কণমানি কন্যাৰ ধৰ্ষণৰ পিছত কি অৱস্থা হব পাৰে সেই পিতৃ-মাতৃৰ : Storyboard - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Wednesday, June 2, 2021

কণমানি কন্যাৰ ধৰ্ষণৰ পিছত কি অৱস্থা হব পাৰে সেই পিতৃ-মাতৃৰ : Storyboard

Storyboard

নিকু!!!!! উঠা,,

চোৱা স্কুল যাবলৈ সময় হৈ গ'ল। ৰীমাই নিকুৰ মূৰত হাত ফুৰাই ক'লে। ( Storyboard )

কিনো মা আৰু অলপ দেৰি শুবলৈ দিয়া না- নিকুৱে চকু মঁহাৰি ক'লে আৰু আকৌ শুই থাকিলে। ৰীমাই লাহেকৈ নিকুৰ কাণ পকাই  উঠাই দিলে। এইবাৰ নিকুৱে মুখখন ফুলাই ক'লে- মা!!!!

দেউতাক আহিবলে দিয়া তোমাৰ কথা লগাই দিম.....।

দেউতাৰ কাম নাই, উঠা এতিয়া বাকী নাটক দেউতাৰ ওচৰত কৰিবা। ৰীমাই তাইৰ নাকটো ধৰি টানি দিলে আৰু তাই জোৰে জোৰে হাঁহি দিলে।

ৰীমাই নিকুক গা ধুৱালে আৰু সোনকালে উলিয়াই দিলে আৰু ৰাতিপুৱাৰ আহাৰ বনাবলৈ পাকঘৰলৈ গ'ল। নিকুৱেও নিজৰ কিতাপ বেগত ভৰাবলৈ ধৰিলে......।

আজি ৰীমাই নিকুৰ প্ৰিয় ৰাতিপুৱাৰ আহাৰ তৈয়াৰ কৰিছিল। নিকুৱে আলুপৰঠা বহুত ভাল পাইছিল।পৰঠা বনোৱাৰ সময়ত ৰীমা তাইৰ অতীতলৈ গুচি গৈছিল।

নিকু ৰীমাৰ একমাত্ৰ সন্তান আছিল।বিবাহৰ  ৪ বছৰৰ পাছত সন্তান নোহোৱাৰ বাবে ৰীমাই কিমানজন চিকিৎসকৰ ওচৰলৈ গৈছিল। মন্দিৰ বোৰত পূজা পাঠ কৰিছিল।  প্ৰাৰ্থনা কৰিছিল। কিন্তু একো প্ৰভাৱ পৰা নাছিল। এতিয়া শাহুৱেক শহুৰেকেও ৰীমাক তাচ্ছিল্য কৰিবলৈ আৰম্ভ কৰিছিল। ৰীমা বেয়াকৈ ভাগি পৰিল.....। তাৰ পাছত তাইৰ স্বামী ৰুদ্ৰই এদিন টেষ্ট টিউব বেবীৰ বিষয়ে ক'লে আৰু ৰুদ্ৰ‌ আগবাঢ়া দেখি তাইও মনা  কৰিব নোৱাৰিলে। কেইদিনমানৰ পাছত তাই গৰ্ভৱতী হ'ল আৰু সকলোৱে সুখী হৈ আছিল আৰু শাহুৱেক শহুৰেকেও তাইৰ এতিয়া বহুত ধ্যান ৰাখিবলৈ ল'লে। সকলো খুব সুখী আছিল, কিন্তু অধিক সুখ হ'লেও যে কেতিয়াবা মানুহৰ দুখ হয়। এদিন সন্ধিয়া যেতিয়া ৰীমাই গা ধুই বাথৰুমৰ পৰা ওলাইছিল হঠাৎতে তাইৰ ভৰিখন পিছলি পৰিল আৰু তাই পেটতো দি তললৈ পৰি গ'ল আৰু মূৰ্ছা গ'ল। ঘৰৰ মানুহে তাইক ততাতৈয়াকৈ চিকিৎসালয়লৈ লৈ গৈছিল আৰু যেতিয়া চিকিৎসকে ৰিপ'ৰ্ট দিছিল, সকলোৱে হতাশ হৈ পৰিছিল।


