বয়সৰ এটা সময় এনে আহি পৰে, যত লৰাছোৱালী নিজতে ব্যস্ত থাকে।ইফালে স্বামী দেৱতাৰটো কথা পাতিবলৈও সময় নাথাকে। আৰু নিজকে ব্যস্ত নাৰাখিলে ড্ৰিপ্ৰেশ্বনৰ চিকাৰ হব পাৰে।( Storyboard )
এতিয়া সকলোৱে কব, আজিকালিৰ যুগত মহিলাসকলৰ সময়ে বা কত, ড্ৰিপ্ৰেশ্বনত ভুগিবলৈ। প্ৰতি সময়তে তেওঁলোকে নিজকে ব্যস্ত কৰিয়েই ৰাখে। কিন্তু এতিয়াও বহু সংখ্যক গৃহিণী আছে, যিয়ে নিজৰ বয়সৰ ৪০,৪৫ বয়স অহা লৈকে আচৰিত ধৰণৰ স্থিতিত উপস্থিত হয়গৈ। গৃহশুভা, মোৰ সখী কেতিয়া লৈকে পঢ়িব, আৰু শাহু বোৱাৰী নাটক কেতিয়া লৈকে শুনিব! ভাৱি ভাৱি সাগৰিকাই এটা কোঠাৰ পৰা আনটো কোঠালৈ বস্তুবোৰ ইফাল সিফাল কৰি ফুৰিছিলি। কাষতে থকা তাইৰ একে বয়সৰ লোকৰ অৱস্থা সাগৰিকাই দেখা পাইছিল।
স্বামী অত্যাধিক কামৰ বাবে বাহিৰত, লৰা ছোৱালী নিজতে ব্যস্ত যেনে এতিয়া আৰু কিছু কৰাৰ আৰু বাকীয়ে নাছিল। তাহাঁতৰ বাঢ়ি অহা জীৱন যেনে আচৰিত ভাৱে ৰৈ গৈছিল। স্বামীয়ে কৈছিলে, তোমাৰ দুখ কিহৰ বাবে! খোৱা বোৱা, আনন্দ কৰা, বজাৰ কৰা, ঘৰটো সজোঁৱা আৰু সুখী হোৱা। আৰু মোকো থাকিবলৈ দিয়া। কিন্তু সাগৰিকাই এইবোৰ কৰিলেও কাৰ বাবে কৰে! বজাৰ কৰিলে, কিন্তু ঘৰলৈ আহিলে কোনোবা চাব লগাও থাকিবও লাগে! নিজৰ ভালপোৱা ৰন্ধনৰ কামটোকে কৰে, কিন্তু খাবলগীয়াও কোনোবা থাকিব লাগে! সাগৰিকা লাহে লাহে অকলশৰীয়া হৈ পৰিল, কিন্তু তাইৰ স্বামী বিনয়ে বুজি নাপালে। কথাটো প্ৰথমে মানসিক সমস্যাত পৰিল, আৰু লাহে লাহে মানসিক হস্পিটাল পালেগৈ।
সেই কথা ভাৱি ভাৱি ভয়তে কপিঁ উঠিল। কি তাই নিজেই এনে স্হিতি লৈ গৈ আছে নি! সাগৰিকাই নিজকে দাপোণত চালে, পৰিপাটি নোহোৱা কাপোৰ, সিচৰিত চুলি। চকুৰ তলত কলা ডাগ, আজি সাগৰিকাই নিজকে দেখা পায় ভাৱিলে, এইজনীয়ে, সেইজনীয়ে সাগৰিকা নে! যাৰ সুন্দৰতাৰ কথা, মাকৰ ঘৰত, শহুৰৰ ঘৰত, সকলোতে হৈছিল। নহয়, নহয়, মই কিবা কৰিবলৈ লাগিব। নিজৰ বাবে জীয়াবলৈ লাগিব। মই নিজৰ কাষৰ ঘৰৰ দৰে স্হিতিত যাবলৈ নিবিচাৰো। এই কথা ভাৱি ভাৱি সাগৰিকা বাৰাণ্ডালৈ ওলাই আহিল। সেই সময়তে সাগৰিকাৰ ঘৰৰ কাষতেই থকা প্ৰিয়াক দেখা পালে। প্ৰিয়া, ২৩,২৪বছৰীয়া ছোৱালী আছিল। প্ৰিয়াই বৰ্তমান এম, এ কৰি আছিল। লগতে এন, জিঅ, এটাত কাম কৰিছিল। আবেলি প্ৰায়ে, সাগৰিকাৰ ওচৰলৈ প্ৰিয়া আহিছিল আৰু সাগৰিকাক প্ৰিয়াৰ লগত যাবলৈ লগ ধৰিছিল। লগতে, প্ৰায়ে, প্ৰিয়াই সাগৰিকাক কৈছিল, আপুনি দেখিবলৈ ইমান ধুনীয়া, অলপ সাজি থাকিব। নিজৰ যতন লব। কিন্তু সাগৰিকাই সদায়ে তাইৰ কথা নুশুনাৰ দৰে কৰিছিল। কাৰণ কাৰ বাবে সাগৰিকাই ধুনীয়া হৈ থাকিব! বিনয়ৰটো চাবলৈকে সময় নাই! আৰু এয়া কবলৈ যে, সাগৰিকা তুমি বহুত ধুনীয়া!
