অনুৰাধাই ঘড়ীটোৰ ফালে চকু ফুৰাই দেখিলে ৰাতিৰ ১ বাজিছে। কিন্তু তাইৰ চকুত টোপনি নাছিল( Storyboard )। ঘৰৰ সকলো মানুহ শুই পৰিল , অলপ সময়ৰ মূৰে মূৰে তাই দেউতাকৰ নাকৰ শব্দ শুনি সাৰ পাই যায়। তাৰ পাছত তাই আকৌ নিজৰ পৃথিৱীখনত মগ্ন হৈ পৰে। যত ময়ূৰ আৰু তাইৰ বাহিৰে আন কোনো নাই। হঠাৎ তাইৰ মনটো ভয় খাব ধৰিলে। তাই কোঠাৰ খিৰিকী খুলি দিলে আৰু এজাক মলয়া বতাহে আহি তাইৰ শৰীৰটো ঠাণ্ডা কৰি দিলে। কিন্তু তাইৰ উছপিছ লাগি থকা বাবে বাথ ৰূমলৈ গল আৰু বহুতবাৰ বমি কৰিলে।
চকুৰে চকুলো বৈ আহিল। এই ভয়ঙ্কৰ শীতৰ সময়তো তাইৰ গোটেই দেহা ঘামেৰে তিতি গল।এইয়া কি হৈ গল? তাইতো এনেকুৱা একো খোৱা নাছিল। খাবলৈ একো মনেই যোৱা নাছিল। দুদিনমানৰ পৰা তাইৰ গাতো ভাল নাছিল একো খাবলৈ মন যোৱা নাছিল। কিন্তু তাই নিজৰ প্ৰতি কতনো খবৰ আছে যে ডাক্তৰক গৈ দেখুৱাব লাগে। যেতিয়া বমি হল তেতিয়া মনলৈ আহিল আৰু আঙুলিৰে হিচাপ কৰিলে। দুমাহ হৈ গল তাইৰ মাহেকীয়া হোৱা নাই।
তেনেহলে তাই? নাই নাই এনেকুৱা হব নোৱাৰে। তাই ঘৰৰ মানুহক কি উত্তৰ দিব আৰু ময়ূৰক কি কব? তেওঁলোকে তাইক বিশ্বাস কৰিব জানো? তাইও সীতা দেৱীৰ দৰে অগ্নিপৰীক্ষা দিব লাগিব নেকি? কিন্তু অগ্নিপৰীক্ষাতো ময়ূৰ অহাৰ পাছত দিব লাগিব। এতিয়া ঘৰত, সমাজত কেনেকৈ সন্মুখীন হব? নিজৰ মনতেই হাজাৰ প্ৰশ্ন উঠিল। তাই মনতে ভাবিলে ময়ূৰক ফোন কৰি এতিয়াই সকলো কব কিন্তু আকৌ ভাবিলে ৰাতিপুৱা কথা পাতিব। অলপ সময় আগত কথা পাতিছিল তাৰ লগত। ময়ূৰে কলে শুভ ৰাত্রী কৈ কলে যে এতিয়া বহুত ভাগৰি পৰিছো শুব গৈছোঁ। তেনেকুৱাত তাক যগোৱাই কিবা কোৱাটো ভাল নহব।
বাগৰ সলাই সলাই গোটেই ৰাতি উজাগৰে কটালে অনুৰাধাই। কম্বলৰে মুখ ঢাকিও তাইৰ শৰীৰটো ঠাণ্ডা নহল। ৰাতিপুৱাৰ সূৰ্যৰ কোমল কিৰণে খিৰিকীৰ ফাঁকেৰে আহি তাইৰ কপালত চুমিলে আৰু তাই সাৰ পাই মিচিকিয়া হাঁহি মাৰি উঠিল। ৰাতি কেতিয়া টোপনি আহিল গমকে নাপালে। ঘড়িত সময় দেখিলে ৰাতিপুৱাৰ ১০:৩০ বাজিছে। আযি মাকে তাইক চাহ খাবলৈ নামাতিলে? তাই ৰুমৰ পৰা বাহিৰলৈ ওলাই আহিল। তাই দেখিলে দেউতাকে অফিচলৈ যাবলৈ ওলাইছে আৰু মাকে পাকঘৰত ৰুটি বনাই আছে।
