ৰাতিপুৱা সোনকালে শোৱাৰ পৰা উঠি ৰাস্তাই ৰাস্তাই অলপ খোজ কাঢ়িবলৈ ওলাই গল ৰাজীৱ । পুৱাৰ চেঁচা বতাহজাকে তাৰ মন প্ৰাণ জুৰ পেলাই দিলে( Storyboard ) । পশ্চিমৰ পৰা পূবলৈ জাক জাক বগলী আনন্দ মনেৰে কোনোবা বিললৈ উৰি গৈছে । ধোঁৱা কাউৰীবোৰেও ৰাতিপুৱাৰ বাতৰি বিলাই কা- কা শব্দ কৰি ক'ৰবালৈ উৰি গৈছে । অলপ সময় খোজ কাঢ়ি ঘৰলৈ উভতি আহিল ৰাজীৱ । দাঁতকেইটা ভালকৈ ব্ৰাছ কৰি গেছত চাহৰ চচটো বহুৱাই দিলে । অলপ পাতলকৈ ৰঙাচাহ দুকাপ কৰি আগফালৰ বাৰাণ্ডালৈ উলিয়াই আনিলে ।
: দেউতা চাহ লওঁক ।
: দিয়া ।
: দেউতা , কথা এটা কওঁ ...., আপুনি কিন্তু জাঙুৰ খাই নুঠিব ।
: কোৱাচোন..
: মোক ভাল ম'বাইল এটা লাগিছিল । আজিকালি সকলোৱে এণ্ডৰয়ড ম'বাইল ব্যৱহাৰ কৰে । মোৰ ফোনটো কলেজত উলিয়াইবলৈকে লাজ লাগে ।
: এতিয়া সেইটোকে ব্যৱহাৰ কৰি থাকাচোন । যদি ৰিজাল্ট ভাল হয় তেতিয়া এণ্ডৰয়ড ম'বাইল এটা লৈ দিম । এতিয়া পঢ়াগৈ যোৱা ।
: প্ৰ'মিচ কৰা .....!
: দিম বুলি কৈছোঁ দিম ।
: ঠিক আছে দেউতা ।
কাপ দুটা গেছ টেবুলখনতে থৈ পাকতে বিচনা কেইখন ঠিক কৰি ঘৰটো ঝাৰু দিবলৈ লওঁতেই ৰাজীৱৰ ফোনটো বাজি উঠিল । ভৈৰৱে ফোন কৰিছে ....। ভৈৰৱৰ নামটো দেখি ৰাজীৱৰ মনটো ভাল লাগি গ'ল । হাতৰ ঝাৰুটো মাটিত পেলাই ফোনটো ৰিচিভ কৰিলে ৰাজীৱে ।
: গুড মৰ্নিং ভৈৰৱ দা । কোৱা.....
: গুড মৰ্নিং । তুমি আজি কলৈজলৈ যাবা নহয় ...?
: যাম । কিয় সুধিলা.....?
: তুমি যদি বেয়া নোপোৱা তিনি আলিৰ পৰা মোৰ লগতে যাব পাৰিবা ।
: মই বেয়া নাপাওঁ । কিন্তু তোমাৰ একো অসুবিধা নহয়টো .....!
: নাই.....! একো অসুবিধা নহয়.....!
