সমকামি,মানৱ জীৱনৰ আন এক অধ্যায় ( তৃতীয় খণ্ড ) : Storyboard - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Monday, June 21, 2021

সমকামি,মানৱ জীৱনৰ আন এক অধ্যায় ( তৃতীয় খণ্ড ) : Storyboard

Storyboard

 

 সন্ধিয়াৰ আকাশত ঢিমিক ধামাক কৰি জ্বলি উঠিছে সৰু সৰু তৰাবোৰ । এছাতি মৃদু মলয়াই সন্ধিয়াৰ পৰিবেশটো অধিক জয়াল কৰি তুলিছে । বিছনাত বাগৰি বাগৰি ভৈৰৱে কথা পতা দেখি মাক উৰ্বশী জকজকাই উঠিল । ( Storyboard )


: ......সন্ধিয়া সময়ত কিয় বিছনাত পৰি আছা ভৈৰৱ । উঠা , সন্ধিয়া সময়ত  মানুহ শুই নাথাকে  ।

: বহুত ভাগৰ লাগিছে মা অলপ শুবলৈ দিয়াচোন । তুমি বৰ কেটকেটাই থাকিব পাৰা দেই...।

: চুপ....! মুখে মুখে উত্তৰ নিদিবা । ডেকা হলোঁ বুলি ভাবিছা নেকি....? 

: তাৰমানে মই এতিয়া কথা কবও নোৱাৰিম । 

: পাৰিবা । কিন্তু এটা হিচাপতহে....। বজাৰ কেইটামান কৰিব লগা আছিল । 

: দেউতালৈ ফোন এটা কৰি দেউতাকে লৈ আহিবলৈ কোৱাচোন....! 

: দেউতাৰক মই বেলেগ এঠাইলৈ পঠিয়াইছোঁ । তুমিয়ে গৈ আহাগৈ । ৰেডী হোৱা । মই লিষ্টখন লিখি দিছোঁ । 

        মুখৰ ভিতৰতে কিবা ভোৰভোৰাই বিচনাৰ পৰা নামি আহিল ভৈৰৱ । সাউৎকৰি পেন্টটো সলায় বাইকৰ চাবিতো লৈ ওলাই যাব লওঁতেই উৰ্বশীয়ে মাত লগালে । ....বাইক লৈ যাব নালাগে । তিনি আলিলৈহে যাবা, খোজ কাঢ়িয়ে যোৱা । 

: মা....! খোজ কাঢ়িবলৈ মন যোৱা নাই । প্লীজ...

: যিটো কৈছোঁ সেইটো কৰা । যোৱা , সোনকালে আহিবা । 

: ঠিক আছে । চাইকেলখনকে লৈ যাওঁ । 

: অ' ...! সেইখনো ঘৰত নাই । দেউতাই লৈ গৈছে । 

            মুখেৰে এটাও শব্দ উচ্চাৰণ নকৰি ভৈৰৱে তিনি আলিলৈ বুলি খোজ দিলে । .....মা, কিয় এনেকুৱা বাৰু....? মায়ে মোক শাসন কৰে কৰক , মই অলপো বেয়া নাপাওঁ । কিন্তু মায়ে দেউতাকো শাসন কৰে।  উপাৰ্জন কৰে দেউতাই , তথাপিও নিজৰ ইচ্ছা মতে একো এটা কৰিব নোৱাৰে । সকলো মাৰ ইচ্ছা মতেই হয় । তথাপিও দেউতাই একো নকয় । দেউতাই মালৈ ভয় কৰে নেকি বাৰু.....? দেউতা বহুত সহজ সৰল সেয়ে দেউতাৰ সৰলতাৰ সুযোগ লৈছে মায়ে । মাৰ এওঁ উগ্ৰ ৰূপটো দেখি দেখি নাৰীৰ এখন ভয়ংকৰ ছবি মোৰ মানস পটত সদায় ভাঁহি থাকে । শুনিছিলোঁ নাৰী মমতাময়ী...,  কিন্তু মাৰ সেই ৰূপটো ক'ত হেৰাই গ'ল .....?  কথাবোৰ ভাবি ভাবি গৈ থাকোঁতেই ভৈৰৱ তিনি আলিৰ দোকানখন পালেগৈ । বস্তুকেইটা দোকানৰ পৰা লৈ আকৌ লাহে লাহে ঘৰলৈ উভতিল । জেপৰ পৰা ফোনটো উলিয়াই ৰাজীৱলৈ ফোন লগালে ভৈৰৱে ।

: হেল্ল'....! ৰাজীৱ....

