আজি আকৌ সেইটোৱেই হ'ল। দ্বীপৰ মোবাইলটো বাজি উঠিল। ফোন উঠাই গম পালে ৰং নম্বৰ। দ্বীপে নতুন মোবাইল লোৱা পাছৰ পৰাই এনেকুৱা হৈ আছে( Storyboard )। সপ্তাহত দুই চাৰিবাৰ ৰং নম্বৰৰ পৰা ফোন আহে। প্ৰথমতে লগৰবোৰে যেতিয়া তাক তাৰ নম্বৰটো খোজে তেতিয়া সি কয় ৯৪৩৫৪.........
কি তই বি.এচ.এল.এল ৰ নম্বৰ লৈছ নেকি? লগৰকেইটায়ে তেনেকৈ কয় জোৰে হাঁহি দিলে।
"কিয় কি হ'ল?"দ্বীপে সুধিলে।
আজিৰ যোগত কোনোবাই বি.এচ.এল.এল চলাই নি, এইটো সকলোতকৈ নিম্ন মানৰ সেৱা বুলি দ্বীপৰ লগৰকেইটায়ে তাক উপলিঙা কৰি ক'লে।
দ্বীপ এটা দুখীয়া পৰিয়ালৰ ল'ৰা আছিল। উচ্চতৰ মাধ্যমিক শিক্ষা গাঁৱৰ পৰা পাচ কৰা পাছত দেউতাকে চহৰলৈ গৈ কিবা কাৰিকৰী কলা শিকিবলৈ কৈ আছিল। দ্বীপ কামত চুকা আছিল। তাৰ আৰু আগলৈ পঢ়িবলৈ মন আছিল।
এই বিষয়ে যেতিয়া তাৰ দেউতাকে গম পালে , তেওঁ ক'লে," দ্বীপ ঘৰৰ অৱস্থাটো চোন তই গম পাৱ। কিবা কাৰিকৰী বিভাগত পঢ়িলে ইনকমো কৰিব পাৰিবি। ইনেই পঢ়ি কি কৰিবি আৰু পঢ়িবলৈও বহুত পইচা লাগিব। তইটো জানয়ে যে আজি কালি পঢ়ি শুনিও চাকৰি নাপায়।
দ্বীপৰ মাকে তাৰ মন মৰা চেহেৰাটো চাই থাকিব নোৱাৰিলে আৰু নিজেই পিন্ধি থকা গহনাবোৰ খুলি দি দিলে। এনেদৰে দ্বীপে চহৰৰ এখন কলেজত ডিগ্ৰীত নাম লগাই ল'লে। এতিয়া ঘৰত অকল চাৰিজন মানুহ আছিল। মাক, দেউতাক আৰু তাৰ দুজনী ভনীয়েক।
কেইদিনমান চহৰত থকা পাছত দ্বীপ অলপ স্মাৰ্ট হ'বলৈ ধৰিলে আৰু লাহে লাহে বন্ধু ও বাঢ়ি গ'ল । এনেদৰে তাৰ এবছৰ পাৰ হৈ গ'ল। দুই নম্বৰ বছৰৰ পৰীক্ষা দি সি ঘৰলৈ আহিছিল। সি এদিন দেউতাকক মোবাইল এটা দিবলৈ ক'লে। তাৰ দেউতাকে খঙেৰে ক'লে ,"মোবাইল কি কৰিবি তই?" ইয়াত খাবলৈ পইচা নাই আৰু তোক মোবাইল লাগে। লগৰ মোবাইলৰ পৰা ফোন কৰিবি ......।
দ্বীপ খঙত ৰঙা চিঙা পৰিছিল। তাৰ লগৰবোৰৰ তাত ভাল ভাল মোবাইল ফোন আছিল।
দ্বীপে মাকক ক'লে,"মা মোৰ বন্ধু উজ্বলৰ ওচৰত বহুত ভাল মোবাইল এটা আছে। তাত ফটোও মাৰিব পাৰি। তাৰ মমায়েকে গুৱাহাটীৰ পৰা তাক আনি দিছে। মা মোৰ মমায়েহে মোক কেতিয়াও একো নিদিয়ে.......।"
