ৰাকেশহঁতৰ ঘৰৰ কাশতে অৰুন দত্তৰ পৰিয়াল আছিল। অৰুন দত্তই এটা কোম্পানিত চাকৰি কৰিছিল। তেওঁ এজন নাষ্টিক আছিল( Storyboard )। কিন্তু তেওঁ পৰিয়াল আৰু লৰা ছোৱালী দুটি ধাৰ্মিক আছিল। এই কথা লৈয়ে তেওঁলোকৰ মাজত বহুতো কাজিয়া হৈছিল। কোনো ধাৰ্মিক অনুষ্ঠান হলে, তেওঁৰ পত্নী নোযোৱাকৈ নাথাকিছিল। সেয়ে ধাৰ্মিক অনুষ্ঠানৰ নিমন্ত্রণ পালেই অৰুনৰ পত্নী বালাই যাবলৈ সাজু হৈছিল। আৰু এই কথাকে অৰুনে পচন্দ নকৰিছিল। কাৰণ এনে ধৰণৰ নিমন্ত্রণত তেওঁলোকৰ দৈনিক কাৰ্য্যত বাধা আহি পৰে।
বালাই, নিজৰ এটি সুন্দৰ ঘৰৰ বাবে বহুত আশা কৰিছিল। আৰু ভাগ্যই লগ দিয়াৰ বাবে বালাহঁতে হোম লোন এটা লৈ এটা ঘৰ ক্ৰয় কৰিলে। আৰু কোনো,পূজা অৰ্চনা,নিয়ম নীতি নকৰাকৈ বালাহঁত নতুন,ঘৰটোলৈ গল।সেই নতুন ঘৰটোলৈ যোৱাৰ পাছত অৰুনে এখন ভগৱানৰ ফটো লগাবলৈ বেৰত এটা গজাল লগাবলৈ লওঁতে অৰুনে হাতত আঘাত পালে আৰু তেজৰ টুপাল মাটিত পৰিবলৈ ধৰিলে। অৰুনৰ হাতত ৫টা চিলাই পৰিল। নতুন ঘৰলৈ অহা পাছত অৰুন বালাহঁত ২দিনমানৰ বাবে বালাৰ মাকৰ ঘৰলৈ যাবলগীয়া হল। যেতিয়া অৰুনহঁত ঘূৰি আহিল , তেতিয়া তাৰ লগত আচৰিত ২টামান ঘটনা ঘটিল।
অৰুনৰ এনে লাগিবলৈ ধৰিলে, সি নিশা শুই থাকিলে তাৰ কাষেদিয়ে কোনোবা পাৰ হৈ যেন বাহিৰলৈ গৈছে। আৰু কেতিয়াবা এনে অনুভৱ হয়, খিৰিকীয়েদি কোনোবাই যেন জুমি আছে।। এনেদৰে অৰুনহঁতৰ নতুন ঘৰত ৩মাহ পাৰ হল। এদিন হঠাৎ অৰুনৰ গা বহুত বেয়া হল, হস্পিটাললৈ লৈ যোৱা হল, কিন্তু সকলো ঠিকে আছিল। কিন্তু অৰুনে, বালাক কয় যে, অৰুনৰ বৰ অশান্তি হৈছে। আৰু মনটো বহুত বেয়া লাগিছে। আৰু মোৰ এনে লাগিছে, মই মন ভৰি কান্দো। আৰু অৰুনে বালাক কয় যে, মোৰ এনে লাগিছে, মই অকলশৰীয়া হৈ গলো। আৰু সকলোৱে মোক এৰি গুচি গল। সেইবাবে মোৰ কান্দিবলৈ মন গৈছে।
এয়া কেনে কথা কৈছা! কত তোমাক সকলোৱে এৰি থৈ গল!এনে কথা কিয় কৈছা! বালাই কলে। এনেদৰে সময় পাৰ হৈ গৈ থাকিল। লাহে লাহে ঘৰৰ সকলোৱে উদাশ হৈ থাকিবলৈ ধৰিলে আৰু মনে মনে থাকিবলৈ ধৰিলে। কোনেও কাৰো লগত বেছি কথা নাপাতিছিল। অৰুনহঁতৰ ঘৰলৈ আন কোনোবা গলেও এনে কয়, অৰুনহঁতৰ ঘৰলৈ গলে এনে অনুভৱ হয় যেন, সেই ঘৰখনত কোনোবা ঢুকালে আৰু জ্বলাবলৈ নিবলৈ প্ৰস্তুতি কৰি আছে। আৰু এটা অশান্তি লাগে আৰু কন্দাৰ অনুভৱ হয়। সেইবাবে আজিকালি অৰুনহঁতৰ ঘৰলৈ বেছি মানুহ নগৈছিল। এদিন এজন পূজাৰী অৰুনহঁতৰ ঘৰৰ আগেদিয়ে গৈছিল। তেতিয়া অৰুনৰ লৰা ছোৱালী দুটা বাহিৰতে আছিল। সেই পূজাৰীজন আচৰিত ভাৱে লৰা ছোৱালী দুটাৰ কাষলৈ আহিল, অলপ সময় ৰৈ, কলে যে, বাবু, তোমালোকৰ মাক মাতি দিয়া?( Storyboard )
