এগৰাকী দৰিদ্ৰ মালী লক্ষ্মী আইৰ কৃপাত লাখপতি হৈছিল এনেদৰে : Storyboard - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Friday, June 11, 2021

এগৰাকী দৰিদ্ৰ মালী লক্ষ্মী আইৰ কৃপাত লাখপতি হৈছিল এনেদৰে : Storyboard

Storyboard

এবাৰ ভগৱান বিষ্ণু তেওঁৰ শেষনাগৰ ওপৰত বহি আমনি পাইছিল আৰু তেওঁ পৃথিৱী ভ্ৰমণ কৰাৰ চিন্তা কৰিলে। বহুতবছৰ হল পৃথিৱীলৈ নোযোৱা( Storyboard )। আৰু তেওঁ নিজৰ যাত্রাৰ প্ৰস্তুতি কৰিলে। স্বামীক প্ৰস্তুতি চলোৱা দেখি লক্ষ্মী মায়ে সুধিলে," আজি ৰাতিপুৱাই কলৈ যোৱাৰ প্ৰস্তুতি চলিছে?" ভগবান বিষ্ণুৱে কলে," হে, লক্ষ্মী মই পৃথিৱী ভ্ৰমণ কৰিবলৈ যাওঁ।" লক্ষ্মীয়ে কিবা ভাবি কলে," হে দেৱ, মইও আপোনাৰ লগত যাব পাৰিম নে?

ভগবান বিষ্ণুয়ে অলপ সময় ভাবি কলে এটা চৰ্তত ,"তুমি মোৰ লগত যাব পাৰিবা। তুমি পৃথিৱীত নামি উত্তৰ দিশে একেবাৰে নাচাবা। মা লক্ষ্মীয়ে মান্তি হল।


আৰু ৰাতিপুৱা মা লক্ষ্মী আৰু বিষ্ণু পৃথিৱী পালে। তেতিয়া সূৰ্য্য দেৱ উদয় হৈছিল। ৰাতি বৰষুণ দিছিল।সকলো ফালে সেউজীয়া হৈ আছিল। সেইসময়ত সকলো দিশ শান্ত হৈ পৰিছিল। পৃথিৱীখন দেখিবলৈ বহুত ধুনীয়া হৈ পৰিছিল। মা লক্ষ্মী মন্ত্ৰমুগ্ধ হৈ  পৃথিৱীক চাই ৰৈছিল আৰু তেও পাহৰি গল যে স্বামীক তেওঁ কি চৰ্ত দি আহিছিল। সকলোফালে চাই থাকোতে তেওঁ কেতিয়া উত্তৰদিশে চাবলৈ ললে গমেই নাপালে।

উত্তৰ দিশে মা লক্ষ্মীয়ে এখন বহুত সুন্দৰ বাগিছা দেখা পালে আৰু সেই দিশৰ পৰা অলপ কোমল সুগন্ধ আহিছিল। তাত বহুত ধুনীয়া ফুল ফুলি আছিল। এইখন এখন ফুলনী বাগিছা আছিল। মা লক্ষ্মীয়ে একো নভবা নিচিন্তাকৈ তালৈ গৈ এপাহ ফুল ছিঙি আনিলে। কিন্তু এইয়া কি? মা লক্ষ্মী যেতিয়া ভগবান বিষ্ণুৰ ওচৰলৈ উভতি আহিল তেতিয়া তেওঁৰ চকুত চকুলো আছিল। তেতিয়া ভগবান বিষ্ণুৱে কলে যে কেতিয়াও কাকো নোসোধাকৈ কাৰো বস্তু লব নাপায় আৰু লগতে তেওঁৰ চৰ্ত মনত পেলাই দিলে।


মা লক্ষ্মীয়ে যেতিয়া নিজৰ ভুল বুজি পালে তেওঁ বিষ্ণুক ক্ষমা খুজিলে। তেতিয়া ভগবান বিষ্ণুৱে কলে যে তুমি যি ভুল কৰিছা তাৰ শাস্তি তুমি ভোগ কৰিবই লাগিব।যিজন মালিৰ বাগিচাৰ পৰা তুমি ফুল ছিঙি আনিলা এইটো এক প্ৰকাৰ চুৰি হয়। সেইবাবে তুমি ৩ বছৰলৈ মালিৰ ঘৰত কাম কৰা মানুহ ৰূপে থাকিব লাগিব। তাৰ পাছত মই তোমাক বৈকুণ্ঠলৈ আকৌ মাতিম। মা লক্ষ্মীয়ে মানি ললে ( আজিকালিৰ লক্ষ্মীৰ দৰে নাছিল যে তেওঁ)

মা লক্ষ্মীয়ে এজনী গৰিব তিৰোতাৰ ৰূপ ধাৰণ কৰি সেই বাগিচাৰ মালিকৰ ঘৰলৈ গল। ঘৰ নহয় এটা জুপুৰী আছিল। মালিকৰ নাম মুকুন্দ আছিল। তেওঁৰ দুজন লৰা , তিনিজনী ছোৱালী আৰু তেওঁৰ পত্নী আছিল। সকলোৱে সেই সৰু ফুলনী খনত কাম কৰি যেনেতেনে চলি আছিল।


