"এতিয়া আমিটো ল'ৰা আৰু ছোৱালীৰ দুয়োটাকে চালো। এতিয়া ইহঁতৰ দুয়োটাক অকলে কথা পাতিবলৈ দিওঁ( Storyboard )। সিহঁতি হে একে লগে জীৱন কটাব লাগিব সেইকাৰণে ইটোৱে সিটোৰ লগত চিনাকি আৰু ইটোৱে সিটোক বুজি ল'লে ভাল হ'ব বুলি ল'ৰাটোৰ পেহীয়েকে ক'লে।" এই কাৰ্যসূচী এখন ধুনীয়া পাৰ্ক থকা হোটেলত কৰা হৈছিল আৰু ইয়াত ল'ৰা আৰু ছোৱালী ঘৰৰ সম্পৰ্কীয় কিছুমান মানুহ আছিল ।
"হয় হয় ঠিকেই কৈছে" , বুলি ছোৱালীজনীৰ মাহীয়েকে ক'লে। তাৰ পাছত ৰবীনক হাঁহি মাৰি ক'লে যোৱা তোমালোকে অকলে বেলেগত গৈ আৰামত কথা পাতা। তেতিয়ালৈকে আমি ইয়াতে বহি কিবা কথা আলোচনা কৰি লওঁ।
উঠা ৰিকু যোৱা । ৰিকু লাহেকৈ উঠিল। ৰবীন উঠি আগবাঢ়িল আৰু তাই তাৰ পিছে পিছে গ'ল। সিহঁতি গৈ দূৰত ধুনীয়াকৈ গঁজি থকা ঘাঁহত বহিলে। য'ৰ পৰা সিহঁতৰ ঘৰৰ মানুহে সিহঁতক অলপ অলপকৈ দেখি থাকে। কিন্তু সিঁহতি কি পাতিছে বা কি কৰিছে তেওঁলোকে কিন্তু নেদেখে।
বহাৰ পাছত ৰবীনে ক'লে ," চোৱা ৰিকু মই তোমাৰ বাইঅ' ডাটা খনটো চালোঁ আৰু তুমি চাগে মোৰ খন চালায়ে।" " হয় চালো ৰিকুৱে ক'লে।"
"তেতিয়া চোন এনেকৈ আমি ইটোৱে সিটোৰ কথা অলপ জানিলোৱে। মানে ব্যক্তিগত, পাৰিবাৰিক আৰু পঢ়া-শুনা ইত্যাদি কথা। তেতিয়া হ'লে আমি বেলেগ কিবা কথাকে পাতো। তুমি সুধা কিবা সুধিব লগা আছে যদি।" "হ'ব আগত তুমিয়ে সুধা।"
"হ'ব মইয়ে সুধিছো"তুমি বহুত ধুনীয়া । তুমি ইয়াক লৈ অহংকাৰ কৰা নেকি?"
"অহংকাৰী মানুহে কেতিয়াও নিজৰ ভুল স্বীকাৰ নকৰে। পিছে এইটো সুন্দৰতাৰ একো নাই যদি মানুহ ভিতৰি সুন্দৰ মনৰ নহয় আৰু এই ভিতৰি কিমান ভাল বা অন্তৰখন কিমান ভাল এইবোৰ জানিবলৈ মানুহক সময় লাগে। "সেইটো হয় , তেতিয়া হ'লে কি পাৰম্পৰিক বিয়া পদ্ধতি বাদ দি আজি কালি যে কিছুমানে বিয়াৰ আগত লিভ-ইন-সম্পৰ্কত থাকে সেইয়া গ্ৰহণ কৰিব লাগে নেকি। য'ত একে লগে থাকি কেইদিনমান ইটোৱে সিটোক বুজিব পাৰি। তাৰ পাছত ভাবিব পাৰে যে ইটোৱে সিটোৰ লগত বিয়া পাতিব নে নাই?"