ৰিপ'ৰ্টখনত কোৱা হৈছে, "শিশুটো ভালে আছে, কিন্তু এই কেঁচুৱাটোৰ পিছত, ৰীমা আৰু কেতিয়াও মাতৃ হ'ব নোৱাৰিব।"ৰুদ্ৰই শিশুৰ দৰে কান্দিবলৈ ধৰিলে।সেই সময়ত, সকলোৱে ৰীমাক সাহস দিছিল।আৰু তাৰ কেইদিনমান পিছত নিকুৰ জন্ম হৈছিল।ঘৰত আকৌ সুখৰ পৰিবেশ ঘোৰি আহিছিল। এইবোৰৰ মাজতেই ৰুদ্ৰই গুৱাহাটীত চাকৰি পাইছিল। ৰুদ্ৰই ৰীমা আৰু তেওঁৰ সৰু পৰী জনীৰ সৈতে গুৱাহাটীলৈ গুচি আহিছিল।

মা, সোনকালে কৰা , পলম হৈছে- হঠাৎতে নিকুৰ মাত শুনি ৰীমাৰ অতীতৰ চিন্তা ভংগ হ'ল। ৰীমাই তাইৰ অতীতৰ পৰা ওলাই আহিছিল আৰু ৰাতিপুৱাৰ আহাৰৰ প্লেটখন লৈ দৌৰি গৈছিল আৰু ৰীমাৰ প্লেটখন টেবুলত ৰাখিছিল। ৰীমাই এতিয়াও ভাবি থকা যেন লাগিছিল।

মা, তোমাৰ কি হ'ল? তুমি কি ভাবি আছা । মোৰ চুলিকোচা বান্ধি দিয়া চোন। চোৱা কিমান পলম হৈ গ'লো। নিকুৱে পৰঠা মুখত ভৰাই ক'লে। 

 ৰীমাই নিকুৰ চুলি বান্ধিবলৈ আৰম্ভ কৰিলে আৰু আকৌ এবাৰ চিন্তাত ডুব গ'ল.......। ৬ মহীয়া আছিল নিকু যেতিয়া ৰীমা আৰু ৰুদ্ৰই  তাইক এই ঘৰখনলৈ আনিছিল।  সময় কিমান সোনকালেই পাৰ হৈ গ'ল‌। আজি তাই ৭ বছৰীয়া হৈ গ'ল আৰু স্কুল ও যাবলৈ ধৰিলে। ৰীমাই নিকুক সকলো সুখ আৰু আনন্দ দিব বিচাৰিছিল।

যিটো সুখৰ পৰা তাই বঞ্চিত আছিল.......।ৰীমাৰ চকু বেৰত থকা ঘড়ীটোত পৰিল। ৮বাজিল আৰু ৰীমাই নিকুৰ বেগ ,টিফিন উঠাই লৈ বাহিৰলে নিকুৰ লগত গৈ ৰয় আছিল।অলপ দেৰি পাছত বাছ আহি পালে।ৰীমাই নিকুক স্কুল বাছত বহায় আকৌ ঘৰলে উভতি আহি নিজৰ কামত লাগি গ'ল।  


দুপৰীয়া পাছত নিকুৱে চিঞৰ বাখৰ কৰি ঘৰলৈ আহিলে। আজি নিকুক বহুত সুখী যেন লাগিছিল।আহি পোৱাৰ লগে লগে ৰীমাক সাবতি ধৰি ক'লে- মা, কাইলৈ আমাৰ বিদ্যালয়ত এটা নৃত্য প্ৰতিযোগিতা আছে। মই তাত ভাগ লম।

"অ'মজা ,মোৰ পুতলাজনী ডাঙৰ হৈ গ'ল। কাইলৈ মই মোৰ ছোৱালীজনীক বহুত ধুনীয়াকে সজাই পথাম স্কুল।  ৰীমাই তাইক কোচত তুলি ল'লে.......। সন্ধিয়া সময়ত দুয়োজনী দোকানলে যায় আৰু নিকুৰ কাৰণে  ধুনীয়া কাপোৰ লৈ আহে। পিছদিনা তাই সোনকালেই উঠি গা ধুই আহিলে।

