বোৱাৰীৰ শেষ সিদ্ধান্তত অবাক হল শাহু : Storyboard - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Sunday, June 20, 2021

বোৱাৰীৰ শেষ সিদ্ধান্তত অবাক হল শাহু : Storyboard

Storyboard

মাইনী মোৰ চাহ ক'ত ? ইমান দেৰি পৰা তোক যে কৈ আছোঁ তোৰ কি কাণত সোমাৱা নাই নেকি, বুলি শাহুৱেকে তাইক চিঞৰি চিঞৰি ক'লে( Storyboard )।  মা মইটো আপোনাক দুবাৰ সুধিছিলো চাহ খাব নে, আপুনি হে এতিয়া নাখাওঁ বুলি ক'লে। মই সেইকাৰণে এওঁৰ আৰু ৰিকুৰ টিফিন বনাবলৈ গ'লো।

ৰিকু মাইনীৰ চাৰিবছৰীয়া সন্তান আছিল। হ'ব হ'ব পাছতো দিব পাৰিলি হয়। ক্ষমা কৰিব মা এতিয়াই বনাই আনিছোঁ ৰ'ব বুলি কৈ তাই পাকঘৰলৈ গ'ল। মাকক চাহ দি তাই ৰিকুক উলিয়াবলৈ ৰুমলৈ যাওঁতেই পিছফালৰ পৰা অপূৰ্বই ক'লে ," অ' মোৰ শ্ৰীমতী মোৰ টিফিন সাজু কৰিলা নে নাই"?  অ' আনিছোঁ ৰ'বা বুলি কৈ অপূৰ্বক টিফিনটো দি ৰিকুক বাছত উঠাবলে গ'ল। তাক বাছত উঠাই আহি ঘৰ পাই দেখিলে অপূৰ্বৰ বায়েক শিখা বহি আছে। নাজানো মা লগত কি কথা পাতি আছিল। মোক দেখি মনে মনে থাকিলে।



অ'  ফুৰি চাকি আহিলা মাইনী, নাজানো দেই কেনেকৈ সময় উলিওৱা? মইটো ৰাতিপুৱা উশাহ ল'বলেই সময় নাপাওঁ বুলি শিখাই তাইক ঠাট্টা কৰি‌ ক'লে! মাইনীয়ে মনৰ ভিতৰতে ভাবিলে হয় সেইকাৰণে ৰাতিপুৱাই যেতিয়া মন যা‌য় তেতিয়াই আমাৰ ঘৰলে আহে। নহয় বা ফুৰিবলৈ যোৱা নাছিলোঁ । ৰিকুক বাছত উঠাবলৈ গৈছিলো বুলি কৈ তাই শিখাৰ ভৰিত ধৰিলে ।হ'ব দিয়া সুখী হৈ থাকা বুলি শিখাই তাইক ক'লে।  শাহুৱেকে ক'লে মহাৰাণী এতিয়া কথা পাতিয়ে থাকিবি নে মোৰ ছোৱালীজনীলৈ কিবা খোৱা বোৱা ব্যৱস্থাও কৰিবি । যা সোনকাল কিবা খাবলে লৈ আহ বহুত দূৰৰ পৰা আহিছে ভাগৰ লাগিছে তাইৰ । অ' আনিছোঁ ৰ'ব বুলি কৈ তাই পাকঘৰ লৈ গৈ শিখাই ভাল পোৱা ৰাতিপুৱা আহাৰ  বনাবলৈ ধৰিলে। সেইয়া দি তাই আকৌ ভাত বনাবলৈ ধৰিলে। ভাত পানী খোৱাই  তাই ডাইনিং টেবুলখন  চফা কৰিবলৈ আহোঁতেই তাইৰ চকু ঘড়ীটোত পৰিল আৰু তাই দেখিলে যে ৰিকুক আনিব হ'ল।তাই সোনকালেই টেবুলখন মহাঁৰি  গৈ ৰিকুক আনি কাপোৰ সলাই দিলে আৰু তাক হাত ভৰি ধুৱাই ভাত খাবলে বহোৱালে আৰু তাইও খাবলৈ বহিলে। তাৰ লগত স্কুলৰ কথা পাতি পাতি ভাত খালে আৰু খাই হ'লত সকলো সামৰি যেতিয়া ৰুমলৈ অলপ আৰাম কৰো বুলি গৈছিল । তেতিয়াই  মাকে মাতিলে,"বায়েৰ আহিছে অলপ তাই লগত বহি কথা পাতিব নোৱাৰ নেকি আৰাম ৰাতিও কৰিব পাৰিবি"!



