ৰুমত উদাস হৈ বহি থকা ৰিয়াই অতীতৰ দিনবোৰ মনত পেলাই আছিল। তাই দেউতাক প্ৰশান্তৰ লগত সৰু ঘৰটোত বহুত সুখী আছিল। প্ৰশান্ত এখন প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক আছিল( Storyboard )। ৰিয়াৰ মাক নাছিল। তাইৰ বয়স যেতিয়া ১১বছৰ আছিল তেতিয়া তাইৰ মাকৰ মৃত্যু হৈছিল। তেতিয়াৰ পৰা প্ৰশান্তই ৰিয়াক মাক দেউতাক দুয়োৰে মৰম দিলে। তাইক কোনো বস্তুৰ অভাৱ হব নিদিলে। অৱশ্যে ৰিয়াও বহুত জ্ঞানী ছোৱালি আছিল। তাই যি পাইছিল তাকে লৈ সুখী হৈছিল। বেলেগ লৰা ছোৱালীৰ দৰে কেতিয়াও কোনো বস্তু বিচাৰি জিদ কৰা নাছিল। পঢ়াটো বহুত চোকা আছিল। দ্বাদশ শ্ৰেণীত তাই গোটেই জিলা খনৰ ভিতৰতে টপ কৰিছিল। পঢ়াৰ লগতে তাই ধুনীয়া আৰু গুনীও আছিল। বয়সৰ লগে লগে তাইৰ সুন্দৰতা আৰু বাঢ়ি গল। যিয়ে তাইক এবাৰ চাই মাত্ৰ চাইয়েই ৰৈ যায়। তাইৰ বৰণ ইমানেই বগা যেন গাখীৰৰ লগত সেন্দুৰৰ মিশ্ৰণ কৰি দিয়া হল। ক্ষীণকৈ তাইৰ শৰীৰ আৰু কঁকাললৈকে পৰা তাইৰ দীঘল চুলি। মাতটো একেবাৰে কুলিৰ দৰে। ঘৰৰ কাম কাজটো নিপুণ আছিল।
তেতিয়া ৰিয়াৰ স্নাতকৰ দ্বিতীয় বৰ্ষ চলি আছিল। ৰাতিপুৱা শুই উঠি ঘৰৰ সকলো কাম কৰি তাই কলেজলৈ যায়। কলেজৰ পৰা আহি আবেলি কিছুমান লৰা ছোৱালীক টিউচন কৰে। অৱশ্যে দেউটাকে ৰিয়াক মানা কৰিছিল যদিও তাই ভাবিলে এনেই ঘৰত বহি থকাতকে কিবা কাম কৰাটোৱেই ভাল। তাইৰ তৰ্কৰ ওচৰত দেউতাকেউ হাৰ মানে। দেউতাকে হাঁহি মাৰি কয়,' তুমিতো মোৰ ৰাণী ছোৱালী হয় যি মন তোমাৰ তাকেই কৰা।'
এদিন ৰিয়াই দেউতাকক বহুত আনন্দত থকা দেখিলে।
ৰিয়া : ' কি হল দেউতা? আজি আপোনাক বহুত ফুৰ্তিত থকা যেন লাগিছে।'
প্ৰশান্ত : 'অ মাজনী আহিলা । বহা ইয়াত তোমাক কথা এটা কবলৈ আছে।'
ৰিয়াই তেওঁৰ ওচৰত বহি কলে," কওক দেউতা কি কথা আছে।"
প্ৰশান্ত : ' মাজনী আমাৰ স্কুলত শইকীয়া ছাৰ আছে যে তুমি তেওঁক লগ পাইছাঁ নিশ্চয়।'
ৰিয়া :' অ দেউতা।'
প্ৰশান্ত : ' তেওঁৰ লৰাৰ বাবে তোমাক পছন্দ কৰিছে। এটাই লৰা আৰু চৰকাৰী চাকৰিও কৰে।'
ৰিয়া : 'কিন্তু দেউতা এতিয়াটো মোৰ পঢ়া শেষ হোৱা নাই।'
প্ৰশান্ত : ' তোমাৰ পঢ়াক লৈ তেওঁলোকৰ কোনো আপত্তি নাই।'
ৰিয়া :' কিন্তু দেউতা।'
প্ৰশান্ত :' মাজনী আজিকালি মোৰ গাতোও ভালে নাথাকে। এই জীয়াই থকা অৱস্থাত তোমাক কইনাসাজত চাব বিচাৰো। মই খবৰ কৰিছোঁ লৰাজন ভাল। তেওঁলোকে নিজেই এই প্ৰস্তাৱ লৈ আহিছে। আৰু তাতকৈ ডাঙৰ কথা যে তেওঁলোকে যৌতুক দাবী কৰা নাই। তুমিতো জানাই মাজনী যৌতুক দিবলৈ মোৰ ওচৰত একো নাই।'