: কওঁক ভৈৰৱ দা ....।

: পঢ়ি আছিলা নেকি...? 

: বহুত ভাগৰ লাগিছে শুই আছোঁ । আপুনি....? 

: মই অলপ ওলাই আহিছিলোঁ । 

: কিবা কামত গৈছে নিশ্চয়.....! 

: বজাৰ কেইটামান কৰিব লগা আছিল । সেয়ে ওলাই আহিলোঁ । 

: কালিলৈ কলেজ আহিব নহয় ...?

: যাম  । কিয় সুধিলা...? 

: মই যে কিবা এটা কৈছিলোঁ পাহৰিলে নেকি....! 

: নাইপাহৰা । লৈ যাম দিয়া । কথা এটা কওঁ , বেয়া পাবা নেকি....?

: কওঁক....!

: তুমি মোক আপুনি বুলি নকৈ তুমি বুলিয়েই ক'বা । আৰু এটা কথা তুমি মোলৈ ফোন নকৰিবা মেচেজ কৰিবা । মায়ে ফোনত কথা পাতি থাকিলে গালি পাৰে । 

: ঠিক আছে ভৈৰৱ দা । তুমি যেতিয়াই সময় পোৱা তেতিয়াই ফোন কৰিবা । 

: হ'ব দিয়া । এতিয়া ৰাখিছোঁ । ঘৰ পালোঁহি । 

         ফোনটো কাটি দিলে ভৈৰৱে । গেটখন লাহেকৈ খুলি ভিতৰলৈ সোমাই আহিল ভৈৰৱ । বজাৰ কৰি অনা মোনাটো পাকঘৰত থবলৈ যাওঁতেই উৰ্বশীয়ে মাত লগালে ..... এইকেইটা বস্তু বজাৰ কৰি আনোতেই ইমান সময় লাগে নে...? 

: দোকানত মানুহ আছিল । সেয়ে অলপ দেৰি হ'ল । 

: মানুহ আছিল নে তিনি আলিত সেই মদাহী কেইটাৰ লগত আড্ডা দি আছিলা । 

: মা, তুমি প্ৰতিটো কথাতেই কিয় সন্দেহ কৰা....! তুমিয়েই যদি মোক বিশ্বাস নকৰা আনে মোক কিয় বিশ্বাস কৰিব । 

: এতিয়াই সেইবোৰ উৰহী গছৰ উঁহ কিয় লাগে...? মোৰ গোটৰ মিটিঙ এখন আছে মই এতিয়া ওলাই যাম । দেউতা আহিলে দুয়োটা মিলি ভাত কেইটা ৰান্ধিবা । শইকীয়া খুড়াহঁত ভাত খাবলৈ আহিব । ( Storyboard )

          মাকৰ কথাষাৰ শুনি ভৈৰৱৰ খং উঠিছিল । মোনাটো মজিয়াতে থৈ কাপোৰ কেইটা সলাই মুখ হাত ধুই সৰস্বতী ফটোখনৰ ওচৰত ধূপ এডাল জ্বলাই মেজৰৰ কিতাপখন উলিয়াই ওপৰে ওপৰে অলপ চকু ফুৰালে । উৰ্বশীয়ে খৰখেদাকৈ চাহ একাপ কৰি ভৈৰৱক পঢ়া টেবুলতে খাবলৈ দি ৰঙা ৰঙৰ শাড়ীখন গাত মেৰিয়াই মোবাইলটো হাতত লৈ ওলাই যাবলৈ লওঁতেই চাইকেলখন চোতালতে ৰখাই সীমান্ত মানে ভৈৰৱৰ দেউতাক ভিতৰলৈ সোমাই আহিল । 

: পালেহি...? মোৰ গোটৰ মিটিঙ এখন আছে । পানী গৰম হৈয়ে আছে চাহ একাপ কৰি খাব । ভৈৰৱৰ সৈতে লগলাগি ভাত কেইটা ৰান্ধি থব । 

