পাগল হৈছ নেকি? কত যাবি?( Storyboard )
আজিলৈকেতো মোৰ অফিচৰ চিঠি আহিছিল আৰু এতিয়া আপোনাৰো। মেজত পৰি থকা কলমটো উঠাই লিনাই কলে। তোৰহে এনেকুৱা লাগে যে চিঠি কেৱল তোৰ অফিচলৈ আহে, তেওঁ দুয়োটাৰে অফিবলৈকে লগতে চিঠি পঠাইছিল। লিনাৰ চেহেৰাত চিন্তা দেখি কথাষাৰ সলাই নবজিতে কলে সন্ধিয়া মোৰ নাইট ডিউটি আছে , হয়তো মই ডাবল ডিউটি কৰিম সেইকাৰণে কাইলৈ শনিবাৰে লৰা ছোৱালীকেইটাক নিজেই স্কুল পঠিয়াই দিবি। মই যাওঁ। গুদুৰ টিউচন মাষ্টৰ সলনি হল । হয়তো তেওঁ ৰাতি ৯ বজাত আহিব কেনেকুৱা হয় চাই লবি। কথাখিনি কৈ নবজিতে বাইকখন লৈ গুচি গল।
লিনাই হাতত পোষ্টকাৰ্ড লৈ ভাবিব ধৰিছে। লৰা কেইটা বাহিৰত খেলিবলৈ গৈছে। গাঁৱত লিনাৰ মাক দেউতাকৰ ৫ নম্বৰ সন্তান হোৱা বাবে সদায় ঠাট্টা শুনিব লগা হয়। দেউটায়েতো তাইৰ চেহেৰাই চাব নোখোজে। মাকে যেনেতেনে তাইক অষ্টম শ্ৰেণীলৈকে পঢ়োৱালে।
পেহাকৰ মৃত্যুৰ পাছত যেতিয়া পেহীয়েক গাঁৱলৈ আহিল তেতিয়া তেওঁ লিনাৰ অৱস্থা দেখি তাইৰ মাকক তাইক লগত লৈ যাবলৈ মিনতি কৰিলে। পেহীয়েকৰ এটাই লৰা আছিল নবজিত। মাক দেউতাকে বুজা কম কৰিবৰ বাবে পেহীয়েকৰ কথা লগালগ মানি ললে। লিনা চহৰলৈ আহিল। পেহীয়েকে আগলৈ পঢ়িবৰ কাৰণে ওচৰৰে স্কুলত তাইক নাম লগাই দিলে।
সময় পাৰ হল। নবজিতৰ বিয়া হৈ গল।ইমান মৰম কৰা নবৌ, পৰীক্ষাৰ সময়ত বৌয়েকে তাইক একো কামেই কৰিব নিদিয়ে। নিজৰ পুৰণি গাঁও,পুৰণি সময় প্ৰায় তাই পাহৰি পেলাইছিল। বৌয়েকৰ ৰূপত তাই বহুত ভাল বান্ধৱী লগ পাইছিল। পেহীৰ দেহা প্ৰায়ে বেয়া হৈ থাকিব ধৰিলে। দ্বাদশ শ্ৰেণীৰ পঢ়া শেষ কৰি ব্যক্তিগতভাবে বি,এ কৰিবৰ বাবে লিনাই ফৰ্ম পূৰালে। বৌয়েকে দুটা সন্তান জন্ম দিয়াৰ পাছত গম পালে যে তেওঁৰ কলিজাত ফুটা আছে। বহুত চিকিৎসা কৰাৰ পাছতো তেওঁক বচাব নোৱাৰিলে। পেহী একেবাৰে ভাগি পৰিছিল। দুয়োটা সন্তানৰ কাম এতিয়া লিনাই কৰিব লগা হৈছিল। তাৰ মাজতে লিনাৰ বি,এ পৰীক্ষাৰ ৰিজাল্ট আহিব লগা আছিল। আৰু তাই বহুতো চৰকাৰী চাকৰিৰ বাবে পৰীক্ষা দিছিল যাৰ ভিতৰত নগৰ পালিকাত তাইৰ নিযুক্তি হৈছিল।
লৰা ছোৱালীকেইটাৰ বাবে তাই জইন কৰিব খোজা নাছিল কিন্তু পেহীয়েকে বহুত জোৰ কৰাৰ বাবে তাই মান্তি হল। তাইৰ নিযুক্তি ঘৰৰ ওচৰৰ অফিচতে হৈছিল। ঘৰৰ পৰা ওলোৱাৰ আগত আৰু আহি পোৱাৰ পাছত সকলো কাম তাই অকলেই কৰিছিল। পেহীৰ অসুস্থতাৰ বাবে নবজিতেও ৰাতি ডিউটি কৰিব ললে। ঘৰত ৰাতি লিনা থাকে আৰু দিনত নবজিত। এনেদৰেই সন্তান কেইটা ডাঙৰ হল।
যেতিয়াৰ পৰা গাওঁত মাক দেউতাকে লিনাৰ চাকৰি পোৱা কথা গম পালে তেওঁলোকৰ হাত খালি হবলৈ ধৰিলে। যেতিয়াই মন তেতিয়াই আহি লিনাৰ পৰা পইচা লৈ যায়। কেতিয়াবা খেতি কৰিবৰ বাবে বুলি কৈ টকা নিয়ে আৰু কেতিয়াবা ওচৰৰ চৌধুৰীক ধাৰ পৰিশোধ কৰিব আছে বুলি বুদ্ধি কৰি টকা নিয়ে। ঘৰৰ সকলো বস্তু নবজিতে আনে সেইবাবে তাইক বেছি টকাৰ দৰকাৰ নহয় , তথাপিও....। এদিন নবজিতৰ ওচৰত খবৰ আহিল যে দেউতাকৰ অৱস্থা বহুত বেয়া আৰু লিনাক মাতি পঠাইছে। নবজিতেও তাইক বুজালে যে কিছুদিনৰ চুটি লৈ গাঁৱলৈ যা সন্তান দুটাক সি অকলে চাব। আৰু এতিয়া সিহঁত ডাঙৰ হৈ ষষ্ঠ, সপ্তম শ্ৰেণীত পঢ়ি স্কুল যায়।>
নবজিতে কলে সি দিনত ডিউটি কৰিব। স্কুলৰ পৰা আহি লৰা ছোৱালীকেইটা তাৰ লগতে থাকিব। অফিচত চুটিৰ বাবে মেইল পঠিয়াই লিনা গাঁৱলৈ গুচি গল।
লিনাৰ দেউতাক ওচৰৰ চৌধুৰীৰ ঋণ পৰিশোধ কৰিবলৈ অসমৰ্থ আছিল সেইবাবে চৌধুৰীৰ গুণ্ডা, পঢ়া শুনা নথকা লৰাতোৰ লগত লিনাৰ বিয়া ঠিক কৰি দিলে। কিন্তু লিনাৰ কোনো কথাই নুশুনিলে। মাকৰ লগত ওচৰ চুবুৰিয়া খুৰীয়েকো তাইক কথা শুনালে যে চহৰত এতিয়া তাইৰ কি বাকী আছে? পেহীটো মৰি থাকিল। তাইৰ লৰাৰ লগত তোৰ কিবা সম্বন্ধ আছে নেকি? তাই যিমান কান্দি কাটি থাকিও কাৰো ওপৰত ইয়াৰ প্ৰভাৱ নপৰিল। পিছদিনাই চৌধুৰীৰ লৰা সুমনৰ লগত তাইৰ বিয়া কৰাই দিলে।
