সমকামি,মানৱ জীৱনৰ আন এক অধ্যায় ( প্ৰথম খণ্ড ) : Storyboard - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Saturday, June 19, 2021

সমকামি,মানৱ জীৱনৰ আন এক অধ্যায় ( প্ৰথম খণ্ড ) : Storyboard

Storyboard

যীশুৰ জন্মৰ এবছৰ পাছতেই জন্ম হৈছিল ৰাজীৱৰ । কন্যা সন্তানৰ আশাতেই দ্বিতীয় সন্তানটি কথা চিন্তা কৰিছিল তৰা আৰু অৰ্জুনে ( Storyboard )। ৰাজীৱৰ জন্মত মাক তৰাই যেন বৰ আনন্দ পোৱা নাছিল  । তৰাই যিমান পাৰে সিমান নিজৰ মনটোক সান্তনা দিবলৈ চেষ্টা কৰিছিল আৰু ৰাজীৱকেই সজাই পৰাই ছোৱালী কৰি ৰাখিছিল । প্ৰথমে সকলো ঠিকেই আছিল । লাহে লাহে ডাঙৰ হৈছিল যীশু আৰু ৰাজীৱ । সৰুৰে পৰা ছোৱালীৰ দৰে সাজোঁন কচোন কৰি থকাৰ বাবেই ৰাজীৱৰ মনটো এজনী ছোৱালীৰ দৰে হৈ পৰিছিল । মাকক পাকঘৰত সহায় কৰি দিয়া, ঘৰ ঝাৰু দিয়া, নেইলপলিচ লোৱা এইবোৰ ৰাজীৱৰ অভ্যাসত পৰিণত হৈছিল । খোজ কাতল , কথা কোৱাৰ ষ্টাইল , সাজ সজ্জা সকলো ছোৱালীৰ দৰে হৈ পৰিল । ছয় সাত বছৰ বয়সলৈকে একো সমস্যা হোৱা নাছিল ৰাজীৱৰ কিন্তু সময় বাগৰি যোৱাৰ লগে লগেই ৰাজীৱৰ জীৱনলৈ যেন দুখৰ ধুমুহা ব'বলৈ ধৰিলে । লগৰ সকলোৱে ৰাজীৱক লেডীছ, হিজৰা , গে আদি কৈ জোকাবলৈ ধৰিলে । যীশুৱেও ৰাজীৱক মাৰ ধৰ কৰিবলৈ ধৰিলে । এদিন স্কুলৰ পৰা আহি বেগটো টেবুলতে থৈ জাঙুৰ খাই উঠিল ৰাজীৱ ..... মা, ভাইটিক অলপ ল'ৰাৰ দৰে থাকিবলৈ কবি । নহ'লে ইয়াৰ লগত মই স্কুললৈ নাযাওঁ । সকলোৱে তাক লেডীছ লেডীছ কৈ জোকাই....


: লেডীছ বুলি কলেই সি লেডীছ হৈ নাযায় নহয়....। আনৰ কথাত মন দিয়াতকৈ পঢ়াত মন দে....। ৰাজীৱৰ যিবোৰ গুণ আছে তোৰ গাত সেইবোৰ গুণ আছে জানো....? খঙেৰে কলে তৰাই 


: তুমিয়ে লাই দি দি ভাইটিক মূৰত উঠাই লৈছা । চাঁবা ভাইটিৰ কাৰণে এদিন আমি সকলোৱে লাজ পাব লাগিব । স্কুলত কোনো ল'ৰাৰ লগত কথা নাপাতে । ল'ৰাৰ লগত একেলগে নবহে....। ছোৱালীবোৰৰ পাছে পাছে ঘূৰি ফুৰে....। 


: হ'ব .....! ভায়েৰক ঠিক কৰাৰ আগতে নিজেই ঠিক হৈ লৱ...। আহাঁ মোৰ কলিজাটো...,  ৰাজীৱক বুকুত সাৱতি গালে মুখে চুমা খালে তৰাই । ....যোৱা , কাপোৰ কেইটা সলাই লোৱাগৈ । মই ভাত উলিয়াই আনোগৈ....


