"দেউতা, দেউতা ..... আৰে পাহি তুমি দেউতাক দেখিছিলা নেকি? ৰুমত দেখোন নাই। বাহিৰত বাগিছাতো নাই। কত বা গল?"( Storyboard )
" ইয়াতেই কৰবাত আছে ভালকৈ চোৱা। এই সময়ত নো কলৈ যাব?" পাহীয়ে কলে।
তেনেকুৱাতে ভাস্কৰৰ চকু দেউতাকৰ টেবুলৰ ওপৰত থকা চিঠি এখনত পৰিল।
" প্রিয় ভাস্কৰ ,
কিছুদিনৰ বাবে পৰিবেশটো কিছো সলনি হোৱাৰ কামনাৰে বহু দূৰলৈ গৈছোঁ। সময়ে সময়ে মোৰ ভাল বেয়াৰ খবৰ তোমাক দি থাকিম। পাহিৰ লগত আগৰ দৰে সুখেৰে থাকিবা আৰু মই ঘৰ এৰাৰ বাবে তাইক একদম দোষাৰোপ নকৰিবা। সদায় সুখী হোৱা।
তোমাৰ দেউতা ( বিদ্যাধৰ)"
ভাস্কৰে চিঠিখন পঢ়ি তাৰ চিন্তা কৰা আৰু বুজা শুনাৰ শক্তি হেৰুৱাই পেলালে।
" চোৱা পাহি দেউতা ঘৰ এৰি গুচি গল। তুমি ৰাতি দিন তেওঁৰ লগত কাজিয়া কৰি থাকা নহয় এতিয়া ফুৰ্তি কৰা।"
দেউতাকে এনেদৰে ঘৰ এৰি গুচি যোৱাৰ বাবে ভাস্কৰ বহুত চিন্তিত হল। আজি তাৰ প্ৰথম বাৰৰ বাবে অনুতাপ হল পাহিক পত্নী হিচাপে বাচি লোৱাত। পাহি তাৰ নিজৰ পছন্দ আছিল। সৰুৰে পৰা মাক দেউতাকে তাক নাৰীক সন্মান কৰিবলৈ শিকাইছিল। সেইবাবে যেতিয়াই পাহি আৰু দেউতাকৰ মাজত কাজিয়া হয় মাক দেউতাকৰ সেই কথা মনত ৰাখি সি মৌন হৈ সকলো চাই থাকে। পাহিৰ সৈতে ভাস্কৰৰ প্ৰেম বিবাহ হৈছিল। পাহি তাৰ অফিচৰ সহকৰ্মী আছিল। প্ৰথম দেখোতেই সি তাইৰ প্ৰেমত পৰিছিল। তাৰ উপৰিও পাহিৰ বৌদ্ধিক গুণৰ বাবে সি বহুত প্ৰভাৱিত হৈছিল। পাহি বাকীবোৰ ছোৱালীতকৈ বহুত বেলেগ। তাইৰ প্ৰতিটো শব্দৰ পৰা বৌদ্ধিকতা সৰি পৰে। প্ৰতিষ্ঠিত লেখকৰ কিতাপ পঢ়ি ভাস্কৰে বহুত ভাল পাইছিল। পাহিৰো এইবোৰ প্রিয় আছিল। অফিচত দুয়ো যেতিয়া লগ হয় দুয়োৰে ইচ্ছাবোৰ একেই হৈ পৰে। সময়ৰ লগে লগে দুয়োৰে মাজত গঢ়ি উঠা এই সম্পৰ্কই বিবাহৰ ৰূপ ললে। বিয়াৰ পাছত দুয়ো বহুত সুখী আছিল। তেওঁলোকৰ সম্বন্ধ বিশ্বাস, সমৰ্পণ, পৰস্পৰৰ প্ৰেমৰ ৰঙেৰে সাজি আৰু অধিক গভীৰ হৈ পৰিল।