প্ৰায় এমাহ পিছত নবজিতে যেতিয়া গম পালে সি গাঁৱলৈ আহি সিহঁতক চৰকাৰৰ ধমকি দিলে যে লিনাই চৰকাৰী চাকৰি কৰে যদি অফিচত এইবোৰ গম পায় তেন্তে সিহঁতৰ অৱস্থা বেয়া হব। সেইকাৰণে তাই এবাৰ তালৈ যাব লাগিব। তাত গৈ সকলো অফিচৰ কাম কৰি আকৌ উভতি আহিব পাৰিব।
ঘৰলৈ যোৱাৰ পাছত তাই আৰু কোনোদিন উভতি নহাৰ শপত খালে আৰু শান্তিৰে অফিচলৈ গল।
বিধাতাই হয়তো বেলেগ কিবা হোৱাটো বিচাৰিছিল। তিনি চাৰিমাহ পাছত তাইৰ অনুভৱ হল যে তাই মাক হব ওলাইছে। নবজিতে তাইৰ যত্ন লৈছিল যদিও তাই জন্মৰ কাৰণে গাঁৱলৈ যোৱাতো উচিত বুলি ভাবিলে। অফিচৰ পৰা চুটি লৈ তাই গাঁৱলৈ গুচি গল। তাই পুত্ৰ সন্তান জন্ম দিলে।তাই নিজৰ স্বামী পবিত্ৰক বুজাবলৈ সক্ষম হল যে সিও চহৰলৈ আহি কিবা এটা কাম বিচাৰিব পাৰে। যদি দুয়োটাই কাম কৰে তেন্তে সিহঁত ককায়েকৰ ঘৰত নাথাকিলেও হব। তেতিয়া সিহঁতে ওচৰতে বেলেগ এটা ঘৰ লৈ নিজৰ সন্তানৰ লগত থাকিব পাৰিব । হয়তো পবিত্ৰই বুজি পাইছিল আৰু তাইৰ চুটি শেষ হোৱাৰ পাছত তাইৰ লগত সি ও চহৰলৈ আহিল। কাম কৰাৰ তাৰ অলপো অভ্যাস নাছিল। গোটেই দিন কাম বিচৰাৰ বুদ্ধিৰে চহৰত ঘূৰি থাকে। নবজিতে এতিয়া ৰাতিপুৱা নিজৰ লগতে লিনাৰ সন্তনকো চাবলগীয়া হয়। নবজিতে পবিত্ৰক ৩/৪ ঠাইত কাম বিচাৰি দিছিল কিন্তু সি ১০/১৫ দিন কাম কৰি পলাই আহে। লিনাৰ টকাবোৰ সি অযথা খৰছ কৰিছিল।/p>
জীৱন সঁচাকৈয়ে সাঁথৰৰ দৰে , মাত্ৰ চেষ্টা কৰি আগুৱাই যোৱা ,কি হয়? তুমি যিমানেই এই সাঁথৰ ভাঙিবলৈ চেষ্টা নকৰা কিয় শেষত আকৌ যুত লাগিবই। সেই সাঁথৰ ভাঙিবলৈ অজান সম্পৰ্কবোৰ কিমান কাষ চাপি আহিছিল। মাত্ৰ নিজৰ নিজৰ সন্তানক ভাল মানুহ হিচাপে গঢ় দিবলৈ সিহঁত দুয়োটাই নিজৰ জীৱন যুদ্ধত নামি পৰিছিল। সময় একেদৰে পাৰ হোৱা হলে ভাল আছিল কিন্তু ভাগ্যত কিবা বেলগ লিখা আছিল।( Storyboard )