মা সোনকালেই মোক কাপোৰ পিন্ধাই দিয়া নহ'লে দেৰি হৈ যাব-  নিকুৱে জঁপিয়াই জঁপিয়াই ক'লে।

ৰীমাই নিকুক কাপোৰ পিন্ধিলে আৰু চুলিকোচা ও বান্ধি দি স্কুল বাছত উঠাই থৈ আহিল। ৰীমাই  সদায় কৰা দৰে নিজৰ কাম কৰিবলৈ লাগি গ'ল।

তাই নাজানিছিল যে আজি দিনটো তাইৰ জীৱনৰ সকলোতকৈ বেয়া দিন হ'ব.......নিকুৱে যেতিয়াই স্কুল পালে তাইৰ মনত পৰিল তাই বেগ আৰু টিফিন বাছতে থৈ আহিলে। তাই দৌৰি আকৌ আহিল । কিন্তু স্কুলৰ বাছখন তেতিয়ালৈকে গুচি গৈছিল। তাই বাছৰ পিছে পিছে দৌৰিল কিন্তু বাছ তেতিয়ালৈকে গুচি গৈছিল। নিকু স্কুলৰ পৰা বহুত দূৰত আহি পালে আৰু যেতিয়া তাই  স্কুলৰ ফালে যাবলৈ ঘূৰিলে তাইৰ ভয় লাগিবলৈ ধৰিলে ।ওচৰে পাজৰে কোনো নাছিল।তাই  স্কুলৰ ফালে যাবলৈ ল'লে তেতিয়াই তাইক কোনোবাই মাতিলে তাই ঘূৰি চালে আৰু দেখিলে যে তাত দুটা ডাঙৰ ল'ৰা থিয় হৈ আছিল ।যাৰ বয়স ২০-২২বছৰ মান হ'ব। নিকুৱে ৰৈ দিলে আৰু তাৰ এটা ল'ৰা নিকুৰ ওচৰলৈ আহিলে আৰু ক'লে- শুনা!!!! তোমাৰ দেউতায়ে তোমাক তালৈ মাতিছে আৰু তুমি ইয়াত ঘূৰি ফুৰিছা..... ।


দেউতা!!!!দেউতায়ে হয়তো মোৰ টিফিন আৰু বেগ দিবলে আহিছে। দাদা ক'ত আছে মোৰ দেউতা?নিকুৱে সেই ল'ৰাটো কথা বিশ্বাস কৰি ল'লে আৰু তাৰ লগত গুচি গ'ল। মানুহে কয় যে সৰু ল'ৰা ছোৱালীৰ মন চফা সিহঁতি যি কয় তাকে সঁচা বুলি ভাবে ।নিকুৱে সেইটোৱেই কৰিছিল তাই দেউতাকৰ নাম শুনি সিহঁতৰ লগত গুচি গৈছিল। দুয়োটা ল'ৰাই তাইক এডোখৰ কোনো নথকা ঠাইলৈ লৈ গ'ল আৰু তাই লগত বেয়া ব্যবহাৰ কৰিব ধৰিলে.....।

