ৰিয়াই তলতে বহি বহি শুই পৰিল। যেতিয়া তাইৰ টোপনি ভাঙিল তাই দেখিলে ৰাতিপুৱা হল। গা ধুই আহি তাইৰ চকু আইনাট পৰিল( Storyboard )। শিৰত সেন্দুৰ দেখি ৰাতিৰ সকলো কথা তাইৰ মনত পৰিল। দুখৰ ছাঁ পৰিল তাইৰ মুখখনত ,' আগলৈ আৰু কি হব নাজানো।'
তাই তললৈ আহি দেখিলে সকলো উদাস হৈ বহি আছে। সকলোকে এনেদৰে বহি থকা দেখি তাইৰ মনটো বেয়া লাগিল। বেদান্তই তাইক দেখা পায় তাইৰ ওচৰলৈ গল আৰু মাকৰ ওচৰত আনি তাইক বহুৱালে। তাই গোটেইফালে চালে কিন্তু ৰিংকুক দেখা নাপালে। তাইৰ মনলৈ আহিল যে ৰাতি খঙত সি ঘৰৰ পৰা ওলাই গৈছিল। তাই কল্পনাৰ ফাঁলে চাওঁতে বুজি পালে যে তাই কাক বিচাৰি আছে। কল্পনাই মিচিকয়াই কলে,' সি ৰাতিয়েই উভতি আহিল আৰু এতিয়া নিজৰ ৰুমত আছে।'
ৰিয়াই মনত শান্তি পালে। তেতিয়াই তাই ৰিংকুক তললৈ নামি অহা দেখা পালে। এক ক্ষণৰ বাবে ৰিয়াৰ দৃষ্টি তাৰ ওপৰত থমকি ৰল। ইমানদীনৰ পাছত তাই তাক ভালদৰে দেখিছে। ৰিংকু একেবাৰে তাইৰ সপোনৰ ৰাজকুমাৰৰ দৰে। ৰিংকুৰ আকৰ্ষণীয় ৰূপ ৰিয়াৰ অন্তৰত ভৰি পৰিল। তাই ৰিংকুৰ মাজত মগন হৈ থাকোতেই কল্পনাই মাত লগোৱা শুনিলে ," এইয়া কি ? তুমি কৰবাত যোৱা নিকী?"
ৰিংকু: ' অ মা মই আকৌ দিল্লী যাম।'
অমৰ :' কিন্তু তুমিতো অহা সপ্তাহত যোৱাৰ কথা আছিল।'
ৰিংকু :' কিন্তু মই আৰু ইয়াত এক মিনীটো থাকিব নোৱাৰো।'
কল্পনা:' কিন্তু এতিয়া তোমালোকৰ বিয়াৰ বহুকেইটা নিয়ম কৰিবলৈ বাকী আছে।'
ৰিংকুয়ে খঙেৰে কলে," মা, মই ৰাতিয়েই কৈছিলো যে এই বিয়া মই নামানো। আৰু মই যেতিয়া উভতি আহিম মোৰ ৰূমটো যেনেকৈ আছে তেনেকৈ থাকিব লাগে।"
তাৰ ভয় আছিল কিজানি মাক দেউতাকে তাৰ অনুপস্থিতিত ৰিয়াক তাৰ ৰুমত থাকিবলৈ দিব। ৰিংকু সৰুৰে পৰাই অলপ খঙাল আৰু জিদ কৰা স্বভাৱৰ লৰা আছিল। সি নিজৰ বস্তু আৰু ৰুম কাৰো লগতেই ভাগ নকৰে। সেইবাবে দিল্লীত বিশ্ববিদ্যালয়ৰ মুৰব্বীৰ লগত কথা পাতি তাৰ দেউতাকে তাৰ বাবে হোষ্টেলত অকলশৰীয়া ৰুম যোগাৰ কৰি দিছিল যত তাৰ কোনো ৰূমমেট নাছিল।