পবিত্ৰ গাঁৱলৈ যোৱাৰ পাছত সি আকৌ লিনাক অশান্তি কৰিবলৈ বুদ্ধি সাজিলে। সি যেতিয়াই তেতিয়াই লিনা আৰু নবজিতৰ চৰিত্ৰৰ ওপৰত পোষ্টকাৰ্ড লিখি দুয়োৰে অফিচলৈ পঠাব ধৰিলে। নিজৰ চৰিত্ৰ আৰু মান সন্মান লিনাৰ শেষ পুঁজি আছিল। যেতিয়া সেই সন্মানত আঘাত লাগিল, ৰাস্তাত গৈ থকা মানুহবৰৰ চকু তাইৰ ওপৰত পৰা অনুভৱ হল। লুকুৱাবলৈ যিমান চেষ্টা কৰিলেও নবজিতে সকলো বুজি পাইছিল। সি লিনাক মাত্ৰ এটা কথাই বুজালে যে সত্যত বহুত শক্তি আছে। আজি নহলে কাইলৈ সকলোৱে সত্যৰ বিষয়ে গম পাব। আৰু কোনো মানুহৰ তাইৰ লগত একো লেন দেন নাই।
লিনাই এতিয়া সন্তানতোৰো খৰছ উঠাব লগা হৈছিল। যেতিয়া সি তাইক গালি পাৰে তাই লৰা কেইটা আৰু নবজিতৰ ওচৰত লাজ পায় কিন্তু.... এদিনটো বহুত বেছি হৈ গল, মদ খাই পবিত্ৰই লিনাক মাৰিব লওঁতেই নবজিতে আহি ৰখালে। ঘৰখনত অশান্তি বাঢ়িল আৰু সকলো অসহজ হৈ পৰিল। ভগৱানে দিয়া বুদ্ধিৰ কৃপাত পবিত্ৰ পুনৰ গাঁৱলৈ যাৱ ওলাল।
জীৱনৰ নাওখন সিহঁতে সামান্য গতিত চলাইছিল মাত্ৰ কিন্তু তাতো বিপদ আহিল। হয়, লিনা আকৌ মাক হব ওলাইছিল। উফ, এতিয়া কি হব? যিসকল নিজৰ দায়িত্ব পালন কৰিবলৈ সমৰ্থ হয়তো ভগৱানে তেওঁলোকক বেছি দায়ত্ব দিয়ে। এতিয়াটো গাঁৱলৈ যোৱাৰ কোনো যুক্তি নাই। যেনেতেনে নবজিতে তাইক , সন্তান কেইটাক আৰু ঘৰখন সম্ভালিলে। লিনাৰ দ্বিতীয়বাৰ লৰা জন্ম হল।
সেইখন ঘৰত আকৌ সকলো আগৰ দৰেই ঘটিল। নবজিতে একেৰাহে ৰাতি ডিউটি কৰে। তাৰ উপৰিও লিনাৰ দুয়োটা সন্তানক চোৱা ছিটা কৰে।
"তুমি নিজেই নিজক কিয় ইমান চিন্তা দিয়া?" সন্তানৰ প্ৰতি থকা দায়িত্বই তাইক সকলো সহজভাৱে লবলৈ বাধ্য কৰাই। অফিচত সকলোৱে তাইৰ বিষয়ে গম পাইছিল , বহুতে তাইক সহানুভূতি প্ৰদান কৰিছিল আৰু এটা কথাতে কোন মানুহেনো ইমান মজা লব?
