বন্যা, নতুনকে বিয়া হৈ আহিছিল। বিয়াৰ কিছু দিনৰ পাছত বন্যাই, স্বামী মানৱৰ লগত কিছু দিনৰ বাবে দিল্লীলৈ ফুৰিবলৈ গৈছিল( Storyboard )। তাৰ পৰা অহা পাছত, শাহুমাক, জয়াই ঘৰৰ সকলো দায়িত্ব বন্যাক দিলে। কিন্তু শাহু মাকে সদায়ে কিবা নহয় কিবা বন্যাৰ কামত দুখ উলিয়াইছিল। কেতিয়াবা কৈছিল আজি আঞ্জাত নিমখ বেছি হল, কেতিয়াবা আকৌ জলকীয়া। কেতিয়াবা ঘৰখনৰ চাফ চিকুনতাক লৈ, কথা শুনাইছিল, নহলে কেতিয়াবা কাপোৰৰ লৈ। আকৌ কেতিয়াবা মেক আপক লৈ, কথা শুনাইছিল। কিন্তু বন্যাই শাহুমাকৰ লগত কেতিয়াও এইবোৰ কথা লৈ তৰ্ক নকৰিছিল। কেৱল অ বুলিছিল। শাহুমাকে দিনটোত এবাৰ নহলে, দুবাৰ কোনো কথা লৈ বন্যাক বেয়া পাইছিল।
কিছু দিন যোৱাৰ পাছত বন্যাৰ ঘৰৰ ওচৰৰ পাজৰৰ কিছু লোকৰ লগত ভাল চিনাকি হৈ পৰিল। এদিনাখন বন্যাৰ কাষৰে ঘৰৰ পুনমে কলে, বন্যা, তুমি ঘৰতে থাকি আমনি নোপোৱা নে! তুমি আমাৰ মহিলা গোটত যোগ হৈ লোৱা। সপ্তাহত, এদিন আমি কাৰোবাৰ নহয় কাৰোবাৰ ঘৰত লগ হওঁ, খোৱা বোৱা কৰো, কথা পাতো, আনন্দ ফুৰ্তি কৰোঁ। কেতিয়াও বাহিৰলৈ ফুৰিবলেও যাওঁ। তুমি ভাল পাবা। বন্যাই কলে, মই মোৰ স্বামীক সুধি লৈ কম। পাচদিনা মানৱক সুধাত, মানৱে যাবলৈ অনুমতি দিলে। কিন্তু মাকো কবা। বন্যাই ভাৱিলে, মাক অকলে কথাষাৰ সুধিলে, শাহুমায়ে মনা কৰি দিব। সেইবাবে যেতিয়া পুৱা আহাৰ কৰা সময়ত ডায়নিং টেবুলত যেতিয়া সকলোৱে পুৱাৰ আহাৰ কৰি আছিল, তেতিয়া বন্যাই মাকক সুধিলে, তেতিয়া শাহুমাকে বন্যাক মনা কৰিবলৈ নোঁৱাৰিলে। আৰু বন্যাক যাবলৈ অনুমতি দিলে।
যেতিয়াই বন্যা সাজি কাচি মহিলা গোটলৈ যায়, তেতিয়াই শাহুমাকৰ মুখ ফুলি এপাচি হয়। আৰু ভাৱে এই সকলোবৰ গোট খায় কি কি বেয়া গুণ গায়। কিছু দিনৰ পাছত এদিন বন্যাৰ সকলো বান্ধৱী বন্যাৰ ঘৰলৈ আহিব। তেতিয়া শাহুমাক জয়াই ভাৱিলে, সকলোবৰ বান্ধৱী আহিলে মই ইয়াত কি কৰিম! মোৰ বান্ধৱী ঘৰলৈ গুচি যাম। পুৱাৰপৰাই শাহুমাকে বন্যাৰ লগত, অলপ বেলেগ ধৰণৰে কথা বতৰা পাতিছিল। কোনো কথাৰে ভালদৰে উত্তৰ দিয়া নাছিল। আৰু কোনো কামতে বন্যাক সহায়তা কৰি দিয়া নাছিল। আৰু আবেলি পৰত শাহুমাক জয়া নিজৰ বান্ধৱীৰ ঘৰলৈ গুচি গৈছিল। আবেলি পৰত বন্যাৰ ঘৰলৈ সকলো বান্ধৱী আহিল। সকলোৱে খায় বৈ, কথা পাতিলে। ৩,৪ঘন্টা কেতিয়া পাৰ হৈ গল, কোনেও গমকে নাপালে। আৰু কিছু সময়ৰ পাছত কেইজনীমান বান্ধৱী গলগৈ। আৰু একেবাৰে বন্যাৰ ঘৰৰ ওচৰৰ পুনম আৰু নিতুৱে কথা পাতি আছিল।
আনফালে শাহুমাক জয়াই ভাৱিলে, এতিয়ালৈ সকলোবোৰ গলগৈ হবলা! মইও ঘৰলৈ যাওঁ। শাহুমাক ঘৰলৈ আহিল। দুৱাৰখন খুল খায় আছিল বাবে জোৰেৰে হঁহা আৰু কথা পতাৰ মাত বাহিৰলৈ আহিছিল। শাহুমাক জয়াই দুৱাৰতে ৰৈ শুনি আছিল। পুনম আৰু নিতুৱে, বন্যাক কয় আছিল, বন্যা, তুমি কেনেকৈ তোমাৰ শাহুমাৰ প্ৰতিটো কথাকে মানি লোৱা। আমি বহু বাৰ তোমাক আৰু খুড়ীক দেখিছো, তেওঁ তোমাৰ লগত কেনেদৰে কথা পাতে। তুমি কেতিয়াও উত্তৰ নিদিয়া, উলোটাই। এতিয়াটো কিবা শিকা। এবাৰ দুবাৰ উলোটাই উত্তৰ দিলে, তোমাক আৰু তেওঁ একো নকয়। বন্যাই একো কোৱা নাছিল, মাথো অ বুলিছিল। শাহুমাকে শুনা পাইছিল আৰু মনে মনে তেওঁৰ বৰ খং উঠিছিল।।( Storyboard )
