" কি কৰি আছা সোণটো?" ৰূপীকাই তাইৰ লৰা অংকিতক মাত লগালে।
"একো নাই মা , টিভি চাই আছো।" অংকিতে ৰুমৰ পৰাই চিঞৰিলে।( Storyboard )
ৰূপীকা এজনী ৪০ বছৰীয়া হাউচ ৱাইফ। স্বামীয়ে এটা ব্যক্তিগত কোম্পানীত কাম কৰে। ১৫ বছৰীয়া লৰা অংকিত। সি এতিয়া দশম শ্ৰেণীত পঢ়ে।
এনেইটো ৰূপীকা এজনী শিক্ষিত মহিলা।কিন্তু তাই অলপ পুৰণা চিন্তাধাৰাৰ। ছোৱালী মানুহৰ আধুনিকতা তাই ভাল নাপায়।
তললৈ আহি স্বামীক খাবলৈ দি তাই কলে,"এই যে মিছেছ শৰ্মাৰ ভাড়াতিয়াগৰাকী বৰ বিনয়হীন।"
" কিয় কিবা হল নেকি?" ৰূপীকাৰ স্বামী বিকান্তই মোবাইল টিপি টিপি কলে।
" ইমান চুটি কাপোৰ পিন্ধে মোৰ দেখিলেই লাজ লাগে। কিন্তু তাই অলপো লাজ নকৰে। বেলকণিত থিয় হৈ থাকে ইমান চুটি কাপোৰ পিন্ধি। গোটেই কলনীৰ লৰাবোৰক বেয়া কৰিব এদিন চাবা। সেইকাৰনেইটো ধৰ্ষণ হয়। তাৰ পাছত লৰাবোৰক দোষী থাকে।" ৰূপীকাই মুখেৰে ভোৰভোৰাই কাম কৰি থাকিল।
অংকিতে বিশেষ একো বুজি নাপালে যদিও ইমানটো বুজি পালে যে নতুন অহা বাজনী ভাল নহয়। অংকিত এতিয়া কিশোৰ হৈ আছে। সি তাৰ ওচৰ পাজৰৰ ঘটনাবোৰ বহুত গম্ভীৰভাবে চাই আৰু বুজে। সি বেছি কথা নাপাতে কিন্তু সকলো কথা কান পাতি মনোযোগেৰে শুনে।
তাৰ মাকে কাৰোবাৰ বিষয়ে যি কথা কয় সি তাকেই সঁচা বোলি মানি লয়। তাৰ পাছত অঙ্কিতৰ মনত সেই মানুহজনৰ ছবি তেনেদৰেই ভাঁহি থাকে। দৰাচলতে লৰা ছোৱালীয়ে ওচৰত ঘটি থকা ঘটনাবোৰৰ পৰাই সকলো শিকে।
কিছুদিনৰ পিছত কাপোৰ মেলি থাকোতে ৰূপীকাই স্বপ্নালিক বেলকণিত দেখা পালে। তাই অফিচলৈ গৈ আছিল। আঁঠুৰলৈকে পৰা স্কাৰ্ট আৰু চাৰ্ট। তাইক দেখি ৰূপীকাই মুখ বেকা কৰিলে।
মিছেছ শৰ্মা ৰূপীকাৰ চুবুৰীয়া হয়। তেওঁৰ ৰূপীকাৰ লগত বহুত ভাল। সেই মিছেছ শৰ্মাৰ ঘৰতেই আজি নতুন ভাড়াতিয়া এগৰাকী আহিছে স্বপ্নালি নামেৰে। অকলে থাকে । বয়স প্ৰায় ২৩/২৪ বছৰ।গুৱাহাটীত এটা আইটি কোম্পানীত চাকৰি কৰে। পঢ়া লিখা থকা এজনী আধুনিক ছোৱালী।
সেই মিছেছ শৰ্মাৰ ঘৰলৈ আজি ৰূপীকাই আচাৰ দি পঠিয়াইছে। ৰূপীকাৰ মাকৰ ঘৰৰ পৰা অহা আচাৰ।
" ল , অংকিত সোনকালে দি আহ।" ৰূপীকাই সৰু টেমাটো অংকিতৰ হাতত তুলি দিলে।