"মাজনী উঠিলা?" মাকে তাইক জোকাই কলে।
" মা আজি মিৰা কামলৈ নাহিল নেকি?" মাকৰ কথা নুশুনাৰ ভাও জুৰি ওলোটাই মাকক প্রশ্ন কৰিলে।
" তুমি নাজানা নিকী মিৰা চুটিত আছে? তুমি নো গম পাবা কেনেকৈ? নিজৰেই খবৰ নাই। ঘৰত কি হৈছে নহৈছে কেতিয়া খবৰ থাকিব তোমাৰ।
অনুৰাধাই কোনো উত্তৰ নিদিলে। সচাই তো কৈছে মাকে। আজিকালিনো তাইৰ কত কি হৈছে কি খবৰ আছে? নিজকে একেবাৰে পাহৰি পেলাইছে। তাই চাহৰ কাপটো হাতেৰে ধৰি নিজৰ ৰুমলৈ আহিল। মাকৰ লগত কাজিয়া কৰাতকৈ ভাল ৰুমত আহি মনে মনে বহি থকাতো। যেতিয়া ভুল নিজৰ গাত থাকে তেতিয়া মনে মনে থকাই ভাল।
চাহ খাই থাকোতে তাই ময়ূৰৰ কথাই ভাবি আছিল কাৰণ আমি যাক মনৰ বান্ধোনেৰে বান্ধি পেলাওঁ তেওঁৰ পৰা দূৰ হৈ থাকিলেও প্ৰতিপল তেওঁৰ কথাই ভাবি থকা হয়। মুখেৰে মৌন হৈ থাকিলেও আমাৰ মনটোয়ে কথা পাতি থাকে। এজনে কষ্ট পালে আনজনে গম পাই যায় । তেতিয়াই তাইৰ মোবাইলতো বাজি উঠিল। দেখিলে ময়ূৰে ফোন কৰিছে।
" ময়ূৰ, কেনে আছা? এতিয়া তোমাৰ কথাই ভাবি আছিলোঁ।" তাই ফোনটো উঠাই কলে।
" মই ভালে আছোঁ। তুমি কোৱা তোমাৰ কেনে? মোৰ কথা কি ভাবি আছিলা?"
"মোৰো বহুত ভাল। এইটোৱে ভাবি আছিলোঁ এই সময়ত যদি তুমি মোৰ লগত থাকিলা হয়।"
"আকৌ একেটা কথাই। তুমিতো গম পুৱাই মই পাছ মাহৰ পাছত যাম। ঠিক আছে এতিয়া ফোনটো ৰাখোঁ সন্ধিয়া কথা পাতিম।"
" ময়ূৰ শুনা ,মোৰ তোমাৰ লগত বহুত দৰকাৰী কথা পাতিব আছে। মই গোটেই ৰাতি শুব পৰা নাই।"
" এনেকুৱা কি হল যে গোটেই ৰাতি শুব পৰা নাই? মোৰ অফিচলৈ যাবলৈ দেৰি হৈছে তথাপিও কোৱা। দেৰি হলেও হব কোৱাচোন।"
" ময়ূৰ তোমাৰ মনত আছে নে কলেজৰ পৰা ভ্ৰমণ কৰিবলৈ যোৱা সেই চাৰিটাদিন?"
" তেন্তে এইটো তোমাৰ জৰুৰী কথাটো। সেইদিন কেইটা কেনেকৈ নো পাহৰিব পাৰি।"
" এইটো কথা নহয়, মোৰ সম্পূৰ্ন কথাটো শুনা।"
" কোৱা কিন্তু অলপ সোনকাল কৰিবা।"
" এইয়া অকল সেই চাৰিটাদিন নাছিল। সেইদিনকেইটাত আমি চিৰদিনৰ বাবে এক হৈ পৰিছিলোঁ।"
" হম, এইটো জৰুৰী কথা, মই জানো আমি মাত্ৰ ইজনে আনজনৰ কাৰণেই জন্ম হৈছো।"
" নহয়, মই কন্সিভ কৰিছোঁ।"
" নাই, এইয়া কেনেকৈ হল? এতিয়া কি হব?"