ভাস্কৰ আৰু পাহিৰ বিয়াৰ ৫ বচৰ পাছত ভাস্কৰৰ মাকৰ ব্লাড কেঞ্চাৰ হৈছিল আৰু প্ৰায় ৫ মাহৰ ভিতৰত তেওঁৰ মৃত্যু ঘটিল।ভাস্কৰে দেউতাকক গুৱাহাটীলৈ লৈ আনিলে। বিদ্যাধৰ অলপ পুৰণা চিন্তাধাৰাৰ ব্যক্তি। তেওঁ বোৱাৰীয়েকে ঘৰত টি-চাৰ্ট আৰু জিঞ্চ পিন্ধি ঘূৰাটো পছন্দ কৰা নাছিল। পাহীয়ে পাকঘৰত পিয়াজ আৰু নহৰুৰ অবিহনে তৰকাৰী নাৰান্ধে আৰু বিদ্যাধৰে পিয়াজ নহৰু বহুত বেয়া পাইছিল। বোৱাৰীৰ পাকঘৰত সদায় দিম তৰকাৰী বনোৱা হয় কিন্তু বিদ্যাধৰৰ ঘৰত আজিলৈকে দিম অনা হোৱাই নাছিল। বিদ্যাধৰৰ এনেকুৱা লাগিছিল যেন পাহীয়ে তেওঁক সেই সন্মান দিয়া নাই যাৰ বাবে তেওঁ উপযুক্ত। পাহীয়ে যদি বিদ্যাধৰৰ কিবা কথা পছন্দ নকৰে তেন্তে তাই স্পষ্টভাবে কৈ দিয়ে। বিদ্যাধৰৰ এইবোৰৰ তৰ্ক কৰা যেন অনুমান হয়। তেওঁ পাহিক বৰ এটা ভাল নাপায় আৰু সেইবাবে দুয়োৰে মাজত সৰু সৰু কথাত সদায় তৰ্ক হৈ থাকে। পাহিৰ বিদ্যাধৰক এনেকুৱা লাগিল যেন দুখী হোৱাৰ বাবে ভাস্কৰৰ সকলো সহানুভূতি তেওঁ পাইছে। পাহীৰ লগত কাজিয়া হলেই বিদ্যাধৰে দুখ মনেৰে মৌন ব্ৰত পালন কৰে। কেতিয়াবা পত্নীৰ লগত কটোৱা মধুৰ ক্ষণবোৰ মনত পেলাই কান্দিব ধৰে। এইবোৰ দেখি ভাস্কৰ উদাস হৈ পৰে। দেউতাকৰ অৱস্থা দেখি সি পাহীকেই দোষাৰোপ কৰে। পৰিস্থিতি ইমান বেয়া হৈছিলগৈ যে পাহি আৰু ভাস্কৰৰ বিবাহ বিচ্ছেদ হোৱাৰো উপক্ৰম হৈছিল
সেইদিনা মঙ্গলবাৰ আছিল। তেওঁ ডেকাকালৰ পৰাই এই মঙ্গলবাৰৰ ব্ৰত পালন কৰি আহিছে।দুপৰিয়া তেওঁ পানী খোৱা গিলাছটো পাকঘৰত থবলৈ আহে দেখে যে ঘৰৰ বন কৰা লৰা ৰামুয়ে দিমৰ তৰকাৰীত লগোৱা হেতা পাতেৰে তেওঁলৈ বনোৱা আলুৰ তৰকাৰীত লগাইছে। এইটো দেখি বিদ্যাধৰে খঙেৰে ৰামোক গালি দিব ধৰিলে। তেওঁৰ গালি শুনি ৰামুয়েও কাজিয়া কৰিব ধৰিলে আৰু এইবোৰ দেখি ভাস্কৰৰ খং উঠিল আৰু ৰামুক ঘৰৰ পৰা ওলাই যাবলৈ কলে।
ৰামুক এনেদৰে সৰু কথা এটাত ঘৰ এৰি যোৱা দেখি পাহিও খঙত কব নোৱাৰা হল। বিদ্যাধৰে ৰামুক উলিয়াইল পঠালে বুলি তাই উচ্চ স্বৰত কলে যিটো শুনি বিদ্যাধৰ নিজৰ ৰুমলৈ গৈ কান্দিব ধৰিলে।
