মংগলবাৰৰ নিশা যেতিয়া বিকিয়ে বাছত উঠিবলৈ বাছ ষ্টেন্দলৈ গৈছিল, সেই সময়ত বাছ ষ্টেন্দত কেৱল এজনী ছোৱালী আছিল। আৰু এতিয়া বিকি যোৱাত বাছ ষ্টেন্দত দুজন লোক হল।( Storyboard )
বিকিয়ে নিজৰ দৃষ্টি তললৈ কৰি বাছ অহালৈ অপেক্ষা কৰিলে। আৰু বাছ ষ্টেন্দত ৰৈ থকা ছোৱালীজনীৰ বিকি তাত গৈ পোৱাত তাইৰ অলপ অশান্তি হৈছিল। নিশ্চয়, ছোৱালীজনীয়ে মনে মনে বিকি বেয়া স্বভাৱৰ লৰা বুলি ভাৱিছিল। সেই ছোৱালীজনীৰ পৰা বিকিৰো কোনো দিয়া লোৱা নাছিল। সেইবাবে বিকিয়ে তাইলৈ চোৱা নাছিল।
কিছু সময়ৰ পাছতে এখন বাছ আহিল। বাছখন আহি ৰলত সেই ছোৱালীজনীয়ে লৰা লৰিকৈ বাছত গৈ উঠিলেগৈ। তাৰপাছত বিকিও বাছত উঠিল। বাছত উঠিয়েই বিকিয়ে দেখা পালে, সেই ছোৱালীজনীয়ে বাছৰ হেণ্ডিমেন জনৰ লগত তৰ্ক কৰি আছে। কি কাৰণত তৰ্ক কৰিছিল, সেই বিষয়ে বিকিয়ে নাজানিছিল। কিন্তু বাছৰ পৰা হেণ্ডিমেনজনে সেই ছোৱালীজনীক নমুৱাই হে দীঘলীয়া উশাহ ললে। তেতিয়া বিকিয়ে ভাৱিলে সেই সময়ত হেণ্ডিমেনজনে বিকিকো বাছৰ পৰা নমাই দিব। আৰু যেতিয়া সেই ছোৱালীজনী বাছৰ পৰা নামি গল, তেতিয়া বাছখন আগবাঢ়িল। তেতিয়াহে হেণ্ডিমেন্দজন শান্ত হল। যেতিয়া সকলো শান্ত হল, তেতিয়া বিকিয়ে বাছত থকা আন যাত্রীসকলৰ ওপৰত চকু ফুৰালে। সেই যাত্রীসকলে বহুত সাজোন কাচোন কৰি আছিল। যেনে, তেওঁলোক কোনো বিয়ালৈহে গৈছিল। আৰু সেই সময়তে বিকিৰ চকু পাছৰ চিটলৈ গল, তেতিয়া বিকিয়ে দেখা পালে, পাছৰ চিটত এজনী না কইনা বহি আছে। যাৰ দ্বাৰা বিকিয়ে বুজিলে, এই সকলোবোৰ বৰযাত্ৰী হয়। যি কইনা লৈ দৰা ঘৰলৈ ঘূৰি আহিছে। কিন্তু কইনাৰ চিটতো খালী হৈ আছিল। কিন্তু দৰাজনক বিকিয়ে সেই বাছৰ অন্য চিটতো দেখা নাপালে।
তাৰমাজতে বিকিয়ে হেণ্ডিমেন্দজনক কলে, দাদা বেয়া নাপাব, মই জনা নাছিলো এইখন বৰযাত্ৰীৰ বাছ বুলি! এতিয়া বাছখন ৰখাই দিয়ক। মই ইয়াতে নামি দিওঁ। বিকিয়ে এনে কোৱাত, বাছৰ চালকে একো নোকোৱাকৈ বাছ ৰখাই দিলে। আৰু বাছখন ৰখোৱাত বিকিয়ে সেই মাজ বাটতে নামি দিলে। বাছখনে বিকিক এৰি আগবাঢ়ি গল। কিন্তু এতিয়াও বিকি নিজ স্হান পোৱাৰ পৰা বহু দূৰতে আছিল। আৰু তাৰমাজতে বিকি এনে স্হানত নামিল, যতনিকি বাছ ষ্টেন্দ আছিল? আৰু না কোনো লাইটৰ পোহৰ! সেইবাবে বিকিৰ সেই সময়ত অলপ ভয়ো খাইছিল। বিকি তাৰপৰা অলপ আগুৱাই আহিছিল। তেতিয়া বিকিৰ এনে লাগিল, তাৰ পাছে পাছে কোনোবা আহিছে। সেই নিজান বাটত বিকিৰ সাহস হোৱা নাছিল যে, সি পাছফালে ঘূৰি চাবলৈ। কিন্তু অলপ সাহস কৰি বিকিয়ে পাছফালে ঘূৰি চাই দেখিলে যে, সেই বাছত দেখা কইনাজনী বিকিৰ পাছফালে ৰৈ আছে। বিকিয়ে কইনাজনী দেখা পায়, সি থৰ লাগিল। বিকিয়ে বুজি পোৱা নাছিল, সেই ন কইনাজনী তাৰ পাছে পাছে কিয় আহিছিল!