লৰাটোৱে ভিতৰলৈ গৈ মাকক কলেগৈ, মা কোনোবা এজন আহিছে, আৰু তোমাক মাতি দিবলৈ কৈছে। বালাক দেখা পায়, সেই পূজাৰীজনে কলে, মা, তোমাৰ লৰা ছোৱালী দুটাৰ ওপৰত চকু ৰাখিবা। তাহাঁতৰ লগত এটা দুৰ্ঘটনা ঘটিব লগীয়া আছে। কি দুৰ্ঘটনা ঘটিব! আমি সেয়া ৰখাবলৈ নোঁৱাৰো। যি হবলগীয়া আছে ঘটিবই। আৰু যিমান পাৰা সোনকালে এই ঘৰটো পৰা আঁতৰি আহা। নহলে এই ঘৰত গায়ত্রী পাঠ আৰু দূৰ্গা দেৱীৰ অখণ্ড পাঠ ৯দিনলৈ কৰোৱা। নহলে তোমালোক ইয়াত শান্তিত থাকিবলৈ নোঁৱাৰা। আৰু বহু কিবা হব পাৰে। আৰু এনে কৈয়ে পূজাৰীজন গুচি গল।
কিছু সময়ৰ পাছতে বালাই, লৰা ছোৱালী দুটাক দোকানৰপৰা কিবা আনিবলৈ পঠিয়ালে। আৰু বস্তু লৈ আহি থাকোতে ৰাস্তা পাৰ হওঁতেই লৰাটোক এখন বাইকে খুন্দা মাৰিলে আৰু লৰাটোৰো মূৰত পাঁচটা চিলাই পৰিল । যেতিয়া পৰা সেই পূজাৰীজনে তেনে কয় গল, তেতিয়া পৰা সেই ঘৰটো কলা ডাৱৰে আৱৰি ধৰিলে। তেতিয়া বালাই পূজাৰীজনে কোৱাৰ দৰে গায়ত্রী পাঠ আৰু দূৰ্গা দেৱীৰ অখণ্ড পাঠ কৰাবলৈ থিৰাং কৰিলে। কিন্তু যেতিয়াই এই কথা অৰুনক কোৱা হয়, তেতিয়াই অৰুন অমান্তি হয়। বালাৰ পৰিস্থিতি এনে হৈ পৰিল যেন, এফালে এটা ডাঙৰ পুখুৰী, এফালে ড গাঁত আৰু মাজতে সিংহ।
যেতিয়াই এই ঘৰটোৰ শুদ্ধিকৰণৰ কথা আহে, তেতিয়াই বেয়া ভাৱৰ হে জন্ম হয়। এদিনাখন অৰুনৰ কোনো সম্বন্ধীয় লোক অৰুনহঁতৰ ঘৰলৈ আহিল। যি ধাৰ্মিক কাৰ্য্যত জড়িত হৈ থাকে। তেওঁলোকেও অৰুনহঁতৰ ঘৰলৈ গৈ কলে যে, তোমালোকে অতি সোনকালে এই ঘৰটো পৰা আঁতৰি আহা, নহলে নহবলগীয়া ঘটনা ঘটিব। মোক ইয়াত একো ভাল লগা নাই। তাৰপিছত বহুজনে কোৱা পাছত অৰুনহঁতে সেই ঘৰটো এৰি দিবলগীয়া হল। কিছুদিনৰ পাছত বালাই এগৰাকী বয়সীয়াল মহিলা লগত কথা পাতি আছিল। কথা মাজতে সেই ঘৰটো কথা আহিলত, সেই বয়সীয়াল মহিলা গৰাকীয়ে কলে, সেই ঘৰটোৰ চতৰ পৰা এজনী ছোৱালী পৰিছিল। আৰু যেতিয়া নতুন পৰিয়াল এটা তাত থাকিবলৈ গল, তেতিয়া ঘৰটোত কাৰেন্টৰ চক হৈ ঘৰৰ ৫জন লোক একেলগে মৃত্যুক সাৱটি ললে। এই ঘটনাটো সেই বয়সীয়াল মহিলা গৰাকীৰ বিয়াৰ আশে পাশে হৈছিল। সেইবাবে অৰুন আৰু অৰুনৰ লৰাটোৰ ৫টা চিলাই পৰিছিল।
এনেধৰনৰ আৰু গল্প/উপন্যাস পঢ়ক এই লিংকত - www.গল্প/উপন্যাস.com
আমাৰ ফেচবুক গ্ৰুপটো আপুনি পোনপটিয়াকৈ গল্প প্ৰকাশ কৰিব পাৰে।
আমাৰ গ্ৰুপৰ লিংক - SMJ24.facbookgroup
( Storyboard )



No comments:
Post a Comment