰিব ?"কিন্তু নিমন্ত্ৰণ স্বীকাৰ কৰি লৈছিলো কাৰণে ভোজন কৰিবলে আহি গ'লো আৰু !!


মহাজনৰ পত্নীয়ে ব্ৰাহ্মণৰ হাত-ভৰি ধোৱাই লৈছিলহে তেনেতে তেওঁ চিঞৰি চিঞৰি কান্দিবলৈ ধৰিলে!মহাজনৰ পত্নীয়ে আচৰিত হৈ সুধিলে:-"কি হ'ল ব্ৰাহ্মণ দেৱতা ?"


ব্ৰাহ্মণে ক'লে:-"কি কম আজিৰ দিনত তোমাৰ সতী লক্ষ্মী শাহুয়েৰালৈ বৰ মনত পৰিছে!তেওঁ মোক নিমন্ত্ৰণ  জনাইছিল আৰু  যেতিয়া হাত-ভৰি ধোৱাইছিল তেতিয়া মোক ১১টা সোণৰ মুদ্ৰা দিছিল!!"


এই কথা শুনি মহাজনৰ পত্নী ভাবুক হৈ পৰিল!ক'লে:-এতিয়ানো কি হ'ল ব্ৰাহ্মণ দেৱতা !শাহু আই নাথাকিলেও মইতো আছো!!"


এইদৰে কৈ তেওঁ ১১ টা মুদ্ৰা আনি ব্ৰাহ্মণক দি দিলে !তাৰ পাছত ব্ৰাহ্মণৰ থালি আনি তেওঁক আসন পাৰি দিলে আৰু ব্ৰাহ্মণ খাৱলৈ বহিল।যেতিয়া ব্ৰাহ্মণৰ ভোজন কৰি হ'ল তেতিয়া তেওঁ আকৌ কান্দিবলৈ ধৰিলে!মহাজনৰ পত্নীয়ে সুধিলে:-"এতিয়া  আকৌ কি হ'ল ব্ৰাহ্মণ দেৱতা?"


ব্ৰাহ্মণে ক'লে:-কি কম মহাশয়া!আপোনাৰ লক্ষ্মীস্বৰূপা শাহুৱেৰাই মোক ৫১ টা মুদ্ৰা ভোজন কৰাৰ পাছত দিছিল আৰু লগতে আটা,চাউল আদি সকলো দি পূণ্য প্ৰাপ্তি কৰিছিল !"


মহাজনৰ পত্নীয়ে ক'লে:-"হ'ব ব্ৰাহ্মণ দেৱতা ! আপুনি চিন্তা নকৰিব!আগতে যিবোৰ হৈছিলে তাৰ কোনো পৰিৱৰ্তন নহয়!আটা,চাউল,তেল,ঘিউ আদি সকলো বস্তুৱেই তেওঁ বান্ধি দিলে। ব্ৰাহ্মণে ঘৰলৈ প্ৰস্থান কৰিলে।ৰাতি যেতিয়া মহাজন আহিল তেতিয়া তেওঁ পত্নীক সুধিলে:-"ব্ৰাহ্মণ দেৱতাই ভোজন কৰি গ'ল নে?"


পত্নীয়ে ক'লে:-"মই তেওঁক সকলো নীতি-নিয়মেৰে ভোজন কৰাইছোঁ!কিন্তু তেওঁ বাৰে বাৰে কান্দিছিলে!"


"বাৰে বাৰে কিয় কান্দিছিলে?"মহাজনে সুধিলে!


"শাহু আইলৈ তেওঁৰ বাৰে বাৰে মনত পৰিছিলে!কিন্তু মইয়ো একো কমি নাৰাখিলো!মই ক'লো-শাহু আই নাই কি হ'ল? মই আছো নহয়!মই তেওঁৰ সকলো দান-দক্ষিণা দি দিলো!"