: অ'... মা । আজি আমাৰ লগৰ মন্দিৰা বিয়া হ'ল বোলে । স্কুললৈ যোৱা নাই । খবৰটো মোক লোনাই দিলে , ভাতকেইটা খাই মই মন্দিৰা ঘৰৰ পৰা আহিবগৈ লাগিব ।  


: এতিয়াই যাব নালাগে । ময়ো যাম মন্দিৰাৰ ঘৰলৈ , মোৰ লগতে ওলাবা ।  কথাষাৰ কৈ তৰা ভিতৰলৈ সুমাই গ'ল । ৰাজীৱেও কিতাপৰ বেগটো বিচনাত পেলাই আলনাতে জাপি থোৱা ৰঙা ফ্ৰকটো পিন্ধি কান্ধত গামোচা এখন লৈ ভৰি হাত কেইটা ধুই ডাইনিং টেবুলত বহিল । ৰাজীৱক দেখি যীশুৰ খং উঠি আহিল । ....ভাইটি , তোক মই ভালকৈ কৈছোঁ । অলপ লৰাৰ দৰে ঠাকিবিচোন....! কি ছোৱালীৰ নিচিনা কৰি থাক...


: মা...! দাদাই মোক গালি পাৰি আছে । দাদা, মইনো তোক কি অশান্তি কৰিলোঁ...? তই লৰাৰ লগত খেলিবলৈ গ'লে মই তোক কেতিয়াবা অশান্তি কৰোঁ নেকি....? মোক কিয় শান্তিত থাকিবলৈ নিদিয় দাদা । 


: তোৰ লাজ নাথাকিব পাৰে । তোৰ কামবোৰৰ বাবে মই লগৰবোৰৰ আগত বৰ লাজ পাওঁ । সকলোৱে তোক উপলুঙা কৰে । 


: কৰক যা..., মোকহে কৰে , তোক নকৰে নহয় ...। অ' মই লেডীছ । সেইটোনো কি ডাঙৰ কথা । 


: তহঁতে মনে মনে ভাত খাবি নে ...! মই যাব লাগিব...? বাহিৰৰ পৰাই চিঞৰিলে তৰাই । 


: চোৱাহিচোন মা.... দাদাই মোক গালি দি আছে ।


: তুমি মনে মনে ভাত খাই উঠি আহা...., মই গলে কিন্তু দুয়োটাই মাৰ খাবা । 

     

     ৰাজীৱে ভাতকেইটা খাই মাকৰ ওচৰ পালেগৈ , পীৰাখনতে বহি চাউল চালি থকা মাকৰ ওচৰতে বহি মাকৰ কামবোৰ অনুকৰণ কৰিবলৈ ধৰিলে । ....অ' মা... মন্দিৰা ঘৰলৈ কেতিয়া যাবা ....? 


: ৰবা ...! চাউল কেইটা সামৰি লবলৈ দিয়া । মোৰ চাউল লৈ হয় মানে তুমি ৰূমকেইটা ঝাৰু দি লোৱাগৈচোন....., 


: এইবোৰ কাম কৰিবলৈ সদায় সদায় মোক কোৱা যে...! দাদাক কিয় নোকোৱা....? 


