এবাৰ অৰ্জুনৰ অহংকাৰ হল যে তেওঁৱেই ভগৱানৰ সকলোতকৈ ডাঙৰ ভক্ত।তেওঁৰ এই ভাৱনাক ভগবান শ্ৰীকৃষ্ণই বুজি পালে ( Storyboard )।
ব্ৰাহ্মণ জনে উত্তৰ দিলে,"মই কিছুমান মানুহক দণ্ড দিব বিচাৰো।"
"আপোনাৰ শত্ৰু কোন?" অৰ্জুনে জিজ্ঞাসা প্ৰকাশ কৰিলে।
ব্ৰহ্মণে কলে," মই চাৰিজন লোকক বিচাৰি আছোঁ যাতে তেওঁলোকৰ লগত মই মোৰ হিচাব পুৰাব পাৰো। প্ৰথমতে মই নাৰদক বিচাৰি আছোঁ। নাৰদে মোৰ প্ৰভূক আৰাম কৰিব নিদিয়ে অনবৰতে ভজন কীৰ্তন কৰি জাগ্ৰত কৰি থয়। মই দ্ৰৌপদীৰ ওপৰত খং কৰিছোঁ। তেওঁ মোৰ প্ৰভূক সেই সময়ত মাতিলে যেতিয়া মোৰ প্ৰভুৱে ভোজন কৰিব লৈছিল। তেওঁ তেতিয়া তৎক্ষণাত ভোজন এৰি পাণ্ডৱ সকলক দুৰ্বাখা ঋষিৰ অভিশাপৰ পৰা বচাবলৈ যাব লগা হল। তেওঁৰ সাহস চোৱাচোন মোৰ প্রভুক জুথা আহাৰ খাবলৈ দিলে।"( Storyboard )
" আপোনাৰ তৃতীয় শত্ৰু কোন?" অৰ্জুনে সুধিলে।
" তেওঁ হৈছে হৃদয়হীন প্ৰহ্লাদ। তেওঁ মোৰ প্রভুক গৰম তেলৰ কেৰাহীত প্ৰবিষ্ট কৰিলে। হাতীৰ ভৰিৰে গছকাই দিলে আৰু অৱশেষত তেওঁক নিজ ৰূপত প্ৰকট হবলৈ বাধ্য কৰালে। আৰু চতুৰ্থ শত্ৰু হল অৰ্জুন। তেওঁৰ দুষ্টতা চোৱাচোন। তেওঁ মোৰ ভগৱানক নিজৰ সাৰথি বনাই পেলালে। তেওঁ ভগৱানৰ অসুবিধাৰ অলপো ধ্যান নৰাখিলে। কিমান যে কষ্ট পালে চাগে মোৰ প্রভুৱে।"কথাখিনি কৈ ব্ৰাহ্মণৰ চকুত চকুলো বৈ আহিল। এইয়া দেখি অৰ্জুনৰ অহংকাৰ ভাঙি চুৰমাৰ হল। অৰ্জুনে শ্ৰীকৃষ্ণক ক্ষমা বিচাৰি কলে," মানি ললোঁ প্ৰভু, এইখন সংসাৰত আপোনাৰ কিমান যে ধৰণৰ ভক্ত আছে , মইতো ইয়াৰ তুলনাত একোৱেই নহয়।"
এনেধৰনৰ আৰু গল্প/উপন্যাস পঢ়ক এই লিংকত - www.আধ্যাত্মিক.com
( Storyboard )
বিঃদ্ৰঃ আপোনালোকেও যদি কোনো গল্প আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ গল্প সমূহ আমাৰ ফেচবুক পেজত নতুবা SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সত প্ৰেৰণ কৰিবলৈ আহ্বান জনালো।নিৰ্বাচিত গল্প সমূহ প্ৰেৰকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব,ধন্যবাদ।
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page


No comments:
Post a Comment