তেতিয়া বিকিয়ে অলপ সংকোচ কৰি কলে, আপুনি, আপুনি ইয়াত কি কৰিছে! আপুনিটো বাছতহে থাকিব লাগিছিল। তেতিয়া সেই কইনাজনীয়ে বিকিক উত্তৰ দিয়া সলনি মৌন হৈ ৰল। বিকিয়ে পুনৰ মাত দিলে, মই আপোনাকে কৈছো। কিন্তু সেই কইনাজনীয়ে সেইবাৰো একো মাত নিদিলে। তেতিয়া কইনাজনীয়ে একো নোকোৱাত, বিকিয়ে অলপ ভয় খালে। সেই সনয়ত বিকিয়ে ভাৱিলে, এতিয়া মনে মনে তাৰপৰা আঁতৰি আহিলেই বিকিৰ বাবে ঠিক হব। তেতিয়া বিকিয়ে সেই কইনাজনীক তাতে এৰি আগুৱাই আহিল। কিন্তু সেই কইনাজনী বিকিৰ পাছে পাছে আহিবলৈ ধৰিলে। সেই কইনাজনীক বিকিয়ে পাছে পাছে অহা দেখা পায়, বিকিৰ অৱস্হা বেয়া হৈ আহিল।সেই কইনাজনীৰ পৰা এৰাবলৈ বিকিয়ে দৌৰিবলা আৰম্ভ কৰিলে। পাছফালে এবাৰো নোচোৱাকৈ। আৰু যেতিয়া দৌৰি দৌৰি বিক ভাগৰি পৰিল, তেতিয়া বিকি ৰৈ দিলে।আৰু ফুপাই জুপাই বিকিয়ে পাছফালে ঘূৰি চালে। কিন্তু বিকিৰ পাছফালে সেই সময়ত কইনাজনী নাছিল। বিকিয়ে কইনাজনী পাছফালে দেখা নাপায়, তেতিয়া বিকিয়ে দীঘলীয়া উশাহ ললে। বিকিয়ে অলপ সময় তাতে ৰৈ নিজৰ ভাগৰ পলোৱালে। তেতিয়া বিকিয়ে কিছু আঁতৰত এখন বাচ ৰখি থকা দেখা পালে। আৰু বাচখন দেখা পায়ে, বিকিয়ে বাচখনৰ ফালে দৌৰ মাৰিলে। বিকিয়ে বাচখনৰ ওচৰ পায় বাচখনত উঠিলেহি। বাচখনত উঠাৰ পাছতে বিকিয়ে অনুভৱ কৰিলে যে, বাচখন সম্পূর্ণ খালী হৈ আছে। বিকিয়ে এবাৰ, দুবাৰকে মাত লগালে, কোনোবা আছে নি! কিন্তু বিকিয়ে কোনো উত্তৰ নাপালে। বিকিয়ে কোনো উত্তৰ নাপায় বাচখনৰ পৰা নামিবলৈ বাচখনৰ দুৱাৰৰ ফালে আগবাঢ়ি আহিল, তেতিয়া বিকিয়ে দেখা পালে বাচখনৰ বাহিৰত বহু লৰা দৰা সাঁজত ৰৈ আছে। সেই সকলোবোৰকে দেখা পায় বিকিৰ অৱস্হা আৰু বেয়া হৈ গল। বিকিয়ে মনে মনে বাচখনৰ পৰা নামি আহিল। আৰু বাচখনৰ পৰা আঁতৰলৈ দৌৰিবলৈ আৰম্ভ কৰি দিলে।( Storyboard )
সেই সময়তে বিকিৰ কিবা এটা হল আৰু তাৰ চকু দুটি বন্ধ হৈ পৰিল। আৰু যেতিয়া বিকিৰ চকু খুল খালে, তেতিয়া বিকিৰ মূৰত দৰাৰ মালা আছিল। আৰু সেই কইনাজনী বিকিৰ কাষতে। আৰু বিকি আছিল সেই বাছখনত। সেই সময়ত বিকিৰ উশাহ চুটি হৈ আহিছিল।সেই বাছখনত থকা বাকী দৰাবোৰ মূৰ্তিৰ দৰে সন্মুখলৈ চাই বহি আছিল। তেতিয়া সেই কইনাজনীয়ে বিকিৰ হাতত ধৰিলে। তাই হাতখন ইমানেই গৰম আছিল যে বিকিৰ হাতখন জ্বলি উঠিল। আৰু বিকিয়ে চিঞঁৰ এটা মাৰি বহাৰ পৰা থিয় হৈ দিলে।। আৰু বিকিয়ে সেই কইনাজনীক কলে, এয়া কেনে ধৰণৰ ধেমালি হয়! মোক এতিয়াই বাছৰপৰা নমাই দিয়া! নহলে কথা ভাল নহব। বিকিয়ে এনে কওঁতে তাৰ শৰীৰ কপিঁ উঠিছিল। বিকিয়ে তেতিয়া বহু চিঞঁৰ বাখৰ কৰাটো কিন্তু বাছখন নৰখিল। তেতিয়ালৈ বুজিছিল যে, এই বাছত থকা সকলোবোৰ জীৱিত নহয়। আৰু তেতিয়া বাছত থকা বাকী দৰাবোৰো থিয় হল। আৰু সকলোৱে নিজৰ মুখৰ পৰা দৰা মালা আঁতৰাবলৈ ধৰিলে। সেই দৰাবোৰে নিজৰ মুখৰ পৰা মালা আঁতৰালত তাহাঁতৰ ভয়ানক মুখবিলাক বিকিয়ে দেখা পালে। দৰাচলতে সেই সকলোবোৰ দৰাৰে মুখখন জ্বলি গৈছিল। আৰু কেইজনমানৰ মুখৰ হাড় ওলাই গৈছিল। তেতিয়া সেই কইনাজনীয়ে নিজৰ বহাৰ ঠাইৰ পৰা উঠিল আৰু বিকিৰ ফালে আগুৱাই আহিল। বিকিৰ ফালে সেই কইনাজনী আগুৱাই আহি থাকোতে তাই যিজন দৰাকে হাত দিছিল, সেই জন দৰায়ে ভষ্ম হৈ গৈছিল। সেই সময়তে কিবা প্ৰকাৰে বিকিয়ে বাছৰপৰা নামিবলৈ বিচাৰিলে। কিন্তু সেই সময়ত বিকিৰ হাত ভৰিয়ে ভয়তে কাম কৰা নাছিল। কইনাজনীয়ে বিকিৰ কাষলৈ আহি, নিজৰ ওৰণি আঁতৰালে। তাই মুখখন এখন সাধাৰণ মুখমণ্ডল নাছিল। অগ্নিৰ এটা পিণ্ড আছিল।তাই অগ্নিৰ দৰে মুখমণ্ডলৰ পৰা বিকিক পুৰিবলৈ আৰম্ভ কৰিলে। তাৰ চকু দুটি পুুৰিছিল। তেতিয়া বাছখনত জোৰেৰে কিবা এটা লাগিল, আৰু সেই জোকাৰণিতে বিকি তলত পৰিল। সেই সময়ত বিকিৰ মুখ খন কেৱল পুুৰিছিল। আৰু বিকিয়ে নিজৰ চকু দুটি খুলিবলৈ পৰা নাছিল। আৰু সেই সময়তে বিকি তাতে মূৰ্চা গল।
আৰু কিছু সময়ৰ পাছত যেতিয়া বিকিয়ে চকু খুলিলে, তেতিয়া বিকি গছ এজোপাৰ তলত পৰি আছিল। বিকিয়ে তাৰপৰাই যেনে তেনে উঠিল আৰু বেলেগ গাড়ীৰ সহায় লৈ নিজৰ ঘৰলৈ আহিল। আৰু যেতিয়া এই ঘটনা কথা বন্ধু সকলক কলে, তেতিয়া এটি পুৰণি কথা বিকিয়ে শুনা পালে, সেই কথা মতে, বহু আগতে ওচৰৰে এখন গাওঁত এজনী ছোৱালী আছিল। যি দেখাত অলপো ধুনীয়া নাছিল। সেইবাবে তাইক কোনেও বিয়া কৰোৱাবলৈ বিচৰা নাছিল। বহু সম্বন্ধ ভাঙি গৈছিল। যাৰ বাবে ছোৱালীজনীৰ বৰ দুখ হল। আৰু সেই দুখতে সেই ছোৱালীজনীয়ে নিশা জুই লগাই নিজৰ জীৱন শেষ কৰি দিলে।। কোৱা হয়, মৃত্যুৰ শেষ সময়ত তাই কৈছিল, তাই কাকো এৰি নিদিয়ে। তাই মৃত্যুৰ পাছত, গাওঁখনৰ লৰাবোৰে এজনী কইনা দেখি পোৱা হল। আৰু যিজন লৰাই সেই কইনাজনীক দেখা পাইছিল সেই লৰাজনে নোহোৱা হৈছিল আৰু সেই লৰাজনৰ মুখখন জ্বলি গৈছিল। আৰু সেইবাবে গাওঁৰ লোকে গাওঁ এৰি গুচি গৈছিল।।কিন্তু কইনাজনী গাওঁতে নাথাকিল।
এনেধৰনৰ আৰু গল্প/উপন্যাস পঢ়ক এই লিংকত - www.গল্প/উপন্যাস.com
আমাৰ ফেচবুক গ্ৰুপটো আপুনি পোনপটিয়াকৈ গল্প প্ৰকাশ কৰিব পাৰে।
আমাৰ গ্ৰুপৰ লিংক - SMJ24.facbookgroup
( Storyboard )



No comments:
Post a Comment