নিকুৰ আচৰিত যেন লাগিছিল আৰু তাই গুচি আহিব খোজোঁতেই  এটা ল'ৰাই তাইক ধৰি ল'লে।

নিকুৱে কান্দিবলৈ ধৰিলে।তেতিয়াই এজন ল'ৰাই তাইৰ গালত এটা চৰ মাৰিছিল।চৰটো ইমান শক্তিশালী আছিল যে তেওঁৰ মুখৰ পৰা তেজ উলাবলৈ আৰম্ভ হৈছিল।নিকুৱে সিহঁতক এৰি দিবলৈ কাকুতি মিনতি কৰিছিল । কিন্তু সিহঁতি তাইৰ কথা নামানিলে আৰু ঠেলা মাৰি তাইক মাটিত পেলায় দিলে। তাৰ পাছত এটা এটাকৈ সিহঁতি নিকুৰ শৰীৰটো জন্তুৰ দৰে  আঁকোৰিবলৈ ধৰিলে।নিকুৱে বিষত চিঞৰি থাকিল। কিন্তু সেই অকমাণি জনীৰ মাত শুনিবলৈ কোনো নাছিল তাত। এইবোৰ বহুত দেৰিলৈকে চলি থাকিল আৰু নিকুৱে বহুত বেয়াকৈ আঘাতপ্ৰাপ্ত হৈছিল। ৰাক্ষসকেইটাই তাইৰ বয়সো নাচালে আৰু তাইক আঘাতপ্ৰাপ্ত কৰি দিলে। তাই তেজেৰে লুটুৰি পুটুৰি হৈ পৰিল। তাই যেতিয়া সেইবোৰ সহ্য কৰিব নোৱাৰিলে তাই অচেতন হৈ গ'ল। সিহঁতি ভয় খাই ভাবিব ধৰিলে এতিয়া কি কৰা যায় ।তাৰ পাছত এটাই তাত থকা মদৰ বটলটো লৈ তাইৰ মুখত চেঁতিয়াই দি তাৰ পৰা পলালে ।/p>


ৰাতিপুৱা পৰা দুপৰীয়া, দুপৰীয়া পৰা সন্ধিয়া হ'ল ।কিন্তু নিকু ঘৰলৈ আহি নাপালে। ৰীমাৰ চিন্তা হ'ল আৰু তাই স্কুললৈ ফোন কৰিলে । ফোন কৰি গম পালে যে আজিটো নিকু স্কুললৈ নগ'ল।ৰীমাৰ আৰু বেছি ভয় লাগিবলে ধৰিলে। তাই ৰুদ্ৰক ফোন কৰিলে। ৰুদ্ৰ ঘৰলৈ আহিল আৰু দুয়োটাই তাইক বিচাৰিবলৈ ধৰিলে।

সকলোতে বিচাৰিছিল কিন্তু নিকুক নাপালে।  এতিয়া ৰীমাৰ কান্দি কান্দি অৱস্থা বেয়া হৈ গৈছিল। গোটেই ৰাতি নিকুৰ বাবে বাট চালে। এতিয়া ৰুদ্ৰই আৰু অপেক্ষা কৰিব নোৱাৰিলে। ৰুদ্ৰই ৰীমাক লৈ পুলিচ থানালৈ গ'ল আৰু ৰিপ'ৰ্ট লিখালে। পুলিচে তেওঁলোকক সাহস দিলে আৰু ক'লে আমি নিকুক বিচাৰি উলিয়াম.........।ৰুদ্ৰ আৰু ৰীমা ঘৰলৈ গুছি আহিলে। পুলিচে ও তাইক বিচাৰিবলৈ আৰম্ভ কৰিলে আৰু তেতিয়াই খবৰ আহিল যে স্কুলৰ ওচৰৰ জংঘলত এজনী সৰু ছোৱালী আঘাতপ্ৰাপ্ত হৈ পৰি আছে। এইজনী ছোৱালী নিকু বুলি ভাবি পুলিচে ৰুদ্ৰ আৰু ৰীমাক তালে মাতিলে। ৰীমাই সেই ছোৱালীজনীক দেখি চিঞৰি দিলে । সেইজনী নিকুৱে আছিল। ৰুদ্ৰ ও বাগৰি পৰিল। সিহঁতি বুজি পোৱা নাছিল এইবোৰ কি হয় গ'ল সিহঁতৰ ছোৱালীজনীৰ লগত। পুলিচৰ বুজিবলৈ দেৰি নালাগিল যে  নিকুৰ লগত কিবা বেয়া হ'ল। তাইক লগা লগ চিকিৎসালয়লৈ পঠায়ই দিলে.......। ৰিপ'ৰ্ট  আহিলত গম পালে নিকুৰ আঘাতবোৰ বহুত বেছি.....। ৰাক্ষসকেইটাই তাইৰ সৈতে নিৰ্যাতনৰ সীমা পাৰ কৰি দিছিল। ৰীমাৰ এতিয়াও বিশ্বাসযে হোৱা নাছিল যে এইবোৰ কেনেকৈ হয় গ'ল।ৰীমা আৰু ৰুদ্ৰ ই অনুভৱ কৰিব পাৰিছিল যে সিহঁতৰ জীয়েক কিমান কষ্টত আছে। দুদিনৰ পাছত নিকু সচেতন অৱস্থালৈ আহিল।