অংকিতে মিছেছ শৰ্মাক আচাৰৰ টেমাটো দিলে। তাৰ চকু গাড়ীৰ পৰা বস্তু নমাই থকা সেই ছোৱালীজনীৰ ওপৰত পৰিল। নীলা ৰঙৰ জিন্স পেন্ট আৰু কলা ৰঙৰ হাফ টপ পিন্ধি থকা টাইক দেখাত বহুত আকৰ্ষণীয় লাগিছিল। অংকিতে তাইক এবাৰ চালে আৰু ঘৰলৈ আহিল।
" মা, শৰ্মা আন্টিৰ ঘৰত নতুন বা এজনী আহিছে।" অংকিতে মাকক কলে।
" অ যোৱাকালি দেখিছিলো যেতিয়া ভাড়া ঘৰ বিচাৰি কথা পাতিবলৈ আহিছিল।হুহ, কাপোৰ চা চোন কেনেকুৱা পিন্ধে। পিন্ধাৰ কোনো ধৰণ নাই।" ৰুপিকাই কথাবোৰ কৈ এনেদৰে নাক কোচালে যেন তাই কিবা দুৰ্গন্ধ পালে।
অংকিতে সকলো শুনি আছিল। তাৰ মনত এতিয়া আৰু স্বপ্নালিৰ প্ৰতি বেয়াভাব সোমাব ধৰিলে যে তাই এজনী বেয়া চৰিত্ৰৰ ছোৱালী। এনেকুৱা ছোৱালীবোৰৰ ধৰ্ষণ হয়।
এদিন ৰাতি অংকিত নিজৰ কোঠাত পঢ়ি আছিল। পঢ়ি থাকোঁতে তাৰ পিয়াঁহ লাগিল। সি পাকঘৰলৈ পানী নিবলৈ আহিল। তেতিয়াই সি মাক দেউতাকৰ ৰুমৰ পৰা অহা শব্দবোৰ শুনা পালে।
" আঁতৰি যোৱা, মোক শুবলৈ দিয়া, ৰাতিপুৱা সোনকালে উঠিব লাগিব।"
" আকৌ শুই যাবা, অলপ সময়ৰ কাৰণেহে।"
" তুমিও এই বয়সত ডেকা হব ওলাইছা।"
" আৰে মইতো এতিয়াও ডেকা হৈয়ে আছোঁ, মোৰ যৌৱনৰ তাড়না দেখুৱাবলৈ এবাৰ সুযোগটো দিয়া।"
অঙ্কিতে প্ৰায়ে মাক দেউতাকৰ প্ৰেমালাপবোৰ শুনা পায়। তাৰ এইবোৰ দেখা শুনাৰ অভ্যাস হৈ পৰিছিল। আজিকালিটো মহানগৰৰ ঘৰবোৰ ইমানেই সৰু হৈ পৰিছে যে মাক দেউতাক, ককায়েক বৌয়েকক অন্তৰংগ অৱস্থাত দেখা পায়। অংকিত ১৫ বছৰীয়া নিশ্চয় আছিল কিন্তু সকলো কথা সি বুজি পাইছিল। আৰু আজিকালিৰ লৰা ছোৱালী ইণ্টাৰনেট আৰু মোবাইলৰ সহযুগত সোনকালেই ডাঙৰ হয়।
অংকীটো গোটেই দিন তাৰ কম্পিউটাৰ আৰু মোবাইলটোতে লাগি থাকে। ৰূপীকা আৰু তাইৰ স্বামীৰ সময়েই নাছিল চাবলৈ যে সি নো আচলতে কি কৰি থাকে।
অংকিতৰ কিছুমান লগৰ আছিল কলনিত। তাৰ সকলো সমনিয়া একে বয়সৰ আছিল আৰু একাৈলগতেই পঢ়ে। মাত্ৰ মিছেছ শৰ্মাৰ লৰা বিতোপন তাতকৈ ডাঙৰ আছিল। বিতোপনৰ লগতো অঙ্কিতৰ অলপ বন্ধুত্ব আছিল।
এদিন অংকিত বিতোপনৰ ওচৰলৈ গৈছিল। তেতিয়া বিতোপনে মোবাইলত লগৰ এজনৰ লগত কথা পাতি আছিল।