: তুমি মোৰ ছোৱালী নহয় জানো ...! সেয়ে তোমাকেই কওঁ, যোৱা ঘৰকেইটা ঝাৰু দি আলনাডাল সামৰি পেলোৱাগৈ । হাঁহি এটা মাৰি কলে তৰাই...., ৰাজীৱেও কান্ধত লৈ থকা গামোচাখনেৰে খোপা এটা বান্ধি বিহুনাম এটা গুণগুণাই ঘৰ কেইটা ঝাৰু দি বিছনাত মাকে গোটাই থোৱা চাদৰ মেখেলা কেইখন আৰু দেউতাকৰ পেন্ট - চাৰ্ট কেইটা সামৰি ভৰি হাত কেইটা ধুই ভৰিয়ে হাতে বডী লোচন অলপ ঘঁহি মুখতো পাউদাৰ অলপ সানি ফ্ৰকটো খুলি ককায়েকে নেদেখাকৈ মাকৰ কাপোৰৰ আঁৰত লুকুৱাই থলে । হাত দীঘল ৰঙা স্পৰ্টিং এটা গাত সুমুৱাই হাফ পেন্ট এটা পিন্ধি বাকছৰ পৰা চাদৰ এখন উলিয়াই বিছনাত পেলাই সৰু সৰুকৈ জাপ দি পিং এটা মাৰি বিছনাত পেলাই থলে । .....মা, চাদৰ ঠিক কৰি থোৱা আছে । তুমি সোনকালে ৰেডী হোৱা , মোৰ হৈ গ'ল ....


: তুমি মগটোৰ পৰা গাখীৰখিনি বটল এটাত ভৰাই লোৱাচোন....!  বাহিৰৰ পৰাই চিঞৰিলে তৰাই । ৰাজীৱেও মগটোৰ গাখীৰখিনি বটল এটাত ভৰাই বিচনাৰ তলত মাকে লুকুৱাই থোৱা পকা পকা জাহাজী কল কেইটামান বেগ এটাত ভৰাই বেগটো বিচনাতে থলে । ....সোণ , এইফালে আহাচোন...! মাকৰ মাতটো শুনি উধাতু খাই আহিল ৰাজীৱ । 

: কোৱা মা...., 


: আমি উভতি আহোঁতে অলপ দেৰি হ'ব যে খিৰিকীকেইখন বন্ধ কৰি পৰ্দাবোৰ মেলি দিয়া । 


: ঠিক আছে মা । 


      এখন এখনকৈ খিৰিকীবোৰ বন্ধ কৰি আগফালৰ দুৱাৰখন বাহিৰৰ পৰা বন্ধ কৰি তলাটো লগাই তৰা আৰু ৰাজীৱ মন্দিৰাহঁতৰ ঘৰলৈ ওলাই গ'ল । মন্দিৰাহঁতৰ ঘৰ লোনা আৰু অন্তৰাক দেখি ৰাজীৱৰ মুখত হাঁহি বিৰিঙি উঠিল । 


        ...... ইমান দেৰি কিয় কৰিলি ৰাজীৱ..., প্ৰশ্ন কৰিলে লোনাই।  


: ঘৰৰ কামবোৰ কৰিব লগা বাবেই দেৰি হ'ল অ'...! মন্দিৰাক মই আহিম বুলি কৈছিলি নাই ...? 


: কৈছিলোঁ । কিন্তু তই মন্দিৰাৰ ওচৰলৈ যাব নোৱাৰ । তপৰাই  কলে অন্তৰাই 


: কিয়....? 


: বৰমায়ে কৈছে এইকেইদিন মন্দিৰাই বোলে ল'ৰাক মুখ দেখুৱাব নাপায় । কিবা নিয়ম...


: মই যদি মন্দিৰাক মাত এষাৰ নিদিওঁ তাই মনত বৰ দুখ পাব লোনা । তহঁতে কাম এটা কৰ মই অহাৰ কথাটো মন্দিৰাক কৈ দেগৈ । তহঁত ভিতৰলৈ সোমাই যাবি আৰু মই বাহিৰৰ পৰাই কথা পাতিম । 


: হ'ব ব'ল .....