"নহয় মই এনেকুৱা পদ্ধতি সমৰ্থন নকৰোঁ। আমাৰ আৰু তোমাৰ মাক-দেউতায়ে চোন এনেকৈ নথকাকে বিয়া পাতি হাঁহি মাতি জীৱন কটাই আছে। ঘৰ পৰিয়াল আৰু সমাজত যেতিয়া ব্যক্তি থাকে। তেতিয়া সমাজৰ মতে চলাটো নিজৰ কৰ্তব্য আৰু সুখ বিচাৰি নিজেই ল'ব লাগিব। লিভ-ইন-সম্পৰ্ক যিমানে দীঘলীয়া নহক কিয় তাত অলপ হ'লেও নাটক আৰু ভাল হৈ দেখোৱায়ে। তাৰ পাছত যদি বিয়া হয় । তথাপিও পাছত আকৌ নতুনকৈ ভালকৈ খাপ খাব লগা হয়।
আকৌ সেইবোৰ সলনি হ'ব পাৰে আৰু এনেকুৱা সম্পৰ্ক যদিও বিয়ালে পৰিবৰ্তন হয় ।তেতিয়াও কিবা নহয় কিবা সমস্যা হ'বয়ে। ব্যক্তিৰ জীৱনত ইনেও সমস্যা থাকে।সেইবোৰ ভাবি নতুন পদ্ধতি গ্ৰহণ কৰিব নালাগে।
"ভাল লাগিল তোমাৰ কথাবোৰ শুনি।" ধন্যবাদ কিন্তু তুমি এনেকুৱা প্ৰশ্নবোৰ সুধিছা যে মোৰ এনেকুৱা লাগিছে যেন আমি তৰ্ক প্ৰতিযোগিতাত হে আছোঁ।" এইটো কওঁতে ৰিকু অলপো হহাঁ নাছিল।"ক্ষমা কৰিবা তুমি মোৰ প্ৰশ্নবোৰ শুনি বেয়া পাইছা নেকি।" "নাই মই বেয়া পোৱা নাই।" তেতিয়া হ'লে তুমি কিয় তেনেকৈ কৈছা? আৰু কৈছা যদিও হাঁহি কোৱা হ'লে বেছি ভাল লাগিল হয়। "তাৰ মানে তুমি মোৰ হাঁহিটো চাব বিচাৰা।" হয় তুমি ঠিকেই ভাবিছা। পৰিয়ালত , সমাজত সকলোৱে হাঁহি থকাটো ভাল কথা।
"তুমি ও কথাবোৰ ভালেই কোৱা।" হয়তো কথা ভালকৈ পাতিব নাজানো। কিন্তু কথা সজাই ক'ব পাৰোঁ।" এই কথাটো শুনি ৰিকুৱে অলপ হাঁহিলে।"যিয়ে হক তুমি মোৰ চেহেৰালে হাঁহি অনাত সফল হ'লা।" "হয় নেকি ধন্যবাদ।"
" শুনা এটা কথা কোৱা আমাৰ বিয়াৰ পাছত তুমি মোৰ লগত শিৱসাগৰত থাকিবা নে, য'ত মই চাকৰি কৰো, নে মোৰ পৰিয়ালৰ লগত থাকিবা।" "এইটোৰ উত্তৰ বৰ্তমান মই এতিয়া দিয়াটো সম্ভৱ নহয়।" ইয়াৰ উত্তৰ দিয়া আগত মই তোমাৰ আৰু তোমাৰ পৰিয়ালৰ ইচ্ছা কথা জানিব লাগিব। মই এইটোও জানিব লাগিব যে মই ক'ত থকাটো আৰু ক'ত মোৰ দায়িত্ব বেছি। ইয়াত তোমাৰ ইচ্ছা পূৰণ কৰাতো মোৰ বেছি দায়িত্ব বাৰু।"
"তুমি প্ৰশ্নৰ চমুকৈ আৰু চিধাকৈ কিয় উত্তৰ নিদিয়া?" বেকাবেকি আৰু ঘুৰাই ফুৰাই সুধা প্ৰশ্নৰ উত্তৰ কি চিধা হ'ব পাৰে নেকি।"এইবাৰ তাই লাহেকৈ হাঁহিলে আৰু সিও হাঁহিলে।
"তুমি আগতে কাৰোবাক ভাল পাইছিলা নেকি?" অ' পাইছিলো সকলোৱে পায়। ভাল পোৱা বহুত ভাল বস্তু পৃথিৱীৰ। তুমি কি কাকো ভাল পোৱা নাছিলা ? ৰিকুৱে আকৌ হাঁহি মাৰি ক'লে। এইটো শুনি ৰবীনে ভাল পোৱা নাছিল যেন লাগিছিল আৰু সি তাইক সুধিলে মই জানিব পাৰিম নেকি কাক ভাল পাইছিলা?"