মাকে কিনো ক'ব একো নকলে আৰু এই বছৰো তাৰ মোবাইল লোৱা আশা পূৰণ নহ'ল।
শেষৰ বছৰৰ পোৱা আগে আগে সি বহুত ঠাইত টিউচন কৰিবলৈ ল'লে। মোবাইল কিনা আশাত সি পইচা কমকৈ খৰচ কৰা হ'ল। পইচা জমা কৰি কৰি সি মোবাইল কিনিব পৰাকৈ পইচা গোটাই ল'লে আৰু ৰিজাল্ট অহালৈকে সি মোবাইলো কিনি ল'লে। নতুন মোবাইলত সি বি.এচ.এল.এল কোম্পানীৰ চিম কাৰ্ড লগাইছিল। সেইদিনা সি বহুত আনন্দিত আছিল আৰু লগৰ সকলো বন্ধুকে নিজৰ নম্বৰ দি দিলে। সি প্ৰথম ফোনটো নিজৰ ঘৰলৈ কৰিছিল আৰু কৈছিল যে সি নিজৰ ইনকমেৰে এটা ভাল মোবাইল ল'লে। তাৰ ভনীয়েকহঁতে তাৰ মোবাইলটো চাবলৈ জিদ কৰিবলৈ ধৰিলে। তাৰ মা- দেউতাক এইটো ভাবি সুখী আছিল যে ল'ৰাটো লাইনত যে আহিল। সি বহুত বাৰ মোবাইলটো উলোটাই পুলোটাই চালে।কেতিয়াবা মোবাইলটো পিটিকি গান শুনিছিল নহলেবা গেম খেলিছিল। নিজৰ ইনকমেৰে কিনা এই আধুনিক যন্ত্ৰটো লগত খেলি সি বহুত উৎফুল্লিত হৈ আছিল।
টিউচনৰ পইচাৰে তাৰ খৰচ উলাই যায় বাবে সি ঘৰৰ পৰা সহায় নোলোৱা হ'ল। আজি লগৰবোৰৰ কথা শুনি সি চিমটো বেলেগ লম বুলি ভাবিলে। কিন্তু সকলো ঠাইতে সি নিজৰ নম্বৰটো দি দিছিল। সেই সময়ত আজিৰ দৰে এম.এনপি সেৱাও নাছিল। সেইকাৰণে তাৰ সেইটো নম্বৰে থাকিল।
ডিগ্ৰী শেষ হোৱা পাছত সি চাকৰি বিচাৰিবলৈ ল'লে কিন্তু চাকৰি ইমান সোনকাল নো ক'ত পাব। কেইদিনমানৰ পাছত সি কিতাপৰ এখন দোকানত চাকৰিত সোমায় ল'লে আৰু তাৰ পৰা তাৰ ভাগৰ ঘৰ ভাড়া আৰু বেলেগ খৰচবোৰ উলাই যায়। দ্বীপৰ ৰুমৰ পৰা দোকানখন প্ৰায় তিনি কিলোমিটাৰ দূৰত আছিল। পইচা বচাবলৈ সি খোজ কাঢ়ি অহা যোৱা কৰে। তাৰ তাত ইমান পইচা নাছিল যে সি গাড়ী ল'ব পাৰিব তাৰ বহুত মন আছিল ,এখন গাড়ী কিনা। ৰাস্তাত ধুনীয়া ধুনীয়া গাড়ীবোৰ দেখিলে সি উৎফুল্লিত হৈ উঠে।
সি ভাবিছিল যদি সিও এখন গাড়ী কিনিব পাৰিল হেঁতেন। তেতিয়া মাকক উঠাই গোটেই চহৰখন ঘুৰালে হেঁতেন।
