কি হব এইখন সংসাৰৰ শেষ পৰিণতি ( খণ্ড - ১ ) ? Storyboard - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Sunday, June 20, 2021

কি হব এইখন সংসাৰৰ শেষ পৰিণতি ( খণ্ড - ১ ) ? Storyboard

Storyboard

" কিন্তু দেউতা মই এনেকৈ কিদৰে বিয়া কৰাম।  মানে মই আজিলৈকে তাইক ভালদৰে নাজানোৱেই আৰু মই লগ পোৱাও নাই। এনেকৈ কিদৰে আপুনি সিদ্ধান্ত লব পাৰে?"( Storyboard )

" তুমি তেওঁৰ অৱস্থা দেখিছাই ন?যদি আজি এই বিয়া নহয় তেন্তে সকলো থানবান হৈ যাব"।

" কিন্তু দেউতা, মা তুমিয়েই দেউতাক বুজোঁৱাচোন।"

" ৰিংকু তোমাৰ দেউতাই ঠিকেই কৈছে। যেতিয়াৰ পৰা লৰাঘৰৰ মানুহে বিয়াৰ বাবে মানা কৰিলে ককাইদেউ অসুস্থ হৈ পৰিছে।

তাৰ উপৰিও বাহিৰত আলহী আহিছে । এনেকুৱাত যদি বিয়া নহয় তেন্তে ককাইদেউৰ বহুত বদনাম হব। ৰিয়াৰ জীৱনটো শেষ হৈ যাব।"

" কিন্তু মা ময়েই কিয়? ইয়াতটো বহুত লৰা আছে। বেদান্তও আছে ইয়াতে তাৰ লগত সেই ছোৱালীজনীৰ বিয়া কৰাই দিয়ক। সিহঁত দুয়ো বন্ধুও হয়।"প

" তাৰ লগত কৰাব নোৱাৰো কাৰণ তুমি ডাঙৰ হয়। তাক কোৱা হলে সি মানাও নকৰিলে হয়। কিন্তু হয়তো তুমি নিজৰ ময়মতালিৰ বাহিৰে একো দেখি নোপোৱা।"

" ঠিক আছে দেউতা ব'লা, কিন্তু কেৱল বিয়াহে , তাৰ বাহিৰে মোৰ পৰা আৰু একো আশা নকৰিব।"



গুৱাহাটীৰ জনাজাত ব্যৱসায়ী অমৰ কলিতা তেওঁৰ পত্নী কল্পনা আৰু দুই পুত্ৰ ৰিংকু আৰু বেদান্তৰ লগত তেওঁৰ সৰুকালৰ বন্ধু প্ৰশান্তৰ তাত আহিছে। আজি প্ৰশান্তৰ ছোৱালী ৰিয়াৰ বিয়া কিন্তু অন্তিম সময়ত লৰা ঘৰৰ মানুহে বিবাহত অমান্তি জনালে। তেওঁলোকে প্ৰশান্তক ফোন কৰি কলে যে, তেওঁলোক ছোৱালী আনিবলৈ গৈ থকা অৱস্থাত দৰা লগত যোৱা এখন বাহন দুৰ্ঘটনাগ্ৰস্ত হয়,সেয়ে এতিয়া সকলোৱে ছোৱালী জনীক অমংগলীয়া বুলি কৈছে।আৰু তাৰ বাবেই তেওঁলোকৰ দৰাই ছোৱালী নিবলৈ নাহে । প্ৰশান্ত হল এজন সাধাৰণ শিক্ষক আৰু সমাজত সুনাম থকা লোক। এইবোৰ শুনি তেওঁৰ গাত যেন বজ্ৰ হে পৰিল। বাহিৰত নিমন্ত্রিত আলহী অতিথি অহা আৰম্ভ হল। এইবোৰ ভাবি তেওঁ বহুত চিন্তিত হল। তেওঁৰ বুকুৰ বিষ হবলৈ ধৰিলে। অমৰে তৎক্ষণাত ডাক্তৰক ফোন কৰিলে। ৰিয়াৰো কান্দি কাটি অৱস্থা বেয়া , যেনেতেনে কল্পনাই তাইক বুজাইছে।

