অমিয়া এজনী মধ্যম পৰিয়ালৰ মুখ্য মহিলা আছিল। তেওঁ পুত্র প্ৰান্তিক আৰু বোৱাৰী গৰিমাৰ লগত থাকিছিল। ছোৱালী এজনী আছিল, যি বিয়াৰ পাছত বিদেশত থাকে( Storyboard )। অমিয়াৰ স্বামীৰ মৃত্যু বহু আগতে হৈছিল। গৰিমা আৰু প্ৰান্তিকৰ বিয়া হোৱা পাঁচ বছৰ হৈছিল, কিন্তু এতিয়ালৈকে তাহাঁতৰ কোনো সন্তান নাছিল। অমিয়াৰ বোৱাৰী গৰিমাইও চাকৰি কৰিছিল। আৰু সেয়া অমিয়াই একেবাৰে পচন্দ নকৰিছিল। তেওঁ অতি সোনকালেই আইতাক হব বিচাৰিছিল। কিন্তু গৰিমা আৰু প্ৰান্তিকে এই কথা ভালদৰে বুজিছিল যে বৰ্তমান গৰিমাই চাকৰি কৰাটো বহুত প্ৰয়োজনীয়।
অমিয়াই এই বিষয়ে প্ৰান্তিকৰ লগত কথা পাতিলে, প্ৰান্তিকে কিবা নহয় কিবা উপায়েৰে কথাটো শেষ কৰিছিল। সেইবাবে অমিয়াই বোৱাৰী গৰিমাকে অশান্তি কৰাৰ চেষ্টা কৰিছিল, যাৰ বাবে গৰিমাই নিজৰ চাকৰি বাদ দিয়ে। আৰু এতিয়া এই কৰোনা কালত যেন অমিয়াৰ মনৰ আশা পূর্ণ হল যেন। কিন্তু অমিয়া অন্তৰৰ পৰা বেয়া নাছিল। কিন্তু আইতাক হোৱাৰ আশাত অমিয়াই এনে কৰিছিল। নিজৰ বান্ধৱীবোৰক আইতাক হোৱা দেখা পায় অমিয়াৰ মনটো দুখেৰে ভৰি পৰিছিল। সেইদিনা ঘৰত এনে কিছু কথায় হল। অফিচৰ কামৰ বাবে পুৱা দেৰিলৈকে গৰিমা শুই আছিল আৰু তেতিয়া অমিয়াই এটা ভাল সুবিধাই পালে।
এয়া কি বোৱাৰী, ইমান দেৰিলৈকে শুই আছা! পুৱা ১০বাজি গল। প্ৰান্তিকো কেতিয়াবাই উঠি অফিচৰ কাম কৰি আছে। আৰু তুমি এতিয়ালৈ শুই আছা। উঠা, এতিয়া উঠি সকলোলৈ পুৱাৰ আহাৰ তৈয়াৰ কৰি দিয়া। মোৰ দ্বাৰা একো নহব, নহলে মই তোমাৰ আশাত নাথাকিলো হয়। নিজে সকলো কৰিলো হয়।
ক্ষমা কৰিব মা, ৰাতিটো কাম কৰিবলগীয়া হল বাবে, সেইবাবে পোহৰ হলত হে শুব পাইছিলো। সেইবাবে সময়ৰ কথা গমকে নাপালো। আপুনি বলক, মই সোনকালে গৈ আছো।
অ, হব, হব। মোৰ একো নাই, কিন্তু প্ৰান্তিক'ক চাই লোৱা। তাৰ কিবা প্ৰয়োজন হৈছে বা! কেতিয়াবাতে উঠিলে, ভগৱান মোক সোনকালে ভাল কৰি দিয়ক, যাতে মই মোৰ লৰা'ক চোৱা চিতা কৰিবলৈ পাৰো। অমিয়াই, নাটকৰ ৰূপত কলে। অমিয়াই, নিজৰ বোৱাৰীক জগাই দি কলে।