দ্বীপৰ চুকা মগজু এতিয়া লাহে লাহে ভোঁটা হৈ গৈ আছিল। তাক মাকে চহৰলৈ অহা সময়ত কৈছিল যে চাবি আমাক ভগৱানে চাই আছে তেওঁ চকুৰ পৰা একো লোকাই থকা নাই। এই পৃথিৱীখন আৰু ইয়াত কি কি হ'ব সকলোবোৰ তেওঁৰে লীলা। কিন্তু সি এতিয়া অকল পইচা কথাহে ভাবি থাকে ।সি ভাবে যে যাৰ তাত পইচা আছে সেইসকলহে সুখী। সিহঁতি দুখীয়া কাৰণে সি ভগৱানকে দুখ দিয়ে আৰু সি এতিয়া প্ৰাৰ্থনা ও নকৰা হ'ল।
কিতাপৰ দোকানৰ মালিকজনে তাৰ কাম দেখি তাক বহুত ভাল পাইছিল। দ্বীপে কষ্ট কৰি নিজৰ কামবোৰ ভালকৈ কৰে। এদিন দোকানৰ মালিকজন কিবা কামত বাহিৰে গৈছিল আৰু সি দোকানত অকলে আছিল। অকস্মাতে তাৰ চকু পইচা বাকচটোত পৰিল য'ত চাবি লাগি আছিল।
হয়তো লৰালৰিতে দোকানৰ মালিকজনে চাবিটো লগাই থৈ গৈছিল। তাৰ বাহিৰে আন কোনো দোকানত নাছিল । সি বাকচটো খুলি চাই দেখিলে তাত পইচাৰে ভৰি আছিল। তাত থকা পইচাবোৰ দেখি তাৰ মনতো আনন্দিত হৈ উঠিল। নাজানো কিয় তাৰ মনত পইচা চুৰ কৰা বিচাৰ আহিল ।তাৰ অন্তৰ আত্মাই এবাৰ তাক ৰখালে ।কিন্তু সি নিজকে ৰখাব নোৱাৰিলে। সি ইফালে সিফালে চালে আৰু কেইটকা মান পইচা লৈ আকৌ বাকচতো বন্ধ কৰি নিজৰ কামত লাগি থাকিল।অকমান পাছত দোকানৰ মালিক আহিলত সি বহুত ভয় খাই আছিল কিন্তু একো নহ'ল। সন্ধিয়া দ্বীপ ৰুমলৈ ঘুৰি আহি চুৰ কৰা পইচা কেইটা হিচাপ কৰি চালে আৰু দেখিলে তাত তিনি হাজাৰ টকা আছিল। সি বহুত সুখী হ'ল আৰু এনেকৈ সোনকালেই
পইচা গোটোৱা কামটো তাৰ বহুত ভাল লাগিল।
লাহে লাহে তাৰ সংগবোৰ বেয়া হৈ গৈ আছিল। সন্ধিয়া দোকানৰ পৰা আহি বেয়া স্বভাৱৰ ল'ৰাবোৰৰ লগত থাকে আৰু চিনেমা চাবলৈ যোৱা। চিগাৰেট খোৱা আদি কামবোৰ সি কৰিবলৈ ধৰিলে। সি পৰিয়ালৰ পৰা শিকা সকলো সংস্কাৰ পাহৰিবলৈ ধৰিলে।
এদিন দ্বীপে লগৰকেইটা লগত বহি কথা পাতি থাকোতে তাৰ মোবাইলটো বাজি উঠিল।
সি উঠালে কিন্তু কোনোবা ৰং নম্বৰ আছিল। সেইফালৰ পৰা মাত আহিল-
"হেল্ল' দেউতা! আপুনি সোনকালেই ঘৰলৈ আহক। বহুত দিগদাৰ হৈছে ইয়াত। আমি দিনটো ভাত খাবলৈ নাপাওঁ। সেইফালৰ মানুহ আহি সদায় আপোনাৰ কথা সুধে। আপুনি কেতিয়া আহিব দেউতা....?
