ৰাতিপুৱাৰ ট্ৰেইনখনত মিনতি দেৱী গুৱাহাটীলৈ আহিল। নতুনকৈ চাকৰিত সোমোৱা পুতেকৰ খবৰ লবলৈ আহিছে( Storyboard )। ঘৰতে হোৱা অকনমান শাক পাচলিৰ লগতে পুখুৰীৰ মাছো দুটামান ধৰি দিছে দেউতাকে।প্ৰাইভেট চাকৰি, ল'ৰাজনে বৰকৈ চুটি নাপায়। ঘৰলৈ গলেও সমনীয়াৰ লগত টিঘিলঘিলাই থাকে। গতিকে মাকে নিজেই আহিছে। যিমান হলেও মাকৰ মৰম। কেইদিনমান নেদেখিলেই মনটোৱে নামানে।
মাকক পাই ল'ৰাৰ বৰ ফুৰ্তি। দুদিনমান বিন্দাচ থাকিব পাৰিব। ভাৰাঘৰত পানীৰ অসুবিধা। সেয়ে সি ডাঙৰ কাপোৰ বোৰ থৈ দিয়ে। মাকে আহি ধুব। মাকে বিভিন্ন ধৰনৰ আঞ্জা বনাই খুৱাই। সি কেৱল দিউতিত যোৱা আৰু অহা কাম। বেলেগ নাই।
কিন্তু মাকৰ ল'ৰাজনৰ ওপৰত ভীষণ খং উঠিল এইবাৰ। তাৰ কাম কাজ চাল চলন দেখি মাকৰ অহয্য লাগিল। কথাটো হ'ল সি যতেই থাকে লিলিও তাৰ লগতে থাকে। দুইটাৰ এৰা এৰি নহয়। দিউতিত যাবলৈ ওলালেই লিলিয়ে মন মাৰি তালৈ চাই থাকে। আবেলি ঘুৰি অহা গম পালেই আকৌ কাষত আহি বহে। দিনটো নাথাকে, মাকক ভয় কৰে। ঘৰত থাকেগৈ। সিয়ো সাংঘাতিক , মাকে কিবা খাবলৈ দিলে লিলিক আগতে দিয়ে। নিজৰ ভাগৰ বস্তুও লিলিক দিয়ে। মাকৰ অধৈৰ্য্য লাগিল। খং উঠিল
--" এইজনী ক'ৰ অ ধন।"
--" মালিক হতৰ। দেখা নাই নেকি। "
--" মালিক হতৰ হলে ইয়াত কি কৰি থাকে । তয়ো নিজে নাখাইও দেখোন খাবলৈ দিয় , ইমান মৰম নে।"
--" অ, তাতে কি হল। অলপহে দিও।"
--" ইমান দুৰৰ পৰা ডাঙি অনা বস্তুবোৰ সেইজনীক খুৱাই কি লাভ ।"
--" একো নহয় দিয়া। তুমি নাথাকিলে তায়ে মোৰ লগৰী। অকলে কিমান ব'ৰ হৈ থাকো।"( Storyboard )
--" কি , কি কলি তই। তাৰমানে মই নাথাকিলে তাইক ৰাতিও লগত ৰাখ নেকি। চি চি, হে প্ৰভু। কি যে কৰো।
--" বাদ দিয়ানা মা, একো নহয়। এইবোৰ সৰু কথা। তোমাৰ ভয়ত লিলি নহাই হ'ল। তুমিও কিবা কৈছিলা নেকি তাইক। ""
মাকৰ খং নকমিল। ল'ৰা অফিচলৈ যোৱাৰ পিছত তেও ঘৰলৈ ফোন কৰিলে। দেউতাকে ধৰিলে ফোনটো --" হেৰা , কোৱা। পুতেৰাক পাই আমালৈ পাহৰিলা নেকি। "
--" পাহৰা নাই ৰ'ব। আপোনাৰ ল'ৰাৰ যিহে কাণ্ড। তাৰ ভাৰাঘৰ সলনি কৰিব লাগিব বুজিছে।"
--" কিয় ? কি হ'লনো। কিবা গণ্ডগোল কৰিছে নেকি। কোৱাচোন।"
--" গণ্ডগোল মানে, সেই লিলি জনী। পূৱাৰ পৰা ৰাতিলৈ উঠোতে বহোতে , খাওতে শুৱতে কেৱল লিলি। "
--" কোন লিলিৰ কথা কৈছা তুমি ।"
--" আপুনি দেখা নাই দিয়ক। মালিকহতৰ ঘৰৰ। বেছিভাগ সময় ধনৰ লগতেই থাকে।""
--" হেৰা। এটা কথা চিন্তা কৰি চাব পাৰি দেখোন। সৰু হলেও চাকৰি পালে যেতিয়া, দুদিন পিছত তাৰ ..।"
--" কি দুদিন পিছৰ কথা কৈছে।"
--" মানে ধনৰ লগত মিলে নেকি চাবাচোন। মিলা যেন পালে ঘৰৰ মালিকহতৰ আগত কথাটো উলিয়াই আহিবা। ধনে যদি মন কৰে ......।"
--" হে ৰি, হে .. ৰি। আপুনি কি কথা কৈছেহে। মগজটো গ'ল আপোনাৰ। আপুনি মানুহ মাৰি পেলাব হে। হৰি হৰি । ""
--" হেৰা , তুমি তেনেখন কিয় কৰিছা। মই কি নকবলগীয়া কথা কলো হে। জাঙুৰ খাই উঠিলা যে। ল'ৰা ডাঙৰ হ'ল। প্ৰাইভেট হলেও কাম এটা পাইছে। দুদিন পিছত তাৰ বিয়াখন ""
--" মই কাৰ কথা কৈ আছো জানে। লিলিৰ কথা , লিলিৰ। তাই কোন জানেনে ?"
--" কিয় একেবাৰে নিমিলিব নেকি। নে বেলেগ কিবা অসুবিধা জাত পাতৰ।"
--" হে ভগৱান। মনে মনে থাককহে, মোৰ মুৰটো নাখাব ,বুজিছে।""
--" ভালকৈ নাজানোঁ নহয়। কি কৈ আছা। খংটো কমাই কোৱাচোন ?"
--" লিলি আন কোনো নহয়। ভাৰাঘৰৰ মালিকহতৰ পোহনীয়া মেকুৰীটো। ""☺☺☺
এনেধৰনৰ আৰু গল্প/উপন্যাস পঢ়ক এই লিংকত - www.গল্প/উপন্যাস.com
আমাৰ ফেচবুক গ্ৰুপটো আপুনি পোনপটিয়াকৈ গল্প প্ৰকাশ কৰিব পাৰে।
আমাৰ গ্ৰুপৰ লিংক - SMJ24.facbookgroup
( Storyboard )



No comments:
Post a Comment