গৰিমাই ঘড়ীটোলৈ চাই দেখা পালে, সচাঁই ১০বাজি গৈছিল। আজি তাইৰ চকু দুটা কেনেকৈ খুল নাখালে। গৰিমাই সোনকালে গা ধূই আগফালে আহিল যেতিয়া, প্ৰান্তিকে লেপটপত অফিচৰ কাম কৰি আছিল। গৰিমাই পাকঘৰলৈ গৈ চাহ ৰুটি বনালে আৰু ৰাতিৰ বাচন বৰ্তন ধুই ঝাৰু মাৰি ঘৰ মোহাৰি গা ধূৱলৈ গল। দৰাচলতে কৰোনা মহামাৰী বাবে সম্পূর্ণ চহৰখনতে লকডাউন চলি আছিল। সেইবাবে কামকৰা বাইজনীও অহা নাছিল।। গৰিমাই এটি কোম্পানীত চাকৰি কৰিছিল। তাইৰ অফিচৰ সময় কোনো নিশ্চিত নাছিল। অধিক সময় তাই ৰাতি দেৰিলৈকে কাম কৰিবলগীয়া হয়।। যোৱা নিশাও গৰিমাৰ কাম বহু নিশালৈ হৈছিল বাবে তাই পুৱা দেৰিলৈকে শুই আছিল।( Storyboard )
গৰিমাইই গা ধুই আহি দেখা পালে যে, তাইৰ শাহুৱেকে নিজৰ কোঠালিত বান্ধৱীৰ লগত ফোনত কথা পাতি আছে। কথাবতৰাত তাই নিজৰ নামটো শুনা পালত, গৰিমাই শাহুৱেকৰ কথা শুনিবলৈ ললে। অ, প্ৰিয়দা, তুমিও তোমাৰ বোৱাৰীক বেছি মূৰত নুতুলিবা। বোৱাৰী বেছি উৰিবলৈ দিলে, কাইলৈ নিজৰ চাকৰি বাবে, তাই তোমাকে নিজৰ ঘৰত কামকৰা বাই কৰি ৰাখিব। মইটো প্ৰথমৰপৰাই গৰিমাই চাকৰি কৰাক লৈ পচন্দ কৰা নাছিলো। এতিয়া কৰে নিজৰ কথা মতে চাকৰি, কিন্তু লগতে ঘৰৰ কামো কৰে যেন। মই টো গাৰ বিষ বুলি বহি থাকো। নহলে ঘৰখনৰ সকলো কামৰ বোজা মোৰ ওপৰতে পৰিল হয়। মই কি কামকৰা বাই হয় নি! মইটো কৈছো, তুমিও এয়াকে কৰা। শাহুৱেকৰ কথা শুনি গৰিমাৰ চকুলো বাগৰিল। তাই যি শাহুৱেকক গা বেয়া বুলি, তেওঁৰ দিনে ৰাতিয়ে সেৱা কৰি আহিছে, তেওঁক পানীৰ গিলাচটো উঠাবলৈ নিদিয়ে, গোটেই দিন ঘৰৰ কাম বন কৰি আৰু নিশা অফিচৰ কাম কৰি ভাগৰুৱা দেহাৰে মাত এষাৰ নিদিয়ে। তাৰে এয়া ফল পালো। মানিচো, তেওঁ মোৰ চাকৰি কৰাক লৈ পচন্দ নকৰে, কিন্তু ঘৰখনৰ আৱশ্যক নহলে তাই কেতিয়াও চাকৰি নকৰিলে হয়। প্ৰান্তিকৰ বোজা পাতল কৰিবলৈকে তাই চাকৰি কৰিছিল। হব, এই বিপদৰ সময়ত মই শাহু লগত কোনো ধৰণৰ কথাত লাগি থাকিব নিবিচাৰো। যাৰ বাবে ঘৰখনৰ পৰিৱেশ বেয়া হয়। সেইবাবে গৰিমাই শাহুৱেকৰ কথাক আওকাণ কৰি তাৰ পৰা আঁতৰি আহিল। কিন্তু তাইৰ দৃষ্টিত শাহুৱেকৰ সন্মান কম হৈ গল।
পাছদিনা পুৱা অমিয়াৰ ছোৱালী কুহিঁয়ে বিদেশৰ পৰা ফোন কৰিলে। সেই সময়ত কুহিঁৰ শাহুৱেক তাইৰ ওচৰলৈ গৈছিল। অভ্যাসৰ অনুসাৰে, অমিয়াই কুহিঁৰ শাহুৱেকৰ বেয়া গুণ কবলৈ আৰম্ভ কৰোঁতেই তেতিয়া কুহিঁয়ে মাকক সুৱঁৰাই দিলে, মা, তুমি শাহুমাৰ বিষয়ে অলপো বেয়া নকবা। গম পোৱা নে, মই তোমাৰ কথা মতে তেওঁৰ লগত কিমান বেয়া ব্যৱহাৰ কৰিছিলো। কিন্তু আজি মই তেওঁক বুজি পালো। তুমিটো তেওঁ ইয়ালৈ অহাত কিমান বেয়া পাইছিলা। কিন্তু মোৰ মা শাহুমা মোৰ লগত ইয়াত নথকা হলে, আমাৰ যে কি অৱস্হা হল হয়। তুমিটো ভালদৰে যানাই, মই চাকৰি কৰাৰ কিমান প্ৰয়োজন। কৰোনাও যে ইয়াত এনেদৰে প্ৰভাৱ পেলাইছে, যে, ঘৰৰপৰাই সকলো কৰিব লগীয়া হৈছে। লৰাটোৰ বেবি কেয়াৰ চেন্টাৰো বন্ধ হৈ আছে। মই আৰু বিনয় সকলো সময়তে ব্যস্ত হৈ থাকিব লাগে। এনেতে মা, শাহুমায়ে সকলো সময়তে বাবুৰ লগতে গোটেই ঘৰখনৰ চোৱা চিতা কৰি আহিছে। মোক একো এটাকে কৰিবলৈ নিদিয়ে। যদি তেওঁ নথকা হলে, মা আমাৰ কি হল হয়। এয়া ভাৱিলে, মোৰ শৰীৰ কপিঁ উঠে। সচাঁ মা, মোৰ শাহুমা কোনো সাধাৰণ মহিলা নহয়। মোৰ বাবেটো দেৱী সমান হয়। মই ইমান অপমান কৰা পাচটো, কুহিঁয়ে কান্দোনত ভাঙি পৰিল। কুহিঁয়ে ফোনটো কাটি দিলে। কুহিঁৰ কথা শুনি অমিয়াৰো চকুলো ভৰি আহিল। তেতিয়া তেওঁ নিজৰ ভুলৰ অনুভৱ কৰিলে। সচাঁই, গৰিমাই মোৰ কিমান চোৱা চিতা কৰে। মোৰ তিতা কেহাঁ কথাটো তাই বেয়া নাপায়, ওলোটাই কোনো উত্তৰ নিদিয়ে। সচাঁই, এই মহামাৰী সময়ত এজনে আনজনক সাহস দিব লাগে। সকলো শক্ৰুতা পাহৰি এজনে আনজনক সহায়তা কৰিব লাগে। তেতিয়া মই স্বাৰ্থত কেনেকৈ অন্ধ হলো! ইমান কেনেকৈ তললৈ পৰিলো যে, এই বিপদৰ সময়ত নিজৰ পৰিয়ালৰে সহায়তা কৰিব নোঁৱাৰিলো।
অমিয়াই সেই সময়তে গৰিমাক মাতি তাইৰ মূৰত হাত ফুৰাই লৈ কলে, গৰিমা, আজিৰ পৰা ঘৰৰ আধা কাম মোৰ, মই আজিলৈকে তোমাক যি কলো, আৰু তোমাৰ লগত যি কৰিলো, তাৰবাবে ক্ষমা কৰিবা। যোৱা, তুমি এতিয়া গৈ আৰাম কৰাগৈ। ভাত মই বনাম। গৰিমাই নিজৰ শাহুৱেকৰ সলনি হোৱা দেখা পায় তাইৰ চকুৱেদিও সুখৰ চকুলো বৈ আহিল। আৰু নিজৰ শাহুৱেকৰ প্ৰতি তাইৰ মনত পুনৰ প্ৰথমৰ দৰে সন্মান ঘূৰি আহিল। এইবাবেই আমাৰ জীৱনক বিপদৰ সময় আহে যাতে আমি সকলোৰে অনুপস্থিতক বুজিপাওঁ। নিজে কৰা ভুলৰ অনুভৱ হোৱা আৰু ক্ষমা বিচাৰিলে, ক্ষমা বিচৰাজন সৰু হৈ নাযায়। ওলোটাই ডাঙৰ হে হৈ পৰে।। অমিয়াৰ দৰে ।।
এনেধৰনৰ আৰু গল্প/উপন্যাস পঢ়ক এই লিংকত - www.গল্প/উপন্যাস.com
আমাৰ ফেচবুক গ্ৰুপটো আপুনি পোনপটিয়াকৈ গল্প প্ৰকাশ কৰিব পাৰে।
আমাৰ গ্ৰুপৰ লিংক - SMJ24.facbookgroup
( Storyboard )



No comments:
Post a Comment