: ঠিক আছে । মই আঠটা বজাত পাই যামগৈ । তুমি ৰৈ থাকিবা ।
: ok , তুমি ঘৰৰ পৰা ওলাই আহোঁতে মোলৈ মেচেজ এটা কৰি দিবা ।
: sure... এতিয়া ৰাখিছোঁ দিয়া । কথাষাৰ কৈয়ে ফোনটো কাটি দিলে ৰাজীৱে । ভৈৰৱৰ কথাটো শুনি তাৰ মনটো উগুল থুগুল লাগি গৈছে। মনৰ আনন্দতে লৰালৰিকৈ ৰূমকেইটা ঝাৰু দি গাটো তিয়াই হাতে ভৰিয়ে বডী অইল অলপ সানি কলেজৰ ইউনিফৰ্মজোৰ পিন্ধি ললে । মুখত পাতলকৈ ক্ৰীম অকণ ঘঁহি ওঁঠ দুটাত গুলপীয়া ৰঙৰ লিপবাম লগাই নিজকে আইনাখনত এবাৰ চালে আৰু গাত উগ্ৰ পাৰ্ফিউম অলপ ছটিয়াই ভাতকেইটা খাই কলেজলৈ ওলাই গ'ল । আঠ বাজিবলৈ পাঁচ মিনিটমান থাকোঁতেই ৰাজীৱ গৈ তিনিআলি পালেগৈ । ওখ নাহৰ গছ জোপাৰ তলতেই ভৈৰৱৰ বাবে ৰৈ দিলে ।
: কি হ'ল ৰাজীৱ....? ৰৈ দিলি কিয় .....? প্ৰশ্ন কৰিলে লোনাই
: ভৈৰৱ দাই ৰবলৈ কৈছে । তহঁত গৈ থাক
: তাৰমানে তই ভৈৰৱ দাৰ লগত যাবি ....! উপাসনাই গম পালে তোক দিব ।
: কোন উপাসনা...?
: ভৈৰৱ দাৰ gf । তপৰাই কলে মন্দিৰাই । .....আমি গৈ থাকোঁ ব'ল লোনা , ই আহিব । মিচিকিয়া হাঁহি এটা মাৰি মন্দিৰাহঁত গ'লগৈ ...। বাৰিষাৰ বতৰ কেতিয়া বৰষুণ দিয়ে কেতিয়া ৰ'দ দিয়ে একো ধৰিব নোৱাৰি । বতৰতো অলপ গুমা যদিও গৰমটো আছে । হাতত ম'বাইলটো লৈ পিটিকি মোহাৰি থাকোঁতেই ৰঙা বৰণৰ বাইকখন তাৰ সন্মুখত ৰখাই দিলেহি ভৈৰৱে । মূৰৰ পৰা হেলমেটটো আঁতৰাই লাজকুৰীয়া চাৱনীৰে ৰাজীৱলৈ চালে ভৈৰৱে । .....উঠা , কি চাই আছা অচিনাকী মানুহৰ দৰে ....?
: তোমাকেই চাইছোঁ ভৈৰৱ দা । বহুত ধুনীয়া লাগিছে তোমাক ।
: অঃ ৰিয়েলি.....! Thanks..
ৰাজীৱেও লাজ লাজকৈ বাইকত উঠিল । বৰ সাৱধানেৰে বহিছে ৰাজীৱ । ভৈৰৱ আৰু তাৰ মাজত কিছু ব্যৱধান ৰাখিছে ৰাজীৱে । .....ইমান আতঁৰহৈ বহিলা যে....? মোৰ লগত সহজ হ'ব পৰা নাই নেকি....?
: কি যে কথাবোৰ কোৱা নহয় ভৈৰৱ দা । তুমি বেয়া পাবা বুলিহে মই অলপ আতঁৰহৈ বহিছোঁ । তুমি কৈছা যেতিয়া অলপ ওচৰ চাপি বহিব পাৰিম বাৰু.....!
: ঠিক আছে । হেলমেটটো লৈ লোৱা ।
লাহে লাহে বাইকখন আগুৱাই যাবলৈ ধৰিলে । দুই তিনি মিনিটমান সময় মৌন হৈ থকাৰ পাছত ৰাজীৱে মাত লগালে । ........ভৈৰৱ দা উপাসনা কোন হয়.....?
: আছে । মস্ত কামোৰ এজনী ।
: মোৰ পৰা কথা লুকুৱাব নালাগে । মই সকলো জানো । আপোনাৰ gf ।
: এইবোৰ সকলো মিছা ৰাজীৱ । আজিলৈকে মই তাইৰ লগত ভালকৈ কথাই পাতি পোৱা নাই । তাই মিছাকৈয়ে সকলোৱে আগত মই তাইৰ boyfriend বুলি কৈ ফুৰে ।
: আপোনাৰ দৰে ইমান handsome ল'ৰা এটাৰ gf নাই বুলি কলে বিশ্বাস কৰিবলৈ টান লাগে ।
: বিশ্বাস কৰা বা নকৰা সেইটো তোমাৰ কথা ৰাজীৱ । সঁচা কথাটো হ'ল ছোৱালীৰ প্ৰতি মোৰ কোনো ফিলিঙছ নাই , ছোৱালী বুলি কলেই মোৰ বৰ ভয় লাগে ।
: কিয় ভৈৰৱ দা......?