কল্পনাৰ নিজৰ ছোৱালী নাছিল বাবে ৰিয়াক নিজৰ ছোৱালীৰ দৰে মৰম কৰে। তেওঁ ৰিয়াৰ অৱস্থা সহিব নোৱাৰি অমৰক কিনাৰলৈ মাটি ৰিংকুৰ লগত ৰিয়াৰ বিয়া কৰাবলৈ কলে। অমৰে আগৰ পৰাই ৰিয়াৰ মাজত বোৱাৰীৰ ছবি দেখা পাইছিল। কিন্তু ৰিংকুৰ স্বভাৱৰ বাবে একো কব নোৱাৰিলে। আজিৰ পৰিস্থিতি দেখি তেওঁ ৰিংকুক এই বিয়াৰ বাবে যেনেতেনে মান্তি কৰালে।



অমৰে প্ৰশান্তক এই সিদ্ধান্তৰ বিষয়ে অৱগত কৰাত প্ৰশান্তই হাত যোৰ কৰিলে" কৃষ্ণ আৰু সুডামাৰ কাহিনীক পুনৰবাৰ তুমি ঘূৰাই আনিলা।" অমৰে প্ৰশান্তক সাৱটি ধৰিলে।

কল্পনাৰ দুচকু সেমেকি উঠিল ," ককাইদেউ মইতো আগৰ পৰাই ৰিয়াক নিজৰ ছোৱালী বনাব খুজিছিলোঁ।"

যেতিয়া ৰিয়াক সোধা হল তাইও মূৰ জোকাৰি সন্মতি দিলে। আকৌ বিয়াৰ নিয়মবোৰ আৰম্ভ হল। সকলোবোৰ সোনকালে কৰিব ললে কাৰন প্ৰশান্তৰ অসুস্থতা বাঢ়িব ধৰিলে। তেওঁক সোনকালে হস্পিতাললৈ লৈ যোৱা হল কিন্তু তেওঁক বচাব নোৱাৰিলে। ৰিয়াৰ কান্দি কান্দি অৱস্থা বেয়া হল কিন্তু কল্পনা আৰু বেদন্তই তাইক যেনেতেনে বুজালে। ঘৰলৈ আহি প্ৰশান্তৰ অন্তিম বিদায়ৰ বিধি আৰম্ভ হল। এইবোৰত বেদান্তই ৰিয়াক সম্পূৰ্ন লগ দিলে। কিন্তু ৰিংকুৰ যেন এইবোৰ লৈ একো মতলব নাই। সকলোবোৰ কাৰ্য্য সম্পন্ন হোৱাৰ পাছত অমৰে তেওঁৰ দুই পুত্ৰ, পত্নী আৰু বোৱাৰীসহ গুৱাহাটীলৈ উভতি আহিল।

ঘৰলৈ আহি পোৱাত সকলোৱে যেতিয়া ভিতৰলৈ আহিব ললে তেতিয়া কল্পনাই ৰিংকু আৰু ৰিয়াক দুৱাৰ মুখতে ৰবলৈ দি নিজে ভিতৰলৈ সোমাই গল। তেওঁ বেদান্তকো ভিতৰলৈ আহিব দিলে। কাম কৰা মানুহবোৰক প্ৰথমেই ফোন কৰি সকলো প্ৰস্তুতি কৰি থবলৈ কৈছিল। যেতিয়া তেওঁ বাহিৰলৈ আহিল তেওঁৰ হাতত আৰতিৰ ঠাল আৰু চাউলেৰে ভৰা কলহ এটা আছিল। বেদান্তই পিছৰ পৰা আলতা ভৰা থাল লৈ আহিল।



ৰিংকু: 'এইবোৰ কি মা? মই প্ৰথমেই এইবোৰৰ বাবে মানা কৰিছিলোঁ।'

কল্পনা :' নতুন বোৱাৰীক গৃহ প্ৰৱেশ নকৰাকৈ কেনেকৈ ভিতৰলৈ আহিব?'