সি একো বুজি পোৱা নাছিল আৰু ফোনটো কাটি দিলে। ফোনত কোনোবা সৰু ল'ৰা এটাই দুখ লগা মাতেৰে কৈ আছিল। তাৰ পাছত সি বেছি দেৰি লগৰবোৰৰ লগত বহি থাকিব নোৱাৰিলে। সি নিজৰ ৰুমলৈ গুচি আহিছিল।( Storyboard )
ৰাতি সি যেতিয়া বিচনাত শুলে সেই অকমানি ল'ৰাটোৰ মাত তাৰ কানত বাজি আছিল। তাৰ এনেকুৱা লাগিছিল যেন তাৰ শৈশৱ কালতোৱে হে তাৰ লগত কথা পাতিছিল তাৰ গোটেই ৰাতি টোপনি নাহিল ।
এই কথাটোৰ প্ৰায় চাৰি পাঁচ দিন পাৰ হৈ গৈছিল। তাৰ মোবাইলত আৰু ৰং নম্বৰৰ পৰা ফোন অহা নাছিল।সি বহুত সুখী আছিল যে নেটৱৰ্কৰ সমস্যা ভাল হৈ গ'ল চাগে । তেনেকুৱাতে আকৌ মোবাইলটো বাজি উঠিল আৰু সি খঙত মোবাইলটো ধৰিলে আৰু সিফালৰ পৰা আকৌ সেই ল'ৰাটোৰে মাত আহিল।
দেউতা...দেউতা,দেউতা। আপুনি নাহিল যে আহক না সোনকাল আপুনি! আপুনি যেতিয়াৰ পৰা ইনকম কৰিবলৈ চহৰলৈ গৈছে মা বহুত বেমাৰত পৰি আছে আৰু আজি ৰাতিপুৱা পৰা আমি একো খোৱা নাই....।
"চোৱা তোমাৰ দেউতা ক'ৰবাত গৈছে। তুমি তোমাৰ ঘৰৰ ঠিকনাটো মোক কোৱা মই কেইটকা মান পইচা পঠায় দিম। দ্বীপে লাহেকে ক'লে।"
তাৰ পাছত ল'ৰাটোৱে ঘৰৰ ঠিকনাটো দিলে আৰু দ্বীপে এখন কাগজত লিখি ল'লে। সি ভাবি আছিল অকল এডোখৰ ঠাইৰ পৰাই কেনেকৈ ইমান ৰং নম্বৰ আহিব পাৰে।
সি সন্ধিয়া কথাটো লগৰবোৰক ক'লত সিহঁতি হাঁহি তাক উপলিঙা কৰিলে আৰু ক'লে-
এই মূৰ্খ তই সেই পৰিয়ালটো চিনি নাপাৱ আৰু সিহঁতক কি সহায় কৰিবি।
দ্বীপে ক'লে,"মোৰ তাত সিহঁতৰ ঘৰৰ ঠিকনা আছে ।এবাৰ গৈ নহ'লে আমি চাও যদি সঁচাকৈ সিহঁতৰ স্থিতি বেয়া তেতিয়া সহায় কৰিব লাগিব ন।"
তাৰ লগৰকেইটায়ে কথাটো শুনি ভাল নাপালে আৰু ক'লে-
"তোৰ কি সমাজ সেৱা কৰা ইচ্ছা হৈছে নেকি।আমি তোৰ লগত ফালটো কাম কৰিবলৈ নাজাওঁ। আমিও বহুত ধনী নহয় যে বেলেগক সহায় কৰিম। নিজৰে অৱস্থা বেয়া আৰু বেলেগক সহায় কেনেকৈ কৰিম।
সি দুখ মনেৰে ৰুমলৈ গুচি গ'ল।
সি ৰুমত বহি থাকোঁতে তাৰ চকু বাকচটোত পৰিল য'ত সি দোকানৰ পৰা চুৰ কৰা পইচা থৈছিল। সি বাকচটো খুলি চালে যে পোন্ধৰ হাজাৰ টকা আছিল। তাৰ চকুৰ আগত এতিয়া তাৰ সপোন নহয় সেই ল'ৰাটোৰ মাত ভাঁহি আছিল। সি ভাবিছিল যে সিহঁতিয়ে বহুত দুখীয়া কিন্তু চোন সিহঁততকৈও বেছি দুখীয়া মানুহ আছে।
অৱশেষত সি থিৰাং কৰি ল'লে যে সি কাইলৈ দোকানৰ পৰা ছুটি লৈ সেই ঠিকনাটোলে যাব আৰু জমা কৰা সকলো পইচা সেই পৰিয়ালটোক দি দিব। হয়তো এইয়া তাৰ ভাল সংস্কাৰ যি আকৌ তাৰ হৃদয়খন পৰিৱৰ্তন কৰিছিল।
সি ভগৱানক ওচৰত ক'লে যে সি আৰু কেতিয়াও চুৰ নকৰে।
আজি দোকানলে যাওঁতে সি নিজকে বহুত সুখী যেন অনুভৱ কৰিছিল। দোকানলে গৈ সি মালিকক কিবা কাম আছে বুলি কৈ ছুটি লৈ সেই পৰিয়ালটো ওচৰলৈ গ'ল।
সি গৈ সেই ঠিকনাটো পালে আৰু দেখিলে যে ঘৰৰ অৱস্থাটো বহুত বেয়া আছিল। সি বাহৰ দুৱাৰখন ধকিয়ালে আৰু ভিতৰৰ পৰা একো উত্তৰ নাপালে। ওচৰ চুবুৰীয়াবোৰে তাক খাই পেলাব যেন তেনেকৈ চাইছিল আৰু সুধিব বিচাৰিছিল যেন সি কিয় আহিছে?কোন হয় সি??