: সেইবোৰ বহুত কথা । সৰুৰে পৰাই মই মাৰ যিটো ৰূপ দেখিছোঁ , সেই ৰূপটো দেখি দেখি নাৰী বুলি কলেই মোৰ দুচকুত এখন ভয়ংকৰ ছবি ভাঁহি আহে ।
: বুজি পাইছোঁ।
: মই কি বিচাৰোঁ জানা.....!
: তুমি নকলে মই কেনেকৈ জানিম....!
: মই এজন ভাল সংগী বিচাৰোঁ । যি মোক বুজি পায় । মোৰ সাহস হৈ মোৰ কাষত থাকে ।
: ভৈৰৱ দা , তুমি মোৰ মনৰ কথাটোকে কৈ দিলা । তোমাৰ এজন ভাল সংগী মই হ'ব নোৱাৰোনে.......!
: তুমি.....?
: মই হ'ব নোৱাৰিম নেকি......?
: পাৰিবা । কিয় নোৱাৰীবানো ....! কিন্তু মোক অলপ সময় দিব লাগিব ।
: তোমাৰ বাবে গোটেই জীৱনটো অপেক্ষা কৰিম ভৈৰৱ দা । পাছফালৰ পৰা ৰাজীৱে সাৱটি ধৰিলে ভৈৰৱক ।( Storyboard )
: ইমান ভাল পোৱা মোক....?
: বহুত ভাল পাওঁ তোমাক । কিন্তু কথাবোৰ কবলৈ সাহস গোটাব পৰা নাছিলোঁ ভৈৰৱ দা ।
: ঠিক আছে । আজিৰ পৰা তুমি মোৰ সংগী আৰু মই তোমাৰ । সুখ দুখৰ প্ৰতিটো কথা শ্বেয়াৰ কৰিম তোমাৰ লগত ।
: হ'ব । কথা পাতি আহি থাকোঁতেই কলেজৰ ওচৰ পালেহি । ....মোক ইয়াতে নমাই দিয়া ভৈৰৱ দা । এইকণ খোজ কাঢ়ি যাম । মোৰ লগত যোৱা দেখিলে তোমাৰ লগৰবোৰে তোমাক হাঁহিব ।
: হাঁহিবলৈ দিয়া । সিহঁতৰহে দাঁত ওলাব , মোৰটো একো নহয় ।
: প্লীজ ভৈৰৱ দা.....! ৰখাই দিয়া ।
: নৰখাওঁ....! একেবাৰে বাইক ষ্টেণ্ডতহে ৰখাম । মোক জোৰকৈ সাৱটি ধৰা । কোনে কি কয় চাওঁ ।
ভৈৰৱৰ কথামতেই ভৈৰৱক সাৱটি ধৰিলে ৰাজীৱে । কোঁ- কুৱাই বাইখখন নি ষ্টেণ্ডত ৰখাই দিলে ভৈৰৱে । বাইকৰ পৰা নামি ৰাজীৱে নিজৰ ক্লাছ ৰূমলৈ গুচি গল । ৰাজীৱ আঁতৰ হৈ যোৱাৰ লগে লগেই ক্লাচমেট বিকাশ আৰু অধিৰ আহি ভৈৰৱৰ ওচৰ পালেহি ।
: কি হে ভৈৰৱ.....! তই দেখোঁন আজি লেডীছক লগত লৈ আহিলি ......! হাঁহি হাঁহি কলে অধিৰে ।
: কোন লেডীছ.....? তই হাঁহিলি যে.....? কি মিন কৰিছ তই....
: তই কথাবোৰ ইমান খঙত কৈছ কিয় ভৈৰৱ .....? মই তোক ধেমালিহে কৰিছিলোঁ ।
: ধেমালি কৰিবলৈ আৰু ট'পিক বিচাৰি নাপালি....! তোৰ ভনীয়েৰৰ দেখোঁন বদনাম ওলাইছিল । সেইটো কথা লৈ মই তোৰ লগত ধেমালি কৰিছিলোঁ নেকি.....?