: মোৰ অফিচৰ কাম অলপ কৰিবলৈ আছে । 

: অফিচৰ কাম অফিচত কৰিব । অফিচৰ কাম ঘৰলৈ নানিব । মিছাতেই আপুনি কাম অলপ বঢ়াই লয় । মই গৈ থাকোঁ ,  কথাষাৰ কৈ বৰ খৰ খোজেৰে ওলাই গ'ল উৰ্বশী । মাক ওলাই যোৱাৰ লগে লগেই ভৈৰৱ পঢ়াৰ টেবুলৰ পৰা উঠি আহি বিছনাত উঠিল । সীমান্তয়ো কাপোৰ কেইটা সলাই গাটো তিয়াই গাখীৰতে ভালকৈ চাহ দুকাপ কৰি ভৈৰৱৰ ৰূমটোলৈ সোমাই গ'ল । 

: বাবা , টোপনি গলা নি...? 

: নাই । কোৱা দেউতা....

: গাখীৰ চাহ একাপ খাই লোৱা । চাহকন খাই মোক অকণমান পাকঘৰত সহায় কৰি দিবাচোন...। অফিচৰ কাম অলপো কৰিবলৈ আছে । গোটেইবোৰ কৰি মেলি আজৰি হোৱালৈ বহুত সময় লাগিব ।

: ঠিক আছে দেউতা । আপুনি অফিচৰ কাম কৰক , ময়ে ভাত ৰান্ধোগৈ

: তুমি অকলে পাৰিবা জানো ....? 

: ভাত-দাইল কেইটা ৰান্ধি লওঁ , আপুনি মাংস ৰান্ধিব । 

: ঠিক আছে তেন্তে । 

         দেউতাকৰ লগত কথা পাতি পাতি চাহকন খাই কাপ দুটা ধুই আনিলে ভৈৰৱে । প্ৰেচাৰতে চাউল দাইল কেইটা ভৰাই গেছ স্ত'ভটো জ্বলাই গেছত উঠাই ফ্ৰীজৰ পৰা কবি আৰু বেঙেনা কেইটামান উলিয়াই প্লাষ্টিকৰ ডাবৰ এটাত থৈ পানী অলপ বাকী দিলে । মিহি মিহিকৈ কবিকণ কাটি ঘূৰণীয়া ঘূৰণীয়া কৈ বেঙেনা দুটা কাটি বেচন অলপ গুলি বেঙেনা কেইডোখৰ ডুবাই থলে । প্ৰেচাৰে চিটি বজোৱাৰ লগে লগেই প্ৰেচাৰ দুটা নমাই এখন কেৰাহীত ভাজিকণ বঢ়াই সৰু কেৰাহীএখন উঠাই এচকল এচকলকৈ বেঙেনা কেইডোখৰ ফ্ৰাই কৰি হতকেছত ভৰাই থলে । ভাজিখিনি ভালকৈ সিজিবৰ বাবে গেছটো অলপ কমাই ঘনে ঘনে লৰাই দিলে ভৈৰৱে । বজাৰ কৰি অনা মোনাটোৰ পৰা ডাঙৰ ডাঙৰ আলুকেইটামান উলিয়াই বাকলি গুচাই ডাঙৰ ডাঙৰকৈ কাটি সৰু বাল্টি এটাত তিয়াই থলে । আদা নহৰুৰ বাকলি গুচাই পিয়াঁজ কেইটা কাটি দেউতাকক মাত লগালে ভৈৰৱে ।

: দেউতা , মোৰ হৈ গ'ল । আপুনি আহক ।  ভৈৰৱৰ মাতটো শুনি সীমান্ত আহি পাকঘৰ পালেহি । 

: বাবা , তোমাৰ হৈ গল যদি তুমি পঢ়াগৈ যোৱা । 

: দেউতা ....!

: কোৱা বাবা , 

: মায়ে আপোনাক যে ইমান ডমিনেট কৰি ৰাখে আপুনি একো নকয় কিয়....? 