 ৰিংকু : 'ঠিক আছে মা, যি কৰিব লগা আছে সোনকালে কৰা মোৰ ভাগৰ লাগিছে।'

কল্পনাই দুয়োকে আদৰি আনিলে আৰু ৰিয়াক কলে," মাজনী সু ভৰিৰে এই কলহটো পেলাই থালখনত ভৰি থৈ সোমাই আহা।"

ৰিয়াই লাহেকৈ কলহটো পেলাই আলতা থকা ঠালখনত ভৰি থৈ ভৰিৰ চিনবোৰ পিছলৈ এৰি আহিল।  কল্পনাই দুয়োকে পূজাঘৰলৈ লৈ গল। ভগবানক সেৱা কৰাৰ পাছত ৰিয়াই কল্পনা আৰু অমৰক সেৱা কৰিলে। ৰিংকু নিজৰ ৰুমলৈ গুচি গল। অমৰে ৰিয়াৰ মূৰত হাত থৈ কলে ," মাজনী আজিৰে পৰা এইখন তোমাৰো ঘৰ। তুমি ইয়াত বোৱাৰী হিচাপে নহয় ছোৱালী হিচাপে থাকিবা।"( Storyboard )

কল্পনা : ' অ মোৰ মৰমৰ মাজনী।'

বেদান্ত: ' আৰু মা মই আৰু দাদা?'

কল্পনাই বেদান্তৰ মূৰত হাত থৈ কলে," তোমালোক দুটাও।"

বেদান্ত:' ৰিয়া মই সদায় বন্ধু হৈ তোমাৰ লগত থাকিম।'

কল্পনাই তাৰ কাণত ধৰি কলে,' ৰিয়া এতিয়া তোমাৰ নবৌ হয়, নবৌ বুলি কোৱা।'

বেদান্ত : 'মা কানখন এৰি দিয়া দুখ পাইছোঁ। ৰিয়া বয়সত মোতকৈ সৰু। মইতো ৰিয়া বুলিয়েই কম। কিয় ৰিয়া তোমাৰ কিবা আপত্তি আছে নেকি?'

ৰিয়া : ' মা, কবলৈ দিয়ক ৰিয়া বুলি, মোৰো ভাল লাগিব।'

অমৰ :' কল্পনা, ৰিয়াক ৰিংকুৰ কোঠালৈ লৈ যোৱা। মুখ হাত ধুই অলপ জিৰাই লব পাৰিব। ইমানদূৰ যাত্ৰা কৰি ভাগৰি পৰিল চাগে মোৰ মাজনী।'

সেই সময়ত ৰিংকু তললৈ আহিল। ৰিয়াক তাৰ কোঠালৈ দেউতাকে লৈ যাবলৈ কোৱা সি শুনিলে। সি খঙেৰে কল্পনাৰ ফালে চাই কলে ,' মোৰ ৰুমত কিয়?'

কল্পনা: ' ৰিংকু এতিয়া তাই তোমাৰ পত্নী আৰু তাই তোমাৰ ৰূমতেই থাকিব।'

ৰিংকু :' মা প্লিজ, মই তোমালোকক আগতেও কৈছোঁ মই এই বিয়া নামানো। তোমালোকে মোৰ লগত জোৰ কৰিব নোৱাৰা। আৰু এটা কথা এইজনী ছোৱালী মোৰ ৰুমততো বাদেই মোৰ চকুৰ সন্মুখতো আহিব নালাগে।



অমৰে খঙত চিঞৰিলে,"তুমি মানা বা নামানা কিন্তু ৰিয়া তোমাৰ পত্নী হয়।" ৰিংকু খঙতে ঘৰৰ পৰা ওলাই গল। কল্পনাই কান্দিব ধৰিলে। ৰিয়াৰ চকুত চকুলো আহিল কাৰণ তাই এই বিয়াক মনৰ পৰা স্বীকাৰ কৰিছিল। তথাপিও তাই নিজৰ মনটোক টান কৰি অমৰ আৰু কল্পনাৰ ওচৰত আহি কলে," মা , পাপা আপোনালোক এনেদৰে উদাস নহব। যি পৰিস্থিতিত আমাৰ বিয়া হল তেওঁক সময় লাগিব অলপ বুজিবলৈ। আৰু তেওঁতো মোক নাজানেই। হয়তো বিয়াক লৈ তেওঁৰ বেলেগ দৃষ্টিভংগী আছে। যদি তেওঁ এই বিয়া নামানে তেন্তে কোনো কথা নাই আপুনালোকে এতিয়া কৈছিল নহয় যে মই আপোনালোকৰ ছোৱালী হয়। মই ছোৱালী হৈ আপোনালোকৰ লগত থাকিব নোৱাৰো নেকি? দেউতা ঢুকুৱাৰ পাছত আপোনালোকৰ বাহিৰে মোৰ আৰু কোনো আপোন মানুহ নাই যত গৈ মই থাকিব পাৰো।