          লোনা , অন্তৰা আৰু ৰাজীৱ ভিতৰলৈ সোমাই গ'ল , দুৱাৰখন খুলি অন্তৰা ভিতৰলৈ গৈ মন্দিৰাক কথাটো ক'লে । ৰাজীৱ অহাৰ খবৰ পাই মন্দিৰাই ভিতৰৰ পৰাই মাত লগালে । .....ৰাজীৱ , তই আহিছ...


: উম..., 


: এইকেইদিন মই তহঁতৰ লগত খেলিব নোৱাৰিম দেই । তহঁতে মোক বেয়া নাপাবি...! 


: কিয় বেয়া পাম মন্দিৰা, বিয়াৰ পিছত আমি আকৌ খেলিম । মই তোলৈ জাহাজী কল আৰু গাখীৰ লৈ আহিছোঁ । তই খাবি দেই । ( Storyboard )


: খাম খাম । কিয় নাখাম । আজি স্কুললৈ গৈছিলি নে নাই..?


: গৈছিলোঁ । আজি বহুত হ'ম ৱৰ্ক দিছে । ইয়াৰ পৰা গৈ কৰিবগৈ লাগিব । 


: মই ভাল বাছিছোঁ দেই....! মায়ে তোক কিবা খাবলৈ দিলে নে ৰাজীৱ....? 


: আমাৰ মাৰ লগত পাকঘৰত কথা পাতি আছে । 


: ঠিক আছে । তহঁতে অলপ খেলগৈ যা । গধূলি হ'বৰে হ'ল....


       দুৱাৰখন বন্ধ কৰি লোনা , অন্তৰা আৰু ৰাজীৱবাহিৰলৈ দৌৰ মাৰিলে । পশ্চিমৰ আকাশত ৰাঙলী বেলি লাহে লাহে মাৰ গৈছিল । মুখত তামোল এখন পেকেতিয়াই তৰা বাহিৰলৈ ওলাই আহিল । .....ব'লা সোণ আমি যাওঁগৈ । দেউতা আহিবৰ হ'ল নহয়....! 


: ব'লা মা....., লোনা ,অন্তৰা সন্ধিয়া হোৱাৰ আগতেই তহঁত ঘৰলৈ যাবি । মই যাওঁ ....


    লোনাহঁতৰ পৰা বিদায় লৈ মাকৰ পাছে পাছে ঘৰলৈ বাট বুলিলে ৰাজীৱে । তাৰ মনত নানা প্ৰশ্নই আগুৰি ধৰিলে , সিও কল্পনা কৰিছে ....মন্দিৰাৰ দৰে এদিন মোৰো বিয়া হ'ব , মানুহে খবৰ কৰিবলৈ আহিব । ভাল ভাল খোৱা বস্তু আনিব ..., কিমান যে ভাল লাগিব । কইনা হৈ মই ৰভাৰ তলত মচলা বিলাম ....! কিমান যে ভাল লাগিব সেইদিনা....! 


: কি হ'ল সোণ....? মাতবোল নাইকিয়া হ'ল যে....? মাকৰ মাতটো শুনি ৰাজীৱ যেন কল্পনাৰ ৰাজ্যৰ পৰা ওলাই আহিল । 

: একো হোৱা নাই । তোমাক বৰমাই কিবা কৈছিল নেকি...? 


: নাই কোৱা । তোমাক লগত লৈ যোৱা বাবে ভাল পাইছে...


: মন্দিৰাৰ বিয়া দিনা মই স্কুল নাযাওঁ দেই মা....


: কিয়....? 


