জানি লওক ক'ভিড ভেক্সিন সন্দৰ্ভত সম্পূৰ্ণ নিৰ্দেশনা সমূহ : Corona update - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Saturday, June 19, 2021

জানি লওক ক'ভিড ভেক্সিন সন্দৰ্ভত সম্পূৰ্ণ নিৰ্দেশনা সমূহ : Corona update

Corona update

অহা ২১ জুনৰ পৰা সমগ্ৰ ৰাজ্যতে আৰম্ভ হ’বলগীয়া বৰ্ধিত টিকাকৰণ অভিযান সন্দৰ্ভত ৰাজ্যখনৰ সকলো জিলাৰ
Corona update
উপায়ুক্ত, আৰক্ষী অধীক্ষক, স্বাস্থ্য সেৱাৰ যুটীয়া সঞ্চালক আৰু চিকিৎসা মহাবিদ্যালয়কেইখনৰ অধ্যক্ষসকলৰ সৈতে ভিডিঅ’ কনফাৰেন্সিং ব্যৱস্থাৰে মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাই আজি এখন গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয় ( Corona update ) ৷ এই বৈঠকত মুখ্যমন্ত্ৰী ড: শৰ্মাই তলত উল্লেখ কৰা নিৰ্দেশনাৱলীসমূহ প্ৰদান কৰে–


▶️ মুখ্যমন্ত্ৰীয়ে অহা ২১ জুনৰ পৰা সমগ্ৰ ৰাজ্যখনত প্ৰতিদিনে তিনি লাখ লোকক টিকাকৰণ কৰাৰ লক্ষ্যত উপনীত হোৱাৰ বাবে এই কাৰ্যসূচী অভিযান আকাৰে ৰূপায়ণৰ বাবে জিলা উপায়ুক্তসকলক নিৰ্দেশ দিয়ে৷ তেখেতে ২১ জুনৰ পৰা ৩০ জুনলৈ এই লক্ষ্য বাহাল ৰখাৰ পদক্ষেপ ল’বলৈও নিৰ্দেশ দিয়ে৷ এই বৰ্ধিত টিকাকৰণ অভিযান তদাৰক কৰাৰ বাবে জিলাসমূহৰ অভিভাৱক মন্ত্ৰী আৰু তেওঁলোকৰ সচিবসকলে আগন্তুক সাত দিন সংশ্লিষ্ট জিলাসমূহত বাহৰ পাতি সমগ্ৰ কাম-কাজৰ তদাৰক কৰিব৷


▶️ অহা ২১ জুনৰ পৰা কেন্দ্ৰীয় চৰকাৰে ১৮ বছৰ ঊৰ্ধ্বৰ সকলো লোকলৈ বিনামূলীয়া ভেকচিন প্ৰদান কৰিব ৷ সেয়েহে ২১ জুনৰ পৰা টিকাকৰণৰ ক্ষেত্ৰত কোনো পৃথক গোট নাথাকিব৷ ১৮ বছৰৰ ঊৰ্ধ্বৰ সকলো লোকে এই টিকা ল’ব পাৰিব৷


▶️ টিকাকৰণ কেন্দ্ৰসমূহত নিয়োজিত টিকা কৰ্মীসকলে পৰিবহণ ব্যয়ৰ নামত প্ৰতিদিনে ১০০ টকাকৈ লাভ কৰাৰ উপৰি প্ৰয়োজনীয় খাদ্য-সামগ্ৰীও লাভ কৰিব৷ ৰাজ্যখনত সৰ্বমুঠ ২ হাজাৰটা টিকাকৰণ কেন্দ্ৰৰ ব্যৱস্থা থাকিব৷


▶️ নগৰ অঞ্চলত ২টা খেপত ৰাতিপুৱা ৮ বজাৰ পৰা নিশা ৮ বজালৈ টিকাকৰণ অব্যাহত থাকিব৷ আনহাতে, গ্ৰামাঞ্চলত ৰাতিপুৱা ৮ বজাৰ পৰা দিনৰ ১ বজালৈ এই কেন্দ্ৰসমূহে সেৱা অব্যাহত ৰাখিব৷ এই সময়খিনিৰ ভিতৰত কেন্দ্ৰত প্ৰৱেশ কৰা সকলো লোককে টিকাকৰণ কৰা হ’ব৷( Corona update )


▶️ এই অভিযান সফল কৰাৰ বাবে তৃণমূল পৰ্যায়লৈকে জনসচেতনতা সৃষ্টিৰ পদক্ষেপ ল’বলৈ মুখ্যমন্ত্ৰীয়ে স্বাস্থ্য বিভাগক নিৰ্দেশ দিয়ে৷ মুখ্যমন্ত্ৰীয়ে লগতে স্বেচ্ছাসেৱী সংস্থা, সামাজিক সংগঠন তথা ৰাজনৈতিক কৰ্মীসকলকো জনসাধাৰণক টিকা গ্ৰহণৰ দিশত উদ্বুদ্ধ কৰাৰ বাবে আহ্বান জনায়৷


▶️ নিজৰ নিজৰ কৰ্মস্থলীত যাতে সোনকালে যোগদান কৰিব পাৰে তাৰ বাবে মুখ্যমন্ত্ৰীয়ে সকলো চৰকাৰী কৰ্মচাৰী, ব্যক্তিগত প্ৰতিষ্ঠানৰ কৰ্মচাৰী, দোকানী ইত্যাদিক এই টিকা গ্ৰহণৰ বাবে আগবাঢ়ি আহিবলৈও আহ্বান জনায়৷


▶️ চাহ বাগিচাকে ধৰি সকলো অঞ্চল এই ব্যাপক কাৰ্যসূচীৰে সঠিকভাৱে সামৰাৰ পদক্ষেপ ল’বলৈ তেখেতে নিৰ্দেশ দিয়ে৷ 


▶️ দুখীয়া-নিছলা তথা নিৰক্ষৰ জনসাধাৰণক টিকাকৰণৰ পঞ্জীয়নত সহায় কৰাৰ বাবে সকলো টিকাকৰণ কেন্দ্ৰত থিতাতে পঞ্জীয়ন কৰিব পৰা একোগৰাকীকৈ সুনিৰ্দিষ্ট পঞ্জীয়ন কৰ্মী থাকিব বুলিও তেখেতে কয়৷( Corona update )

Corona update


No comments:

Post a Comment

Advertisement

Pages