দ্বীপে ভাবিলে হয়তো ইয়ালে কোনো নাহে। সি ভাবি থাকোঁতেই এটা ১১ বছৰীয়া ল'ৰাই দুৱাৰখন খুলি দিলে আৰু ক'লে-
আপুনি কোন হয়? দেউতা এতিয়া নাই। যেতিয়া দেউতা আহিব আপুনি আপোনাৰ পইচা লৈ যাব। এতিয়া আমাৰ তাত আপোনাক দিবলৈ একো নাই।
হয়তো সি দ্বীপকো নিজৰ পইচা ধাৰ আনিবলৈ যোৱা বুলি ভাবিছিল ।
দ্বীপে ক'লে-
"মই তোমাৰ দেউতাৰ বন্ধু। মনত আছে নে মই তোমাৰ লগত ফোনটো কথা পাতিছিলো।"
"আপুনি...হয়..হয়..মনত পৰিল। আপুনি ইমান সোনকালে আহিলে। আপুনি ভিতৰলৈ আহক। ল'ৰাটোৱে আনন্দিত হৈ ক'লে।
বৰষুণৰ কাৰণে ঘৰটোত পানী ও পৰিছিল । সি এটা চুকত এখন চকীত বহিলে। ল'ৰাটোৱে দৌৰি ভিতৰৰ ৰুমলৈ গ'ল আৰু দ্বীপে ইফালে সিফালে চকু ফুৰাই চালে আৰু ভাবিলে যে আমাতকৈ ও বেছি দুখীয়া মানুহ আছে। যাৰ তাত পঢ়িবলেটো বাদেই খাবলেও পইচা নাই। নাজানো আমাৰ চৰকাৰে কিয় এইবোৰ নেদেখে....।
অলপ পাছত বেমাৰ হৈ থকা মহিলা এগৰাকীয়ে তালে আহিলে। ল'ৰাটো গৈ চাগে তাৰ কথা মানুহগৰাকীক ক'লে। তেওঁ আশাৰে ভৰি থকা চকুৰে দ্বীপৰ ফালে চালে। দ্বীপে পইচা দি ক'লে যে এইয়া আপোনাৰ স্বামীয়ে দিছে। এইটো কৈ সি যাবলৈ ল'লে সি ভাবিলে যে যদি তাক বেছিকৈ সেই মহিলা গৰাকীয়ে কিবা সুধে তেতিয়া কি হ'ব। সেইকাৰণে সি সোনকালেই বাহিৰলৈ উলাই গ'ল।
উলটি আহি থাকোঁতে তাৰ মনত বহুত কথা চলি আছিল। সি আগতেই কৰা নিজৰ কিছুমান কামৰ বাবে বহুত অশান্তিত আছিল।সি আকাশৰ ফালে মুৰটো ডাঙি শুদ্ধ পথ দেখুৱাৰ বাবে ভগৱানক ধন্যবাদ দিলে। ঘৰলে আহি সি মাক-দেউতাকৰ লগত ফোনত কথা পাতিলে। এতিয়া তাৰ মনতো বহুত সুখী আছিল।এই এটা ৰং নম্বৰে তাৰ জীৱনৰ দিশ সলনি কৰি দিলে।
এনেধৰনৰ আৰু গল্প/উপন্যাস পঢ়ক এই লিংকত - www.গল্প/উপন্যাস.com
( Storyboard )
বিঃদ্ৰঃ আপোনালোকেও যদি কোনো গল্প আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ গল্প সমূহ আমাৰ ফেচবুক পেজত নতুবা SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সত প্ৰেৰণ কৰিবলৈ আহ্বান জনালো।নিৰ্বাচিত গল্প সমূহ প্ৰেৰকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব,ধন্যবাদ।
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page


No comments:
Post a Comment