মহাজনে বৰ বেয়াকৈ চক্ খালে -" কি দান-দক্ষিণা?"


পত্নীয়ে সকলো কথা ক'লে !শুনিয়েই মহাজনৰ খঙত তেজ গৰম হৈ গ'ল!তৎক্ষণাত তেওঁ এডাল লাঠি উঠালে আৰু ব্ৰাহ্মণৰ ঘৰৰ ফালে দৌৰ দিলে!


কৃপণ মহাজনৰ ঘৰৰ পৰা ইমান বস্তু আনি ব্ৰাহ্মণেও ভয় খায় আছিল! তেওঁ জানিছিলে যে মহাজন যেতিয়া আহিব তেতিয়া বৰ ডাঙৰ কথা হ'ব!সেইকাৰণে তেওঁ প্ৰথমৰ পৰাই সকলো যোগাৰ কৰি থৈছিলে ! তেওঁ নিজৰ পত্নীক ক'লে,-"শুনা ! যেতিয়াই মহাজন আহে তুমি মোক এই বগা কাপোৰখনে ঢাকি দিবা!এইদৰে কৈ তেওঁ এখন বগা কাপোৰ উলিয়ালে!আৰু চোতালৰ মাজত গাইৰ গোৱৰে লেপন দি ল'লে আৰু সাজু হৈ বহি থাকিল!আবেলি যেতিয়া দৰ্জাত শব্দ হ'ল!ব্ৰাহ্মণৰ পত্নীয়ে দৰ্জাৰ ফাঁকেৰে চালে মহাজনৰ হাতত লাঠি দেখি তেওঁ ব্ৰাহ্মণক দৌৰি ক'লেগৈ ।


ব্ৰাহ্মণে তৎক্ষণাত চোতালত শুই দিলে।ব্ৰাহ্মণৰ পত্নীয়ে ওপৰৰ পৰা এখন বগা কাপোৰ লৈ মূৰৰ পৰা ভৰিলৈকে তেওঁৰ গাত দি দিলে...দৰ্জা খুলি মহাজন ধমকৈ বহি পৰিল । 


এতিয়া পত্নীৰ বিলাপ শুনি মহাজনৰ কলিজা কঁপি গ'ল ! বাহ্মণৰ পত্নীয়ে কান্দি আছে কিয়?আগবাঢ়ি গৈ তেওঁ দেখা পালে যে বাহ্মণক এখন বগা কপোৰেৰে ঢাকি থোৱা আছিল আৰু তেওঁৰ পত্নীয়ে কান্দি আছিল!


"ব্ৰাহ্মণ দেৱতা!আমাক সকলোকে এৰি গুছি গ'ল...এতিয়া আমাৰ কি হ'ব?আমাকো লগত লৈ নগ'ল কিয়?"


মহাজনে ভয়ে ভয়ে সুধিলে:- " এওঁৰ কি হ'ল?"

"কি ক'ম ৰাতিপুৱা ভালকৈয়ে ঘৰত বহি আছিলে ,গম নাপাও ক'ৰনো এজন মহাজনে তেওঁৰ ঘৰত খাবৰ বাবে লৈ গ'ল!গম নাপাও তাত কি খুৱালে??তাৰ পৰা যেতিয়া ঘূৰি আহিলে...তেতিয়াৰ পৰাই বমি আৰু পাইখানা কৰিবলৈ ধৰিলে... আৰু আমাৰ ব্ৰাহ্মণ দেৱে আমাক এৰি গুছি গ'ল...কৈয়েই তেওঁ চিঞৰি চিঞৰি কান্দিবলৈ ধৰিলে...এতিয়া ক'ৰ পৰা আমি তেওঁৰ সৎকাৰৰ বাবে পইছা আনিম... একোয়েইটো নাই ঘৰত!কিদৰে তেওঁক খৰি দিম??"( Storyboard )


মহাজনে বৰ ভয় খালে নিজৰ জেপৰ পৰা টকা উলিয়াই পত্নীক দি ক'লে-"লোৱা!এই টকাৰ পৰাই এওঁৰ সৎকাৰ কৰি দিবা!"আৰু যি দৰকাৰ হয় সেইবোৰ মোৰ ঘৰৰ পৰা পঠিয়াই দিম । এইদৰে কৈ মহাজন তাৰ পৰা গুচি গ'ল আৰু ঘৰৰ পৰাই ব্ৰাহ্মণৰ সৎকাৰৰ কাৰণে সকলো বস্তু পঠিয়াই দিলে!!