"মোৰ মাক-দেউতাক, ভন্টী , প্ৰকৃতি সকলোকে।"
"তুমি আকৌ কথাটো বেলেগকে কৈছা । মই ল'ৰা ছোৱালীয়ে যে ভাল পায় সেইটো কথা কৈছোঁ এইটো তুমিও বুজি পাইছা। "ৰিকুৱে ক'লে,"তুমি আগতে য'ত কাম কৰিছিলা তাত গৈ সোনকালেই পোৱা নে দেৰিকে। এইটো প্ৰশ্ন এবাৰ এজন চাকৰি বাবে সাক্ষাৎকাৰ দিবলৈ যোৱা পাৰ্থিক সুধা হৈছিল । কিন্তু সি সেই প্ৰশ্নটোৰ উত্তৰ কি দিব?
যদি আদালতত এজনে নিৰ্দোষীয়ে প্ৰমাণ দি আছে তাৰ পাছতো যদি সুধা হয় তুমি দোষী নে সি তেতিয়া কি উত্তৰ দিব? যদি সি কয়ো তেতিয়া কি তাৰ কথাটো সত্য বুলি মানিব জানো। যদি হয় তেতিয়া কিমান? তুমি যেতিয়া প্ৰশ্নটো সুধিলাই মই উত্তৰ দিম। তাৰ পাছত কিমান সঁচা বুলি ভবা আৰু কি নিৰ্ণয় লোৱা সেইটো তোমাৰ কথা। অ" মই বিকাশক ভাল পাইছিলো ।এতিয়াও পাওঁ আৰু পায় থাকিম। বিকাশ মোৰ প্ৰথম ভাল পোৱা। এতিয়া তুমি শুনা মোৰ প্ৰেমৰ কাহিনী শান্ত হৈ।
বিশ্ববিদ্যালয়ত পঢ়ি থাকোতে মোৰ বিকাশৰ লগত বন্ধুত্ব স্থাপন হ'ল । আমি পঢ়া-শুনাত ইটোৱে সিটোক সহায় কৰিছিলোঁ। বিভিন্ন বিষয়ৰ ওপৰত আলোচনা কৰোঁ।কেনটিনত একে লগে বহি চাহ খাও আৰু আমি দুয়োটাই একেলগে থাকি ভালো পাইছিলো। মই তাৰ লগত বিয়া পাতি জীৱন কটাম বুলি মনতে ইচ্ছা পুঁহি ৰাখিছিলো। সি কি ভাবিছিল মই নাজানো। সি এদিন মোক ক'লে , সি মোক ভাল পায় আৰু পচন্দ কৰে। মই কথাটো শুনি ভগৱানক মনে মনে ধন্যবাদ দিলো আৰু তাক ক'লো ," আজি কি হ'ল তোমাৰ?"
যি হ'ব লগা আছিল আগতেই হৈ গ'ল কিন্তু ক'বহে পৰা নাছিলোঁ। বহুত দিন আইনাৰ সন্মুখত অনুশীলন কৰি কৰি আজি ক'ব পাৰিছোঁ। মই নিজেই ভাবি লৈছিলোঁ যে এদিন নহয় এদিন তোমাক কম আৰু যদি ক'ব নোৱাৰোঁ এহাজাৰ বাৰ কাণত ধৰি উঠা বহা কৰিম। আজি ৮ ফেব্ৰুৱাৰী প্ৰ'পজ দে। মই সফল হ'লো। ইমান ডাঙৰ শাস্তিৰ পৰাও বাচিলো।
"হয় নে এতিয়া আগলে কি কৰিম বুলি ভাবিছা ?" আগলে পঢ়ি-শুনি এটা চাকৰি বিচাৰিম আৰু তাৰ পাছত আকৌ তোমাক বিয়াৰ প্ৰস্তাব দিম। মই মোৰ পৰিয়ালক বুজাম বাৰু যদি তুমি আৰু তোমাৰ পৰিয়ালেও মানি লয় আমি তেতিয়া বিয়া পাতি মৰমেৰে জীৱন কটাব পাৰিম। "বাপ ৰে মই ১৪ফেব্ৰুৱাৰীত কি কৰিবা হে সুধিছো, তুমি চোন গোটেইবোৰেই কৈ দিলা। এটা কথা হয় বাৰু মইও এনেদৰেই ভাবো কিন্তু ক'ব পৰা নাছিলোঁ।"