তাই আহি বায়েকৰ ওচৰত বহিলে। সন্ধিয়া চাহ খোৱা পাছত তাই আকৌ সোনকালেই ৰাতি আহাৰ প্ৰস্তুত কৰিবলৈ আৰম্ভ কৰিলে। শিখাই ৰাতি ভাত খাই যোৱা কথা আছে আকৌ তাইৰ কাৰণে দেৰি হ'ব বুলি তাই সোনকালেই ভাত ৰান্ধিবলে ধৰিলে। অপূৰ্ব অফিচৰ পৰা আহিলতে তাই ভাত ডাইনিং টেবুলত সাজি দিলে।   ৰাতিৰ আহাৰ বহুত সোৱাদ লগা হৈছিল। কিন্তু  অপূৰ্বৰ বাহিৰে কোনেও তাইৰ প্ৰশংসা নকৰিলে! ভাত পানী খাই উঠি অপূৰ্বয়ে শিখাক ঘৰত থবলৈ গ'ল আৰু মাইনীয়েও কাম সামৰি নিজৰ ৰুমলৈ গ'ল। অলপ সময় বিচনাত বহাৰ পাছত" তাই চকু আইনাখনত পৰিল আৰু তাই নিজকে দেখি ভয় খাই গ'ল!" হে ভগৱান কি এইজনী মই নেকি? ইমান কম বয়সতে ইমান বুঢ়ি যেন লগা হৈছে আৰু ৰাতিপুৱাৰে পৰা মই মূৰ ফনিয়াবলৈও সময় পোৱা নাই। তাৰ পাছত তাই কিবা ভাবিবলে ধৰিলে! বিয়া পাতি যেতিয়া তাই এই ঘৰখনলৈ আহিছিল ।তাই যে কিমান সপোন লগত লৈ আহিছিল।কিন্তু ইয়াত আহি সকলোবোৰ নাইকীয়া হৈ গ'ল। তাইৰ শাহুৱেকে তাই সজা কচা কৰিলে ভাল নাপায়। তেওঁ সদায় মাইনীৰ তুলনা নিজৰ ছোৱালীজনী লগত কৰে। মাইনীয়ে কৰা সকলো কামতে তাইক ঠাট্টা কৰে আৰু কয় তোক মাৰে ভাল সংস্কাৰ নিদিলে যেনেকে মই মোৰ ছোৱালীজনীক দিলোঁ।



তেওঁ ঘৰৰ সকলো কাম নিজৰ জীয়েকক সুধি কৰে আৰু শিখাৰো বেলেগ কাম নাছিল কিবা নহয় কিবা মাকক লগাই থাকে। বিয়া পাছত তাই যেতিয়া অফিচলে যাবলৈ লৈছিল শাহুৱেকে খঙতে গোটেই ঘৰখন মূৰত উঠোৱাৰ দৰে কৰি কৈছিল, য'ত যাব আছে যা খালি ঘৰৰ কাম কৰি যাবি আৰু আহিওঁ তইয়ে কৰিব লাগিব। তাই এনেদৰেই সকলো কাম কৰি আছিল। তাৰ পিছত তাইৰ একো কৰিব মন নোযোৱা হ'ল আৰু তাই সজা কচা কৰিবলৈও এৰি দিলে ।তাই ভিতৰি ভাগি গৈছিল আৰু ৰিকুৰ জন্ম পাছত আৰু বেছি কাম বাঢ়ি গ'লত তাই চাকৰি এৰি দিলে আৰু তাই তেতিয়া বেছি ভাগি পৰিছিল। ৰিকুৰ মাত শুনি তাই এইবোৰ কথাৰ পৰা বাহিৰলৈ উলাই আহিল আৰু তাক শুৱাই শুৱাই ভাবিলে মই এই তিনিবছৰত কিমান যে সলনি হৈ গ'লো। মই একো বস্তুৰ প্ৰতি উৎসাহ নাইকীয়া হ'ল। এনেকৈয়ে জীয়াই আছোঁ। ইহঁতি মোৰ লগত যি কৰিলে সেইয়া কৰিলে আৰু এতিয়া বহুত হ'ল আৰু নহ'ব! এতিয়া মই আৰু ইহঁতক মোৰ জীৱনটো ধ্বংস কৰিবলৈ নিদিওঁ। কাইলৈ নতুন বছৰৰ আৰম্ভণি হ'ব আৰু মোৰ জীৱনৰো নতুন আৰম্ভণি হ'ব।