" এতিয়া কি হব? মই মাত্ৰ এইটো ভাবিয়েই চিন্তাত পৰিছো।"
" হব চিন্তা নকৰিবা। চিন্তা কৰিলেনো কি হব? মইতো আৰু পাছ মাহৰ পাছতহে যাব পাৰিম। এতিয়া যি কৰিব লগা আছে তুমিয়েই কৰিব লাগিব।"
"কিন্তু কি কৰিম মই?"
" গৰ্ভপাত।"
" কিন্তু ময়ূৰ এইয়া ইমান সহজ নহয়।"
" অনুৰাধা , এতিয়া মাত্ৰ এইটোৱেই উপায় আছে কাৰণ এতিয়া আমাৰ বিয়া হব নোৱাৰে। প্ৰথমে মোৰ বাইদেউৰ হব তাৰ পাছতহে মোৰ বিয়া হব। ঠিক আছে সন্ধিয়া কথা পাতিম।" ময়ুৰে ফোনটো কাটি দিলে।
ময়ুৰে কিমান সহজেই কৈ দিলে কিন্তু অনুৰাধা বিমূৰত পৰিল। তাই এতিয়া কি কৰিব? মাকক কোৱাটো ইমান সহজ নহয়। মাকে আজিকালি তাইক লৈ চিন্তা কৰি থাকে। সকলোবোৰ বহুত কঠিন। পাহাৰৰ দৰে সমস্যা মূৰত ভাগি পৰিল। প্ৰথমতে তাই বিৰহ আৰু অপেক্ষাৰ দুখত দুখী হৈছিল আৰু এতিয়া এইটো সমস্যা। ইয়াৰ সোনকালে কিবা এটা সমাধান উলিয়াব লাগিব। তাই বুজি পালে যে ভুল তাইৰেই কাৰণ প্ৰতিজন পুৰুষৰ ভিতৰত এটা জন্তু লুকাই থাকে। তাই ইমান আগবাঢ়িব নালাগিছিল কিন্তু ভালপোৱাৰ খাতিৰত তাই সমৰ্পণ কৰিলে। কি জানিছিন যে ইয়াৰ ইমান ডাঙৰ শাস্তি পাব লাগিব। সকলো দুখ তাইৰ ভাগত পৰিব। এতিয়া তাই দূৰ দুৰলৈকে ময়ূৰৰ ছাঁ তোও দেখি পোৱা নাছিল। সেই শাৰীৰিক সুখ দুইজনেই উপভোগ কৰিছিল কিন্তু এতিয়া দুখ কেৱল তাই কিয় পাব লাগে?
ময়ূৰৰ অপেক্ষাৰ চিন্তাৰ পাছত তাই এতিয়া আৰু এতা চিন্তাত পৰিল। অতীজৰে পৰা সদায় মহিলাই সকলো দুখ ভুগিবলৈ পায়। ইমান দুখ পোৱাৰ পাছতো মহিলাই সকলোকে সুখ আৰু ভালপোৱা বিলাই আৰু সকলো কষ্ট নিজেই মোৰ পাতি লয়। মহিলাৰ কোমল অন্তৰে কেতিয়াও কাকো বেয়া পাবই নোৱাৰে। সেইবাবেইতো মহিলাক প্ৰেম, দয়া, কৰুণাৰ মূৰ্তি বুলি কোৱা হয়।
এতিয়া অনুৰাধাই এক কঠিন নিৰ্ণয় লবই লাগিব। তাই নিজকে আৰু নিজৰ প্ৰেমক সমাজৰ আগত নীচ প্ৰমাণ কৰিব খোজা নাছিল আৰু পৰিয়ালৰ মৰ্যাদাৰ কথাও আছে। সেয়াও তো তাইৰ ভাগতেই পৰিছে। নিজৰ মাক দেউতাকক কোনো পধ্যেই সমাজৰ আগত বদনাম হবলৈ নিদিয়ে। তাই নিজকে শেষ কৰি দিব নেকি? নাই এনেকুৱা কৰিলে সমস্যা সমাধান নহয় বৰঞ্চ আৰু কথা বাঢ়িব । অ এইটো ঠিক তাই নায়কীয়া হোৱাৰ পাছত এইবোৰ দেখিব শুনিব নাপায়।
তাই নিজৰ গৰ্ভধাৰণৰ পৰা মুক্ত হব লাগিব।
