এইখন এখন দোকান। দোকান মানে চাৰিবেৰ দিয়া নহয়, বাঁহৰ চাঙেৰে বনোৱা দোকান। দোকান খন মোৰ ভতিজা এজনিৰ। নাম বাৰ্বী হাজৰিকা( Storyboard )। সৰুৰেপৰাই পঢ়াশুনাত ভাল , মেট্ৰিকত ফাৰ্ষ্ট ডিভিজন , হায়াৰ চেকেণ্ডাৰীত ফাৰ্ষ্ট ডিভিজন, গ্ৰেজুৱেশ্যনত 1st ক্লাছ লৈ উত্তীৰ্ণ হৈ তাই সৰু সৰু ল'ৰা ছোৱালীক টিউচন কৰা টকাৰে গঢ়ি লোৱা এইখন দোকান। নাৰ্চিংৰ প্ৰশিক্ষণ লৈ থকাৰ মাজতে তাই নিজৰ স্বাৱলম্বনৰ বাবে খুলি লৈছে এই দোকানখন। তাই এইবাৰ পুলিচৰ SI পৰীক্ষাতো উত্তীৰ্ণ হৈছিলে, কিন্তু দৌৰত ১ছেকেণ্ডৰ কাৰণে সফল হ'ব নোৱাৰিলে । ঘৰুৱা অভাৱেও জীৱনৰ দৌৰত হাৰ মনাব নোৱাৰা যোদ্ধা বাৰ্বী। তাই ধুনীয়া চিলাই কৰে, ফুল ৰুই ভালপায়।
আজিৰ প্ৰজন্মই সহজলভ্য ধনৰ পিছত দৌৰি ফুৰে , বহু কমসংখ্যকে কষ্ট আৰু একাগ্ৰতাৰে নিজৰ জীৱনক গঢ় দিয়ে। আমাৰ সমাজত বহু এনে যুৱক যুৱতি আছে যি কষ্ট কৰিব নোৱাৰে, হাজিৰা কৰি কেনেকৈ উপাৰ্জন কৰে নাজানে, পান দোকান দিওঁ যে মানুহে উপাৰ্জন কৰে নাজানে, উপাৰ্জনৰ বহু সৎপথ আছে, এই বিষয়ে যুৱচাম অজ্ঞ।( Storyboard )
কামৰ সৰু বৰ নাই। যেতিয়া উচ্চশিক্ষিত ল'ৰাই দোকান খোলে, চেলুন খোলে, ফাৰ্ম খোলে, কৃষি কৰ্মত জড়িত হয় , যুৱতিসকলে চিলাই কৰি , পাৰ্লাৰ খুলি, তাঁতশালত ধুনীয়া কাপোৰ বৈ উলিয়াই সঁচাকৈয়ে বৰ ভাল লাগে।
কৰ্মই জীৱন..কৰ্ম কৰি নিজৰ উপাৰ্জনেৰে স্বাৱলম্বী হৈ চাওঁক...নিজতকৈ সুখী ব্যক্তি আৰু কোনো নাথাকিব।
বাৰ্বীৰ দৰে অভাৱৰ লগত যুঁজ দিয়া যোদ্ধা আৰু বহু আছে, কিন্তু হাৰ যেন কোনোপধ্যেই নামানে তেওঁলোকে, তেওঁলোক ক সাহস দিয়ক। কৰ্মুমুখী আন্দোলনবোৰৰ এনেকৈয়ে আৰম্ভণি হওঁক।
✍পূৰ্ণিমা
আমাৰ ফেচবুক গ্ৰুপটো আপুনি পোনপটিয়াকৈ গল্প বা লওখা প্ৰকাশ কৰিব পাৰে।
আমাৰ গ্ৰুপৰ লিংক - SMJ24.facbookgroup
( Storyboard )



No comments:
Post a Comment