বিকাশে ক'লে মই ভেলেনটাইন দেই দিনা তোমাক এটা উপহাৰ দিম বুলি ভাবিছো আৰু এতিয়া আমি আমাৰ কাম কৰো আৰু পাছত বিয়া হোৱা নোহোৱা ভগৱানৰ ওপৰত এৰি দিওঁ ।এইটো শুনি মই মনে মনে থাকিলো। তাৰ পাছতো ভেলেনটাইন দেইৰ বাবে অপেক্ষা কৰি থাকিব পৰা নাছিল । এটা এটা ক্ষণ এবছৰৰ দৰে লাগিছিল। সিদিনা ভেলেনটাইন দেই আছিল। সেইদিনা সি মোক সৰু পেকেটৰ উপহাৰ এটা দিলে। দেখাত সেইটো ঘড়ী যেন লাগিছিল। কিন্তু খুলি মই চক্ খাই গৈছিলো তাত কোনো ঘড়ী নাছিল।অকল গোলপীয়া ৰঙৰ ৰছী এডাল হে আছিল। "মই হাঁহি মাৰি ক'লো এই ডাল কি?" সি ক'লে এই ডাল প্ৰেমৰ ৰচী। মই তাৰ পাছত কথাটো শুনি ক'লো বহুত ধুনীয়া আৰু মোৰ বাবে বহুত দামী এই ডাল।"মই এইটো কথা সদায় মনত ৰাখিম।" তাৰ পাছত মই মুৰত মাৰি থকা এপাহ ফুল এৰোৱাই আনি বিকাশত উপহাৰ ৰূপে দিলোঁ। মই আচৰিত হ'লো যেতিয়া সি সেইপাঁহ নিজৰ কপালত লগাই জেপৰ পৰা এডখৰ কাগজ উলিয়াই সেই পাঁহ মেৰিয়াই ওপৰৰ চাৰ্টৰ জেপত থলে। তাৰ এনেবোৰ কাৰ্য একনো নাটক বা মিছা নাছিল। এইবোৰ দেখি মই বহুত সুখী হৈছিলোঁ।
মই হাঁহি মাৰি ক'লো ,"তুমি এই পাহ কি কৰিবা এতিয়া?" এটা সৰু চিঁচাৰৰ ফুলদানীত নিজৰ পঢ়া টেবুলত সজাই থম। "তেতিয়া হ'লে পঢ়া-শুনা গ'ল আৰু তোমাৰ।" সি ক'লে - তুমি চাবা এতিয়া মই আগতকৈ বেছি ভালকৈ হে পঢ়া-শুনা কৰিম।"
এইবোৰৰ পাছত আমি ইটোৱে সিটোক আৰু বেছি সন্মান কৰিবলৈ ধৰিলোঁ। আমি তাৰ পিছত বেছিকৈ লগত থকা হ'লো আৰু আমি ইটোৱে সিটোৰ পৰা একো নোলোকোৱাও। কিবা কাম কৰা আগত দুয়োটায়ে কথা বতৰা পাতি লওঁ আৰু আমাৰ পঢ়া-শুনাও আগতকৈ ভাল হৈ গৈ আছিল।
বিকাশে বাইক চলাবলৈ বহুত ইচ্ছা কৰিছিল। বিশ্ববিদ্যালয়ত নাম লগাওঁতেই তাৰ ককায়েকে তাক এখন বাইক লৈ দিছিল। যাতে সি বিশ্ববিদ্যালয়লৈ ভালকৈ অহা যোৱা কৰিব পাৰে।
সি বাইক লৈয়ে অহা যোৱা কৰে আৰু সি বহুত শান্তকে ,ভালকে বাইক চলাইছিল।
বিশ্ববিদ্যালয় কেইদিনমানৰ বাবে বন্ধ আছিল। সি নিজৰ গাঁৱলে গুচি গ'ল আৰু যেতিয়া বিশ্ববিদ্যালয় খুলিলে, মই সময়ৰ আগতে গৈ তাৰ বাবে অপেক্ষা কৰি আছিলো। মই তাক আহি থকা দেখা পালোঁ সি মোৰ ফালে চোৱা নাছিল অকল সন্মুখলে চাই চলাই আহি আছিল। তেতিয়া ক'ৰবাৰ পৰা এখন ট্ৰাক আহি তাক জোৰে খুন্দা মাৰি দিলে আৰু মোৰ বিকাশৰ শৰীৰটো মোৰ মুখৰ আগতেই পৰি আছিল। মই তাৰ ফালে দৌৰি গ'লো আৰু কিছুমান ছাত্ৰ-ছাত্ৰীয়েও দেখি দৌৰি গৈছিল ।তাৰ পাছত এজন অধ্যাপকে নিজৰ গাড়ী লৈ আহি তাক দেখি চিকিৎসালয়লৈ লৈ গ'ল। পাছে পাছে মই আৰু বেলেগ ছাত্ৰ-ছাত্ৰীও চিকিৎসালয়লৈ গ'ল।