আজি অনুৰাধাৰ মনটো সচাই বহুত বেয়া। কলেজটো গোটেই দিন মন লগা নাছিল। তাই ঘৰলৈ আহি টি ভি অন কৰিলে কিজানি মনটো ভাল লাগে। তাত দেখিলে ৰামায়ণ চিৰিয়েলখন চলি আছে।সীতা দেৱী অশোক ফুলনিত বহি আছে। হে ৰাম, হে ৰাম প্ৰতিধ্বনিৰে গোটেই পৰিবেশটো গোজৰী আছে। মাজে মাজে সীতা দেৱীক পহৰা দি থকা ৰাক্ষসী বোৰৰ নাকৰ শব্দও শুনিব পোৱা গৈছে। তাতেই ফলৰ পাচি এটা থৈ দিয়া আছে কিন্তু সীতা দেৱীয়ে তাত হাত লগোৱা নাছিল, ৰাতিপুৱাৰ পৰা তেওঁ নিৰাহাৰে আছিল।
অন্নৰ ত্যাগটো তেওঁ সেইদিনাই কৰিছিল যিদিনা ৰাবনে ভীক্ষাৰীৰ বেশেৰে তেওঁক পঞ্চৱতীৰ পৰা লৈ আনিছিল। এতিয়ালৈকে তেওঁ ৰামৰ অপেক্ষাৰ কৰি ফলাহাৰী ব্ৰত পালন কৰি আছিল কিন্তু আজিৰ পৰা হয়তো তেওঁ ফলো ত্যাগ কৰিলে। হয়তো তেওঁ এইটো প্ৰণ ললে যে যেতিয়ালৈকে ৰাম নাহে তেওঁ নিৰাহাৰে থাকিব। হে ভগবান, ইমান কঠোৰ তপস্যা ৰামক পাবলৈ।
কেনেকৈ সহন কৰিলে তেওঁ? কেনেকৈ থাকিল সেই ৰাক্ষসৰ মাজত ?আৰু বাৰে বাৰে ৰাৱণৰ ধমকি। মহান তপস্বী , সোণৰ লংকাৰ অধিপতি, প্ৰচণ্ড ব্ৰাহ্মণ ৰাবনেও সীতা দেৱীক ৰামৰ মোহৰ পৰা আঁতৰাই আনিব পৰা নাছিল।( Storyboard )
সীতা দেৱীয়ে ইমান বছৰে ৰামৰ নাম লৈ লৈ অশোক বনত বহি বহি কটাই দিলে। মাত্ৰ এইটো বিশ্বাসৰ সহায়ত যে প্ৰভু ৰাম এদিন নিশ্চয় আহিব।
কিন্তু কেতিয়া আহিব? তেওঁ সেইটো নাজানিছিল। তথাপিও তেওঁ প্ৰতীক্ষা কৰিছিল।
" কিন্তু মই ইমান ত্যাগ কৰিব পাৰিম নে? হয়তো নোৱাৰিম আৰু সীতা দেৱীৰ নিচিনাকৈ নাম মাত্ৰও নোৱাৰিম।"
কাৰণ অনুৰাধাই জানিছিল যে ময়ূৰ ঠিক হোৱা দিনমতে নিশ্চয় আহিব।
এইবাৰ আহিলে চিৰদিনৰ বাবে তাই তাক নিজৰ কৰি লব। তাইৰ অপেক্ষা শেষ হব।কিন্তু এই সময়ত যি বিৰহ বেদনা তাই সহি আছে সেয়া সচাই বহুত কষ্টৰ। সচাই, গোটেই ৰাতি পাৰ হৈ যায় । অলপ টোপনি আহিলেই আকৌ সাৰ পাই যায়।
এনেকুৱা লাগে যেন ময়ুৰে আহি তাইৰ হাতত ধৰি তাইক জগাই আছে। তাইৰ অন্তৰত শোকে খুন্দা মাৰি ধৰে। উফ কিমান কষ্টকৰ এই দুখ।এনেকুৱা লাগে যেন শৰীৰৰ পৰা এটা অংগ কাটি পেলাই দিয়া হৈছে আৰু তাৰ পৰা ওলোৱা তেজ তাই ৰাখিব পৰা নাই।
