ক্লেছট... ক্লেট...
পইণ্ট থ্ৰী টু পিষ্টলটোৰ মেগজিনটো খুলি আকৌ এবাৰ লগাই চালে বাস্তৱে। চাৰিটা বুলেট আছে। হয়তো এই চাৰিটা বুলেটে বাস্তৱৰ জীৱনৰ অন্তিম বুলেট হ'ব( Storyboard )। বাস্তৱ জীৱনৰ প্ৰতি বাস্তৱমুখী হ'ব। বুলেটৰ সৈতে আৰু খেলা নকৰে সি। ৰিভলভিং চকীখনত বহি এনেয়ে এবাৰ ঘূৰাই দিলে সি। পুনৰ আগৰ স্থিতিলৈ ঘূৰি আহিল চকীখন। সিওঁ জীৱনৰ আগৰ স্থিতিলৈ উভতি আহিব। অন্ধকাৰ জগতখন বাদ দি সমাজত প্ৰকৃত মানুহ এজন হৈ থিয় দিব বাস্তৱে। জীয়াই থাকিবলৈ কঠোৰ সংগ্ৰাম কৰিব সি। অলিলিকাৰ লগত তাৰ এটা সুন্দৰ ভৱিষ্যত আছে। সি এজন হত্যাকাৰী, পেছাদাৰী অপৰাধী বুলি জানিলে কেতিয়াও ক্ষমা নকৰে তাই। অলিলিকাৰ চকুত ধূলি দি এই প্ৰায় এবছৰে সি নিজকে এজন ব্যৱসায়ী বুলি তাইৰ আগত পতিয়ন নিয়াই আছে। কিন্তু কিমান দিন নিজকে আৰু এনেকৈ আৱৰণৰ মাজত ৰাখিব। এদিন নহয় এদিন তাৰ এই স্বৰূপ ওলাই পৰিব তাইৰ আগত। অলিলিকা সম্ভ্ৰান্ত ঘৰৰ উচ্চশিক্ষিতা ছোৱালী। তাকো তাই সম্ভ্ৰান্ত পৰিয়ালৰ সন্তান বুলিয়ে জানে। টকা-পইচা বা উপাৰ্জনক লৈ তাইৰ কোনো আক্ষেপ নাই তাৰ ওপৰত। তাইৰ মতে টকাতকৈ ভাল মানসিকতাৰ, নিকা মনৰ সংগী এজনৰহে প্ৰয়োজন জীৱনত। গতিকে সি এজন দুৰ্ধৰ্ষ হত্যাকাৰী বুলি গম পালে অলিলিকাই তাৰ লগত বিয়াত বহা দূৰৈৰ কথা, তাই প্ৰচণ্ড আঘাত পাব মনত। অলিলিকাৰ নিষ্পাপ মুখখনলৈ মনত পৰি নিজৰ ওপৰতে প্ৰচণ্ড ঘৃণা উপজিল বাস্তৱৰ।
যীশুৱে দিয়া চুপাৰিটোৱে তাৰ শেষ চুপাৰি। কাইলৈ কাম সমাধা কৰিয়ে সি তাৰ পিষ্টল, গুলী সকলো ধ্বংস কৰি পেলাব চিৰদিনৰ বাবে। এই চুপাৰিটোৰ পৰা পোৱা টকাখিনিৰে সি আৰম্ভ কৰিব নতুন ব্যৱসায়। তাৰপিছতে অলিলিকাক নিজৰ কৰি লৈ এটা সুখৰ নিশ্চিন্ত জীৱন কটাব বাস্তৱে। চিগাৰেটটো জ্বলাই ভাবত বুৰ গৈ থকাৰ সময়তে বিপ্ বিপ্ কৈ বাজি উঠিল বাস্তৱৰ মোবাইলটো। অলিলিকাৰ ফোন।
হেল্ল'...
ক'ত আছা? খবৰ এটা নাই যে... সিমূৰৰ পৰা ভাঁহি আহিল অলিলিকাৰ অভিমানভৰা কণ্ঠ।
মোৰ সপোনৰ ৰাজ্যখনত, তোমাৰ সৈতে সপোন সজাই আছো... বাস্তৱে হাঁহি এটা মাৰি ধেমালিৰ সুৰেৰে ক'লে।
বাদ দিয়া তোমাৰ সপোন। ফোন কৰিবলৈ সময় অকণ নাথাকে তোমাৰ, কি সপোন দেখিবা। আচ্ছা শুনা, কাইলৈ লগ পাম পুৱা দহ বজাত। তাৰপিছত গোটেই দিন ঘূৰিম, ফুৰিম, ৰেষ্টুৰেণ্ট যাম... কোনো বাহানা নচলিব কিন্তু। প্ৰ'মিজ কৰা।
অলিলিকাৰ দাবী যেন লগা কথাখিনি শুনি তাইলৈ মৰম লাগি গ'ল বাস্তৱৰ। খুব কম দিনৰ চিনাকি সিহঁতৰ। চহৰৰ ক্লাবৰ এটা পাৰ্টীত তাই নিজে উপযাচি চিনাকি হৈছিল তাৰ লগত। তেতিয়াই ফোন নম্বৰৰ আদান-প্ৰদান আৰু শেষত প্ৰেম। তাইৰ সহজতে আপোন কৰি ল'ব পৰা স্বভাৱটোৰ বাবেই সিহঁত দুটা কম সময়তে ইজনে আনজনৰ অতি নিকট হৈ পৰিছে।
ছ'ৰী বেবী, কাইলৈ মোৰ বিজনেছ ডীল আছে। তুমি জানাই, দেলহিৰ পৰা পাৰ্টী আহিব। চ' আবেলি তোমাক টাইম দিম।