" ঐ শুন না, মোৰ ঘৰত নতুন ভাড়াতিয়া আহিছে থাকিবলৈ। কি মাল বন্ধু! আৰে নুসুধিবি একদম চিকনি হয়। মইতো পতাবা নোৱাৰিছোঁ যদি পাৰ তই পতা।"
অঙ্কিতে এই সকলোবোৰ শুনি আছিল। এতিয়া তাৰ মনত এইতো ভাব দৃঢ় হৈ পৰিছিল যে স্বপ্নালি বা ভাল ছোৱালীবোৰৰ ভিতৰত নহয়।
স্বপ্নালিয়ে কেতিয়াবা অংকিতৰ গালত ধৰি টানি সোধে," ভাইটি তোৰ পঢ়া শুনা কেনেকুৱা চলিছে?" অঙ্কিতে তাৰ ওচৰ পাজৰৰ পৰা ইমান কথা শিকিছিল যে স্বপ্নালিৰ এনেকুৱা কৰাতো তাৰ বেয়া যেন অনুমান হৈছিল।( Storyboard )
বিতোপনেও মাজে মাজে স্বপ্নালিৰ কথা অঙ্কিতক সোধে।
এদিন অংকিতৰ স্কুলৰ লগৰবোৰে তাক ফোনত এখন চিনেমা দেখুৱালে। এইখন চিনেমা বাকীবোৰ চিনেমাতকৈ অলপ বেলেগ। ইয়াত সকলো মুকলিকৈ আছিল।
এইবোৰ দেখি অংকিতৰ মনত জিজ্ঞাসা বাঢ়িল। সি অকলে এনেকুৱা চিনেমাবোৰ আৰু চাবলৈ ললে।
চিনেমা চাই চাই অংকিতৰ এতিয়া সেইবোৰ প্ৰেক্টিকেল কৰিবলৈ মন গল। তাৰ লগৰবোৰেও এনেকুৱা কথাই পাতে।
এদিন অংকিতৰ লগৰবোৰ কলনিৰ গেটত ৰৈ আছিল। সন্মুখৰ পৰা স্বপ্নালি আহি আছিল। তাইক দেখি অংকিতৰ লগৰ এটাই কলে," অংকিত, কি ধুনীয়া মাল আছে তহঁতৰ কলনিত।"
অংকিত, যিয়ে স্বপ্নালিৰ প্ৰতি এটা ধাৰণা বনাই পেলালে , সি কলে," আৰে, এইজনীতো এনেকুৱাই। চৰিত্ৰ ভাল নহয় তাইৰ।"
" কি কৈছ বে।" তাৰ লগৰতোৰ চকু জিলিকি উঠিল।
"অ, মই নিজেই কেতিয়াবা দেখোঁ লৰা এটাৰ লগত ৰাতি আহে। মোৰ মায়ে নিজেই কয় এই ছোৱালীজনী চৰিত্ৰহীন বুলি।" অঙ্কিতে যিজন লৰাৰ কথা কৈছে সেইজন স্বপ্নালিৰ প্ৰেমিক। যেতিয়া স্বপ্নালিৰ অফিচৰ পৰা অহা দেৰি হয় তেতিয়া সেই লৰাজনে তাইক থবলৈ আহে।
"তেনেহলে, আমিও চেষ্টা এটা কৰিব পাৰো।" অঙ্কিতৰ লগৰটোৱে তালৈ চায় চকু টিপ দিলে।
" মানে?"
" আৰে, তই সেই ভিডিঅতো চোৱা নাই নিকী যত চাৰি পাঁচটা লৰা লগ হৈ ছোৱালীজনীৰ লগত (সেইবোৰ) কৰে।" এনেদৰে কৈ অংকিতৰ লগৰটোৱে দুষ্ট হাঁহি মাৰিলে।
" কিন্তু এইটো কৰাটো ভুল হব। যদি আমাক পুলিচে ধৰি লৈ যায়?" অঙ্কিতে কলে।
" একো নহয় অ, আমিনো এতিয়া কত ১৮ বছৰীয়া হলো। পুলিচে ধৰিলেও একো নহয়।"
" কিন্তু যদি চবেই গম পায়।" অঙ্কিতে ভয় কৰিছিল।
"গম পালেনো কি কব? এই ছোৱালীজনী এনেকুৱাই। তাইয়েই যদি বেয়া আমি কি কৰিম?"