মোৰ বহুত বেয়া অৱস্থা হৈ গৈছিল।সি আই.চি.ওট জীৱন আৰু মৃত্যুৰ সৈতে যুঁজি আছিল। মই য'তেই থাকো অকল ভগৱানক প্ৰাৰ্থনা কৰোঁ যে মোক মোৰ বিকাশক ঘুৰাই দিয়া। কিন্তু মই এজনী সাধাৰণ ছোৱালী আছিলোঁ। যমৰাজে মোৰ কথা ক'ত শুনিব। তাৰ অকনো ভাল হোৱা নাছিল।সি ৮দিন তেনেকৈয়ে থাকিল আৰু তাৰ পাছত সি আমাক এৰি গুচি গ'ল। সেইদিনা মোৰ সকলো শেষ হৈ গৈছিল ধ্বংস হৈ গৈছিল। মোৰ চকুৰ আগত তাৰ দুৰ্ঘটনা হওঁতে মই অচেতন হোৱা নাছিলোঁ । কিন্তু তাৰ মৃত্যুৰ খবৰ শুনি মই অচেতন হৈ গ'লো। তাৰ পাছত মই মানসিক ভাবে ভাগি পৰিলোঁ আৰু মোৰ অৱস্থা বেয়া হৈ গ'ল।( Storyboard )
কিন্তু মানুহে কয় যে সময়ে বহুতো আঘাত লাহে লাহে নাইকীয়া কৰে । মই লাহে লাহে ভাল হ'লো আৰু এতিয়া জীৱনটো আগবঢ়ায় নিব বিচাৰোঁ । মই বিকাশক পাহৰিব নোৱাৰো কিন্তু মই আকৌ নতুনকৈ আৰম্ভণি কৰিব বিচাৰোঁ।
বিকাশৰ মৃত্যু পাছত মই ভাবিছিলো মই বিধৱা দৰে থাকিব লাগে। কিন্তু এদিন বিকাশে সপোনত মোক বুজায় ক'লে যে "যদি কাৰোবাৰ মাক -দেউতাক কম বয়সতে ঢুকাই থাকে সি কি গোটেই জীৱন দুখত থাকে নেকি নে সমাধি ঠাইখিনিত বহি কান্দি থাকে?" কি সিহঁতি হাঁহি মাতি জীৱন নকটাই নেকি? আৰু সি কৈছিল জীৱনটো বৈ যোৱা পানীৰ দৰে ।ইয়াক নিজৰ গতিত যাবলৈ দিয়া। যি যিমান দিনৰ বাবে পৃথিৱীলৈ আহিছে তাক তাৰ সময় হয় যোৱা পাছত হাঁহি হাঁহি যাবলৈ দিয়া। "যদি তুমি এই প্ৰশ্নটোৰ উত্তৰ পালা অনুগ্ৰহ কৰি বেলেগ প্ৰশ্ন সুধা।"
তুমাৰ প্ৰেম কাহিনী বাইক দুৰ্ঘটনা বাবে শেষ হ'ল। শুনি মনতো বহুত বেয়া লাগিছে আৰু এটা কথা সুধিব বিচাৰিছিলো । কিন্তু এতিয়া সুধিবলে মন নোজোৱা হ'ল। কিজানি তুমি বেয়া পোৱা আৰু চাগে তুমি বুজিছাও, মই কি ক'ব বিচাৰিছো।
"নাই বেয়া কিয় পাম। কাৰণ এইবোৰ আমাৰ ভবিষ্যতৰ লগত জড়িত প্ৰশ্ন। যি হ'লেও তুমিটো ঘুৰাই ফুৰাই হ'লেও কথাটো সুধিলাই। মই বুজি পাইছোঁ তোমাৰ কি প্ৰশ্ন সেই পুৰুষ বুলি মানসিকতা ৰাখা সকলে সুধা প্ৰশ্ন?