মা লক্ষ্মী যেতিয়া ৰূপ সলাই মুকুণ্ডৰ ঘৰলৈ গল তেতিয়া সি সুধিলে " ভনী তুমি কোন হয়? আৰু এই সময়ত তোমাক কি লাগে?"তেতিয়া মা লক্ষ্মীয়ে কলে "মই এজনী দুখীয়া মহিলা, মোৰ দেখভাল কৰিবলৈ কোনো নাই।  মই বহুতদিনৰ পৰা ভাত খোৱা নাই মোক যিকোনো কাম দিয়া কৰিবলৈ। লগতে মই তোমাৰ ঘৰৰ কাম কৰি দিম। মাত্ৰ মোক তোমাৰ ঘৰত আশ্ৰয় দিয়া।"( Storyboard )

মুকুন্দ বহুত ভাল মনৰ মানুহ আছিল। তেওঁৰ দয়া উপজিল কিন্তু তেওঁ কলে," ভনী মই বহুত দুখীয়া মানুহ। মোৰ উপার্জনেৰে ঘৰখন বহুত কষ্টত চলে। যদি মোৰ তিনিজনীৰ ঠাইত চাৰিজনী ছোৱালী হল হয় তেন্তে মই চলিব লাগিবই। যদি তুমি মোৰ ছোৱালী হৈ আমি যেনেদৰে খাই বৈ চলি আছোঁ তেনেকৈ সুখী হৈ থাকিব পাৰা তেন্তে ভিতৰলৈ অহা।

 মুকুন্দই মা লক্ষ্মীক তাৰ জুপুৰিত শৰণ দিলে।মা লক্ষ্মী তিনি বছৰ ধৰি তেওঁৰ ঘৰত বন কৰা মহিলা হিচাপে থাকিল।


যিদিনা মা লক্ষ্মী মুকুণ্ডৰ ঘৰলৈ আহিল তাৰ পিছদিনাৰ পৰাই তেওঁৰ ফুল বিক্ৰী কৰি বহুত আমদানি হল। তেওঁ সন্ধিয়ালৈ গৰু এজনী কিনি আনিলে। লাহে লাহে তেওঁ মাটি অলপ কিনিলে। সকলোৱে ভাল ভাল কাপোৰ কিনিলে। তাৰ পাছত এটা ডাঙৰ পকী ঘৰ বনালে। ছোৱালীহঁত আৰু পত্নীয়ে গহনা বনালে। ঘৰতোও বহুত ডাঙৰ হৈ পৰিল।

 মুকুন্দই সদায় ভাবে যে এই মহিলাগৰাকী অহাৰ পাছত মই এইবোৰ পাবলৈ সক্ষম হৈছোঁ। এই ছোৱালীজনীৰ ৰূপত মোৰ ভাগ্য খোল খালে। এতিয়া ২/৩ বছৰ পাৰ হল মা লক্ষ্মী এতিয়াও মুকন্দৰ ফুলনী বাগিচাত কাম কৰে। এদিন যেতিয়া মুকুন্দই ফুলনিৰ পৰা উভতি আহি ঘৰ সোমালে তেওঁ ঘৰৰ দুৱাৰত এজনী দেৱী স্বৰূপ মহিলা অলংকাৰেৰে ভৰি থকা দেখা পালে। তেওঁ ভালদৰে চাই চিনি পালে যে এইজনীটো  মোৰ পাতি লোৱা চাৰি নম্বৰ জনী ছোৱালী হয় মানে সেই তিৰোতাগৰাকী। আৰু তেওঁ বুজি উঠিল যে এইগৰাকী মা লক্ষ্মী হয়।


তেতিয়ালৈকে মুকুণ্ডৰ গোটেই পৰিয়ালটো বাহিৰলৈ আহিল আৰু সকলোৱে আচৰিত হৈ মা লক্ষ্মীক চাই ৰল।

মুকুন্দই কলে," হে মা, আমাক ক্ষমা কৰিবা। আমি অজানিতে তোমাৰ দ্বাৰা ঘৰৰ আৰু ফুলনিৰ কাম কৰালো। এইয়া কি অপৰাধ হৈ গল? আমাক সকলোকে মাফ কৰি দিয়া।"

এতিয়া মা লক্ষ্মীয়ে মিচিকীয়াই হাঁহি কলে," মুকুন্দ তুমি বহুত ভাল আৰু দয়াবাণ ব্যক্তি। তুমি মোক নজৰ ছোৱালীৰ দৰে ভাবিলা। নিজৰ পৰিয়ালৰ সদস্যৰ দৰে ৰাখিলা সেইবাবে মই তোমাক বৰদান দিছোঁ যে  তোমাৰ কেতিয়াও সুখ আৰু টকা পইচাৰ অভাৱ নহয়। তুমি সেই সকলো সুখ পাবা যিবোৰৰ তুমি পোৱাৰ যোগ্য।" তাৰ পাছত লক্ষ্মী মা তেওঁৰ স্বামীৰ দ্বাৰা পঠিওৱা ৰথত উঠি বৈকুণ্ঠলৈ গুচি গল।


এনেধৰনৰ আৰু গল্প/উপন্যাস পঢ়ক এই লিংকত - www.আধ্যাত্মিক.com

Storyboard )

বিঃদ্ৰঃ আপোনালোকেও যদি কোনো গল্প আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ গল্প সমূহ আমাৰ ফেচবুক পেজত নতুবা SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সত প্ৰেৰণ কৰিবলৈ আহ্বান জনালো।নিৰ্বাচিত গল্প সমূহ প্ৰেৰকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব,ধন্যবাদ।

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page


আমাৰ ফেচবুক গ্ৰুপটো আপোনালোকে পোনোপটীয়াকৈ গল্প প্ৰকাশ কৰিব পাৰে।আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup

No comments:

Post a Comment

Advertisement

Pages