চকুৰ পলকতে দিনবোৰ যে কেনেকৈ পাৰ হৈ গ'ল ৰাজীৱে একো গমকে নাপালে । বি.এ. পঢ়িবৰ বাবে যীশু গুচি গৈছিল গুৱাহাটীলৈ( Storyboard ) । ঘৰখনত কেৱল তিনিটা প্ৰাণী মাক দেউতাক আৰু ৰাজীৱ..., যীশু ঘৰৰ পৰা আঁতৰি যোৱাৰ লগে লগেই ৰাজীৱৰ মনৰ মাজত লুকাই থকা ছোৱালীজনী আকৌ সাৰ পাই উঠিল । লগৰবোৰে যেতিয়া তাক লেডীজ বুলি কৈ জোকাইছিল প্ৰথমে তাৰ খং উঠিছিল , কিন্তু লাহে লাহে সি সেইবোৰ সহ্য কৰিব পৰা হৈ গৈছিলোঁ । নিজকে সকলো দুখ কষ্ট সহ্য কৰিব পৰাকৈ প্ৰস্তুত কৰি ৰাখিছিল। লাহে লাহে ৰাজীৱে অনুভৱ কৰিছিলোঁ ল'ৰাৰ প্ৰতি সি আকৰ্ষিত হৈছে তাকো মানসিকভাবে । মনৰ মাজত লুকাই থকা ছোৱালীজনীৰ দৃষ্টিত ভালেকেইজন ল'ৰাক ভাল লাগিছিল ৰাজীৱৰ, নিজৰ কৰি লবলৈ মন গৈছিল কিন্তু কথাবোৰ কেনেকৈ কব একো ভাবি পোৱা নাছিল। ৰাজীৱৰ আটাইতকৈ বেছি ভাল লগা দাদাজন আছিল ভৈৰৱ দাদা মানে ভৈৰৱ সন্দিকৈ । সেইদিনা আছিল কলেজৰ ফেছাৰ্চ.... । ভৈৰৱে মুগা বৰণৰ কুৰটা আৰু কাঢ়া নীলা জিন্স পেন্ট এটা পিন্ধি আহিছিল আৰু হাতত মাইক'ফোন এটা লৈ মঞ্চলৈ উঠি গৈছিল । দাদা মঞ্চলৈ উঠি যোৱাৰ লগে লগেই ৰাজীৱে একেঠিৰে ভৈৰৱক চাই আছিল । নীলাভ দুচকু , তুলবুলিয়া ৰঙা ওঁঠ আৰু লাজকুৰীয়া চকুৰ চাৱনীয়ে ৰাজীৱক বলিয়া কৰিছিল । ভৈৰৱৰৰ প্ৰতিটো কথাই তাক আকৃষ্ট কৰিছিল । নৱাগত সকলক আদৰণি জনাই ভৈৰৱ মঞ্চৰ পৰা নামি আহিছিল । ভৈৰৱক এবাৰ ওচৰৰ পৰা লগ পাবলৈ ৰাজীৱৰ বৰ মন গৈছিল । বুকুত মৰ সাহ বান্ধি লাহে লাহে ভৈৰৱৰ ওচৰ চাপি গৈছিল ৰাজীৱ।
: ভৈৰৱ দা... , শুনকচোন.....! ৰাজীৱৰ মাতষাৰ শুনি ঘূৰি চাইছিল ভৈৰৱে ।
: কোৱা ৰাজীৱ...
: ময়ো গান এটা পৰিৱেশন কৰিম বুলি ভাবিছোঁ ।
: বঢ়িয়া , নাম দিছিলা নেকি....?
: নাই দিয়া ।
: প্ৰ'গেম বহুত আছে ভৈৰৱ। লেডীছে গান গাব নালাগে থ...! ঠাট্ৰাৰ সুৰত কলে বিকাশে ।
: সকলো সময়তে ফটোৱাঁমী নকৰিবিচোন...। ৰাজীৱে ভাল গান গাই সেইটো মই জানো । ৰাজীৱৰ নামটো লিখি দে । অলপ খঙেৰে কলে ভৈৰৱে ।
: অসুবিধা হ'য় যদি মই গান নাগাওঁ ভৈৰৱ দা । ৰাজীৱৰ দুচকুৰে চকুলো নিগৰি আহিল ।
: ঐ ৰাজীৱ...! কান্দিছা কিয়...? মই আছোঁ নহয় ....! তুমি চিন্তা নকৰিবা । তুমি গান গাবই লাগিব বুলি কৈ ভৈৰৱে ৰাজীৱৰ দুগালে বৈ অহা চকুৰপানীবোৰ মোহাৰি দি পিঠিত লাহেকৈ ঢকা এটা মাৰি নাকান্দিবলৈ কলে।
: ঠিক আছে ভৈৰৱ দা । মোৰ নামটো ঘোষণা কৰাৰ অলপ আগতে মোক এবাৰ কৈ দিব ।
: ঠিক আছে যোৱা । মই msg কৰি দিম তোমাৰ ফোন নংটো দি থৈ যোৱা....