ব্ৰাহ্মণৰ ৰেচন পানী দুমাহলৈকে চলি গ'ল তাৰ পাছত যেতিয়া ৰেচন শেষ হৈ গ'ল...তেতিয়া তেওঁ ভাবিলে এবাৰ গৈ চাইয়েই আহো!!


সময়ৰ কথাটোতো তেওঁ জানিছিলেই যে মহাজন ৮:০০বজাত দোকানলৈ গুছি যায়!দুমাহলৈকে ব্ৰাহ্মণে দাড়ি কটা নাছিল আৰু তেওঁৰ দাড়ি দীঘল হৈ গৈছিল!!ব্ৰাহ্মণ জন মহাজনৰ ঘৰ পালেগৈ !


মহাজনৰ পত্নীয়ে তেওঁক দেখি বৰ চক্ খালে ! তেওঁ সুধিলে-"ব্ৰাহ্মণ দেৱতা!আপোনাৰতো মৃত্যু হৈছিলে?"


ব্ৰাহ্মণে ক'লে-"হয় মোৰ মৃত্যু হৈছে!মই স্বৰ্গৰ পৰা পোনে-পোনে ইয়ালৈ আহিছো!!"


ব্ৰাহ্মণজন বহুত চতুৰ আছিল!ব্ৰাহ্মণজনে জানিছিলে যে মহাজনৰ মণিকা নামৰ এগৰাকী ছোৱালীৰ কেইবাবছৰো আগতে স্বৰ্গ  গামী হৈছিলে যাক মৰমত তেওঁলোকে মণি বুলি মাতিছিল।


ব্ৰাহ্মণে ক'লে-"মই মণিক স্বৰ্গত লগ পাইছিলো ।যেতিয়া তাই গম পালে যে মই ইয়ালৈ আহি গৈ থাকো... তেতিয়া মোক আহি ক'লে যে মোৰ ঘৰলৈ যাবচোন...মোৰ মাঁ আৰু দেউতাৰ খবৰ লৈ আহিব!তেওঁলোকক মোৰ খবৰো দিব... সেইকাৰণে মই আপোনালোকৰ ইয়ালৈ মণিৰ খবৰ দিবলৈ আহিছো।


 এই কথা শুনি মহাজনৰ পত্নী ভাবুক হৈ পৰিল আৰু তেওঁৰ ওচৰলৈ আহি মণিৰ খবৰ সুধিবলৈ লাগিলে!


"মণিৰ ভালনে?"


ব্ৰাহ্মণে ক'লে-"কি কম মণি বৰ কমজোৰ হৈ গৈছে!তাত ভাল যোগাৰ নাই!ফল-মূল,ঘিউ আদিৰ কোনো যোগাৰ নাই!মোকেই চোৱাচোন কিমান দীঘল-দীঘল দাড়ি গজি গ'ল! তাত কোনো নাপিতেই নাই!


তেতিয়া মই ভাবিলো যি হ'লেও যাওঁ , মণিৰ কামো কৰি দিম আৰু নিজকো অকনমান ঠিক-থাক কৰি ল'ম!!আৰু এতিয়া মই যাওঁ মণিৰ কাৰণে যি দিবলগীয়া আছে মোক দি দিয়ক!!মই গৈ দি দিম!" 


