মিনাক্ষী আৰু উৎপলৰ বিয়া হোৱা ২ বছৰ হল।সিহঁতৰ লৰা এটাও আছে। মিনাক্ষীৰ মনত এটা কথা সদায় খু দুৱাই থাকে যে তাইৰ শহুৰ আৰু শাহুৱে পৰস্পৰৰ লগত বৰ বেছি কথা নাপাতে ( Storyboard )। তাই এদিন উৎপলক এই বিষয়ে সুধিলে যে তেওঁলোকে বৰ বেছি কথা নাপাতে আৰু বেলেগ মানুহৰ দৰে বৰ কাজিয়াও নকৰে। উৎপলে কলে যে সি সৰুৰে পৰাই মাক দেউতাকক এনেদৰেই পাইছে। "তেওঁলোকে খুব কম কথা পাতে। মইও আজিলৈকে গম নাপালোঁ এনেকুৱা কিয় হয়? কিন্তু ইজনে আনজনৰ ধ্যান ৰাখে। মনৰ কথাবোৰ নোকোৱাকৈ তেওঁলোকে গম পাই।"
এদিন মিনাক্ষীয়ে উৎপলক কলে ," অহা মাহত মা দেউতাৰ ২৮ বছৰীয়া বিবাহ বাৰ্ষিকী আছে। আমি তেওঁলোকৰ বাবে সৰুকৈ অনুস্থান এটা পাতিব নোৱাৰো নে?"
উৎপলে কলে," তুমি ঠিকেই কৈচা। কিন্তু মই তেওঁলোকক অলপ দূৰলৈ ভ্ৰমণ কৰিবৰ বাবে পঠিয়াম বুলি ভাবিছোঁ। ইমান বছৰে হয়তো ঘৰ সংসাৰ চম্ভালি পৰস্পৰৰ কথা পাহৰি গৈছে।" মিনাক্ষীয়ে উৎপলৰ এই কথাটোত সন্মতি দিলে।
"আপুনি ঠিকেই কৈছে , তেওঁলোকে একেলগত অলপ সময় কতুৱাটো বহুত আৱশ্যক।" মিনাক্ষীয়ে কলে।
উৎপল: 'কোৱাচোন কলৈ পঠিয়াম? বিয়াৰ পাছত তেওঁলোক গুৱালৈ গৈছিল, কথাৰ মাজতে দেউতাই বহুতবাৰ কৈছিল। পুৰণা এলবামটো তেওঁলোকৰ ফটো আছে।'
মিনাক্ষী: 'ঠিক আছে তেন্তে আমি মা দেউতাক আকৌ গুৱালৈ পঠিয়াম আৰু কাইলৈৰ পৰাই ইয়াৰ প্ৰস্তুতি চলাম। আজিকালি অনলাইন টোৰ পেকেজৰ বুকিং হয়। তাৰেই এটা ভাল পেকেজ চাই বুকিং কৰি দিম।'
উৎপল:' সকলোবোৰ সা সুবিধা চাই চিটি বুকিং কৰিবা যাতে তেওঁলোকৰ কোনো অসুবিধা নহয়।'
মিনাক্ষী :' ঠিক আছে মই সকলো যোগাৰ কৰি দিম আপুনি চিন্তা নকৰিব।'
কিছুদিনৰ পাছত বোৱাৰীয়েকে তেওঁলোকৰ বাবে গোৱাৰ পেকেজ বুক কৰাই দিলে। পুতেকে দেউতাকৰ হাতত টিকট দি কলে," অহা সপ্তাহত আপুনি আৰু মা গোৱা লৈ যাব।"
তেওঁলোকে কথাষাৰ শুনি ইজনে আনজনৰ মুখলৈ চালে আৰু একো নোকোৱাকৈ মাক নিজৰ ৰুমলৈ গুচি গল। দেউতাকেও যাবলৈ মানা কৰি কলে," এতিয়া আমি বুঢ়া বুঢ়ী হলো। এই বয়সত কত নো গোৱা ফুৰিবলৈ যাম।"
মিনাক্ষীয়ে কলে," ফুৰিবলৈ কোনো বয়সৰ প্ৰয়োজন নাই। আপোনালোকৰ নো কত ইমান বয়স হল? এতিয়া আপোনাৰ বয়স ৫১বছৰ। মানুহেতো এই বয়সতো বিয়া কৰাইছে ।"