ঘৰ চাফা কৰি থাকোতে যেতিয়া তাই নবজিতৰ পকেটৰ পৰা সেই একেই পোষ্টকৰ্ড পালে তাই চিন্তাত পৰিল।। তাই নবজিৎক কলে যে তাইৰ কোনো আপত্তি নাই কিন্তু কোনোবাই তেওঁক কিবা কলে তাইৰ ভাল নালাগিব। তেনেকোৱাতে দুৱাৰত কোনোবাই মাত লগালে। তাই দুৱাৰ খুলিবলৈ গল । গাঁৱৰ পৰা তাইৰ এজন দেউৰেক আৰু বেলেগ মানুহ এজন আহিছে। তাই কিবা সোধাৰ আগতেই সিহঁতে কলে যে মদ খাই কাজিয়া কৰাৰ বাবে পবিত্ৰক গাঁৱৰ মানুহে মাৰীলে আৰু সি মূৰত দুখ পাই চহৰৰ হস্পিতালত সংকতজনক অৱস্থাত ভৰ্তি কৰাইছে। লগতে সিহঁতে এইটো কলে যে" পত্নী হিচাপে তেওঁৰ দেখভাল কৰা আপুনাৰ দায়িত্ব, আৰু আমাৰ নিজৰ ঘৰ সংসাৰ আছে আৰু আমি নজৰ কাম লৈ ব্যস্ত। দাদাৰ যত্ন এতিয়া আপুনি লব লাগিব।"
লৰা ছোৱালী কেইটাও ঘৰলৈ আহিল। ডাবল ডিউটি কৰি নবজিতেও ঘৰলৈ উভতিল। সকলো কথা শুনি নবজিতে তাইক বুজালে যে পত্নী হিচাবে তেওঁৰ চোৱা ছিটা কৰা তোমাৰ দায়িত্ব। ৰাতি হৈ অহাৰ বাবে সি লিনাক সন্তানকেইটাৰ লগত থাকিবলৈ কলে আৰু নিযে পবিত্ৰক চাবলৈ হস্পিতেল গুচি গল। পবিত্ৰই বহুত দুখ পাইছিল আৰু তেজ ওলাইছিল। নবজিৎক দেখি সি তাৰ দুইখন হাত যোৰ কৰিলে যেন তাৰ নিজৰ ভুলৰ বাবে অনুতপ্ত হল।নবজিটো কিহেৰে তৈয়াৰী ঠিক নাই, ডাক্তৰৰ ওচৰলৈ গৈ তাৰ চিকিৎসাৰ সকলো টকা জমা কৰিলে। তেজৰ দৰকাৰ হোৱা বাবে নবজিতে তাক তেজ দিলে।
ৰাতিপুৱা লিনা গৈ পবিত্ৰক চালে। লাহে লাহে পবিত্ৰ সুস্থ হল আৰু ঘৰলৈ উভতিল। সময়ে তাক বহুত কিবা শিকাই দিলে। সি সিহঁত দুটাৰ চকুলৈ চাব পৰা নাছিল। মাত্ৰ চকুলো বোৱাই হাতজোৰ কৰি ৰল। হাঁহি মাৰি নবজিতে পবিত্ৰক সান্তনা দিলে," এইখন ঘৰত কাৰোবাৰ সংসাৰতো সম্পূৰ্ন হৈ উঠিব।"
লিনাৰ মূৰত হাত ফুৰাই নবজিতে কলে," চা, ধৈৰ্যত কিমান শক্তি আছে।"
এতিয়া ঘৰখন আগতকৈ বহুত ভালদৰে চলে কিয়নো সন্তান কেইটা চোৱা ছিটা কৰিবলৈ আৰু এজন দেউতাক আহিল। আমাৰ জীৱ্নৰূপী গাড়ীখন কেতিয়া বেয়া হয় ঠিক নাই, আমি গমেই নাপাওঁ যে পৰমাত্মাই ইয়াৰ গতি লগাবলৈ দেৱতা ৰূপত কাক পঠাইছে। মাত্ৰ বিচলিত হলে নিজৰ শুদ্ধ পথত গৈ থাকিল লক্ষ বেছি দূৰ নহয়। আৰু দেৱতাৰ লগত থকা সম্পৰ্কৰ কোনো নাম দিব নোৱাৰি।
এনেধৰনৰ আৰু গল্প/উপন্যাস পঢ়ক এই লিংকত - www.গল্প/উপন্যাস.com
( Storyboard )
বিঃদ্ৰঃ আপোনালোকেও যদি কোনো গল্প আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ গল্প সমূহ আমাৰ ফেচবুক পেজত নতুবা SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সত প্ৰেৰণ কৰিবলৈ আহ্বান জনালো।নিৰ্বাচিত গল্প সমূহ প্ৰেৰকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব,ধন্যবাদ।
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page


No comments:
Post a Comment