ফেচবুকৰ তিতা মিঠা অভিজ্ঞতা : Storyboard - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Thursday, June 10, 2021

ফেচবুকৰ তিতা মিঠা অভিজ্ঞতা : Storyboard

Storyboard

 ১. এগৰাকী কলেজ শিক্ষয়িত্ৰী, সমসাময়িক বয়স। ফেচবুকত চিনাকি হোৱাৰ পাছত মেছেনজাৰত মেছেজ আদান প্ৰদান হ'ল( Storyboard )। কথা আৰু চিন্তাধাৰাৰ মিল হোৱাৰ পাছত হোৱাটচ এপত যোগাযোগ হ'ল আৰু ফোনো কৰিলে। এদিন তেখেতৰ স্বামীয়ে ফোন কৰিলে , কলে তেওঁলোকৰ ছোৱালীজনীক গুৱাহাটীৰ হোষ্টেলত ৰাখি পঢ়াব। মই হেনো স্থানীয় অভিভাৱক হ'ব লাগে। কিন্তু আমি এজনেও আজিলৈকে দেখা দেখি হোৱা নাই।আমি অচিন চিনাকি। বিশ্বাস, আন্তৰিকতা ,শ্ৰদ্ধা।


২. এগৰাকী গৃহিনী, দহ বছৰীয়া ল'ৰা এজনৰ মাক। ফেচবুকৰ বান্ধৱী, মেছেজ কৰে। তেখেতে কলেজত থাকোতে গল্প কবিতা বহুত লিখিছিল।এতিয়া নিলিখে। মই সদায় তাগিদা দিও লিখিবলৈ। একপ্ৰকাৰ ধমকি দিও। তাৰ পাছত ভাল ভাল গল্প কবিতা লিখিলে। তেওঁৰ মতে মোৰ যোৰতহে লিখাটো সম্ভৱ হ'ল। মাজে মাজে ফোন কৰে, গিৰিয়েকে এদিন ফোনত ক'লে -" এওঁৰ যে ইমান প্ৰতিভা আছে গমেই পোৱা নাছিলোঁ। আপুনিহে উলিয়াই আনিলে, নেৰিব দেই। তাগিদা দি থাকিব। ধন্যবাদ আপোনাক। আমাৰ ঘৰলৈ আহিব এদিন।" বিশ্বাস , শ্ৰদ্ধা , আন্তৰিকতা। ( Storyboard )


৩.এগৰাকী স্বাস্থ্য বিভাগৰ কৰ্মৰত বাইদেউ। মোৰ লিখনি পঢ়ে আৰু আপলোড কৰা ফটোবোৰ ভাল পায়। সদায় ৰাতিপুৱা সুপ্ৰভাত দিয়ে, পৰিয়ালৰ খবৰ লয়। দুদিনমান বাইদেউৰ মেছেজ নাই। ময়েই এদিন সুধিলোঁ। বাইদেৱে ক'লে যে, দিনটো ব্যস্ত থাকো, ৰাতি সময় পালে ফেচবুকত যাও, মেছেনজাৰত যাবই নোৱাৰি। অনলাইন দেখিলেই অভদ্ৰ কিছুমানে যা তা মেছেজ দিয়ে, কল কৰে, বৰ অশান্তি দিয়ে। সেয়ে মেছেনজাৰ বাদ দিছো। তোমাক ফোন নম্বৰ দিম, ফোন কৰিবা।এতিয়া ফোন কৰি থাকে। আমি যে ফেছবুকৰ হে চিনাকি ,ভাবেই নহয়। বিশ্বাস, আন্তৰিকতা মৰম। 


৪. স্বামী স্ত্ৰী দুয়োগৰাকী মোৰ ফেচবুকৰ বন্ধু। গুৱাহাটীৰ পৰা দুৰৈত ঘৰ। প্ৰথমে মেছেনজাৰ, তাৰ পিছত হোৱাটচ এপ, তাৰ পিছত ফোনত যোগাযোগ। যেন বহুদিনৰ চিনাকি। এদিন এটা সহায় বিচাৰিলে, বাইদেউৰ বহুত গেষ্ট্ৰীক। গুৱাহাটীৰ এগৰাকী ভাল ডাক্তৰৰ লগত  যোগাযোগ কৰি দিব লাগে। দিছপুৰ হস্পিতালত গৈ এপইন্টমেন্ত লৈ দিলো। ডাক্তৰক দেখালে। তেতিয়া মই তেজপুৰত আছিলো কাৰনে লগ নাপালো। মোৰ প্ৰতি কৃতজ্ঞ। অচিন চিনাকি,  বিশ্বাস , আন্তৰিকতা। 


... এনেকুৱা অভিজ্ঞতা নিশ্চয় বহুতৰে আছে। 

Storyboard







এনেধৰনৰ আৰু গল্প/উপন্যাস পঢ়ক এই লিংকত - www.গল্প/উপন্যাস.com


বিঃদ্ৰঃ আপোনালোকেও যদি কোনো গল্প আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আমাৰ ফেচবুক পেজৰ ইনবক্সত নতুবা ৯৮৫৪৭৯৯৫৭৭ নম্বৰত হুৱাটছ এপ যোগে প্ৰৰণ কৰক।

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

 নিৰ্বাচিত গল্প সমূহহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব।

আমাৰ ফেচবুক গ্ৰুপটো আপুনি পোনপটিয়াকৈ গল্প প্ৰকাশ কৰিব পাৰে।

আমাৰ গ্ৰুপৰ লিংক - SMJ24.facbookgroup

( Storyboard )


No comments:

Post a Comment

Advertisement

Pages