লৰা আৰু বোৱাৰীয়ে মিলি তেওঁলোকক যাবলৈ মান্তি কৰালে। লৰাই দেউতাকৰ কাৰণে জিন্স আৰু চাৰ্ট লৈ আনিলে আৰু বোৱাৰীয়ে শাহুয়েকৰ মেকঅভাৰ কৰি দিলে।
" মা আপোনাক ইমান ধুনীয়া লাগিছে। আপোনাক দেখি কোনেও কব নোৱাৰে যে আপুনি আইতাক হয়। "
ববিতাইও নিজৰ সলনি হোৱা ৰূপটো দেখি ফুৰ্তি পালে। তাইৰ মনত পৰিল যেতিয়া তাইৰ সুন্দৰতা দেখি কথাই প্ৰতি ৰাজীবে তাইৰ গুণ গাইছিল। কিন্তু লাহে লাহে পৰিস্থিতি সলনি হল।
সন্ধিয়া যেতিয়া ৰাজীবে ববিতাক দেখিলে তেওঁ চাই ৰল কিন্তু একো নকলে। মিনাক্ষীয়ে এইবোৰ দেখি দেউতাকক কলে," স্বামীয়ে যদি পত্নীৰ অলপ গুণ গাই তেন্তে পত্নীয়ে খুব ভাল পায়।মই আপোনাক দেখিলো। মা সলনি হোৱা ৰূপ দেখি আপুনি ভাল পালে কিন্তু একো নকলে। দেউতা মনৰ কথাবোৰ শব্দৰে কবলৈ শিকক।"
ৰাজীবে কথাটো বুজি পালে কিন্তু কথাষাৰ সলাই মিনাক্ষীক কলে," চাহ একাপ পাম নে?" মিনাক্ষীয়ে বুজি পালে যে শহুৰেকে এই বিষয়ে কথা নাপাতে। তাই চাহ বনাবলৈ পাকঘৰলৈ গুচি গল।
পিছৰ সপ্তাহত দুয়ো পতি পত্নী গুৱালৈ গল। ফ্লাইটত দুয়োৰে মাজত বিশেষ কথা বতৰা নহল। কিন্তু দুয়ো মনৰ ভিতৰতে কথা পাতি থাকিল। হোটেললৈ যাবলৈ হোটেলৰ পৰা আগতীয়াকৈ গাড়ী পঠাই থৈছিল। দুয়ো গাড়ীত বহিল। দুয়ো মৌন আছিল কোনো কথা পতা নাছিল। ৰাস্তাত গৈ থাকোঁতে বহু কেইখন কেচিন' দেখা পালে। ববিতাই এইবাৰ মাত দিলে ," মনত আছেনে আমি ইয়াত ২০০০ টকা জিকিছিলোঁ।"
ৰাজীবে মিচিকিয়াই কলে' অ মোৰ মনত আছে। জিকাৰ পাছত কেচিন'ৰ মানুহে আমাক আৰু খেলিবলৈ কৈছিল। তাৰ পাছত তুমি মোৰ কাণৰ ওচৰত আহি কলা যে ,' মই চিনেমাত দেখিছোঁ ইহঁতে প্ৰথমে জিকাই লয় আৰু তাৰ পাছত সকলো টকা লুটি লয় , আমি আৰু নেখেলো।' আৰু আমি দুয়ো হাতত ধৰি তাৰ পৰা খৰকৈ ওলাই আহিছিলো।" দুয়ো সেই পল মনত পেলাই নাহাঁহি থাকিব নোৱাৰিলে।
ববিতাই কলে," ২৮ বছৰ আগতে ২০০০টকাৰ বহুত মূল্য আছিল।"
"ঠিকেই কৈছা , সেই ২০০০ টকাৰে আমি ঘৰৰ মানুহ আৰু বন্ধুবৰ্গৰ কাৰণে বহুত বজাৰ কৰিছিলোঁ।"
সাগৰৰ মাজত বহুত নাও আৰু জাহাজ আছিল। ববিতাই চিঞৰিলে,'সেইয়া চোৱা জাহাজ। কিবা মনত পৰিল নে?'