কিন্তু আজি সাগৰিকাই, প্ৰিয়াৰ কথা বোৰক গম্ভীৰ ভাৱে ভাৱিলে আৰু প্ৰিয়াক নিজৰ ওচৰলৈ মাতিলে। আৰু কলে যে, তুমি সেইদিনা কিবা, চচিয়েল ওৱৰ্কৰ কথা কৈছিলা, এতিয়া কোৱা কি কৰিবলৈ লাগিব! সচাঁ খুড়ী, আপুনি কৰিব! সচাঁকৈ তাত আপুনিও বহুত ভালপাব। আৰু সেই কণমানিহঁতৰো জীৱনটো আগবাঢ়ি যাব। সময়ো পাৰ হৈ যাব। প্ৰিয়াক সুখী দেখা পায়, সাগৰিকা সুখী হৈ পৰিল। এতিয়া বিনয় অফিচলৈ যোৱাৰ পাছত, সাগৰিকা প্ৰিয়াৰ লগত এন, জিঅ লৈ, লৰা ছোৱালী বোৰক পঢ়াবলৈ গৈছিল।আৰু পাছদিনা লৰা ছোৱালীক কি পঢ়াব, শিকাব, কি ছৱি আঁকিবলৈ দিব, কি সাধু শুনালে ভাল পাব, এতিয়া এয়াকে লৈ সাগৰিকাৰ দিন পাৰ হৈ গৈছিল। ঘৰৰ কামো সুন্দৰভাৱে হৈ আছিল। বিনয়ো সকলো বস্তু সময়তে পাইছিল। কিন্তু এতিয়া পৰিৱৰ্তন বিনয়ে, সাগৰিকাৰ ওপৰত দেখা পাইছিল যে, প্ৰতি সময়তে বিনয়ৰ ওচৰে পাজৰে ঘূৰি থকা, সাগৰিকাই এতিয়া টেবুলত খোৱা বস্তু ওলিয়াই, বিনয়ক মাতিছিল আৰু বিনয়ে সকলো বস্তু ভালদৰে পালে নাই ভালদৰে পৰীক্ষা কৰি সাগৰিকা পুনৰ নিজৰ কামত ব্যস্ত হৈ পৰিছিল। প্ৰতি পলতে চিন্তিত হৈ থকা সাগৰিকা এতিয়া সুখী হৈ ৰৈছিল। প্ৰতি সময়তে প্ৰিয়াৰ লগত সাগৰিকাৰ বহু কথা, আৰু দুইজনীয়ে ডাঙৰ ডাঙৰ কে হাঁহি ৰৈছিল। মাজে মাজে বিনয়ও এতিয়া চিন্তিত হৈছিল, কাৰণ সাগৰিকা এতিয়া তাৰ ওচৰে পাজৰে ঘূৰি নাথাকিছিল বাবে। কিন্তু কিছু ক্ষণতে বিনয়ে আকৌ ভাৱিছিল, এতিয়া ঠিক, সাগৰিকাই তাক যিটি কয় আমনি নকৰিছিল।( Storyboard )
এদিন প্ৰিয়া আৰু সাগৰিকা বজাৰলৈ গল। লৰা ছোৱালীৰ বাবে, কিতাপ, ৰং, আৰু প্ৰয়োজনীয় বস্তু ক্ৰয় কৰাৰ পাছত, প্ৰিয়াই সাগৰিকাক টানি আজুৰি মেখেলা চাদৰ দোকান এখনলৈ লৈ গল। কি যে খুড়ী, আপুনি এতিয়া ইমান বুঢ়ী নাই হোৱা! যে, ইমান পাতলীয়া ৰংৰ কাপোৰ পিন্ধে। প্ৰিয়াই, সাগৰিকাৰ বাবে, এযোৰ বেঙেনা ৰংৰ মেখেলা চাদৰ পচন্দ কৰিলে। আৰু বজাৰ কৰাৰ পাছত, সাগৰিকাক প্ৰিয়াই বিউটি পাৰ্লাৰলৈ লৈ গল। সাগৰিকাই, এতিয়া নিজকে এটি নতুন বাটত খোজ দিবলৈ প্ৰস্তুত কৰিছিল। আৰু যেতিয়া সাগৰিকা পাৰ্লাৰৰ পৰা বাহিৰলৈ আহিল, তেতিয়া সাগৰিকাৰ বয়স যেন আধা কমি গল। ঘৰলৈ আহি সাগৰিকাই নতুন কাপোৰ যোৰ পিন্ধি আইনাত নিজকে চাই ৰল। তেতিয়া তাই নিজকে চিনিব পৰা নাছিল। আৰু সেই সময়তে বাহিৰত গাড়ী মাত শুনা পালে আৰু দুৱাৰৰ বেল বাজিল। বিনয় ঘৰলৈ আহিছিল। সাগৰিকাই দুৱাৰ খুলিলত, বিনয়ে একেঠিৰে চাই ৰল। বিনয়ৰ সন্মুখত যিজনী সাগৰিকা আছিল, তাইক দেখা পায়, বিনয় অকে ঠাইতে থৰ হৈ ৰল। ধুনীয়া বেঙুনীয়া কাপোৰ এযোৰ, মুখখনিত পাতলীয়া প্ৰসাধন, চুলিখিনি খোপা বন্ধা, চকুদুটিত পাতলীয়া কাজল, ডিঙিত পাতল চেইন, আৰু চকুদুটিয়ে হাঁহি ৰৈছিল।
বিনয়ক এনে দৰে থৰ লগা দেখা পায় সাগৰিকাই হাঁহি দিলে। আৰু অলপ লাজ কৰি, চকুদুটি তললৈ কৰিলে। বিনয়ে কলে, সাগৰিকা, সচাঁকৈ আজি তোমাক বৰ ধুনীয়া লাগিছে। সাগৰিকাই তপৰাই কলে, আগেয়ে তুমি এনেদৰে কোৱা নাছিলা! বিনয়ে, হাঁহি মাৰি উত্তৰ দিলে যে, তুমি সদায়ে মোৰ বাবে ধুনীয়া। কিন্তু আজি তোমাৰ চকুৰ জিলিকনিয়ে আৰু আত্মবিশ্বাসেৰে ভৰা ব্যক্তিত্বই তোমাৰ সুন্দৰতাক আৰু দুগুণ কৰি দিলে। মইয়ে ভুল আছিলো, যি তোমাক বুজি নাপালো। সচাঁকৈ, এতিয়াহে তোমাৰ অকলশৰে থকাৰ সমস্যা, আৰু কিবা কৰাৰ শক্তিক বুজি পাইছো। তুমি এনেদৰে আগবাঢ়ি যোৱা, মই বহুত সুখী হৈ ৰম। সাগৰিকাই, বিনয়ৰ কথা শুনি হাঁহি দিলে। আৰু এতিয়া তাইৰ জীৱনৰ বাটত আগবাঢ়ি যোৱাৰ খোজক ভালদৰে দেখা পালে।
এনেধৰনৰ আৰু গল্প/উপন্যাস পঢ়ক এই লিংকত - www.গল্প/উপন্যাস.com
আমাৰ ফেচবুক গ্ৰুপটো আপুনি পোনপটিয়াকৈ গল্প প্ৰকাশ কৰিব পাৰে।
আমাৰ গ্ৰুপৰ লিংক - SMJ24.facbookgroup
( Storyboard )



No comments:
Post a Comment