: 8822...., ফোন নংটো ভৈৰৱক দি ৰাজীৱ ভিতৰলৈ সোমাই গৈ অনুষ্ঠান উপভোগ কৰিবলৈ ধৰিলে । মঞ্চত ঢোল পেঁপাৰ শব্দ শুনি সকলোৱে এবাৰ কঁকাল ভাঙি নাছিলে । ৰাজীৱো ৰৈ থাকিব নোৱাৰিলে সকলোৰে লগতে কঁকাল ভাঙি এপাক নাছিলে ৰাজীৱে । বিহু নাচি থাকোঁতেই পাছফালৰ পৰা কোনোবা এটাই ৰাজীৱক ঠেলা মাৰি দিছিল । কোনো ৰকম খোপনি পুতি ৰাজীৱ ৰৈ গৈছিল । .....কিয় অসভ্যালি কৰিছ আলোক ....? প্ৰশ্ন কৰিলে মন্দিৰাই ।
: তোৰ লগতটো অসভ্যালি কৰা নাই....? তই কিয় মাজতে মাত মাতিছ....?
: যাৰ লগতে নকৰ কিয় তই এটা পৰিবেশ নষ্ট কৰি দিছ । ৰাজীৱে তোক কি আমনি কৰিছিল ...? তই যে তাক এইদৰে ঠেলা মাৰি দিলি...? কেনেবাকৈ বেঞ্চত পৰি মুখত দুখ পোৱা হলে চিকিৎসাৰ দায়িত্ব তই ললিহেঁতেন নে....!
: তই যে তাৰ হৈ ইমান ওকালতি কৰিছ সি তোৰ হেৰী নেকি...? তাৰ নিচিনা ল'ৰাবোৰ জীয়াই থকাতকৈ মৰি যোৱাই ভাল । সি ল'ৰাৰ নামত কলংক সানিছে..
: আৰু তই.....? অসভ্যালি কৰি ল'ৰা জাতিৰ নাম উজ্জ্বলাইছ....! লাজ লগা নাই তোৰ....?
: মন্দিৰা মনে মনে থাকাচোন তই....! কুকুৰে ভুকিবই সেইবুলি আমি ৰাস্তাৰে অহা যোৱা নকৰিম নেকি...? বৰ নম্রকৈ ক'লে ৰাজীৱে ।
: তোক চাই লম মন্দিৰা ...., লেডীছে তোক কেনেকৈ সুৰক্ষা দিয়ে .....!
: যা...! যা...! তোৰ নিচিনা হাৱাত উৰি ফুৰা গুণ্ডা বহুত দেখিছোঁ । তই মোৰ গাৰ নোম এডালো হিলাব নোৱাৰ । মই তোক চেলেঞ্জ কৰি কৈছোঁ ।
মন্দিৰাৰ কথা শুনি বৰ লাজ পালে আলোকে । মন্দিৰাৰ লগৰ সকলো বান্ধৱীয়ে খিলখিলাই হাঁহিলে । ....তই বৰ ভাল কাম নকৰিলি মন্দিৰা । মিছাতেই বাটৰ কচু গাত ঘঁহি ললি । আলোক সচাঁকৈ বৰ বেয়া ল'ৰা...। ই যিটো কাম কৰিম বুলি কয় কৰেই । /div>
: তই চিন্তা নকৰিবি ৰাজীৱ । সি একো কৰিব নোৱাৰে । তই এতিয়া সেইবোৰ কথা বাদ দে...। এই প্ৰ'গ্ৰেমটোৰ পাছতেই তোৰ নামটো আছে । ভৈৰৱ দাই ঘোষণা কৰিছিল...। All The Best , ভালকৈ গাবি....
: Thank you মন্দিৰা । বেগটো মন্দিৰাৰ হাততে দি ৰাজীৱ সেউজগৃহৰ ওচৰলৈ গ'ল । হাতত মাইক'ফোন দি ভৈৰৱেও শুভেচ্ছা দিলে । মুখত মিচিকিয়া হাঁহি এটা লৈ ৰাজীৱ মঞ্চলৈ উঠি গ'ল....।
ন'হলে পৰিচয় হিয়াৰে...
চিনাকী জানো কোনো হ'ব পাৰে...
লৰালি ঘাট ঘাটে উমলী থাকোতে অচিনা পানছৈ লাগিলেহি ঘাটতে মোৰ......
দোলনী দিলে আহি দোমোজাতে
মনতে মোৰ গুপুততে ....
যৌৱনে ক'লে আজি সেয়াই হিয়া-দিয়া-নিয়া......