কল্পনা: ' তুমি মানা বা নামানা কিন্তু ৰিয়া তোমাৰ পত্নী হয় আৰু সদায় থাকিব।'
ৰিংকু : ' মা , পাপা তোমালোকে যিয়েই কোৱা মই এতিয়া এইবোৰৰ মাজত ফচিব নোৱাৰো।'
অমৰে খঙেৰে কলে," চাওচোন তুমি কেনেকৈ এই বিয়া নামানা।"
ৰিংকু : ' যদি আপোনালোকে মোক জোৰ কৰে তেন্তে মই কেতিয়াও উভতি নাহিম।'
ইমানবোৰ শুনি ৰিয়াই জ্ঞান হেৰুৱাই পেলালে।
" নাই নাই এনেকুৱা হব নোৱাৰে। মই এওঁলোকৰ সমস্যাৰ কাৰণ হব নোৱাৰো। বিপদৰ সময়ত এওঁলোকে সদায় সহায় কৰিলে। দেউতাৰ সন্মান হানি হোৱাৰ পৰা বছালে। মোৰ বাবে এওঁলোকৰ লৰা দূৰ হৈ যাব নোৱাৰে। নাই মই নিজকে চম্ভালিব লাগিব। এইটো সঁচা যে সেন্দুৰত বহুত শক্তি আছে , আৰু যদি বিয়াৰ সুখ মোৰ কপালত আছে তেন্তে নিশ্চয় সেই সুখ মই পাম। মই অপেক্ষা কৰিম।" কথাখিনি মনতে ভাবি ৰিয়াই কল্পনাক কলে," মা মই কিবা এটা কব বিচাৰো।"
কল্পনা: 'অ কোৱা মাজনী।'
সকলোৱে ৰিয়াৰ ফালে চালে কিন্তু ৰিংকুয়ে এতিয়ালৈকে তাইৰ মুখখন চাব পৰা নাছিল কাৰণ তাই উৰণীৰে মূৰটো ঢাকি মাকৰফালে মুখ ঘূৰাই আছিল।
ৰিয়া: ' আপোনালোকে মোৰ বাবে যি সিদ্ধান্ত ললে মই সেইয়া মানিলো। কিন্তু এতিয়া যদি ৰিংকুয়ে কিবা সিদ্ধান্ত লব বিচাৰে তেন্তে মোৰ বোধেৰে আপোনালোকে সেইয়া মানিব লাগে। মা, দেউতা মোক বিশ্বাস কৰক মই ইয়াৰ বাবে কেতিয়াও আপোনালোকক দোষাৰোপ নকৰো। আৰু সম্পৰ্ক সদায় মনৰ পৰা পালন কৰা হয় জোৰ কৰি নহয়। এই সম্পৰ্কতো নাথাকিলে কি আপুনি মোক ছোৱালী ৰূপত স্বীকাৰ কৰিব নোৱাৰিব?"
কথাখিনি কৈ তাই ডিঙিৰ পৰা মঙ্গলসূত্ৰডাল খুলি ৰিংকুৰ হাতত দিলে,"এতিয়াৰ পৰা আপুনি মুক্ত। আপোনাৰ ওপৰত মোৰ কোনো অধিকাৰ নাই আৰু এতিয়া।"
ৰিংকুয়ে শান্তিৰ উশাহ ললে," ৰক্ষা পালোঁ।"মনতে ভাবিলে আৰু ঘৰৰ মানুহক কলে," যাওঁ মা পাপা, বেদান্ত।" আৰু মাকৰ হাতত মঙ্গলসূত্ৰডাল দি কলে,' মই এইডাল কি কৰিম?'