মহাজনৰ পত্নীয়ে মণিৰ কাৰণে বঢ়িয়া-বঢ়িয়া ব্যঞ্জন আৰু ঘোঁৰাৰ গাড়ীত সকলো ৰেচন সামগ্ৰী দি পঠিয়ালে!ব্ৰাহ্মণে লৈ গুছি গ'ল,যেতিয়া আবেলি মহাজন আহিল তেতিয়া তেওঁৰ পত্নীয়ে তেওঁক একো নক'লে!


এইদৰে মহাজনৰ পত্নীয়ে দিয়া ৰেচন দুমাহলৈকে ভালদৰে গ'ল,তাৰ পাছত এদিন ব্ৰাহ্মণ দুপৰীয়া সময়ত আহি মহাজনৰ ঘৰত উপস্থিত হ'ল!!


মহাজনৰ পত্নীয়ে ব্ৰাহ্মণক দেখিয়েই আনন্দিত হ'ল আৰু সুধিলে"ভালে আছেনে ব্ৰাহ্মণ দেৱতা??"


ব্ৰাহ্মণে ক'লে-"বৰ ভাল!এতিয়া তোমাৰ ছোৱালীজনীও বৰ তনকিয়াল হৈছে ! তুমি দিয়া বস্তুবোৰ দেখি তাই বৰ ভাল পালে আৰু তাই ভালকৈ খালে !!তাই তুমি কুশলে আছানে সুধিছে ! মহাজনৰো কথা সুধিছে!!আৰু জানানে তুমি আইতা হ'লা!!তাইৰ এটা ল'ৰা হৈছে!"


এতিয়া ব্ৰাহ্মণৰ পত্নী বৰ আনন্দিত হ'ল!ব্ৰাহ্মণে ক'লে,"ছোৱালীজনীয়ে কৈছে"মাক ক'বা নাতিৰ কাৰণে সকলো বয়-বস্তু দি পঠিয়াবলৈ... আৰু তাই তাত নাতিয়েকৰ জন্মদিন পাতিব আৰু তাৰ কাৰণে যাতে ৰেচন পানী পঠিয়াই দিয়ে।


মহাজনৰ পত্নীয়ে খৰ -খেদাকৈ সকলো ব্যৱস্থা কৰিবলৈ ধৰিলে!!তেওঁ এখন ঘোঁৰা গাড়ী মাতিলে আৰু তাত আটা,চাউল আদি ভৰাই তেওঁক দি দিলে আৰু ক'লে -"ব্ৰাহ্মণ দেৱতা ছোৱালীজনীক ক'বা যে তাইৰ মাকে তাইক বৰ মনত পেলাই থাকে!!"


ব্ৰাহ্মণে ক'লে-"অ কৈ দিম । কিয় নকম??নিশ্চয় কম!!এইদৰে কৈ ব্ৰাহ্মণ চকুৰ আগৰ পৰা নাইকিয়া হৈ গ'ল!!


অকস্মাৎ কিবা কামৰ বাবে মহাজন আহি দেখিলে যে তেওঁৰ পত্নী দোৱাৰ কাষত ৰৈ আছে!তেওঁ আচৰিত হৈ সুধিলে-"ইয়াত কিয় ৰৈ আছা কোনোবা আহিছিল নি?"


"অ স্বৰ্গৰ পৰা ব্ৰাহ্মণ দেৱ আহিছিলে!!আপুনি ককাক হৈ গ'ল!!খুব আনন্দিত মনেৰে তেওঁৰ পত্নীয়ে ক'লে !! "


"ককা,মই কেনেকৈ ককা হ'লো?"আচৰিত হৈ মহাজনে সুধিলে!!মোৰ কোনো ছোৱালীও নাই,ভতিজীও নাই!!তেতিয়া মই কেনেকৈ ককাক হ'ম??"


"কিয় আমাৰ ছোৱালীজনী নাই জানো স্বৰ্গত!!তাতেই তাইৰ ল'ৰা জন্ম হৈছে!ব্ৰাহ্মণ দেৱে কৈছিলে!"