গীতটো শেষ হোৱাৰ লগে লগেই যাউৰীয়ে যাউৰীয়ে হাত চাপৰি বাজি উঠিল। once more...., Once more.... সকলোৱে চিঞৰিবলৈ ধৰিলে । ঠাট্ৰা নে প্ৰশংসা একো উমান নাপায় ৰাজীৱ মঞ্চৰ পৰা নামি আহিব বিচাৰিছিল । ....কি হ'ল ৰাজীৱ....? অ'দিয়েঞ্চ সকলে তোমাক আৰু এটা গীত গাবলৈ অনুৰোধ কৰিছে ।
: ভৈৰৱ দা , ঠাট্ৰা নে প্ৰশংসা একো ধৰিবই পৰা নাই। বৰ লাজ পাইছোঁ মই...
: বৰ সুন্দৰ কণ্ঠ তোমাৰ । সকলোৱে ভাল পাইছে , সেয়ে তোমাক অনুৰোধ কৰিছে । বিহু এটাকে গাই দিয়া যোৱা আমি সকলোৱে একেলগে নাচিম ।
: ঠিক আছে ভৈৰৱ দা । আপোনাৰ অনুৰোধ ৰক্ষা কৰিবৰ বাবেহে গাবলৈ লৈছোঁ ।
ফাগুনী পলাশৰ ৰঙা ৰঙ .....
নাজানো জোনমণিৰ কালৈ মন....
অ' জোন.....! অ' জোন......
বিহু আৰম্ভ কৰাৰ লগে লগেই ভৈৰৱে ৰাজীৱৰ বান্ধৱী কেইজনীক মঞ্চলৈ মাতি দিলে । গীতৰ তালে তালে ভৈৰৱেও এপাক হেঁপাহ পলুৱাই নাছিলে । সকলোৱে ৰাজীৱৰ সুৰত সুৰ মিলাই চিঞৰিবলৈ ধৰিলে ....ফাগুনী পলাশৰ ৰঙা ৰং...
মন মতলীয়া হৈ নাচি থাকোঁতে ভৈৰৱৰ কপালত ঘাম বিৰিঙি উঠিছিল । গীত পৰিবেশন কৰি থকাৰ মাজতেই ভৈৰৱলৈ চকু দিছিল ৰাজীৱে । অনুষ্ঠান সামৰি মঞ্চৰ পৰা নামি আহিছিল ভৈৰৱ আৰু ৰাজীৱ । পেন্টৰ জেপৰ পৰা কপাহী ৰোমালখন উলিয়াই ভৈৰৱৰ কপালত বিৰিঙি থকা ঘামৰ টোপালবোৰ লাহে লাহে মোহাৰি দিছিল । ৰাজীৱে তেনে ব্যৱহাৰ কৰা দেখি ভৈৰৱে অলপ লাজ পাইছিল । যদিওঁ ৰাজীৱে মনত কষ্ট পাব বুলিয়েই একো কোৱা নাছিল । ( Storyboard )
: ৰাজীৱ দা..., আপোনাক যে কি বুলি ধন্যবাদ জনাওঁ ভাষাই বিচাৰি পোৱা নাই ।
: ধন্যবাদ কিয়....?
: আপুনি এইকণ সহায় নকৰা হ'লে আজি মই গান গাবলৈ নাপালোঁ হেঁতেনেই....। আপোনাৰ দৰে সকলোৱে কথাবোৰ ভবা হ'লে তেতিয়া সমাজখন বৰ সুন্দৰ হৈ পৰিলেহেঁতেন ।
: মই এটা কথাই জানোঁ যাৰ প্ৰতিভা আছে তেওঁলোকক সুবিধা দিব লাগে । আচলতে কি জানা ....! ডিঙিত মূৰটো লাগি থাকিলেই মানুহ নহয় । প্ৰকৃত মানুহ হবলৈ হলে সমাজৰ প্ৰতিজন মানুহকেই তুমি সন্মান কৰিব লাগিব , মৰম কৰিব লাগিব । সন্মান খুজি লোৱা বস্তু নহয় ৰাজীৱ , ই আৰ্জিত । আজি তুমি মোক সন্মান কৰিছা , ময়ো তোমাক সন্মান কৰিব লাগিব । তেতিয়াহে আমি নিজকে মানুহ হিচাপে জীয়াই থাকিব পাৰিম ।
: সঁচা কথা ভৈৰৱ দা ।
: বাৰু সেইবোৰ বাদ দিয়া । অনুষ্ঠান পৰিবেশন কৰি কেনেকুৱা লাগিল....?