লগে লগে মোবাইলটোৰ কানেকশ্যন কাটি যোৱাৰ শব্দ হ'ল। বাস্তৱে বুজিলে তাৰ ওপৰত খং উঠিছে অলিলিকাৰ। সি দুনাই কলবেক নকৰিলে।
যীশু তাৰ অত্যন্ত বিশ্বস্ত সংগী। দুইটাই কেইবাটাও অপাৰেছন একেলগে চলাইছে আগতে। এইবাৰো যীশুৱে ডীল কৰা চুপাৰিত চামিল হৈছে সি। অৱশ্যে বহুদিনৰ বিৰতিৰ পিছত এইটো হত্যাকাণ্ড সিহঁত দুয়ো একেলগে সংঘটিত কৰিব। তিনিদিন পূৰ্বেই যীশুৱে তাক ফোন কৰি সকলো বুজাই থৈছে। হোটেল ভিউ পইণ্টৰ ২০৩ নম্বৰ কোঠাটোত হত্যা কৰিব লাগিব ৰিয়েল ইষ্টেট ব্যৱসায়ী গৌৰীশংকৰ আচাৰ্যক। কাইলৈ দিনৰ ঠিক ১১ বজাত সি কৰিব জীৱনৰ শেষ হত্যাটো।( Storyboard )
সময় তেতিয়া পুৱা ১০ টা বাজি গৈছে। নীলা টি ছাৰ্টটো পিন্ধি বাস্তৱে পিষ্টলটো কঁকালৰ পিছফালে খুছি ল'লে। প্ৰয়োজনত ফিংগাৰপ্ৰিণ্ট মছিবলৈ দুখনমান নেপকিনো কিটচে্নৰ পৰা আনি পকেটত সুমুৱাই ল'লে সি। তেতিয়াই ফোনটো বাজি উঠিল বাস্তৱৰ। যীশুৰ ফোন। চাৰে দহ বাজি যোৱাৰ লগে লগে যীশুৱে তাক সতৰ্ক কৰি দিলে। পৰিকল্পনা অনুসৰি যীশু ঠিক ১১ বজাৰ লগে লগে হোটেল বয়ৰ ৰূপত গৌৰীশংকৰ আচাৰ্যৰ কোঠাত সোমাব। সেইখিনি সময়তে বাস্তৱে গুলীয়াই গৌৰীশংকৰ আচাৰ্যক হত্যা কৰিব লাগিব। টেবুলৰ ওপৰত থকা ৰঙা কেপটো পিন্ধি কোঠাৰ পৰা ওলাই আহিল বাস্তৱ।
হোটেল ভিউ পইণ্টৰ সন্মুখত বাইকখন ৰখাই পোনে পোনে ৰূম নম্বৰ ২০৩ লৈ উঠি গ'ল বাস্তৱ। কোঠাৰ দুৱাৰৰ সন্মুখত খন্তেক ৰৈ হাতৰ ঘড়ীটোলৈ চালে সি। এঘাৰ বাজি দুই মিনিট গৈছে। কঁকালত থকা পিষ্টলটো এবাৰ চুই চাই লগে লগে ড'ৰবেলটোত টিপি দিলে বাস্তৱে। কেইটামান মুহূৰ্ত অপেক্ষা কৰাৰ পিছতে ভিতৰৰ পৰা খোল খালে দুৱাৰখন। কিন্তু... কিন্তু ই কি? এনে এক পৰিস্থিতিৰ বাবে যেন সমূলি প্ৰস্তুত নাছিল বাস্তৱ। নিজৰ চকুকে বিশ্বাস কৰিব নোৱাৰিলে সি।
হাত ওপৰলৈ তোল বাস্তৱ...
থানাৰ লক আপত যীশুৱে তোলৈ এসপ্তাহ ধৰি অপেক্ষা কৰি আছে... চৰকাৰী নাইন এম এম পিষ্টলটো তালৈ টোঁৱাই অলিলিকাই নিৰ্দেশ দিলে।
হাত দুখন আধা ওপৰলৈ উঠাই এটা দৃষ্টিৰে সি একেথৰে চাই ৰ'ল মাথোঁ। অলিলিকা আগুৱাই আহি এইবাৰ তাৰ কপালত লগাই দিলে পিষ্টলৰ নলীটো। তাৰপিছত পকেটৰ পৰা কাৰ্ড এখন উলিয়াই তুলি ধৰিলে তাৰ সন্মুখত।
ইণ্টেলিজেন্স স্ক'ৱাড
আণ্ডাৰ কভাৰ ইনভেষ্টিগেটৰ
অলিলিকা বৰুৱা।
বাস্তৱে কাৰ্ডখন পঢ়ি শেতা হাঁহি এটা মাৰিলে অলিলিকালৈ চাই। ইতিমধ্যে অলিলিকাৰ কাষত থকা এজন আৰক্ষী বিষয়াই তাৰ কঁকালত থকা পিষ্টলটো উলিয়াই হেণ্ডকাফ এডাল লগাই দিলে।
মৃণাল চক্ৰৱৰ্তী
ফোনঃ ৯৪৩৫৩২৩৪৭৩
এনেধৰনৰ আৰু গল্প/উপন্যাস পঢ়ক এই লিংকত - www.গল্প/উপন্যাস.com
আমাৰ ফেচবুক গ্ৰুপটো আপুনি পোনপটিয়াকৈ গল্প প্ৰকাশ কৰিব পাৰে।
আমাৰ গ্ৰুপৰ লিংক - SMJ24.facbookgroup
( Storyboard )



No comments:
Post a Comment