কটন বিশ্ববিদ্যালয়ৰ মেধাৱী ছাত্ৰী তথা সু- গায়িকা চয়নিকা সভাপণ্ডিতে ঘৰৰ সন্মুখতে এখন শাক-পাচলিৰ দোকান দি আৰ্থিক সংকটৰে যুঁজি আছিল। ( News update )
এই আৰ্থিক সংকটৰ পৰা সামান্য সকাহ দিয়াৰ উদ্দেশ্যে আজি মুখ্যমন্ত্ৰীয়ে প্ৰেৰণ কৰা ৫০,০০০ টকাৰ এখন চেক যুৱতী গৰাকীক প্ৰদান কৰে বিত্ত মন্ত্ৰী অজন্তা নেওগে।( News update )
বিত্ত মন্ত্ৰী গৰাকীয়ে চয়নিকাৰ এই কৰ্ম উদ্যমিতাৰ শলাগ লোৱাৰ
লগতে উজ্জ্বল ভৱিষ্যতৰ বাবে আশীৰ্বাদ প্ৰদান কৰি কয় যে, "মাননীয় মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই অতি তৎপৰতাৰে চয়নিকালৈ আৰ্থিক সাহাৰ্য্য আগবঢ়োৱাৰ বাবে মই মুখ্যমন্ত্ৰী ডাঙৰীয়াকো কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ।চয়নিকাৰ দৰে গোলাঘাটৰ নৱ প্ৰজন্মই হাতে-কামে আগুৱালে গোলাঘাট স্ব- নিৰ্ভৰশীল হৈ উঠিব।"( News update )



No comments:
Post a Comment