অনুশ্ৰী আৰু নন্দিতা সৰুৰে পৰাই বান্ধৱী আছিল। দুয়োৰে মাজত বহুত ভাল বন্ধুত্ব আছিল। দুয়োয়ে একেলগে কলেজৰ পঢ়াও শেষ কৰিলে( Storyboard )। অনুশ্ৰী প্ৰায়ে, নন্দিতাৰ ঘৰলৈ অহা যোৱা কৰিছিল। অনুশ্ৰী পঢ়াই শুনাই সকলো ফালৰে পৰা এজনী ভাল ছোৱালী আছিল বাবে নন্দিতাৰ মাক দেউতাকে তেওঁলোকৰ একমাত্র পুত্র নন্দিলৰ বাবে অনুশ্ৰীক পচন্দ কৰিলে। আৰু সেই সম্বন্ধৰ কথা পাতিলে। এই সম্বন্ধক লৈ ঘৰৰ কাৰোৱে কোনো আপত্তি নাছিল। কাৰণ দুয়ো ঘৰে এজনে আন জনক বহু আগৰ পৰাই চিনি পাইছিল। সকলোতকে সুখী নন্দিতা হৈ পৰিছিল কাৰণ তাইৰ সকলোতকে ভাল বান্ধৱী তাইৰ এতিয়া নবৌয়েক হব। আনফালে অনুশ্ৰীও বহুত সুখী হৈছিল, নন্দিতাৰ দৰে ভাল বান্ধৱী এজনীক এতিয়া নন্দেকৰ ৰূপত পাব।
কিছু দিনৰ পাছত, নন্দিতাৰ ককায়েক নন্দিলৰ কইনা হৈ অনুশ্ৰী নন্দিতাহঁতৰ ঘৰলৈ আহিল। বহুত সুন্দৰভাৱে নন্দিতাৰ ঘৰত অনুশ্ৰীক আদৰা হল। নন্দিলো বহুত ভাল লৰা আছিল। এজন ভাল পুত্র, এজন ভাল ককায়েকৰ লগতে আৰু এজন ভাল স্বামী হোৱাৰ সকলো গুণে আছিল।সেইখন ঘৰত অনুশ্ৰীৰ কোনো বস্তুৰে অভাৱ নহৈছিল । অৰ্থাৎ গোটেই পৰায়ালটোৱে বহু মৰমিয়াল আছিল। অনুশ্ৰীৰ নন্দেক নন্দিতাই, অনুশ্ৰীৰ প্ৰতি খোজতে লগ দিছিল। প্ৰতিটো সুখ দুখ দুই বান্ধৱীয়ে ইজনীয়ে আন জনক কৈছিল। আৰু দুয়ো বহু সুখী হৈ ৰৈছিল।সময় গতিশীল বাবে, এদিন নন্দিতাও কইনা হৈ নিজৰ শহুৰৰ ঘৰলৈ গুছি গল।নন্দিতাৰ বিদায় সময়ত সকলোতকে বেছি অনুশ্ৰীয়ে কান্দিছিল।নন্দিতা যোৱাৰ পাছত,অনুশ্ৰী একেবাৰে মনে মনে থাকিবলৈ ধৰিলে আৰু একেবাৰে অকলশৰীয়া হৈ পৰিল।ভালকে খোৱা বোৱাও নকৰিছিল।( Storyboard )
আনফালে,নন্দিতাও নিজৰ শহুৰৰ ঘৰৰ লোকসকলৰ মাজত অনুশ্ৰীক বিচাৰি ৰৈছিল।লাহে লাহে সময়ৰ লগত দুই জনীয়ে নিজৰ মনটোক কঠিন কৰিলে আৰু নিজৰ নিজৰ গৃহস্হীত ব্যস্ত হৈ পৰিল। কিন্তু ঘৰৰ কাম কৰি সময় ওলিয়াই দুয়ো জনীয়ে দিনটোতে ৪,৫বাৰ ফোনত কথা পাতি দিনটোৰ দিনলিপি, খা খবৰ আৰু সুখ দুখৰ কথা কৈছিল। যেতিয়া নন্দিতা নিজৰ ঘৰলৈ আহিছিল, তেতিয়া নন্দিতাই সকলো কামতে অনুশ্ৰীক সহায় কৰি দিছিল। একেলগে উঠা বহা, লগে ভাগে, আহাৰ বনোৱা, আৰু একেলগে খাইছিলো। যেতিয়াই নন্দিতাৰ শহুৰৰ ঘৰলৈ যোৱৰ সময় কাষ চাপি আহিছিল, তেতিয়া দুয়ো জনীয়ে কিছু দিনৰ আগৰ পৰাই কন্দা কতা আৰম্ভ কৰি দিছিল। অনুশ্ৰীয়ে, নন্দিতা শহুৰৰ ঘৰলৈ যোৱাৰ পাছত, পুনৰ ফোনত সোনকালে আহা ননদ ৰাণী, বুলি নন্দিতালৈ বাট চাই ৰৈছিল।
আৰু পুনৰ দীঘলীয়া অপেক্ষাৰ পাছত দুয়ো বান্ধৱী লগ হৈছিল আৰু বিদায় লৈছিল। এনেদৰে সদায়ে চলি থাকিল,কিন্তু দুয়োৰে মাজত মৰম ভালপোৱা কোনোদিন কম নহল। দুয়ো বন্ধুত্ব বহুত ভাল আছিল, কিন্তু দুয়ো বান্ধৱী লগতে ভাল নন্দেক বৌয়েক হৈ উঠিল। বহুত কম সংখ্যাক নন্দেক বৌয়েকৰ মাজত এনে মৰম দেখা পোৱা যায়।।
এনেধৰনৰ আৰু গল্প/উপন্যাস পঢ়ক এই লিংকত - www.গল্প/উপন্যাস.com
আমাৰ ফেচবুক গ্ৰুপটো আপুনি পোনপটিয়াকৈ গল্প প্ৰকাশ কৰিব পাৰে।
আমাৰ গ্ৰুপৰ লিংক - SMJ24.facbookgroup
( Storyboard )



No comments:
Post a Comment