ইফালে ৰামু গুচি যোৱাৰ পাছত ঘৰৰ সকলো কাম পাহীয়ে অকলে কৰিব লগা হল। দেওবাৰৰ দিন আছিল। জুথা বাচনেৰে ভৰি পৰা বেচিন, লেতেৰা হৈ থকা ঘৰ ,লেতেৰা কাপোৰ জমা হৈ থকা দেখি পাহীৰ আৰু খং উঠিলে আৰু তেওঁ অন্তিম নিৰ্ণয় শুনালে।
"বহুত হল আৰু ভাস্কৰ, মই ইমানদিনে নিজৰ ঘৰত মুক্ত মনে উশাহ লবলৈ বিচাৰি আছোঁ। এতিয়া হয়তো তেওঁ এইখন ঘৰত থাকিব নহলে মই। এতিয়া তুমি সিদ্ধান্ত কৰা পত্নী নে তোমাৰ দেউতা।"
পাহীৰ সিদ্ধান্ত শুনি বিদ্যাধৰ অবাক হল। তেওঁৰ নিজৰ বোৱাৰীয়ে একেখন ঘৰত তেওঁৰ লগত থাকিবলৈ আপত্তি কৰিব বুলি তেওঁ ভাবিবই পৰা নাছিল।
আহিবলগীয়া দিনবোৰৰ কথা ভাবি সেইদিনা ৰাতি তেওঁ বাগৰ সলাই সলাই উজাগৰে কটাই দিলে। বহুত ভাবি চিন্তি তেওঁ এটা নিৰ্ণয় ললে। তেওঁ কলেজৰ বন্ধু হৰেনৰ বৃদ্ধাশ্ৰমত থাকিবলৈ গুচি যাব।
আকৌ তেওঁ ভাবিলে মাঘ বিহু উৎসৱ আহিছে, এইটো উৎসৱ বোৱাৰী আৰু লৰাৰ লগত পালন কৰিয়েই বৃদ্ধাশ্ৰম যাব। তাৰ পাছত তেওঁ আকৌ ভাবিলে ইমানবোৰ মোহ মায়া ভাল নহয়।
পিছদিনা লৰা বোৱাৰী অফিচলৈ যোৱাৰ পাছত তেওঁ নিজৰ বয়বস্তু সামৰিলে আৰু সিহঁত ঘূৰি অহাৰ আগতেই টেবুলত চিঠি এখন থৈ গল যিখন পঢ়ি ভাস্কৰে তাৰ জ্ঞান হেৰুৱালে।( Storyboard )
উৰুকাৰ আগদিনা আছিল, কিন্তু আজি পাহিৰ ঘৰত শূন্যতা বিৰাজ কৰিছিল। প্ৰতি বছৰে এই দিনটোত দেউতাকে তাইৰ বাবে পেঞ্চনৰ টকাৰে চিৰা,দৈ,কোমল চাউল আদি আনি দিয়ে। বিহুত দেউতাকে গাঁৱৰ পৰা বিভিন্ন ধৰণৰ পিঠা পনা আনি দিয়ে। সেই পিঠা নিজেও খাই আৰু ভাস্কৰ আৰু তাইক নিজ হাতেৰে খুৱাই দিয়ে। কিন্তু এই বছৰ ঘৰলৈ পিঠাৰ টুকুৰা এটাও এতিয়ালৈকে অনা নাই। ভাস্কৰেও আগৰ বছৰ বোৰৰ দৰে মেজিৰ নিশা এসাজ ভালকৈ খাবলৈও যোগাৰ কৰা নাছিল। পিছদিনা পাহীয়ে শুই উঠি মনতে ভাবিলে দেউতাক চাগে অকলে অকলে কত কেনেদৰে আছে? আকৌ এবাৰ দেউতাক আকৌ তাইৰ চিন্তাৰ কেন্দ্ৰবিন্দু হৈ পৰিল। ৰামু সদায় ৯ বজাত কামলৈ আহিছিল আৰু তেতিয়ালৈকে দেউতাকে সিহঁতৰ কাৰণে এবাৰ চাহ বনাই দিয়ে। যোৱাবাৰ যেতিয়া তাইৰ অসুখ হৈছিল তেতিয়া দেউতাকে ভাস্কৰক শুৱাই লৈ তাইৰ বিছনাৰ ওচৰত আহি আৰাম কৰা চকীখনত বহি ৰাতি কটাইছিল আৰু তাইৰ দেখভাল কৰিছিল।