: নাই কৰা ।
: next টাইম এনেকুৱা কথা কৈ মোৰ লগত ধেমালি নকৰিবি । মোৰ বাইকত মই কাক উথাও সেইটো মোৰ কথা । কথাষাৰ মনত ৰাখিবি । বৰ খঙেৰে কলে ভৈৰৱে ।
: তোৰ হৈছে কি ভৈৰৱ....! কথাবোৰ বৰ ৰাপকৈ কৈছ যে....?
: চা অধিৰ , তই মোৰ ভাল বন্ধু । সেয়ে তোক কথা এটা কওঁ , তোৰ মোৰ দৰে ৰাজীৱো তেজ মঙহৰ মানুহ । তাৰো এখন অন্তৰ আছে । ভাল বেয়া সিয়ো বুজি পায় । এটা কথা মনত ৰাখিবি যিমানেই পঢ়া শুনা নকৰ কিয় , যদি মানুহ হ'ব নোৱাৰ তেন্তে সেই শিক্ষাৰ কোনো মূল্য নাই । পুথিৰ জ্ঞানেৰে জ্ঞানী হোৱাতকৈ প্ৰকৃত মানুহ হ'বলৈ শিক । কথাটো কৈয়ে বৰ খৰখেদাকৈ কেণ্টিনৰ ফালে খোজ দিলে ভৈৰৱে ।
: ঐ বিকাশ ভৈৰৱক দেখোঁন আজি বৰ বেলেগ দেখিলোঁ । ই সলনি হৈছে নেকি বাৰু....!
: কথাটো ময়ো লক্ষ্য কৰিছোঁ অধিৰ । আচলতে তয়ো তাক তেনেকৈ কৈ দিব নালাগিছিল ।
: বিশ্বাস কৰ বিকাশ । মই সচাঁকৈ তাৰ লগত ধেমালি কৰিছিলোঁ । সি যে ইমান চিৰিয়াছ হৈ যাব মই ভবাই নাছিলোঁ ।
: যি হ'ল হৈ গ'ল অধিৰ । ভৈৰৱক তই ক্ষমা খোজগৈ । ব'ল তাক বিচাৰি যাওঁ ।
: তাৰ ওচৰলৈ যাবলৈ মোৰ এতিয়া লাজহে লাগিছে । কিহে যে পাইছিল মোক ।
: একো নাই । ভুল কৰিলি যেতিয়া ক্ষমা খুজিবই লাগিব । ব'ল এতিয়া । মুখখন ফুলাই ভৈৰৱ চাগৈ কেণ্টিনতে বহি আছে ।
বাইক ষ্টেণ্ডৰ পৰা দুয়োটা চিধাই কেণ্টিনলৈ গ'ল । কেণ্টিনৰ চুকৰ টেবুলখনতে মুখখন ফুলাই ম'বাইলতো লিৰিকি বিদাৰি বহি আছিল ভৈৰৱ । ভৈৰৱৰ কাষতে থকা চকীখন উলিয়াই ভৈৰৱৰ কাষতে বহিলে অধিৰ ।
: I am sorry ভৈৰৱ । আজিৰ পৰা ৰাজীৱৰ বিষয়ে একো বেয়াকৈ নকওঁ দে । প্লীজ ...! ভৈৰৱ , sorry কৈছো তো...
মুখেৰে এটাও শব্দ উচ্চাৰণ নকৰি বহি থকা চকীখন ভৰিটোৱে পাছলৈ ঠেলি কেণ্টিনৰ পৰা বাহিৰলৈ ওলাই গ'ল ভৈৰৱ ।
ক্ৰমশঃ.....
এনেধৰনৰ আৰু গল্প/উপন্যাস পঢ়ক এই লিংকত - www.গল্প/উপন্যাস.com
আমাৰ ফেচবুক গ্ৰুপটো আপুনি পোনপটিয়াকৈ গল্প প্ৰকাশ কৰিব পাৰে।
আমাৰ গ্ৰুপৰ লিংক - SMJ24.facbookgroup
( Storyboard )



No comments:
Post a Comment