ৰাতিপুৱা শুই উঠি  গা ধুই আহি তাই ভাল পোৱা গুলপীয়া চাদৰ মেখেলা জোৰ উলিয়াই পিন্ধিলে আৰু অলপ পাতলকৈ মেক-আপ কৰি চুলিকোচা ধুনীয়া কৈ বান্ধি নিজকে আইনাত দেখি তাই চাইয়ে থাকিল! যেতিয়া তাই ৰুমৰ পৰা বাহিৰলে আহিল তাই শাহুৱেকে তাইক দেখি ক'লে মাইনী এইবোৰ কি?  "ইমান সাজি কাচি ক'ত যাওঁ?" মাইনীয়ে হাঁহি মাৰি ক'লে," মা আজি নতুন বছৰৰ আৰম্ভণি হ'ব আপুনি পাহৰিলে নেকি?" তাৰ বাবেই জো -যা কৰিছোঁ। তেওঁ  ফোনতো লৈ জীয়েকক মনত পেলাবলৈ ফোন কৰিবলৈ ল'লে। কিন্তু মাইনীয়ে ফোনটো টানি আনি ক'লে কাক ফোন কৰিছে আপুনি ? বাক  ন'  বাদ দিয়ক চোন তেওঁৰো ঘৰ পৰিয়াল আছে । কিয়নো ৰাতিপুৱা ৰাতিপুৱা তেওঁক কষ্ট দিছে। আপুনি কিমান নো আৰু মনত পেলাই থাকিব তেওঁক, তেওঁ ডাঙৰ হ'ল আৰু এতিয়া নিজেই মনত ৰাখিব লাগে। আপুনি চিন্তা নকৰিব এতিয়া অলপ আৰাম কৰক।মই প্ৰসাদৰ ব্যৱস্থা কৰো তাৰ পাছত প্ৰাৰ্থনা কৰিম। শাহুৱেকে চক্ খাই গ'ল আৰু ভাবিলে এটা ৰাতিৰ ভিতৰতে কি হ'ল যে তাই ইমান সলনি হৈ গ'ল।

মই ইমান কষ্ট কৰি তাইক এনেকুৱা বনাইছিলো কিন্তু তাই সলনি হৈ গ'ল কেনেকৈ । শাহুৱেকে বুজি পালে যে মাইনী এতিয়া আৰু তেওঁৰ হাতৰ পুতলা হৈ থকা নাই!



" মা আপুনি কি ভাবি আছে গা ধুই আহক আকৌ"! মাকে হয় বুলি মূৰতো লৰাই গা ধুবলৈ গুচি গ'ল। তাই পাকঘৰ ফালে যাবলে লওঁতেই দেখিলে যে অপূৰ্বই ৰুমৰ সন্মুখত ৰৈ তাইক চাই হাঁহি আছে। সি মাইনীৰ এই ৰূপটো দেখি বহুত ভাল পাইছিল যিটো কৰিবলৈ সি আগতেই কৈছিল। আজি সি তাইৰ এই সলনি হোৱা ৰূপটো দেখি গৌৰৱ অনুভৱ কৰিছিল! মাইনীয়েও অপূৰ্ব ফালে চাই হাঁহিলে। আজি তাই বুজি পাইছিল যে সকলোৱে নিজৰ সংগ্ৰাম নিজেই কৰিব লাগে আৰু কাকো নিজৰ জীৱন ধ্বংস কৰিব দিব নালাগে। জীৱনটো এবাৰে পাই আৰু তাক ভালকৈ চলাই নিব লাগে আৰু আনন্দত থাকিব লাগে কাৰো তলত বা কাৰো মতে চলিব নালাগে।


এনেধৰনৰ আৰু গল্প/উপন্যাস পঢ়ক এই লিংকত - www.গল্প/উপন্যাস.com

Storyboard )

বিঃদ্ৰঃ আপোনালোকেও যদি কোনো গল্প আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ গল্প সমূহ আমাৰ ফেচবুক পেজত নতুবা SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সত প্ৰেৰণ কৰিবলৈ আহ্বান জনালো।নিৰ্বাচিত গল্প সমূহ প্ৰেৰকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব,ধন্যবাদ।

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page


আমাৰ ফেচবুক গ্ৰুপটো আপোনালোকে পোনোপটীয়াকৈ গল্প প্ৰকাশ কৰিব পাৰে।আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup

No comments:

Post a Comment

Advertisement

Pages