শাহুমাক জয়া ভিতৰলৈ আহিল, আৰু একো শুনা নোপোৱাৰ দৰে কৰিলে। আৰু পোনে পোনে নিজৰ কোঠালৈ গলগৈ। এতিয়া শাহুমাকে অপেক্ষা কৰি আছিল যে, বন্যাই কেতিয়া তেওঁক কিবা কব আৰু তাকে শাহুমাকে ভালদৰে মানৱৰ আগত কৱ। আৰু বন্যাৰ এই মহিলা গোটলৈ যোৱাটো বন্ধ কৰাই দিয়ে। মাহ পাৰ হৈ গল। মহিলাৰ গোট চলি থাকিল। কিন্তু এদিন আচৰিত ভাৱে, দুৱাৰৰ বেল , আৰু পুনম বন্যাৰ ঘৰলৈ কান্দি কান্দি ভিতৰলৈ সোমাই আহিলে। পুনমক এনেদৰে কান্দি কাতি অহা দেখি শাহুমাক জয়া আৰু বন্যাই ভয় খালে।
তেতিয়া বন্যাই সুধিলে, কি হৈছে পুনম! ইমান কিয় কান্দিছা! মোৰ শাহুমাৰ লগত মোৰ কাজিয়া হল। তেওঁ কৈছে, মই ইয়াত থাকিব নোঁৱাৰিলে, মোৰ মাৰ ঘৰলৈ গুচি যাবলৈ কৈছে। পুনমে কলে। তেতিয়া বন্যাই কলে, এনে কি হৈ গল! মীৰাই পুনৰ কলে, আজি মই পুৱা আহাৰ বনালো। আৰু তাৰপিছত মোৰ বান্ধৱী লগত বজাৰলৈ যাবলগীয়া আছিল। তেতিয়া মোৰ শাহুমায়ে কলে, তেওঁ আজি গাটো ভাল নহয়। আজি বজাৰলৈ নাযাবা। তেতিয়া মই কলো, আপুনি দেখোন একেবাৰে সুস্থ। কিয় নাজাম, মই বজাৰলৈ যোৱাত আপুনি অশান্তি পাইছে। আৰু ইমানতে মোৰ শাহুমায়ে কলে, তই তোৰ মাৰৰ ঘৰলৈ যা আৰু তাতে তোৰ মনৰ পচন্দৰ বোৰ কৰগৈ। মোৰ তোৰ লগত কোনো কথা পাতিবলগীয়া নাই।
জয়াই এই সকলোবোৰ শুনিলে। বন্যাই, পুনমক বহুৱাই লৈ কলে, পুনম তুমি সদায়ে মহিলা গোটলৈ আহা। আৰু সদায়ে ফুৰিবলৈকো যোৱা। আৰু নিজৰ পচন্দৰ সকলো কামকে কৰা। আৰু লগতে কোৱা, তুমি তোমাৰ শাহুমাক উলোটাই উত্তৰো দিয়া। আৰু তেতিয়াও তোমাৰ শাহুমায়ে একো নকয়। আৰু এদিন আজি তেওঁ তোমাক কলে। পুনম, তুমি তোমাৰ শাহুমাক সুধিছিলা নে, আপোনাৰ কি হৈছে মা! এদিনৰবাবে তুমি তোমাৰ শাহুমা বাবে ঘৰত থাকিব নোঁৱাৰানে! আৰু আহাৰ তৈয়াৰ কৰি তুমি কি ডাঙৰ কাম কৰিলা! তোমাৰ মা হোৱা হলে, তুমি এনে কৰিলা হয় নে! তেওঁক অকলে এৰি বজাৰলৈ গলা হয় নে!তোমাৰ বান্ধৱী সদায়ে তোমাৰ লগত সদায়ে থাকিব জানো! আৰু তোমাৰ কোনটো দুখত কামত আহিব।
বন্যাই পুনমক বুজালে, আৰু তেতিয়া বন্যাৰ ঘৰৰপৰা পুনম গুচি আহিল। এয়া শুনি জয়াৰ, বন্যাৰ ওপৰত গৰ্ব হল। আৰু জয়াই ভাৱিলে, মই কিমান ভুল বুজিছিলো, বন্যাই নিজৰ বান্ধৱী কথা শুনি, মোক উলোটাই কব। সেইদিনা পাছত যেতিয়াই বন্যা আৰু পুনমৰ ঘৰত মহিলা গোট হৈ, তেতিয়া বন্যা আৰু পুনমৰ শাহুমাক দুগৰাকীও মহিলা গোটত সুখে আনন্দৰে ভাগ লৈছিল। আৰু নিজৰ বোৱাৰীৰ সহায়তা কৰিছিল। সেইদিনা পাছৰে পৰাই বন্যাৰ শাহুয়েক বন্যাৰ ভাল বান্ধৱী হৈ পৰিল।
এনেধৰনৰ আৰু গল্প/উপন্যাস পঢ়ক এই লিংকত - www.গল্প/উপন্যাস.com
আমাৰ ফেচবুক গ্ৰুপটো আপুনি পোনপটিয়াকৈ গল্প প্ৰকাশ কৰিব পাৰে।
আমাৰ গ্ৰুপৰ লিংক - SMJ24.facbookgroup
( Storyboard )



No comments:
Post a Comment