যদি তুমি এইটো প্ৰশ্ন নুসুধিলা হয় । তথাপিও মই ক'লো হয়। "তুমি এইটোৱে সুধিব বিচাৰা ন যে বিকাশ আৰু মোৰ মাজত কিবা শাৰীৰিক সম্পৰ্ক আছিল নেকি?"ৰবীনে মুৰতো তললৈ কৰি মনে মনে থাকিল। "কোৱা তুমি এইটোৱে সুধিব বিচাৰিছিলা ন?" তুমি একো কোৱা নাই আৰু তললৈ মুৰ কৰি আছা মানে তুমি এইটোৱে সুধিব বিচাৰিছিলা।"ৰবীন তেনেকৈয়ে বহি থাকিল।" এই প্ৰশ্নটোৰ মই কি উত্তৰ দিম ভবা। যদি মই আছে বুলি কওঁ মোক তুমি চৰিত্ৰহীন বুলি ক'বা আৰু যদি নাই বুলি কওঁ মোৰ কথাত বিশ্বাস নকৰা মই আকৌ প্ৰমাণ দিব লাগিব। নহ'লে জানো তুমি বিশ্বাস কৰিবা?
আচলতে এইটো তোমাৰ নহয় আমাৰ সমাজখনৰ দুখ। য'ত মহিলাই সদায় বিশ্বাস দিবলৈ অগ্নি পৰীক্ষা দিব লগা হয়। মইটো সীতা নহয় যে মোক জুইয়ে নজ্বলাব মই মানুহে মোক ইনেও জ্বলাব। কাৰণ জ্বলাটো জুইৰ এটা কৰ্তব্য।
"জুই জ্বলা বা নজ্বলা লগত মই পবিত্ৰ নে অপবিত্ৰ গম পোৱা নাজায়। তোমাৰ প্ৰশ্নৰ মোৰ ফলৰ পৰা এইটোৱে উত্তৰ।"
"এনেকুৱা লাগিছে , তোমাৰ যেন খং উঠিছে।" নাই খং নাই উঠা মোৰ। আমি দুয়োজনো সমাজৰে অংগ। সমাজ, সংস্কৃতি ইত্যাদি প্ৰভাৱ সকলোতেই ইনেও পৰে। মইটো আচৰিতো হৈছো আৰু সুখীও হৈছো যে তুমি মোৰ কথাবোৰ মাজতে নমতাকে আৰু একান্ত মনে শুনি আছা । তুমি মোৰ কথাৰ বিৰুধও কৰা নাই আৰু মোৰ কথাও একো নোকোৱাকৈ শুনি আছা। এইটোৱে তোমাৰ সহনশীলতা আৰু তুমি যে লোকৰ কথা মহত্ব দিয়া তাকে বুজায়।"
"ধন্যবাদ তুমি মোৰ প্ৰসংশা বেছিকৈয়ে কৰিছা। আনকি মই তোমাক মনত দুখ লগা কথাও সুধিছো। এতিয়া আৰু এটা প্ৰশ্নৰ উত্তৰ দিয়া ।
তুমি কৈছা মে তুমি বিকাশক পাহৰিব নোৱাৰা। তেতিয়া এইটো কোৱা যে তুমি কি দুজন পুৰুষৰ লগত জীৱন কটাব পাৰিবা? মানসিক ভাবে তুমি নিজৰ স্বামী লগত থকাৰ উপৰিও বিকাশৰ লগতো থাকিব লাগিব। এইটোৱে কি তোমাৰ জীৱনত প্ৰভাৱ নেপেলাব?"