মা....... তাইৰ মাতটো বহুত কষ্টৰেহে যেন উলাইছিল।  

মা মোৰ কি হ'ল। তুমি কিয় কান্দি আছা। আমি ইয়ালৈ কিয় আহিছো ? তাই একেলগে বহুত প্ৰশ্ন সুধিলে।( Storyboard )

একো নাই হোৱা নিকু- ৰীমাই চকু পানী মঁহাৰি ক'লে।


মা তলৰ ফালে বহুত বিষ হৈছে বুলি কৈ নিকুৱে কান্দিবলৈ ধৰিলে।

ৰীমাই তাইক বুকুত সাবতি ধৰিলে আৰু জোৰে জোৰে কান্দিবলে ধৰিলে। ৰুদ্ৰই এইবোৰ চাই থাকিব নোৱাৰিলে আৰু বাহিৰলৈ গুচি আহিলে আৰু ডাক্তৰক লগ কৰিলে।

চাঁওক ঘাঁবোৰ বহুত গভীৰ তাইক অপাৰেশ্যন কৰিব লাগিব আৰু অপাৰেশ্যনত বচাৰ আশা বহুত কম ।ডাক্তৰে নিৰাশ হৈ ক'লে।  

অনুগ্ৰহ কৰি যি কৰি হ'লেও মোৰ ছোৱালীজনীক বচাই দিব ডাক্তৰ......।

আমি সম্পূৰ্ণ চেষ্টা কৰিম- ডাক্তৰে ক'লে আৰু গুচি গ'ল।

গোটেই ৰাতি ৰীমা নিকুৰ লগতেই থাকিল। কেতিয়াবা কেতিয়াবা তাই সাৰ পাই যায় আৰু কান্দিবলে ধৰে। যিবোৰ আঘাত তাই পাইছিল । সেইবোৰ সহ্য কৰা বহুত কঠিন আছিল। এইফালে ৰুদ্ৰই বিষয়টো আদালতলৈ লৈ গ'ল। কিন্তু দুয়োটা বহুত ধনী মানুহৰ ল'ৰা আছিল। সেইকাৰণে কোনেও ৰুদ্ৰৰ কেচ লবলৈ সাজু নাছিল। দুদিনৰ পাছত আদালতত  গোচৰৰ শুনানি আছিল। ৰুদ্ৰ বহুত অশান্তিত আছিল। বুজি পোৱা নাছিল যে কি কৰিব।

চিকিৎসালয়লৈ গৈ গম পালে যে দুদিন পাছত নিকুৰ অপাৰেশ্যন কৰিব। ৰুদ্ৰ তাতে বেঞ্চত বহি পৰিল।

ৰীমা তাৰ ওচৰলৈ আহিলে আৰু তাৰ হাত নিজৰ হাতত তুলি ল'লে।

ৰুদ্ৰ জানা যে এইটো আমাৰ বাবে বহুত কষ্টকৰ সময়। কিন্তু আমি যদি  যিয়ে আমাৰ ছোৱালীৰ এনে অৱস্থা কৰিলে সিহঁতক এৰি দিওঁ। তেতিয়া আমাক কেতিয়াও তাই ক্ষমা নকৰিব। আমি এনেকৈ সাহস হেৰুৱাব নোৱাৰোঁ ৰুদ্ৰ.......।


কিন্তু আমি কি কৰিব পাৰিম ৰীমা!!! চহৰ খনৰ কোনো উকীলে সিহঁতৰ বিপৰীতে কেচ লবলৈ সাজু নহয়......। ৰুদ্ৰই কান্দিবলৈ ধৰিলে।