সময়ত দৰবটোও তাইৰ হাতত তুলি দিছিল। এইবোৰ নো কি আছিল? দেউতাকৰ মৰম ভালপোৱা আছিল তাইৰ বাবে। তেওঁ পাহিক ঘৰৰ বোৱাৰীৰ মান মৰ্যদা দিছিল। কিন্তু পাহীয়ে জানো এইবোৰৰ তেওঁক প্ৰতিদান দিব পাৰিলে? আজি দেউতাকে ঘৰ এৰি যোৱাৰ পাছত তেওঁ কৰা মৰম চেনেহ, মান সকলোবোৰ মনত পৰিল।
তেতিয়াই ফোনটো বাজি উঠিল আৰু পাহীয়ে ফোনটো উঠালে। ইফালৰ পৰা এটা অপৰিছিত মাতেৰে কলে," ভাস্কৰৰ লগত কথা পাতিব পাৰিম নেকি?"
" হয় তেওঁ এতিয়া শুই আছে। কওকচোন কি কথা আছে? মই পাহি ,তেওঁৰ পত্নীয়ে কৈছোঁ।"
" অ পাহি, মই মাত্ৰ এইটো জনাব খুজিছিলোঁ যে বিদ্যাধৰ ইয়াত আছে।"
" তাত আছে? আপুনি মাত্ৰ ঠিকণাটো দিয়ক মই আধা ঘণ্টাতে গৈ পাই আছোঁ।"
আধা ঘণ্টাৰ ভিতৰত পাহীয়ে নিজে গাড়ী চলাই হৰেনৰ বৃদ্ধাশ্ৰম পালেগৈ। মিষ্টাৰ হৰেন আৰু বিদ্যাধৰৰ ভৰিত ধৰি সেৱা জনাই তাই বিদ্যাধৰক কলে," দেউতা মই আপোনাক বহুতবাৰ মনত আঘাত দিলোঁ। আগলৈ আৰু আপোনাক কেতিয়াও এনেকুৱা নকৰো।মাত্ৰ এতিয়া আপুনি ঘৰলৈ বলক।"
ইফালে ঘৰলৈ উভটি বিদ্যাধৰে মনতে ভাবিলে " তেওঁৰ বনবাস মাত্ৰ ৩ দিনৰ বাবেহে আছিল। তেওঁ নিজৰ অযোধ্যালৈ তিনি দিনতেই উভতি আহিল। কিন্তু এতিয়া তেওঁ নিজেও চেষ্টা কৰিব লাগিব যাতে পাহীৰ লগত আৰু কোনোধৰণৰ বাক বিবাদ ভৱিষ্যতে নহয়। ইয়াৰ বাবে তেওঁ অলপ উদাৰ হব লাগিব। পাহীৰ মাজত থকা কিছুমান অভাৱক তেওঁ নতুন প্ৰজন্ম আৰু আধুনিক সময়ৰ বুলি ভাবি নেদেখাৰ ভাও জুৰিব লাগিব।
দেউতাকক পাহিৰ লগত উভতি অহা দেখি ভাস্কৰে ফুৰ্তিতে জপিয়াই দিলে। কিন্তু তেতিয়াই সিও এটা সংকল্প ললে । এইবাৰটো দেউতা ঘূৰি আহিল কিন্তু এইটো ঘটনাৰ পুনৰাবৃত্তি ঘটিব নালাগে। এইবাৰ সি টানকৈ পাহিক তাৰ নিৰ্ণয় শুনাই দিব যে দ্বিতীয়বাৰ যাতে দেউতাকৰ লগত একেখন ঘৰতে থাকিব নোৱাৰা কথাষাৰ মুখত