: বহুত ভাল লাগিল দাদা । আপোনাৰ এই উপকাৰ মই কেতিয়াও পাহৰিব নোৱাৰিম ।
: বাৰু হ'ব দিয়া । মোৰ নাম্বাৰটো চেভ কৰি থবা । কেতিয়াবা ফোন কৰিম ৰিচিভ কৰিবা । তুমি এতিয়া আৰু প্ৰ'গ্ৰেম চাব নালাগে । লাহে লাহে ঘৰলৈ যোৱাগৈ । বৰ মৰমলগাকৈ কলে ভৈৰৱে ।
: ঠিক আছে ভৈৰৱ দা । ঘৰ পাই আপোনালৈ ফোন কৰিম ।
: ok,
ভৈৰৱৰ সৈতে কথা পাতি ৰাজীৱৰ মন প্ৰাণ ভৰি পৰিল । মুখত এটি হাঁহি বিৰিঙাই কান্ধত বেগটো লৈ মন্দিৰা , লোনা আৰু ৰাজীৱ প্ৰেক্ষাগৃহৰ পৰা বাহিৰলৈ ওলাই আহিল । খৰখেদাকৈ ঘৰলৈ আহি কাপোৰ কেইটা সলাই মুখ হাত ধুই ফ্ৰেচ হৈ হাতত মোবাইলটো লৈ বিচনাত উঠিল ৰাজীৱ । জোৰকৈ চকুহাল জপাই দিয়াৰ লগে লগেই তাৰ দুচকুত ভাঁহি আহিল ভৈৰৱৰ লাজকুৰীয়া চকুৰ চাৱনি আৰু মুখৰ মিচিকিয়া হাঁহি । বিচনাখনত বাগৰি বাগৰি সি ভাবিবলৈ ধৰিলে । ..... ভৈৰৱ দা , মোৰ সপোন কুঁৱৰ । বহু দিনৰ মনৰ আশা এটা আজি পূৰণ হ'ল । ভৈৰৱ দাক আজি কাষৰ পৰা লগ পালো । সচাকৈ বৰ অমায়িক ভৈৰৱ দা, এজনী ছোৱালীক আকৰ্ষণ কৰিব পৰা সকলো গুণেই আছে ভৈৰৱ দাৰ গাত । কিন্তু....! মোৰ .....? কথাবোৰ ভাবি থাকোতেই হাতত গাখীৰ এগিলাচ লৈ তৰা সোমাই আহিল ।
: কলেজৰ পৰা আহি চিধাই বিছনাত উঠিলা যে....? গা বেয়া নেকি সোণ...? গাখীৰ গিলাচ খাই লোৱা.।
: গা বেয়া নহয় ,এনেয়ে শুই আছোঁ । আজি মই বহুত সুখী মা ।
: কিয় সোণ....?
: আজি ফেছাৰ্চত মই গান গালো । সকলোৱে বহুত ফুৰ্তি কৰিলে মা
: হয়নেকি....! এইটো দেখুন বৰ ভাল কথা, দেউতাই শুনিলে বৰ ভাল পাব ।
: মা , মোক ভাল মবাইল এটা লৈ দিবা । এইটোত ফটো মাৰিব নোৱাৰি ।
: ভালকৈ পৰীক্ষাত পাছ কৰা । তেতিয়া ডাঙৰ মোবাইল এটা লৈ দিম ।
: সচাঁকৈ কৈছা নে....?
: দিম বুলি কৈছোঁ যেতিয়া দিম আৰু...., গাখীৰ গিলাচ খাই পঢ়া টেবুলত বহাগৈ । মই অকণমান ওলাই যাওঁ । দেউতা আহিলে চাহ একাপ দিবা ।
: ঠিক আছে মা ।
তৰা ওলাই যোৱা লগে লগেই ভৈৰৱে মেচেজ কৰা নাম্বাৰটোলৈ ফোন লগালে ৰাজীৱে । হেল্ল'..., ভৈৰৱ দা । হেল্ল'.... কাণত ফোনটো লৈ বেলকনিলৈ ওলাই গৈ তৰা ভৰা মুকলি আকাশলৈ চাই বহু কথা পাতিলে ৰাজীৱে ।
ক্ৰমশঃ....
এই উপন্যাস খনৰ বাকী কেইটা খণ্ড আৰু আন বহু গল্প/উপন্যাস পঢ়ক এই লিংকত - www.গল্প/উপন্যাস.com
বিঃদ্ৰঃ আপোনালোকেও যদি কোনো গল্প আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আমাৰ ফেচবুক পেজৰ ইনবক্সত নতুবা ৯৮৫৪৭৯৯৫৭৭ নম্বৰত হুৱাটছ এপ যোগে প্ৰৰণ কৰক।
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
নিৰ্বাচিত গল্প সমূহহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব।
আমাৰ ফেচবুক গ্ৰুপটো আপুনি পোনপটিয়াকৈ গল্প প্ৰকাশ কৰিব পাৰে।
আমাৰ গ্ৰুপৰ লিংক - SMJ24.facbookgroup
( Storyboard )



No comments:
Post a Comment