সহযাত্ৰী ল'ৰাজনে বৰ বিৰক্তিকৰ ভাবে কাৰোবাৰ লগত ফোনত কথা পাতি আছে। বয়সত মোতকৈ সৰু হ'ব। বোধহয় নতুনকৈ প্ৰেমত পৰিছে( Storyboard )।ওচৰত যে আন মানুহ আছে, পাহৰি গৈছে। তেওঁৰ কথা শুনি একক নাটক এখন উপভোগ কৰি থকাৰ দৰে লাগিছে। কেতিয়াবা ডাঙৰকে হাঁহে মাজে মাজে ফিচিক ফাচাককৈ হাঁহে। কেতিয়াবা কান্দা যেন ও লাগে। ভঙা ভঙা হিন্দী আৰু অসমীয়াত হিন্দী চিনেমাৰ সংলাপও কয়। অনুমান কৰিব পাৰি আবেগিক প্ৰেম। " ভোক লাগিছে, কিবা খোৱাচোন, মোৰ পেট ভৰিব । কানফুলিযোৰ পিন্ধাচোন, চেলফি দিয়া। মই মৰি গলে দুখ পাবানে, বহুত মিছ কৰিছোঁ তোমাক .......। ইত্যাদি
তেজপুৰৰ পৰা গুৱাহাটীলৈ আহি আছিলো। এই ল'ৰাজনে কাষৰ চিটত বহি বৰ আমনি কৰি আছে। ইমানেই মনযোগ দি কথা পাতি আছে যে তেওঁক কিবা সুধিবলৈও সুযোগ নাই। আন আন যাত্ৰী সকলেও বিৰক্তি পাই আছে। কিন্তু তেওঁ নিৰ্বিকাৰ। যেন শোৱনি কোঠাৰ বিচনাত হে শুই শুই কথা পাতিছে। কমন চেঞ্ছ নাই তেওৰ।
এটা সময়ত তেওৰ কথা বন্ধ হ'ল। কাৰণ ম'বাইলৰ চাৰ্জ প্ৰায় শেষ হৈছে। এই সুযোগতে তেওক সুধিলো ....,
--"" ভাইটি কলৈ যাবা তুমি ?"
--" গুৱাহাটীলৈ যাম দাদা। "
--" তেজপুৰত থাকা নেকি। নে চাকৰি কৰা তেজপুৰত। "
--" প্ৰাইভেট কাম এটা কৰো। দুদিনমান তেজপুৰত কাম আছিল।"
--" এতিয়া কাম শেষ নেকি।"
--" হয় শেষ, ইয়ালৈ আৰু আহিব নালাগে ।"
--" ফোনত যে ইমান দিঘলীয়া কথা পাতিলা। কোন হয় তোমাৰ।"
--" তেজপুৰৰে তেওঁ। নতুনকৈ চিনাকি হৈছো। "
--" প্ৰেম হৈ গ'ল ন। "( Storyboard )
--" নহয় দাদা, এনেই এইবোৰ। ইয়াত থকা কেইদিনমান আছিল।"
--" ইয়াত থকা কেইদিন মানে ? গুৱাহাটীলৈ গ'লে নাথাকে ।"
--" নাই, মোৰ আচল ভালপোৱা আছে নহয়। দুদিন পিছত এইবোৰ পাহৰি যাম।"
--" এইটো নকল ভাল পোৱা নেকি ?"
--" এইবোৰ টাইম পাছ দাদা ।
--' " কি ! টাইম পাছ। ইমান গভীৰ ভাবে কথা পাতিলা ফোনত। "
--" কথা পাতিলো। টাইম পাছ হ'ল। যতেই যাও এনেকুৱা ছোৱালী দেখোন পাই থাকো দাদা। "
--" কেনেকুৱা ছোৱালী পোৱা হে।"
--" কি কম আৰু। আজিকালি ধুনীয়া পোছাক এযোৰ পিন্ধিলে, হাতত দামী মবাইল এটা দেখিলেই কিছুমান ছোৱালীয়ে নিজকে পাহৰি যায়। গুৱাহাটীৰ বুলি ক'লেতো কথাই নাই। চিধাই প্ৰেমত পৰিব খোজে। ""
--" বাপৰে । কি সাংঘাতিক কথা কোৱা হে।"
--" হয় দাদা। এইযে ফোন কৰিছিলোঁ, ছোৱালী জনী বি এ পাছ । মই কিন্তু মেট্ৰিক পাছ। মই কি কৰো, মোৰ আচল বংশ পৰিচয় কি,ঘৰ কত মোৰ পঢ়াশুনা কিমান, মোৰ ইনকাম কিমান। কি কামত আহিছো , এইবোৰ তেওঁ একো নাজানে। কিন্তু সাধাৰণ চিনাকিতে তেওঁ মোৰ প্ৰেমত পৰিল। ""
--" আৰু তুমি ? তুমিও দেখোন আবেগিক হৈ গৈছা। "
--" হয় দাদা। মিছা নকও। মইও অলপ আবেগিক হৈছো এতিয়া। কিন্তু এইবোৰ লাভ নাই। তেওক কথাটো কব পৰা নাই। "
--" কি কৰিবা তেন্তে। তেওঁটো সচাই ভাল পাইছে যদি তোমাক।"
--" কি কৰিম। গুৱাহাটী পালে বুজাই দিম কথাবোৰ। এইবোৰ টাইম পাছ আছিল বুলি কম। "
--" তেওঁ যদি মানি নলয়। তেন্তে কি কৰিবা।"
--" কি কৰিম আৰু। চিমখন ব্লক কৰি দিম। এইবোৰ আজিকালি সৰু কথা।"
--" তুমি চিৰিয়াচ নহয় তাৰমানে ।"
--" চিৰিয়াচ হৈ লাভ নাই দাদা। দুদিন পিছত যে তেওঁ বেলেগ এজনক পালে মোক পাহৰি নাযাব, তাৰ কি গেৰান্টি আছে। আজি কালি মবাইলৰ প্ৰেম ক্ষন্তেকীয়া দাদা।""
মোৰ চকু কপালত উঠিল। কি কম , তেওঁৰ কথাবোৰে মোক ভবাই তুলিলে।
এনেধৰনৰ আৰু গল্প/উপন্যাস পঢ়ক এই লিংকত - www.গল্প/উপন্যাস.com
আমাৰ ফেচবুক গ্ৰুপটো আপুনি পোনপটিয়াকৈ গল্প প্ৰকাশ কৰিব পাৰে।
আমাৰ গ্ৰুপৰ লিংক - SMJ24.facbookgroup
( Storyboard )



No comments:
Post a Comment