বিত্ত মন্ত্ৰী অজন্তা নেওগে অসমৰ ৰাইজলৈ জনালে সাৱধান বাণী : News update - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Tuesday, June 22, 2021

বিত্ত মন্ত্ৰী অজন্তা নেওগে অসমৰ ৰাইজলৈ জনালে সাৱধান বাণী : News update

News update

"উৰা বাতৰি আৰু ভুৱা তথ্যৰ পৰা সাৱধান ⚠️


অসমৰ ৰাইজৰ জ্ঞাতাৰ্থে জনাব খুজিছোঁ যে এচাম ন্যস্ত স্বাৰ্থজড়িত দুষ্ট চক্ৰই বিভিন্ন সামাজিক মাধ্যমত সমাজ কল্যাণ বিভাগৰ নিযুক্তিৰ নামত উৰা বাতৰি বিয়পাইছে


দুষ্ট চক্ৰটোৱে জনসাধাৰণক মিছা তথ্যৰে বিভ্ৰান্ত কৰি অসৎ উপায়ে ধন অর্জনৰ যি অপচেষ্টা চলাইছে, সেয়া আইনমতে দণ্ডনীয়। এওঁলোকৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা হাতত লোৱা হ'ব।


গতিকে, ৰাইজক এনে উৰা বাতৰিত ভোল নাযাবলৈ অনুৰোধ জনাইছোঁ। সমাজ কল্যাণ অথবা যিকোনো বিভাগত নিযুক্তি দিয়াৰ পূৰ্বে চৰকাৰৰ তৰফৰপৰা ৰাইজক অৱগত কৰা হ'ব। মই ৰাইজক এনে দুষ্টচক্ৰৰ পৰা আঁতৰি থাকিবলৈ আন্তৰিকতাৰে আহ্বান জনাইছোঁ।" - অজন্তা নেওগ ( বিত্তমন্ত্ৰী অসম )

No comments:

Post a Comment

Advertisement

Pages