যেতিয়া যোৱাৰ সময়ত ময়ুৰে কৈছিল " মাত্ৰ ছমাহৰ কাৰনেহে যাব ওলাইছোঁ আৰু এই ইন্টাৰনশ্বিপ কৰাটো দৰকাৰী।" ময়ূৰৰ এই ইন্টাৰঞ্চিপে তাইৰ জীৱনতো লৈ হে এৰিব। ময়ূৰ তাইৰ পৰা প্ৰায় তিনি হাজাৰ কিলোমিটাৰ দূৰত আছে। সি মাজত ধৰি লগ কৰিবলৈ আহিবও নোৱাৰে। ফোনত সদায় কথা পাতে যদিও লগ কৰিবৰ বহুত মন যায়। অনুৰাধা তাক লগ পাবলৈ ব্যাকুল হৈ পৰে। ময়ূৰ তুমি মোৰ ওচৰত থকা হলে মই তোমাক সাৱটি ধৰিলো হয় আৰু নিজৰ সকলো দুখ, বেদনা পাহৰি গলো হয়।অনুৰাধাই এনেদৰে ভাবে। কিন্তু ভবামতে কেতিয়াও নহয়।
তাইৰ মনলৈ আহিল যে সীতা দেবীটো নববিবাহিতা আছিল আৰু তেওঁ বসন্ত ঋতু মানি আছিল। মাজতে ৰাৱণ আহিল আৰু তেওঁক প্ৰভু ৰামৰ পৰা দূৰ কৰি দিলে।
অনুৰাধা আৰু ময়ূৰৰ জীৱনলৈ ৰাৱণ ৰূপী ভাগ্য, সমাজ,টকা আৰু এই ইন্টাৰঞ্চিপ। ময়ূৰ তাইৰ পৰা দূৰ হৈ গল। ময়ূৰ গুচি যোৱাৰ লগতে তাইৰ সুখ, শান্তি সকলো লগতে লৈ গল।
" কোনখন পৃথিৱীত থাকা? তোমাৰ একেবাৰেই খবৰ নাই?" মাকে প্ৰায়েই গালি পাৰি কয়।
সচাই তো কয় মাকে। তাইৰণো কত খবৰ আছে আৰু কিবা মনত আছে? তাই বুজি নাপায় যে কিয় তাই ইমান ময়ূৰক বিচাৰে? তাৰ মাজত এনেকুৱা কি আছে? যি আন কাৰো মাজত নাই। চাবলৈ গলে তাই ময়ূৰৰ প্ৰেমত পাগল হৈ পৰিছে। তাই তাক নিজৰ অন্তৰত ঠাই দিলে তাৰ বাহিৰে আৰু বেলেগ কোনো হব নোৱাৰে। তাইৰ মনত পৰিল তাই কৰবাত পঢ়িছিল যে স্ত্ৰীয়ে কাৰোবাক মন প্ৰাণ দি বিচাৰিলে বহু কষ্টৰ মাজেৰে গোটেই জীৱন কটাই দিব পাৰে আৰু যেতিয়া সেই প্ৰেম ঘৃণালৈ পৰিণত হৈ তেতিয়া সকলো শেষ কৰি দিব পাৰে।
তাই সঁচা প্ৰেম কৰে ময়ূৰক। তাই এতিয়া মূৰৰ পৰা ভৰিলৈকে ময়ূৰৰ প্ৰেমত ডুব গৈ আছে সেইবাবেইটো তাৰ সকলো কথা ভাল লাগে। এই মন বোলা বস্তুটো এনেকুৱাই। যেতিয়াই তাৰ মন যায় কাৰোবাৰ ওপৰত পাগল হৈ যায় আৰু যিমান ডাঙৰ কথা হলেও বেয়া নাপায় আৰু কেতিয়াবা সৰু কথাতেই খং কৰে। এই অন্তৰ খনো বৰ কঠিন।
নিয়মমতে ময়ুৰে সদায় অনুৰাধাক ফোন কৰে, তথাপিও কিয় জানো তাইৰ মনত এক অজান ভয় লাগি থাকে? কিন্তু এই কিয়ৰ উত্তৰ অনুৰাধাৰ ওচৰত একেবাৰে নাই।
আজিকালি সকলো সহজ বুলি ময়ুৰে কৈছিল।
ময়ূৰৰ এই কথাটো তাইৰ মনত গোটেই দিন ঘূৰি থাকিল।
সচাকৈ সকলো বহুত সহজ নেকি? কোৱাত আৰু সেইটো ভোগাত কিমান পাৰ্থক্য আছে। তাৰ পাছতো তাই বান্ধৱী বন্দনাৰ লগত হস্পিতাল পালেগৈ।
ডাক্তৰে সুধিলে, " স্বামী কত আছে?"