ৰাজীবে কলে," অ সকলো মনত পৰিছে। ইয়াত আমি বিদেশৰ মানুহৰ লগত নাচিছিলো।"
১ঘণ্টা ৪৫ মিনিটৰ যাত্ৰা কেনেদৰে শেষ হল তেওঁলোকে গমেই নাপালে। দুয়ো হাঁহিব ধৰিলে। দুয়ো ২৮ বছৰ পুৰণা সেই সময়ত আছিল।
গাড়ী আহি হোটেলৰ সন্মুখত ৰখালে। ড্ৰাইভাৰৰ মাত শুনি তেওঁলোকে জ্ঞান ঘূৰাই পালে। পুৰণা স্মৃতিৰ পৰা নামি আহি হোটেলৰ ৰিছিপচনত গল । নিজৰ ৰুমৰ চাবি লৈ তেওঁলোক গুচি গল।
"অলপ ফ্ৰেচ হৈ লোৱা, অলপ পাছত ড্ৰাইভাৰ আহি দক্ষিণ গোৱা ফুৰাবলৈ নিব।
সেইদিনা তেওঁলোকে দক্ষিণ গোৱা ফুৰি আহিল আৰু বহুত পূৰনা স্মৃতি জীপাল হৈ উঠিল।
দ্বিতীয়দিনা :
হোটেলৰ কোঠাত ববিতাই বহি নিজৰ চিন্তাত মগন আছিল। কিবা এটা ভাবি তাই আইনাৰ সন্মুখত গল। ৪৮ বছৰ বয়সতো তাইৰ মুখখন পদুম ফুলৰ দৰে জিলিকি আছিল।
কোনে কব পাৰে যে তাই এতিয়া আইতাক। তাইক কোনো নৱযুৱতীতকৈ কম যেন লগা নাছিল। আজিৰ পৰা ২৮ বছৰ আগৰ ববিতাতকৈ এতিয়াৰ ববিতা বেছি ধুনীয়া লাগিছিল। আকৌ এবাৰ তাই পুৰণা স্মৃতিৰ মাজত হেৰাই গল। কলেজত থাকোতে কিমান লৰাই যে তাইক প্ৰেম প্ৰস্তাৱ দিলে। কিন্তু তাই কাকোয়েই চকু উঠাই চোৱা নাছিল। তাই গৌতম নামৰ লৰা এজনৰ প্ৰতি আকৰ্ষিত হৈছিল কিয়নো সি দেখাত একদম ছলমান খানৰ দৰে।
পত্নীক ইমান মগন হৈ থকা দেখি ৰাজীবে কলে ,"কি ভাবি আচা ববিতা?"
"একো নাই "।
"শুনা, আজি তোমাক ধুনীয়া লাগিছে।" ৰাজীবে বহুত বছৰ পাছত পত্নীৰ ৰূপৰ গুণ কৰিলে কাৰণ তেওঁৰ বোৱাৰীয়েকে কোৱা কথাষাৰ মনত পৰিল।
"হয় নেকি?" হাঁহি মাৰি ববিতাই কলে। ইমান দিনৰ পাছত ৰাজীৱৰ মুখৰ পৰা এনে কথা শুনি তাই বহুত ফুৰ্তি পালে।
ৰাজীবে ববিতাক কলে," এই হোটেলখন দেখি কিবা মনত পৰিছে নে?"
ববিতাই হাঁহি মাৰি কলে,"এইখন সেই হোটেলখন নহয়তো?"