ইফালে গোটেই ঘৰ শান্ত হৈ পৰিল। সকলোৰে চেহেৰাত অজিব দুখ আছিল।
ৰিয়াই মৌনতা ভঙ্গ কৰি কলে," মা, দেউতা মই জানো আপোনালোকে মোৰ সিদ্ধান্তত সন্তুষ্ট নহয়। কিন্তু বিশ্বাস কৰক মা এই সময়ত মোৰ এইটোৱেই শুদ্ধ যেন লাগিল। আমি ৰিংকুৰ লগত জোৰ কৰিব নোৱাৰো।"
কল্পনা: ' তুমি ঠিকেই কৈছা ৰিয়া , ৰিংকুৰ লগত তোমাৰ বিয়া কৰাই আমি বহুত ডাঙৰ ভুল কৰিলোঁ। আমি নাজানিছিলোঁ যে সি এনেদৰে তোমাক অস্বীকাৰ কৰিব। আমি তোমাৰ অপৰাধী।" কল্পনাই দুইখন হাত যোৰ কৰিলে।
" আমি তোমাৰ জীৱনতো ধ্বংস কৰি দিলোঁ।"
ৰিয়াই উচুপি উঠিল, তাই কল্পনাৰ হাত দুখনত ধৰি কলে," এনেকৈ নকব মা, তেওঁ মোৰ ভাগ্যত নাই।ইয়াত আপোনাৰ কোনো দোষ নাই। ক্ষমা বিচাৰি মোক পৰ কৰি নিদিব। মোৰ আপোনাৰ ওপৰত ইমানকনো অধিকাৰ নাই নে যে মই কিবা সিদ্ধান্ত লব পাৰো?"( Storyboard )
অমৰে সকলো কথা শুনি নিজকেই দোষী বুলি ভাবি আছিল তেওঁ কলে," ৰিয়া, তোমাৰ সিদ্ধান্তকলৈ আমি গৰ্ব কৰো। কোনো এটা সম্পৰ্কৰ বাবে ভিক্ষা কৰাতকৈ নতুন সম্পৰ্ক এটা গঢ়ি তোলাই ভাল। আজিৰ পৰা তুমি আমাৰ ছোৱালী। বেদান্ত আৰু ৰিংকুৰ আমাৰ ওপৰত যিমান অধীকাৰ আছে আজিৰ পৰা তোমাৰো সমানেই অধিকাৰ আছে। আজিৰে পৰা তোমাৰ নতুন পৰিচয় হব অমৰ কলিতাৰ ছোৱালী ৰিয়া কলিতা। আজিৰ পৰা তোমাৰ চকুত চকুলো আহিব নিদিওঁ।"
বেদান্ত:'ঠিকেই কৈছা তুমি পাপা। আজিৰে পৰা ৰিয়াৰ মুখত হাঁহি বিৰিঙাই ৰখাটো আমাৰ দায়িত্ব।"
কল্পনাই কি কৰিব একো বুজি পোৱা নাছিল। তেওঁতো ভাবিছিল ৰিয়াৰ দৰে ছোৱালী এজনী জীৱন সংগী হিচাপে পায় ৰিংকুৰ জিদ আৰু খং লাহে লাহে শান্ত হৈ যাব।
ৰিয়াই যেতিয়া কল্পনাক কিবা ভাবি থকা দেখিলে তাই তেওঁৰ ওচৰলৈ আহি কলে," মা মই জানো আপুনি কি ভাবি আছে। মা এতিয়া এইটো বেছি দৰকাৰী আছিল যে ৰিংকু দিল্লীলৈ গৈছে আৰু তেওঁ খঙত ঘৰৰ পৰা ওলাই যোৱাটো ভাল নহয়। ভগৱানৰ ওপৰত বিশ্বাস ৰাখক সময়ত সকলো ঠিক হৈ যাব।"
কল্পনাই ৰিয়াক সাৱটি ধৰিলে," আমি মাথোঁ এতিয়া তোমাৰ সুখ বিচাৰো। আমি সেই সকলোবোৰ কৰিম যাৰ দ্বাৰা তুমি সুখী হোৱা।"
বেদান্তইও পৰিস্থিতি স্বাভাৱিক কৰিবলৈ টেবুলত হাত থৈ কলে,"তোমালোকৰ কথা যদি শেষ হল তেন্তে কিবা এটা খোৱাৰ ব্যবস্থা কৰা। ভোকত মোৰ পেটৰ অৱস্থা বেয়া হৈ গৈছে। আৰু তোমালোকৰ নতুন ছোৱালী জনীৰো ভোক লাগিছে চাগে।"
সকলোৱে হাঁহিব ধৰিলে।
কল্পনা: ' অ ঠিকেই কৈছা , ৰিয়াই ৰাতিও একো খোৱা নাছিল।'
অমৰ:' ঠিক আছে মাজনী মই অধ্যক্ষৰ লগত কথা পাতো।'
কল্পনা:' ৰিয়া, মই তোমাৰ ৰূমটো ৰেডি কৰি দিলোঁ।'