বন্দনাই আগবাঢ়ি আহি কথাষাৰ চম্ভালি কলে যে তেওঁ অলপ দূৰত থাকে আৰু অনুৰাধাই আগলৈ আৰু পঢ়িব বিচাৰে। এতিয়াই যদি সন্তান এটা আহে তেন্তে তাইৰ গোটেই ভৱিষ্যত নষ্ট হৈ যাব। যেনেতেনে তাইক সহায় কৰক এই সমস্যাৰ পৰা।
এইবোৰ বহুত কঠিন আছিল কিন্তু বন্দনাই যেনেতেনে ডাক্তৰক মান্তি কৰালে। কোনো আপত্তি নকৰাকৈ বন্দনাই সকলো দায়িত্ব নিজৰ ওপৰত ললে আৰু চহি কৰি দিলে। আজি বন্দনাই অনুৰাধাৰ সহায় নকৰা হলে?
অনুৰাধাই তাইৰ কানফুলি আৰু আঙুঠি খুলি বন্দনাৰ হাতত দিলে। এতিয়া তাই অপাৰেচন ৰুমৰ চাৰি দেৱালৰ ভিতৰত অকলে আছিল যত ডাঙৰ ডাঙৰ মেচিন আৰু অপাৰেচনৰ সজুলি বোৰে তাইৰ ভয় আৰু বঢ়াইছিল। তাই জোৰেৰে চকু মুদি দিলে।" ময়ূৰ কত আছা তুমি মোৰ ওচৰলৈ আহি যোৱা না। মই এই কষ্ট অকলে ভুগিম যদিও তুমি কাষত থাকিলে সকলো দুখ কষ্ট পাহৰি যাম। এইয়া মোৰ অন্তৰৰ শব্দ , তোমাৰ প্ৰতি মোৰ ভালপোৱা প্ৰতিটো কষ্টৰ পাছত আৰু দৃঢ় হৈ পৰে।"
এতিয়া ডাক্তৰৰ মাত তাইৰ কাণত পৰিল।
" সোনকালে এনেচঠিছিয়া লগোৱা।" তাই ভয়ত এতিয়াও চকু মেলা নাছিল। তাই কঁকালত বেজিৰ খোছ অনুভৱ কৰিছিল। তাই জোৰেৰে চিঞৰি দিলে আৰু অলপ পাছত তাই অচেতন হৈ পৰিল। তাইৰ এই চিঞৰ ময়ুৰে শুনা পাইছিল নে?
প্ৰেম কৰাৰ এইয়া কি শাস্তি পাব লগা হৈছে? প্ৰতিবাৰে অপেক্ষা, ত্যাগ, পৰীক্ষা মহিলাই দিব লগা হয়। এইয়াই এজনী মহিলাৰ ভাগ্য। লাগিলে সেইয়া অনুৰাধাই হওক বা দেৱী সীতা।
এনেধৰনৰ আৰু গল্প/উপন্যাস পঢ়ক এই লিংকত - www.গল্প/উপন্যাস.com
( Storyboard )
বিঃদ্ৰঃ আপোনালোকেও যদি কোনো গল্প আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ গল্প সমূহ আমাৰ ফেচবুক পেজত নতুবা SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সত প্ৰেৰণ কৰিবলৈ আহ্বান জনালো।নিৰ্বাচিত গল্প সমূহ প্ৰেৰকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব,ধন্যবাদ।
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page


No comments:
Post a Comment