: দেখা নাই জানো মাৰৰ উগ্ৰ ৰূপটো , কথা কবলৈকে ভয় । ঘৰখনত অশান্তি নহওঁক বুলি ভাবিয়েই সকলো সহ্য কৰি যাওঁ  ।  

: তথাপিও জানো অশান্তি নোহোৱাকৈ আছে । আপুনি ইমানবোৰ কৰাৰ পাছতো মায়ে আপোনাক কেটকেটাই থাকে । মোৰ বৰ অসহ্য লাগে দেউতা । 

: বাবা অ'....! সহিলে সম্পদ নসহিলে বিপদ । বুজি পাইছা ।

: বুজি পাইছোঁ দেউতা । আৰু কিমান সহ্য কৰি আপুনি....? যিদিনা সহ্যৰ বান্ধ ছিগি যাব তেতিয়া কি কৰিব....? 

: এতিয়ালৈকে একো ভবা নাই বাবা । যোৱা তুমি পঢ়াগৈ , মাৰ আহি এনেকৈ কথা পাতি থকা দেখিলে আকৌ জকজকাই উঠিব । 

           দেউতাকৰ অৱস্থাটো দেখি ভৈৰৱৰ বৰ দুখ লাগিছিল । যদিওঁ সি নিৰূপায় , মাকৰ সন্মুখত একো এটা মুখ খুলি ক'ব নোৱাৰে ভৈৰৱে । টেবুলৰ পৰা কিতাপখন বিচনালৈ আনি অলপ মন দি পঢ়িলে ভৈৰৱে । এঘন্টামান পঢ়াৰ পাছত ৰাজীৱলৈ মেচেজ এটা কৰিলে ৰাজীৱেও লগালগ উত্তৰ দিলে । এইদৰে কিছু সময় মেছেজত কথা পতাৰ পাছত ৰাজীৱৰ মাতষাৰ এবাৰ শুনিবলৈ মন গ'ল ভৈৰৱৰ । ৰাজীৱলৈ ফোনটো লগাই আগফালে ওলাই আহোঁতেই পদূলিত গাড়ী এখন ৰখোৱা শব্দ শুনি ফোনটো কাটি দিলে ভৈৰৱে । গাড়ীখনৰ পৰা মানুহএজন নামি আহি উৰ্বশী ঘৰত আছে নে নাই খবৰ ললে .... 

: ভাইটি , এইটো উৰ্বশী সন্দিকৈৰ ঘৰ হয়নে...? 

: হয় । 

: তেখেতক মাতি দিয়কচোন । চিঠি এখন দিবলগীয়া আছিল । 
: মা ঘৰত নাই । মিটিঙ এখনলৈ গৈছে । 

: তেন্তে চিঠিখন তুমিয়ে ৰাখি থোৱা । মা আহিলে শইকীয়া খুড়া আহিছিল বুলি কলেই হ'ব । 

: ঠিক আছে খুড়া ।  

        চিঠিখন ভৈৰৱৰ হাতত দি মানুহজন গ'লগৈ । হঠাৎ ভৈৰৱৰ মনত পৰিল শইকীয়া খুড়া....! উধাতু খাই পাকঘৰলৈ সোমাই আহিল ভৈৰৱ ।   ........সর্বনাশ হ'ল দেউতা , শইকীয়া খুড়া আহিছিল । মোৰ হাতত কিবা চিঠি এখন দি তেওঁ গ'লগৈ....

: কি.....? এতিয়া এখন নতুন মহাভাৰত আকৌ আৰম্ভ হ'ব । সাজু হৈ থাকা বাবা....  কথাষাৰ কৈয়ে মিচিকিয়া হাঁহি এটা মাৰি পাকঘৰৰ পৰা ওলাই আহিল সীমান্ত ।


     ক্ৰমশঃ .
Storyboard


এনেধৰনৰ আৰু গল্প/উপন্যাস পঢ়ক এই লিংকত - www.গল্প/উপন্যাস.com


বিঃদ্ৰঃ আপোনালোকেও যদি কোনো গল্প আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আমাৰ ফেচবুক পেজৰ ইনবক্সত নতুবা ৯৮৫৪৭৯৯৫৭৭ নম্বৰত হুৱাটছ এপ যোগে প্ৰৰণ কৰক।

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

 নিৰ্বাচিত গল্প সমূহহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব।

আমাৰ ফেচবুক গ্ৰুপটো আপুনি পোনপটিয়াকৈ গল্প প্ৰকাশ কৰিব পাৰে।

আমাৰ গ্ৰুপৰ লিংক - SMJ24.facbookgroup

( Storyboard )


No comments:

Post a Comment

Advertisement

Pages