: মন্দিৰাৰ কাষতে বহি থাকিম । 


       কথা পাতি আহি থাকোঁতেই তৰাহঁত ঘৰ পালেহি । তৰাই কাপোৰকেইটা সলাই গোঁসাই ঘৰৰ চাকিগছ জ্বলাবলৈ গোঁসাইঘৰত সোমাল আৰু ৰাজীৱ আইনাৰ আগত । ড্ৰেছিং টেবুলত থকা সেন্দূৰৰ টেমাটোৰ পৰা সেন্দূৰ অলপ নিজৰ শিৰত লগাই কপালত ডাঙৰকৈ ফোঁট এটা আঁকি ললে ৰাজীৱে । মাকৰ চাদৰখনে দীঘলকৈ ওৰনীখন লৈ আইনাখনত নিজকে বাৰে বাৰে চালে ৰাজীৱে । দুৱাৰখন খুলি ৰূমটোলৈ যীশু সোমাই আহিল .....তোৰো বিয়া হবলৈ মন গৈছে নেকি ....? কি বলিয়ালিবোৰ কৰি থাক তই...? 


: কেনেকুৱা লাগিছে মোক কচোন দাদা....? বৰ মৰমলগাকৈ কলে ৰাজীৱে । 


: বৰ ভাল লাগিছে তোক , একেবাৰে চিনেমাৰ নায়িকাৰ দৰে লাগিছে । হাতত বেগটো লৈ ৰূমটোলৈ সোমাই আহিল অৰ্জুন....., দেউতাকক দেখি লাহেকৈ মাত লগালে ৰাজীৱে ... 


: দেউতা পালাহি...? তুমি ফ্ৰেচ হৈ লোৱা মই চাহ কৰোগৈ....


: মাৰ নাই নেকি ঘৰত...? 


: আছে । মই মাক পঠিয়াই দিওঁগৈ । তুমি কাপোৰখিনি সলাই লোৱা .... কথাষাৰ কৈয়ে পাকঘৰলৈ গল ৰাজীৱ 


: তই আজি টিউচনলৈ নগলি নেকি যীশু....? 


: গৈছিলোঁ । আজি চাৰে অলপ সোনকালে চুটি দিলে । 


: অ'..., যা পঢ়া টেবুলত বহগৈ...


: দেউতা , তোমালোকে ভাইটিক কিয় একো নোকোৱা , তাৰকাৰণে মই বৰ লাজ পাব লগা হৈছে । 


: কিয়....? কি হ'ল তাৰ....? 


: তাক সকলোৱে স্কুলত লেডীছ বুলি জোকাই.., সি একো নকয় কিন্তু মই লাজ পাওঁ দেউতা । 


: এতিয়া সি অলপ সৰু হৈ আছে যে সেয়ে এনেকুৱা কৰিছে । সময়ত সকলো ঠিক হৈ যাব । যা তই নিজৰ কাম কৰগৈ....। দেউতাকৰ পৰাও একো সঁহাৰি নাপায় বৰ খঙেৰে ওলাই গল যীশু ।


: পালেহি....! মই লুচিকেইখনমান পুৰি আছিলোঁ । কথাষাৰ কৈয়ে তৰা সোমাই আহিল । .....ফ্ৰেচ হৈ পাকঘৰলৈকে আহক । সোণে চাহ কৰিছে । 


: ঠিক আছে যোৱা । মই গৈ আছোঁ । 

ক্ৰমশ…

Storyboard


এই উপন্যাস খনৰ  বাকী কেইটা খণ্ড আৰু আন বহু গল্প/উপন্যাস পঢ়ক এই লিংকত - www.গল্প/উপন্যাস.com


বিঃদ্ৰঃ আপোনালোকেও যদি কোনো গল্প আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আমাৰ ফেচবুক পেজৰ ইনবক্সত নতুবা ৯৮৫৪৭৯৯৫৭৭ নম্বৰত হুৱাটছ এপ যোগে প্ৰৰণ কৰক।

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

 নিৰ্বাচিত গল্প সমূহহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব।

আমাৰ ফেচবুক গ্ৰুপটো আপুনি পোনপটিয়াকৈ গল্প প্ৰকাশ কৰিব পাৰে।

আমাৰ গ্ৰুপৰ লিংক - SMJ24.facbookgroup

( Storyboard )


No comments:

Post a Comment

Advertisement

Pages