আনদিনাৰ দৰে অফিচৰ পৰা ঘৰলৈ অহা বাটতো'ত গীতিকাই সেই ঘৰটোৰ খিৰিকি ফালে চালে। তেতিয়া তাই সেই আলফুল মুখখনি দেখা পালে( Storyboard )। সেই মুখখনিৰ দৃষ্টিও ৰাস্তাৰ ফালে আছিল। গীতিকাক দেখা পায়ে সেই আলফুল মুখখনি জিলিকি উঠিল, আৰু উঁঠত এটি হাঁহি। সেয়া দেখা পায় গীতিকাৰ আনন্দৰা সীমা নাইকিয়া হল। তাইও এটা মিচিকিয়া হাঁহি মাৰিলে। বহু দিনৰে পৰাই গীতিকাই সেই আলফুল মুখখনিত এটি হাঁহি দেখা পাবলৈ অপেক্ষা কৰিছিল। গীতিকা ঘৰ আহি পোৱা পাছটো সেই আলফুল মুখখনি তাইৰ সন্মুখৰ পৰা আঁতৰা নাছিল।
গীতিকা দেখাত একেবাৰে ধুনীয়া নাছিল। কলা ৰঙেৰে শৰীৰ আৱৰা,পাতল খৰিৰ দৰে শৰীৰ, যদি তাই অলপ আন্ধাৰত বহি থাকে, তেতিয়া তাইক কোনেও দেখা নাপায়। যদি চকু দুটি মেলি থাকে, তেতিয়া কেৱল চকুৰ বগা অংশহে জিলিকি ৰয়। আৰু তাই হাঁহিলে গীতিকাৰ বগা দাঁত দুপাৰিহে এটি ৰেখাৰ দৰে জিলিকি উঠে। গীতিকাৰ বিয়াৰ বয়স পাৰ হৈ গৈছিল, কিন্তু কোনো লৰাই তাইক পচন্দ নকৰিছিল। কিন্তু সেই আলফুল মুখখনিয়ে সদায়ে গীতিকা অফিচৰ পৰা অহা সময়লৈ বাট চাই ৰৈছিল। আৰু আজিও সেই আলফুল মুখখনিয়ে গীতিকালৈ চাই হাঁহি মাৰিলে। নিশা বিচনাত বাগৰ সলায়ো গীতিকাৰ টুপনি অহা নাছিল। তাই কেৱল চকু খুলিয়েই সেই আলফুল মুখখনিৰ কথাকে ভাৱি ৰৈছিল।
গীতিকা, অ গীতিকা, তেতিয়া তাই মাত দিয়া ফালে মূৰ ঘূৰালত এটা মানৱ আকৃতি দেখা পালে। গীতিকাই চকু দুটি বন্ধ কৰি সেই মানৱ আকৃতি কোন হয় জানিবলৈ চেষ্টা কৰিলে। কি আচৰিত, এয়াটো সেই মুখখনি হয়। ( Storyboard )
সেই মুখখনিয়ে দুবাহু মেলি গীতিকাৰ ফালে আগুৱাই আহিছিল। মই তোমাক লগ কৰিবলৈ আহিছো! আৰু তুমি মোলৈ ভয় কৰিছা! তেতিয়া গীতিকাই নিজৰ মুখখনত হাত দিলে। হাতখন তিতি গৈছিল। সেই আলফুল মুখখনক নিজৰ সন্মুখত দেখা পায় গীতিকা ঘামি গৈছিল। সেই মুখখনি গীতিকাৰ বহু কাষ পাইছিল। তাৰ উশাহে গীতিকাৰ গালত স্পৰ্শ কৰিছিল। গীতিকাই নিজৰ দেহত আচৰিত ধৰণৰ শিহৰণ অনুভৱ কৰিলে। তাই সকলোবোৰ পাহৰি সেই আলফুল মুখখনিৰ দুবাহুত সোমাই পৰিল।তেতিয়া তাই উশাহ বহু তীব্র গতিৰে লৈছিল। গীতিকাৰ মুখৰপৰা বেলেগ ধৰণৰ মাত উলাইছিল। সেই মাতক শুনা পায় গীতিকাৰ মাকে কোঠাৰ লাইটো জ্বলাই দিলে। আৰু গীতিকাক জোৰেৰে জোকাৰি উঠাই দিলে। গীতি, গীতি, উম বুলি গীতিকাই চকু খুলিলে। তাৰপাছত আশে পাশে বিচাৰিলে, সেই আলফুল মুখখনি।
তাই মাকৰ ফালে চালে কি হল! মাকে সুধিলে! একো হোৱা নাই। সপোন হে আছিল চাগে! অ সপোনহে আছিল। গীতিকাই ভুৰভুৰালে। তাইৰ অৱস্থাটোক মাকে বুজিছিল। কিন্তু বুজিও একো কৰিব পৰা নাছিল। সেই সপোনটোৱে গীতিকাক বহুদিন ভালদৰে টুপনি যাবলৈ দিয়া নাছিল। চকুৰ পানীৰে তাই গাৰু তিতি ৰৈছিল। কিন্তু সেই আলফুল মুখখনিক লগ কৰিবলৈ বা কথা পাতিবলৈ তাইৰ সাহস কৰিবলৈ পৰা নাছিল। গীতিকাই সেই মুখখনক খিৰিকিত দেখা পায়ে সুখী হৈছিল। কিন্তু এদিন আচৰিত ভাৱে সেই মুখখন খিৰিকিত নাছিল। গীতিকা চিন্তিত হৈ পৰিল। গোটেই নিশা বাৰাণ্ডাতে বহি থাকিল। পুৱা তাইৰ চকু আৰু মূৰটো বিসোৱাৰ দৰে অনুভৱ হল। তেতিয়া তাই গা ধুই আহি বাতৰি কাকতখন হাতত , চাহৰ এঘুট মাৰি বাতৰি কাকতখনৰ ওপৰত চকু ফুৰালে। বাতৰি কাকতখনৰ এটা কোনত এটা বাতৰি পঢ়ি তাই থৰ লাগিল।
অকলশৰীয়াৰ বাবেই হীনমান্যতাৰ কৱলত পৰি এজন যুৱকে, নিজৰ ঘৰতে ফেনতে ওলমি নিজৰ জীৱনটো শেষ কৰি দিলে। সেই খৱৰটোৰ লগত থকা ছবিখন দেখা পায়, গীতিকাই আৰু আগলৈ পঢ়িবলৈ নোৱাঁৰিলে। কাৰণ সেইজনে খিৰিকিত ৰৈ থকা আলফুল মুখখনি আছিল। যিয়ে নিজৰ জীৱন শেষ কৰাৰ আগতে সেই নিশা গীতিকাৰ কাষলৈ নিজৰ অকলশৰীয়াকে থকা অনুভৱ দূৰ কৰিবলৈ আহিছিল।
এনেধৰনৰ আৰু গল্প/উপন্যাস পঢ়ক এই লিংকত - www.গল্প/উপন্যাস.com
আমাৰ ফেচবুক গ্ৰুপটো আপুনি পোনপটিয়াকৈ গল্প প্ৰকাশ কৰিব পাৰে।
আমাৰ গ্ৰুপৰ লিংক - SMJ24.facbookgroup
( Storyboard )



No comments:
Post a Comment