ৰাজীবে কলে,"তুমি ঠিকেই ভাবিচা। বিয়াৰ পাছত যেতিয়া আমি ইয়ালৈ ফুৰিবলৈ আহিছিলো এইখন হোটেলতেই আছিলোঁ। লৰাই এইখন হোটেলেই বুক কৰিলে।"
"হয়তো তুমি কলা।"
"অ মিনাক্ষীয়ে কথাৰ মাজতে সুধিছিল।"
'তাৰমানে সিহঁতে সকলো পৰিকল্পনা কৰি থৈছে। ববিতাৰ মনটো লৰা আৰু বোৱাৰীৰ বাবে ভৰি পৰিল।
ৰিছেপচনৰ পৰা ফোন আহিল যে বাহিৰত গাড়ী ৰৈ আছে সাগৰ চাবলৈ যাব লাগে।
দুয়ো বাহিৰলৈ আহি গাড়ীত বহিল। ববিতাই ৰাজীৱক ইমান ফুৰ্তিত থকা দেখি ভাবিলে যে কিমান বছৰ যে ৰাজীৱৰ মুখত এই ফুৰ্তি দেখা নাই। তাই মনতে ভাবিলে 'ইয়ালৈ অহাৰ পাছতেই ৰাজীৱৰ ব্যৱহাৰ অলপ সলনি হৈছে।' তাই পুৰণা ৰাজীৱক দেখি বহুত আনন্দিত হল।
ৰাজীবে ববিতাৰ কান্ধত হাত থৈ কলে," তুমি বাৰে বাৰে কি ভাবি থাকা? অলপ বাহিৰলৈ চোৱা ২৮ বছৰত গোৱা খন কিমান সলনি হল।"
" অ থিকেই কৈছা বহুত সলনি হল গোৱা।"
'এইফালে চোৱা এই ফ্লাইঅভাৰখন এতিয়া বনাইছে। আমি ২৮ বছৰ পাছত আহিছোঁ ইমান বছৰত অলপতো পৰিৱৰ্তন হবই। আমিও কিমান সলনি হলো।'
ৰাজীবে কলে,' পৰিৱৰ্তন বহুত হল , এতিয়া তুমি নিজকে চোৱাচোন। যেতিয়া তুমি মোক প্ৰথমবাৰ লগ পাইছিলা কিমান যে উৎপতিয়া আছিলা । ইমান কথা পাতিছিলা তুমি। তোমাৰ বকবক বন্ধই নহৈছিল। তুমি যে কথাই প্ৰতি খিলখিলাই হাঁহি দিছিলা মোৰ খুব ভাল লাগিছিল।"
ববিতাই মনৰ ভিতৰতে কলে,"তোমাৰ মা আৰু বৌয়ে কিন্তু মই হাঁহি থকাটো ভাল পোৱা নাছিল।"
তাইক মনে মনে থকা দেখি ৰাজীবে আকৌ কলে," বাৰু ববিতা কোৱাচোন এই ২৮ বছৰত তুমি মোক একো কথাৰ আপত্তি নকৰিলা। অফিচৰ পৰা মই কিমানবাৰ যে দেৰিকৈ আহিলোঁ। কিন্তু তুমি একো নকলাই কিয়? প্ৰতি গৰাকী পত্নীৰে স্বামীক লৈ কিবা নহয় কিবা আপত্তি থাকে। তোমাৰ মোক লৈ একো আপোচ নাই নেকি?"
" কথা পাতিব মইও খুজিছিলোঁ কিন্তু সাহস কৰিব পৰা নাছিলোঁ।"
"কিয় সাহস হোৱা নাছিল?"
"নাজানো কিয়?"