"মোৰ মায়ে এনেদৰেই কয়। এনেকুৱা ছোৱালীৰে ধৰ্ষণ হয়।"
অংকিতৰ মাকৰ কথা মনত পৰিল।
" ভয় কিয় কৰিছ? এদিন চেষ্টা কৰোঁ ব'ল।"
সেই সুযোগটো এদিন আহিল। ৰাস্তাত এডোখৰ খালি ঠাই আছে। গোটেইকেইটা লৰা তাতেই ৰৈ আছিল। অঙ্কিতে সন্ধিয়াই ঘৰৰ পৰা ওলাই আহিছিল লগৰ লৰাৰ ঘৰত পঢ়িব যাব বুলি।
স্বপ্নালি ৰাতি ১০ বজাত অফিচৰ পৰা আহিল। আজি তাইৰ প্ৰেমিকজন লগত নাছিল। তাই যেতিয়াই সেই ঠাইখনেৰে পাৰ হল সেই চাৰিটা লৰা তাইৰ ওপৰত জঁপিয়াই পৰিল। স্বপ্নালিয়ে অঙ্কিতক দেখিলে।
তাই তাক দেখি কলে," অংকিত মই তোৰ বা হয় এৰি দে।" তাই চিঞৰা দেখি বাকী কেইটা লৰাই তাইৰ মুখত কাপোৰ ভৰাই দিলে।
স্বপ্নালিয়ে বহুত চেষ্টা কৰিলে পলাই আহিবলৈ। তাই চেষ্টা কৰা দেখি অঙ্কিতৰ লগৰটোৱে তাইৰ মূৰত ডাঙৰ লাঠী এডালেৰে মাৰি দিলে। তাই অচেতন হৈ পৰিল।
অচেতন অৱস্থাতেই সিহঁতে তাইক টানি আজুৰি শেষ কৰিলে। কিন্তু স্বপ্নালিয়ে এই চাৰিওতাক চিনি পালে। সেইকাৰণে সিহঁতে ভয় কৰিলে যদি তাই উঠি পুলিচক সকলো কৈ দিয়ে। সিহঁতে তাইৰ মূৰত ডাঙৰ পাঠৰ এটা মাৰি গছকি দিলে।
এই চাৰিটাৰ ভিতৰত এটা লৰা বিজ্ঞান বিভাগৰ আছিল। সি গম পাইছিল ফৰেন্সিক টেষ্টত কি কি বস্তু পোহৰলৈ আহিব পাৰে। সেইকাৰণে সি জুই লগোৱাৰ বুদ্ধি দিলে। সকলোৱে মিলি ওচৰৰ যাবৰ জুথৰ গোতাই জ্বলাই পেলালে।
ৰাতিপুৱা মানুহবোৰে সেই নিজান ঠাইৰ জাৱৰৰ মাজত স্বপ্নালিৰ আধাজলা মৃতদেহটো প্ৰত্যক্ষ কৰিলে।
সেই মৃতদেহতো সমাজৰ বাবে এটা ডাঙৰ প্ৰশ্নবুধক হৈ পৰিল। আচলতে ধৰ্ষণ কিয় হয়? ইয়াৰ বাবে কোন দায়ী?
স্বপ্নালিৰ নিথৰ শৰীৰতোৱে প্ৰশ্ন কৰিছিল," কিয় মোৰ ধৰ্ষণ হল?এইকাৰনেই নেকি যে মই চুটি কাপোৰ পিন্ধিছিলোঁ?নে এইকাৰণে যে মই ৰাতি মোৰ প্ৰেমিকৰ লগত আহিছিলো? নে এইকৰণে যে লৰাবোৰৰ মানসিকতা লেতেৰা আছিল, তেওঁলোকে ভাল শিক্ষা পোৱা নাছিল?
"
আচলতে ধৰ্ষণৰ বাবে দায়ী কোন?
এনেধৰনৰ আৰু গল্প/উপন্যাস পঢ়ক এই লিংকত - www.গল্প/উপন্যাস.com
( Storyboard )
বিঃদ্ৰঃ আপোনালোকেও যদি কোনো গল্প আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ গল্প সমূহ আমাৰ ফেচবুক পেজত নতুবা SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সত প্ৰেৰণ কৰিবলৈ আহ্বান জনালো।নিৰ্বাচিত গল্প সমূহ প্ৰেৰকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব,ধন্যবাদ।
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page


No comments:
Post a Comment