     কল্পনাই ৰিয়াৰ মূৰত হাত থৈ কলে," আমি মাত্ৰ কোৱাই নহয় অন্তৰৰ পৰাও তোমাক ছোৱালীৰূপে মানিছোঁ।"

বেদান্তও তালৈ আহি বহি লৈ কলে,' মইতো আগৰ পৰাই তোমাৰ বন্ধু। আৰু তুমি দাদাৰ চিন্তা নকৰিবা। এতিয়া তেওঁ তোমাক ভালদৰে নাজানে ন। যেতিয়া তেওঁ তোমাক জানিব তেতিয়া নিজৰ জীৱনতকৈও তোমাক বেছি ভাল পাব। তেওঁ মাত্ৰ ওপৰতহে খঙাল কিন্তু তেওঁৰ অন্তৰখন বহুত কোমল।'



অমৰ:' অ মাজনী এতিয়া সি খঙত আছে কাৰণে এনেদৰে কলে। তুমি উদাস নহবা। তুমি ৰুমলৈ গৈ আৰাম কৰা।'

ৰিয়া : ' মা, যেতিয়ালৈকে তেওঁ মোক মনৰ পৰা স্বীকাৰ নকৰে মই বেলেগ ৰূমতেই থাকিম।'

বেদান্ত : 'মা, ৰিয়া আজি মোৰ ৰূমতেই শুই যাব। মই পাপাৰ পঢ়া ৰুমত শুই যাম। কাইলৈ তুমি মোৰ কাষৰ ৰূমটো ৰিয়াৰ কাৰণে ৰেডি কৰি দিবা।'

কল্পনা : ' ঠিক আছে , ৰিয়াক ৰুমলৈ লৈ যোৱা।'

ৰিয়া ৰুমলৈ আহি ফ্ৰেচ হৈ নিজৰ কথা ভাবি উদাস হৈ পৰিল। তলত সকলোৰে আগততো তাই সাহস কৰিলে কিন্ত আগলৈ কি হব ঠিক নাই।


(ৰিংকুয়ে তাইক স্বীকাৰ কৰিব নে? জানিবলৈ অহা খণ্ড সমূহলৈ অপেক্ষা কৰক)


এই উপন্যাস খনৰ  বাকী কেইটা খণ্ড পঢ়ক এই লিংকত - https://www.smj24.in.Adharua.bibah


(ধাৰাবাহিক খন প্ৰতি বুধ,শুক্ৰ আৰু দেওঁবাৰে দিনৰ ঠিক ৪ বজাত প্ৰকাশ পায়। সেয়ে  নিৰ্দিষ্ট সময়মতে পঢ়িবলৈ অনুগ্ৰহ কৰি গুগুলত চাৰ্ছ কৰিব - smj24.in )

আগলৈ…



Assamese Storyboard

গল্প বা উপন্যাস প্ৰেৰণ কৰিবলৈ আমাৰ মেইল আই দি আৰু ফেচবুক পেজৰ লিংক তলত উল্লেখ কৰা হল ।
Assamese Storyboard )

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

আমাৰ মেইল আই ডিৰ লিংক - smj24.in@gmail.com


আমাৰ ফেচবুক গ্ৰুপটো আপুনি পোনপটিয়াকৈ গল্প প্ৰকাশ কৰিব পাৰে।

আমাৰ গ্ৰুপৰ লিংক - SMJ24.facbookgroup


No comments:

Post a Comment

Advertisement

Pages