"তুমি ইমান ভাবুক হৈ কিয় থাকা, ? মই আগতেও বহুতবাৰ তোমাক সুধিছোঁ কিন্তু তুমি নকলা , এনেকুৱা লাগে যেন তুমি বুকুৰ মাজত এজাক ধুমুহা সাৱটি আছা। কিবা এতাতো আছে , মই বহুতবাৰ তোমাক সুধিব চেষ্টা কৰিছিলোঁ কিন্তু প্ৰতিবাৰেই তুমি কথা সলাই দিয়া।
তেতিয়াই গাড়ীৰ ড্ৰাইভাৰে কলে," ছাৰ, সাগৰ আহি পালোঁহি।"
দুয়ো গাড়ীৰ পৰা নামি সাগৰলৈ গুচি যায়।
ৰাজীবে লাহেকৈ ববিতাৰ হাতত ধৰি ললে।
"এইবোৰ কি কৰিছা ? কোনোবাই দেখিব।"
"কোনেও একো নকয়। চোৱা ইয়াত সকলোৱে হাতত হাত থৈ ঘূৰি আছে। তুমি আগতেও এনেকৈ লাজ কৰিছিলা আৰু এতিয়াও কৰিছা।"
ববিতাই অলপ লাজ কৰি ৰাজীৱৰ হাতত ধৰিলে। দুয়ো হাতত ধৰি ফুৰিবলৈ লাগিল।( Storyboard )
ৰাজীবে কলে,'নাওত উঠোঁ ব'লা।'
ববিতাইও সন্মতি দিলে।
দুয়ো নাওত উঠিবলৈ আগবাঢ়িল।
"তোমাৰ মনত আছে নে যেতিয়া আমি প্ৰথমবাৰ নাওত উঠিব আহিছিলোঁ। নাও যেতিয়া সোঁতত তল ওপৰ হৈছিল তুমি ভয়ত মোক সাৱটি ধৰিছিলা।"
'অ ,কিন্তু মোৰ এতিয়াও ভয় লাগিছে।'
"কোনো কথা নাই , ভয় কৰিলে মোক ধৰি লবা।" দুয়োয়ে মুখলৈ চাই হাঁহিব ধৰিলে। দুয়োৰে ইমানদীনৰ পৰা লুকাই থকা প্ৰেম ওলাই আহিল। বহুত দেৰি সাগৰৰ পাৰত ফুৰাৰ পাছত ৰাজীবে ড্ৰাইভাৰক 'মেৰী চাৰ্চলৈ' লৈ যাব কলে। কাৰণ তাত দুয়োয়ে আজীৱন একেলগত থকাৰ সংকল্প লৈছিল। ৰাজীবে ববিতাক পুনৰবাৰ তালৈ লৈ যাব বিচাৰিলে।
দুয়ো চাৰ্চৰ ভিতৰত থকা বেঞ্চত বহি পৰিল।
ৰাজীবে ববিতাৰ হাতত ধৰি কলে," ববিতা ২৮ বছৰৰ পৰা মোৰ মনত এটা প্ৰশ্ন আছে , মই আজি তোমাক সেই প্ৰশ্নটো সুধিব পাৰো নে?"
ববিতাই আচৰিত হৈ ৰাজীৱৰফালে চালে।"এনেকুৱা কি কথা আছে যে তুমি ২৮ বছৰৰ পৰা বুকুত বান্ধি থৈছাঁ আৰু মোক কব পৰা নাই?"
"চোৱা গীৰ্জাঘৰত ইশ্বৰৰ সন্মুখত বহি আছা মিছা নকবা তুমি।"
ববিতাই কলে,"মই আজিলৈকে তোমাক কোনো কথাতে মিছা মতা নাই। আজিও মিছা নামাটো।"
ৰাজীৱ:'তোমাৰ মনত আছেনে ২৫বছৰ আগতে তোমাৰ বান্ধৱী নৱমী কেনেদা যোৱাৰ আগতে তোমাক লগ কৰিবলৈ আহিছিল।"
"অ মনত আছে কিন্তু ইমান বছৰ পাছত তাইৰ কথা কেনেকৈ মনত পৰিল?"
'সেইদিনাৰ পাছত আমি তাইক লগেই পোৱা নাই। কি অৱস্থাত আছে ঠিক নাই?তাইৰ ফোন বা চিঠি আজিলৈকে নাহিল।'
'তুমি ঠিকেই কৈছা কিন্তু যোৱাৰ আগতে তাই মোক কিবা কৈ গৈছিল।'
ববিতাই আচৰিত হৈ কলে,"এনেকুৱা কি কথা কৈ গল যে তুমি মোক ২৮ বছৰে কব নোৱাৰিলা?"