ৰিয়া:' ঠিক আছে মা।' ৰিয়া নিজৰ ৰুমলৈ আহিল আৰু পিছে পিছে বেদান্তও তাইৰ লগত আহিল।
বেদান্ত:'ৰিয়া তুমি ঠিকে আছা নে?' ৰিয়াৰ উদাস চেহেৰাটো দেখি তাইক চ'ফাত বহাই কলে,' গম পাইছোঁ ৰিয়া তুমি যি সিদ্ধান্ত ললা সেইয়া বহুত কঠিন। মই এইটোও জানো যে তুমি কোনো দুৰ্বল অবলা নাৰী নোহোৱা। তুমি নিশ্চয় পাৰিবা। মই প্ৰতিখোজত তোমাৰ লগত আছোঁ এজন বন্ধু হিচাপে।"আৰু অলপ হাঁহি কলে,'দেওৰৰ সম্বন্ধতও আছোঁ।'
ৰিয়া: 'গম পাওঁ ,তুমি মোৰ সকলোতকৈ ভাল বন্ধু , কিন্তু হয়তো আমাৰ ভাগ্যত দেওৰ আৰু নবৌৰ সম্পৰ্ক নাই।' উদাস হৈ কলে।
বেদান্তই হাঁহি মাৰি কলে,' অবলা নাৰীৰ দৰে কথা পাতিলাই নহয়।এবাৰ দাদাক পঢ়া সম্পূৰ্ণ কৰি ঘূৰি আহিব দিয়া, তেতিয়া দেখিম মোৰ বান্ধবীৰ ৰূপ গুণৰ পৰা কেনেকৈ বাছি থাকিব পাৰে।' ৰিয়াইও হাঁহি দিলে।
"এনেকৈয়ে হাঁহি থাকিবা। কাইলৈৰ পৰাটো আমাৰ কলেজত কোনোবা নহয় কোনোবা তোমাৰ সুন্দৰতাৰ পৰা আঘাতপ্ৰাপ্ত হবই।" বেদান্তই ৰিয়াক জোকাই থকা দেখি তাইও তাক মাৰিবলৈ খেদি গল। বেদান্ত আগে আগে আৰু ৰিয়া পিছে পিছে। দুয়োৰে হাঁহিৰে গোটেই ঘৰ গুজৰী উঠিল । অমৰ আৰু কল্পনাই ৰিয়াৰ মুখত হাঁহি দেখি তেওঁলোকেও হাঁহিলে। ৰিয়াৰ চকু তেওঁলোকৰ হাঁহি থকা মুখ কেইখনত পৰিল আৰু তাই শান্তি পালে।
তাই নিজকে কলে," দেউতাৰ পাছত এওঁলোকেই মোৰ আপোন , এওঁলোকৰ বাবে মই নিশ্চয় হাঁহি থাকিম।" ৰিংকুৰ কথা মনলৈ অহাত ভাবিলে," মই মাত্ৰ মঙ্গলসূত্ৰডাল খুলি পেলাইছোঁ কিন্তু মোৰ স্বামী আপুনিয়েই। মই এই সম্পৰ্ক মৃত্যুৰ আগমুহূৰ্তলৈকে পালন কৰিম। কিন্তু এতিয়া মই মোৰ নতুন জীৱনটো আৰম্ভ কৰিব লাগিব।" এটা গভীৰ উশাহ লৈ তাই দুগুন আত্মবিশ্বাসৰ সৈতে আহিবলগীয়া দিনৰ প্ৰস্তুতি চলালে ।
(ৰিয়াৰ এই নতুন জীৱন কঠিন হব নে সহজ হব ?? জানিবলৈ অহা খণ্ড সমূহলৈ অপেক্ষা কৰক)
এই উপন্যাস খনৰ বাকী কেইটা খণ্ড পঢ়ক এই লিংকত - https://www.smj24.in.Adharua.bibah
(ধাৰাবাহিক খন প্ৰতি বুধ,শুক্ৰ আৰু দেওঁবাৰে দিনৰ ঠিক ৪ বজাত প্ৰকাশ পায়। সেয়ে নিৰ্দিষ্ট সময়মতে পঢ়িবলৈ অনুগ্ৰহ কৰি গুগুলত চাৰ্ছ কৰিব - smj24.in )
আগলৈ…
গল্প বা উপন্যাস প্ৰেৰণ কৰিবলৈ আমাৰ মেইল আই দি আৰু ফেচবুক পেজৰ লিংক তলত উল্লেখ কৰা হল ।
( Assamese Storyboard )
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
আমাৰ মেইল আই ডিৰ লিংক - smj24.in@gmail.com
আমাৰ ফেচবুক গ্ৰুপটো আপুনি পোনপটিয়াকৈ গল্প প্ৰকাশ কৰিব পাৰে।
আমাৰ গ্ৰুপৰ লিংক - SMJ24.facbookgroup



No comments:
Post a Comment