"হয় বহুত ভাল প্ৰশ্ন সুধিছা তুমি।" মোৰ মতে এই পৃথিৱীখনত আমাৰ লগত বহুত ঘটনা ঘটে । তাৰ ভিতৰত বহুত ঘটনাই আমাৰ ওপৰত প্ৰভাৱ পেলাই যায়। কিছুমান ভাল আৰু কিছুমান বেয়া। কিছুমান উদাসহীন প্ৰভাৱো পেলায়। কিছুমান ঘটনা আমাৰ জীৱনৰ অংগ হৈ পৰে ।যিবোৰ আমি ভাবিলেও নিজৰ পৰা আঁতৰাই পেলাব নোৱাৰো আৰু আমি কিছুমান আঁতৰাই পেলাব নিবিচাৰোঁ। বিকাশৰো মোৰ জীৱনত এনেকুৱায়ে স্থান আছে। মই তাক নিজৰ মনৰ পৰা আঁতৰ কৰিব নিবিচাৰোঁ। সি আজিও মোৰ বন্ধু আৰু মোৰ পথ নিৰ্ণয়কাৰী। যেতিয়া লৈকে মোৰ অস্তিত্ব আছে তাৰো থাকিব। মোৰ হৃদয়ত মোৰ স্বামীৰ স্থানো মহত্বপূৰ্ণ হ'ব।
যেনেকৈ এজন ব্যক্তিৰ নিজৰ জীৱনত বহুত সম্পৰ্ক থাকে আৰু এজন ছাত্ৰ বা ছাত্ৰীয়ে যেনেকৈ বহুত শিক্ষকৰ পৰা শিক্ষা গ্ৰহণ কৰে । তেনেদৰে মোৰ জীৱনটোও মোৰ স্বামী আৰু বন্ধুৰ উপস্থিতিত বেছি ভাল হৈ যাব। এতিয়াটো মই ঘৰতো দুজন পুৰুষৰ লগত আছোঁ। এজন মোৰ দেউতা আৰু এজন মোৰ দাদা। দুয়োজনে মোৰ পথ প্ৰদৰ্শক ।
"এটা কথা তোমাক কওঁ।ভেলেনটাইন দেইত বিকাশে দিয়া ৰছীডাল মই এই লকেতটোত ভৰাই কবচৰ দৰে পিন্ধি আছোঁ । মোৰ এটাই ইচ্ছা যে মই মৰা লৈকে এই লকেতটো মোৰ ডিঙিতে থাকে।"
"হয় বহুত ভাল কথা মইটো আকৰ্ষিত হৈ পৰিলো। মই তোমাৰ প্ৰেমিক হৈ পৰিলোঁ আৰু আজিৰ পৰা মই তোমাক নিজৰ হৃদয়ত স্থান দিলোঁ। ইমান বুজা জীৱন লগৰী পায় মই বহুত সুখী হৈছোঁ।
মই তোমাক বিয়া পাতিম। মই এইটো মানি ল'লো। এতিয়া তোমাৰ মোক কিবা সুধিব লগা আছা যদি সুধা। তাৰ পাছত তোমাৰ কি মত মোক জনাবা।"
" মই তোমাৰ কথাটো মানি লৈছোঁ। মই তোমাৰ জীৱন লগৰী হ'ব পাৰিলে নিজকে সুখী বুলি ভাবিম।মোৰ তোমাক একো সুধিব লগা নাই। ইমান দেৰি যে তোমাৰ লগত কথা পাতিলো তাতে মোৰ উত্তৰ মই পায় গ'লো।
তেতিয়া হ'লে কি মই কথাটো হ'ব বুলি ভাবোঁ নে? মোৰ ফালৰ পৰা হ'ব কিন্তু তোমাৰ পৰিয়াল আৰু আমাৰ পৰিয়ালে যি উচিত বুলি ভাবে এতিয়া সেইটোৱেই হ'ব।"মই জানো তেওঁলোকেও মানি ল'ব।
"তেতিয়া হ'লে আমি যাওঁ ব'লা। আমাৰ পৰিয়ালৰ ওচৰলৈ। অ' ব'লা।
"তেতিয়া ঠিক আছে যোৱা আগত আৰু এটা কথা কৈ যোৱা বিয়াৰ পাছত কেইটা সন্তান জন্ম দিয়া পৰিকল্পনা কৰিছা তুমি?" এই কথাটো সি হাঁহি হাঁহি ক'লে।
এতিয়া অলপ কথা বিয়াৰ পাছলেও থোৱা নে এতিয়ায়ে প্ৰথম পৰিচয়তে নাতি পুতি বিয়া কথাও পাতিবা বুলি কৈ দুয়োটায়ে জোৰে জোৰে হাঁহিবলে ধৰিলে।
এনেধৰনৰ আৰু গল্প/উপন্যাস পঢ়ক এই লিংকত - www.গল্প/উপন্যাস.com
( Storyboard )
বিঃদ্ৰঃ আপোনালোকেও যদি কোনো গল্প আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ গল্প সমূহ আমাৰ ফেচবুক পেজত নতুবা SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সত প্ৰেৰণ কৰিবলৈ আহ্বান জনালো।নিৰ্বাচিত গল্প সমূহ প্ৰেৰকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব,ধন্যবাদ।
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page


No comments:
Post a Comment