"মনত আছেনে , যেতিয়া তুমি তাইৰ বাবে চাহ বনাবলৈ পাকঘৰলৈ গৈছিলা তেতিয়া তাই মোক কলে," ৰাজীৱ দা আপুনি বহুত ভাল। ববিতাক ইমান মৰম কৰে আৰু যত্ন লয়। আপোনাক পাই তাই গৌতমক পাহৰি গল। মোৰতো ভয় লাগিছিল, পখিলাৰ দৰে স্বাধীন মনে উৰি থকা ছোৱালী এজনী আপোনাৰ লগত সুখত আছে বা নাই? " তাইৰ এই কথাই মোক কাঁইটৰ দৰে খুচিলে।
"মই তোমাক হেৰুৱাব খোজা নাছিলোঁ সেইবাবে কথা পাতিবলৈ ভয় কৰিছিলোঁ। মোৰ মনত তেতিয়াৰ পৰা এই কথাটো আছে যে তুমি এদিনো মোক নকলা তুমি বেলেগ কাৰোবাক পছন্দ কৰিছিলা বুলি। ইমান ডাঙৰ কথা মোৰ পৰা লুকুৱাই ৰাখিলা ।"
ববিতাই আচৰিত হৈ কলে,"এইয়া তুমি কি কৈছা? এইটো কথা যদি মোক ২৮ বছৰ আগতেই সুধিলা হয় তেন্তে এনেদৰে মৰি মৰি জীয়াই থাকিব লগা নহল হয়। অ , এইটো সঁচা যে মই গৌতম নামৰ লৰা এজনক চিনি পাইছিলোঁ, সি একেবাৰে চিনেমাৰ নায়কৰ দৰে দেখিবলৈ ধুনীয়া নৱযুৱক আছিল। তাৰ সৌন্দৰ্য দেখি মই আকৰ্ষিত হৈছিলো। কিন্তু আমাৰ মাজত এনেকুৱা কোনো প্ৰেম প্ৰসংগ নাছিল। আমি কেতিয়াও লগ কৰা আৰু কথা বতৰা পতা নাছিলো। যদি প্ৰেম থাকিল হয় তেন্তে মা দেউতাক বিয়াৰ বাবে নিশ্চয় কলো হয়। সেইয়া কেৱল আকৰ্ষণ আছিল। এই কথা মোৰ অন্তৰংগ বান্ধৱী নৱমীক কৈছিলো কিন্তু ইমান সৰু কথাটো তাই কি কৰি পেলালে। হয়তো তাই আমাৰ প্ৰেম ভালপোৱা দেখি সহিব নোৱাৰিলে আৰু ভুলবুজাবুজিৰ এটা ফিৰিঙতি এৰি থৈ গল। এই ফিৰিঙতিত আমাৰ জীৱন ৰৈ গল
"ববিতা, মই এইয়া কি ভুল কৰিলোঁ? মই তোমাৰ বিষয়ে কি কি যে ভাবিলোঁ। মোৰ ব্যৱহাৰ সলনি হল কিন্তু তুমি কোনোদিন নুসুধিলা আৰু তুমিও মৌন হৈ থাকিলা। তোমাৰ লগত মই যিমান কথা পাতো তুমিও সিমানেই পাতি থৈ দিয়া। নিজৰ ফালৰ পৰা তুমি কেতিয়াও কথা পতাৰ চেষ্টা নকৰিলা। মোৰ এনেকুৱা লাগিব ধৰিলে যে নৱমীয়ে ঠিকেই কৈছে, তোমাৰ মনত বেলেগ আছে।
অ এইটো সঁচা , যেতিয়া কোনোবাই আহি আমাক কথা লগাই আমাৰ সন্মুখত তাৰ মিছা ছবি প্ৰস্তুত হয়। সন্মুখৰ জন আমি ভবাৰ দৰেই দেখা পোৱা যায়। মিছাকো সচা যেন লাগে। হয়তো এনেকুৱা মোৰ লগতো হল।'
"মইও তোমাক এটা কথা কওঁ যিটো মোৰ মনত লুকাই আছিল।"
ৰাজীবে উৎসুক হৈ কলে,"অ কোৱা।"