কোনেও কেচ নল'লে কি আমাৰ ছোৱালীজনীয়ে ন্যায় নাপাব। যদি কোনো নাযায় মই মোৰ ছোৱালীজনীৰ ন্যায়ৰ বাবে বিষয়টো আদালতত খেলিম। ৰীমাৰ চকুত দেখা গৈছিল যে তাই কিমান বেছি কষ্টত আছিল।যিহেতু তাই আইনৰ ডিগ্ৰী লৈছথৈছিল সেয়ে ৰুদ্ৰয়ে ৰীমাৰ কথাত সন্মতি দিলে।

দুদিনৰ পাছত ৰীমায়ে আদালতলৈ যোৱাৰ আগত নিকুৰ ওচৰলৈ গ'ল । আজি তাইৰ অপাৰেশ্যন আছিল আৰু তাই নিকুৰ মূৰত হাত বুলাই দিলে।

মা তুমি ক'ৰবাত যোৱা নেকি -নিকুৱে সৰু মাতেৰে ক'লে।

অ' নিকু যিয়ে তোমাক কষ্ট দিছিল মই সিহঁতক শাস্তি দিবলৈ যাঁও। ৰীমাৰ চকু পানী বাগৰি আহিল । কিন্তু তাই নিকুৰ পৰা নিজৰ চকু পানী লুকোৱালে।

মা সেই দাদা দুজন বহুত বেয়া, তুমি সিহঁতক শাস্তি দিবা দেই- নিকুৱে কান্দিবলৈ ধৰিলে হয়তো বিষৰ অনুভৱত।

ৰীমাই তাইৰ চকু মঁহাৰিলে আৰু নাৰ্চে আহি তাইক লৈ যাবলে ল'লে।

মা সোনকালেই আহিবা মোৰ ওচৰলে, সময় কম আছে- নিকুৱে যোৱা সময়ত মাত্ৰ এইটো শব্দই কৈছিল। ৰীমাই নিকু গৈ থকা চাই থাকিল যেতিয়া লৈকে তাই চকুৰ আগৰ পৰা নাইকীয়া নহ'ল।


ৰীমা তুমি আদালতলে যোৱা আমি কোনোবা এটা ইয়াত থাকিব লাগিব। ৰুদ্ৰই ৰীমাৰ কান্ধত হাত থৈ ক'লে...। 

ৰীমাই ঘড়ী ফালে চালে আৰু চিকিৎসালয়ৰ বাহিৰলৈ আহি আদালতলৈ গ'ল। সন্মুখত সেই ৰাক্ষস কেইটাক দেখি তাইৰ তেজ উতলি উঠা দৰে হ'ল আৰু তেতিয়াই আদালতত বিষয়টোৰ শুনানি আৰম্ভ হ'ল।

আধা ঘন্টাৰ তৰ্ক বিতৰ্ক পিছত সন্মুখৰ উকীলজনে ক'লে- ভুল ছোৱালীজনীৰ গাত ইমান সৰু কাপোৰ পিন্ধি ঘূৰি ফুৰিলে ল'ৰা মানুহে সুযোগ বিচাৰিব ইনেও।

 মই মানি লৈছোঁ মোৰ ছোৱালীজনীৰ কাপোৰ চুটি আছিল। কিন্তু আপুনি ভাবক যে এজনী ৭বছৰীয়া ছোৱালীক চাদৰ মেখেলা কেনেকৈ পিন্ধাম। ৰীমাই চিঞৰি কোৱা দৰে ক'লে।

ৰীমাৰ কথা শুনি আদালত খন নিজান হৈ পৰিল।  উকীলে মিছা দলীন আৰু তথ্য প্ৰকাশ কৰিলে। কিন্তু ৰীমাই সকলোৰে মিছা আদালতৰ আগত আনি দিলে।

তাৰ পাছত আদালতে ৰীমাৰ ফালে বিষয়টোৰ শুনানি দিলে।

আদালতে ল'ৰা দুয়োটাক জাবত জীৱন কাৰাদণ্ডৰ শুনানি দিলে। ৰীমাৰ চকুৰ পৰা চকু পানী উলাল আৰু তাইৰ নিকুলে মনত পৰিল। তাই সোনকালেই চিকিৎসালয়লৈ গ'ল..........।