এই কথা শুনি মহাজনৰ গাত যেন বিজুলী পৰিল!!মহাজনে চিঞৰি ক'লে-"তোমাৰ মগজ বেয়া হৈছে নেকি!!সেই ব্ৰাহ্মণজনে যি তি কৈ দিলেই যে তুমি মানি ল'বা।তোমাৰ পৰা তেওঁ কিবা ঠগি নিয়া নাইতো!"


পত্নীয়ে ক'লে-"মই বিশেষ একো দিয়া নাই!ছোৱালীজনীৰ কাৰণে আৰু নাতিটোৰ কাৰণে সোণৰ চেইন,কাপোৰ,এপাচি ফল,আটা,চাউল,দাইল,তেল আদি দি পঠিয়াইছো!"মহাজনে নিজৰ মূৰ্খ ঘৈণীয়েকৰ ওপৰত খং কৰি ক'লে-তই একো নাজান নেকি!!মৰা মানুহ কেতিয়াও ঘূৰি নাহে!!


তেওঁ আকৌ সুধি -সুধি পত্নীৰ পৰা সকলো বিতংকৈ জানি ল'লে!তেওঁৰ পত্নীয়ে এইটোও ক'লে যে ইয়াৰ আগৰ বাৰো তেওঁ ব্ৰাহ্মণৰ হাতত জীয়েকৰ বাবে বস্তু পঠিয়াইছিলে!!


এইদৰে মনতে খং লৈ মহাজনে ব্ৰাহ্মণৰ ঘৰৰ ফালে খোজ ল'লে!!ব্ৰাহ্মণৰ ঘৰ পাইয়েই তেওঁ ব্ৰাহ্মণক হাত যোৰ কৰি ক্ষমা বিচাৰিলে আৰু  ক'লে-"ব্ৰাহ্মণ দেৱতা মোক ক্ষমা কৰি দিয়ক ,দ্বিতীয়বাৰ এনে ভূল নকৰো...মই কেতিয়াও কম খোৱা ব্ৰাহ্মণ নিবিচাৰোঁ!!!


ব্ৰাহ্মণে ক'লে-কিন্তু প্ৰত্যেক মাহে মোক দুবাৰকৈ নিমন্ত্ৰণ কৰি খোৱাব লাগিব আৰু₹১০১ দক্ষিণা দিব লাগিব ! এই নিয়মটোতো ৰাখিবা!!নহ'লে তুমিটো মোক চিনি পাইছায়েই!


মহাজনে তৎক্ষণাত তেওঁৰ ভৰিত ধৰিলে আৰু ক'লে -"হ'ব হ'ব মোক ক্ষমা কৰক,মই আপোনাক মাহেকত দুবাৰ নিমন্ত্ৰণ কৰিম আৰু ১০১ টকাও দিম!!ব্ৰাহ্মণে হাঁহিলে আৰু তেওঁক আশীৰ্বাদ দি ক'লে-"যোৱা এতিয়া,তুমি শান্তিত থাকাগৈ!"


এনেধৰনৰ আৰু গল্প/উপন্যাস পঢ়ক এই লিংকত - www.গল্প/উপন্যাস.com

Storyboard )

বিঃদ্ৰঃ আপোনালোকেও যদি কোনো গল্প আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ গল্প সমূহ আমাৰ ফেচবুক পেজত নতুবা SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সত প্ৰেৰণ কৰিবলৈ আহ্বান জনালো।নিৰ্বাচিত গল্প সমূহ প্ৰেৰকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব,ধন্যবাদ।

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page


আমাৰ ফেচবুক গ্ৰুপটো আপোনালোকে পোনোপটীয়াকৈ গল্প প্ৰকাশ কৰিব পাৰে।আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup


No comments:

Post a Comment

Advertisement

Pages