"তোমাৰ নবৌয়ে কৈছিল যে তুমি তেওঁৰ ভণ্টিক বহুত পছন্দ কৰিছিলা আৰু তাইক বিয়া কৰাব বিচাৰিছিলা। তাইৰ লগত তুমি ঘণ্টা ঘণ্টা ধৰি কথা পাতিছিলা। কিন্তু তোমালোকৰ গ্ৰহ ,নক্ষত্ৰ নিমিলাৰ বাবে বিয়া নহল।"
"হয় ববিতা, এইয়া সঁচা। দাদাৰ বিয়াত আমি একেলগে বহুত ফুৰ্তি কৰিছিলোঁ। সেইয়া মাত্ৰ বিয়াৰ সময়ত কৰা ফুৰ্তি আছিল। দাদাৰ খুলখালি আছিল বাবে মই আৰু মোৰ বন্ধুবোৰে বহুত হাঁহি ধেমালি কৰিছিলোঁ। তাৰ পাছত তাই ফোন কৰিব ধৰিলে আৰু মোৰ কথা পাতি ভাল লাগিল এজন বন্ধু হিচাবে। কিন্তু বিয়াৰ কথা মনলৈ অহা নাছিল।
নবৌয়ে ভনীয়েকৰ বিয়া মোৰ লগত কৰাব খুজিছিল কিন্তু মই মানা কৰি দিলোঁ। পঞ্জীকা চোৱাৰ কোনো কথাই হোৱা নাছিল "
"কিন্তু তোমাৰ মায়ে যেতিয়া মোৰ ওপৰত খং কৰে তেতিয়া তেওঁ এইটোৱেই কয় যে নবৌৰ ভনীয়েকক বিয়া কৰুৱা হলেই ভাল আছিল।"
"তুমিতো মাৰ কথাত বেছি গুৰুত্ব দিলা। মায়েতো নবৌৰ কথামতে যি তি কৈ দিয়ে।"ৰাজীবে হাঁহি মাৰি কলে।
"এতিয়া তুমি নিজলৈকে চোৱা,তুমিওতো তোমাৰ বোৱাৰীৰ কথা শুনা।"
ববিতাই কলে,"কিন্তু মায়ে তাইৰ কথা কৈ ভাগৰি পৰা নাছিল।"
'সকলো শাহু বোৱাৰীৰ মাজত এনেকুৱাই হয়। এজনীৰ লগত কাজিয়া হলে আনজনিৰ গুণ কৰে।
"তুমি নবৌৰ সকলো কথা সঁচা মানি ললা , এবাৰো মোৰ পৰা সচা কি জনাটো উচিত বুলি নাভাবিলা।"
"কিন্তু তেতিয়া তুমিও মোৰ ওপৰত খং কৰিছিলা। বহুতবাৰ তোমাৰ লগত কথা পাতিব বিচাৰিলো কিন্তু তুমি কেতিয়াবা টি ভি চাই বহি থাকা আৰু ৰুমলৈ আহি মোৰফালে পিঠি দি শুই যোৱা। তাৰ পাছত বহুতবাৰ এইটো কথা মনলৈ আহিল কিন্তু তেতিয়া আমাৰ উৎপল জীৱনলৈ আহিল। উৎপলক নিজৰ জীৱনৰ সাৰথি হিচাপে লৈ তুমি থকাৰ পাছতো তোমাৰ অবিহনে জীৱনটো জীয়াই থাকিব ললোঁ।"ৰাজীৱ আৰু ববিতাৰ চকুত অনুতাপৰ চকুলো আছিল। দুয়ো মনে মনে ভাবিলে -
আমি দুয়ো কিমান যে মূৰ্খ আছিলোঁ যে লোকৰ কথা শুনি ,ইজনে আনজনৰ লগত ভালদৰে সুধি পুচি নোলোৱাকৈ জীৱনটো নিৰস কৰি পেলালো। যদি আমি পৰস্পৰে কথা পাতি হেৰুৱাৰ ভয়টো মনৰ পৰা উলিয়াই সঁচাতো জানিব চেষ্টা কৰিলোঁ হয় তেন্তে আমাৰ জীৱনৰ ইমান বছৰ নষ্ট নহলহেতেন।