কিন্তু যেতিয়া তাই চিকিৎসালয়ত উপস্থিত হৈছিল। তাইৰ উশাহ ৰৈ গ'ল ।তাই দেখিলে নিকুৰ মৃতদেহ ৰুদ্ৰৰ বাহুৰ মাজত আছিল  আৰু ৰুদ্ৰই তাইক বুকুৰ মাজত লৈ অচেতনৰ দৰে বহি আছে। ৰীমাই দৌৰি ৰুদ্ৰৰ ওচৰলৈ গ'ল।

নিকু!!!! নিকু উঠা চোৱা তোমাৰ মায়ে সেই বেয়া মানুহকেইটাক শাস্তি দি আহিছে। চোৱা নিকু মায়ে তোমাক দিয়া প্ৰতিশ্ৰুতি সম্পূৰ্ণ কৰিলে। 

নিকু উঠা না ,এবাৰটো কথা পতা মা লগত -ৰীমাৰ চকুৱে দি ধৰাসাৰে চকু পানী বাগৰি আহিল।

ৰুদ্ৰই ৰীমাৰ মাত শুনি ভাগি পৰিল। সি ৰীমা আৰু নিকুক বুকুৰ মাজত সোমোৱাই লৈ জোৰে জোৰে কান্দিবলে ধৰিলে।

ৰীমা মোক ক্ষমা কৰি দিয়া। মই আমাৰ নিকুক বচাব নোৱাৰিলোঁ........।

জীৱনৰ যোজত আমাৰ নিকু হাৰি গ'ল ৰীমা- ৰুদ্ৰই একেৰাহে কান্দিয়ে আছিল। চিকিৎসালয়ত কাৰো সাহস নাছিল সিহঁতক ৰখাবলৈ। সকলোৱে কান্দিছিল এই দৃশ্যটো দেখি।

"ৰুদ্ৰ মৃত্যুও কিমান আচৰিত ন আমাৰ জীৱনটো লৈ গুচি গ'ল।" ইমানেই কৈ ৰীমাই আকৌ কান্দিবলে আৰম্ভ কৰিলে। তাইৰ দুখ দেখি সকলোৰে কলিজা ফাটি যোৱা দৰে হৈছিল।

ৰুদ্ৰই এতিয়াও নিকুক নিজৰ বুকুৰ মাজত লৈ বহি থাকিল। যেন নিকু আকৌ এবাৰ উঠি দেউতা দেউতা বুলি মাতিব !!!!!!!!!


( এগৰাকী কিশুৰ,মহিলা বা যুৱতীক যেতিয়া ধৰ্ষণ কৰা হয়, তাৰ পিছৰ সেই ধৰ্ষিতা গৰাকীৰ পৰিয়ালৰ লোক সকলৰ দুখ বেদনা সমূহ অন্ততঃ তেনে কুকৰ্মত আগবঢ়াৰ মাসিকতা থকা লোক সকলে এবাৰ গভীৰ ভাবে উপলব্ধি কৰক।তেতিয়াহে হয়টো আমাত সমাজৰ পৰা ধৰ্ষণৰ দৰে অপৰাধ সমূহ নাইকীয়া হব)

সমাপ্ত !


এনেধৰনৰ আৰু গল্প/উপন্যাস পঢ়ক এই লিংকত - www.গল্প/উপন্যাস.com

Storyboard )

বিঃদ্ৰঃ আপোনালোকেও যদি কোনো গল্প আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ গল্প সমূহ আমাৰ ফেচবুক পেজত নতুবা SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সত প্ৰেৰণ কৰিবলৈ আহ্বান জনালো।নিৰ্বাচিত গল্প সমূহ প্ৰেৰকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব,ধন্যবাদ।

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page


আমাৰ ফেচবুক গ্ৰুপটো আপোনালোকে পোনোপটীয়াকৈ গল্প প্ৰকাশ কৰিব পাৰে।আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup

No comments:

Post a Comment

Advertisement

Pages