নাহে। এতিয়া গোটেই জীৱন তাই দেউতাকৰ লগত থাকিব লাগিব। সি তাইক বুজাব যে দেউতাকক নিজৰ দেউতাক বুলি মানিবলৈ। তেওঁৰ পুৰণা চিন্তাধাৰাবোৰক বুজি পাই স্বীকাৰ কৰি সন্মান কৰিবলৈ । তেওঁৰ লগত যাতে শালীন ব্যৱহাৰেৰে তেওঁৰ স্বাভিমানি প্ৰবৃত্তিক সন্তুষ্ট কৰি তেওঁৰ বয়সৰ যাতে মান ৰাখে।
সি দেউতাককো বুজাব যে পাহিৰ প্রতি তেওঁৰ বিশ্লেষণাত্মক আৰু ঋণাত্মক দৃষ্টি এৰি তাইৰ অপৰিপক্ক আচৰণ আৰু আধুনিক জীৱন শৈলীক কম বয়স আৰু অবুজ মনৰ ভাব বুলি বুজি যদি মনৰ পৰা স্বীকাৰ কৰে তেন্তে দুয়োৰে মাজত বাদ বিবাদ নহয়। যদি নতুন প্ৰজন্ম আৰু পুৰণা প্ৰজন্মই নিজৰ দৃষ্টিকোণৰ পৰা প্ৰতিটো বিবাদ তাৰ্কিক বিশ্লেষণ কৰিলে প্ৰজন্মৰ মাজত থকা পাৰ্থক্য আপোনাআপুনি সমাধান হব।
ভাস্কৰে গভীৰ চিন্তা কৰি আছিল যে এজন পুত্ৰ আৰু এজন স্বামী হোৱাৰ বাবে পাহি আৰু দেউতাকক নিজৰ বিশ্বাসত লৈ এইবোৰৰ অনুভৱ কৰাব লাগিব। এইটো চিন্তাই তাক অপূৰ্ব শান্তি দিলে।
মাঘ বিহুৰ বহুপ্ৰত্যাশিত নিশা আহি পৰিল। ৰাতিৰ কালিমা পৃথিৱীক নিজৰ মাজত ৰাখিবলৈ আতুৰ হৈ লাহে লাহে নামি আহিল। দেউতাক ঘূৰি অহাৰ বাবে ঘৰত আনন্দ উল্লাহ দুগুন বাঢ়িল। পাহীয়ে ঘৰৰ দুৱাৰমুখত মধ্যম পোহৰত জলি থকা এগছি চাকি জ্বলালে। দেউতা পাহিৰ লগত কিবা কথাত হাঁহি কথা পাতি অত্যন্ত ফুৰ্তিত আছিল। তেওঁলোকক আনন্দিত দেখি ভাস্কৰৰ মনটো মেজিৰ জুইৰ পোহৰৰ দৰে জকমকাই উঠিল।
এনেধৰনৰ আৰু গল্প/উপন্যাস পঢ়ক এই লিংকত - www.গল্প/উপন্যাস.com
( Storyboard )
বিঃদ্ৰঃ আপোনালোকেও যদি কোনো গল্প আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ গল্প সমূহ আমাৰ ফেচবুক পেজত নতুবা SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সত প্ৰেৰণ কৰিবলৈ আহ্বান জনালো।নিৰ্বাচিত গল্প সমূহ প্ৰেৰকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব,ধন্যবাদ।
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page


No comments:
Post a Comment