দুয়োয়ে হাতত ধৰি গিৰ্জাৰ বাহিৰলৈ আহিল। ৰাজীবে ববিতাক কলে," কেতিয়াবা মানুহে অহংকাৰত এনেকুৱা কিছুমান কথা কৈ পেলায় যি আজীৱন এডাল কাঁইটৰ দৰে বিন্ধি থাকে। সিহঁতেতো কথা কৈ গুচি গল। হয়তো তোমাৰ বান্ধৱী আৰু নবৌৰ এইবোৰ কথা মনত নাই। তেওঁলোকেতো এইবোৰ কথা কৈ অলপ পাছত পাহৰিয়েই গল। কিন্তু আমি তেওঁলোকৰ কথাবোৰ ইমানেই গুৰুত্বসহকাৰে ললোঁ যে নিজৰ জীৱনটো নিৰস কৰি পেলালো।"
ববিতাই কলে," তুমি ঠিকেই কৈছা আমি জীৱনৰ ইমান বছৰ ইজনে আনজনক মনৰ ভিতৰতে বেয়া পাই থাকিলো। সেই সময় আমি ঘূৰাইতো আনিব নোৱাৰো, কিন্তু আহিবলগীয়া সময়তো ভাল কৰিব পাৰো।"
ববিতাই ৰাজীৱৰ হাতত ধৰি কলে," তুমি মোক কথা দিয়া যে আজিৰ পৰা তুমি মোক কোনো কথাই লুকুৱাই নোথোৱা।"
ৰাজীবে ববিতাৰ হাতখন জোৰকৈ খামুচি ধৰি কলে,"মই তোমাক কথা দিছোঁ, মই আজিৰ পৰা তোমাক কোনো কথাই লুকুৱাই নাৰাখোঁ আৰু তুমিও মোক কথা দিয়া যে কোনো কথাই তুমিও মোৰ পৰা লুকুৱাই নোথোৱা। এতিয়া আৰু আমি দুয়ো ইজনে আনজনৰ কথা শুনি খং নকৰো। "
'এইটো কথা আমি ঘৰলৈ গৈ উৎপল আৰু মিনাক্ষীক বুজাই দিম যে আনৰ কথা শুনি কেতিয়াও নিজৰ বিবাহিত জীৱনত অশান্তিৰ সৃষ্টি কৰিব নালাগে।'
দুয়োয়ে কথা দিলে একেলগত জীৱন কটোৱাৰ আৰু সকলো সময়তে কাষত থিয় দিয়াৰ আৰু নতুন জীৱন এতাৰ আৰম্ভ কৰিলে। এইয়া দুয়োৰে সঁচা প্ৰেম আছিল যিয়ে ইজনে আনজনৰ প্ৰতি মনত আপত্তি থকা স্বত্বেও বিয়াৰ ২৮ বছৰ একেলগত মৌন হৈ কটাই দিলে।
"কেতিয়াবা পতি পত্নীয়ে ঘৰ আৰু পৰিয়ালৰ প্ৰতি থকা চিন্তা ,দায়িত্ব এৰি নিজৰ বাবে অলপ সময় উলিয়াব লাগে। আমাৰ লৰা আৰু বোৱাৰীয়ে যদি আমাক একেলগত সময় কটাবলৈ বাহিৰলৈ নপথালে হয় আমি আমাৰ হেৰুৱা প্ৰেম কেনেকৈ ঘূৰাই পালোহেঁতেন?"
ঘৰলৈ আহি দুয়োয়ে তেওঁলোকৰ মাজত যি সঁচা প্ৰেম আছিল সেইয়া চিনাকি কৰাই দিয়াৰ বাবে পুত্ৰ আৰু বোৱাৰীক ধন্যবাদ জ্ঞাপন কৰিলে।
এনেধৰনৰ আৰু গল্প/উপন্যাস পঢ়ক এই লিংকত - www.গল্প/উপন্যাস.com
( Storyboard )
বিঃদ্ৰঃ আপোনালোকেও যদি কোনো গল্প আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ গল্প সমূহ আমাৰ ফেচবুক পেজত নতুবা SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সত প্ৰেৰণ কৰিবলৈ আহ্বান জনালো।নিৰ্বাচিত গল্প সমূহ প্ৰেৰকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব,ধন্যবাদ।
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page


No comments:
Post a Comment