ৰিয়া:' দেউতা আপুনি কিয় এনেকৈ কয়? মইতো যৌতুক বিচৰা মানুহৰ লগত বিয়া কেতিয়াও নহওঁ।'
প্ৰশান্তৰ চকুলো বৈ আহিল আৰু ৰিয়াই তেওঁৰ চকুলো মচি কলে ,' ঠিক আছে দেউতা মই এই বিয়াৰ বাবে প্ৰস্তুত আছোঁ।'
প্ৰশান্তই আনন্দত তাইৰ মূৰত হাত ফুৰাই কলে," মোৰ মাজনী সদায় সুখী হোৱা।"
ৰিয়াই লাজতে নিজৰ ৰুমলৈ গুচি গল। প্ৰতিজনী ছোৱালীৰ দৰে তাইৰো বিয়াক লৈ বহুত সপোন আছিল। মাকে তাইক সৰুতেই কৈছিল যে এদিন ৰাজকুমাৰ ঘোঁৰাত উঠি আহিব আৰু তাইক লগত লৈ যাব। তাই চকু বন্ধ কৰি সেই ক্ষণৰ কথা ভাবিবলৈ ললে যেতিয়া তাইৰ ৰাজকোমাৰ তাইক নিবলৈ আহিব। তাই উঠি গৈ আলমাৰীৰ পৰা ডায়েৰী এখন উলিয়ালে। ডায়েৰীখনৰ কভাৰ পেজত ৰাধা আৰু কৃষ্ণৰ এখন ধুনীয়া ফটো আছিল। অৱশ্যে তাইৰ ডায়েৰী লিখাৰ কোনো হেপাঁহ নাছিল কিন্ত যেতিয়া সেই ফটোখন দেখিলে তাই সেইখন ক্ৰয় নকৰাকৈ থাকিব নোৱাৰিলে।
তাই ডায়েৰীখন খুলিলে আৰু তাৰ প্ৰথম পৃষ্ঠাত সুন্দৰ আখৰেৰে লিখা আছিল "মোৰ বিয়া"। তাই ঠিৰাং কৰিছিল যে তাইৰ বিয়াৰ লগত জড়িত স্মৃতিবোৰৰ কথা এই ডায়েৰীখনত লিখিব।
প্ৰশান্তই বিয়াৰ প্ৰস্তুতি আৰম্ভ কৰিলে। তেওঁৰ ঘৰত কোনো মহিলা নাছিল বাবে সম্পৰ্কীয় ভন্টি এগৰাকীক মাতি পঠিয়ালে। আজি বিয়াৰ দিন। প্ৰশান্তই তেওঁৰ মুম্বাইত থকা বন্ধু অমৰক পৰিবাৰৰ সৈতে নিমন্ত্ৰণ কৰিলে। অমৰ আৰু প্রশান্ত বাল্যকালৰ বন্ধু। ডাঙৰ হোৱাৰ পাছত অমৰে গুৱাহাটীলৈ গৈ নিজৰ ব্যৱসায় আৰম্ভ কৰিলে আৰু তাতেই থাকিব ললে। প্ৰশান্ত ইয়াত শিৱসাগৰৰ এখন সৰু গাঁৱত থাকি গল। অমৰৰ পত্নী কল্পনা সাধাৰণ চিন্তাধাৰাৰ মহিলা আছিল। তেওঁলোকৰ দুটা লৰা ৰিংকু আৰু বেদান্ত। সিহঁতো আজি বিয়ালৈ আহিব । ৰিয়াই তেওঁলোকৰ বাবে অপেক্ষা কৰি আছিল। নিজৰ মাকৰ পাছত কল্পনাৰ পৰাই তাই মাকৰ মৰম পাইছিল। তেওঁলোক প্ৰতি বছৰে শিৱসাগৰলৈ ফুৰিবলৈ আহে কিছুসময়ৰ বাবে। প্ৰতিবাৰ বেদান্ত আহে তেওঁলোকৰ লগত। একে বয়সৰ হোৱাৰ বাবে ৰিয়া আৰু বেদন্তৰ খুব জমে। দুয়ো বহুত ভাল বন্ধু। দূৰত থাকিও দুয়োৰে বন্ধুত্ব বহুত মজবুত। ৰিয়াই ৰিংকুক আগতে লগ পোৱা নাছিল কিয়নো সি কেতিয়াও ৰিয়াৰ তালৈ অহা নাছিল।
ৰিয়া কইনাসাজি ৰৈ আছিল আৰু বেদান্ত আহি তাইক বাৰে বাৰে জোকাই যায়। প্ৰশান্তই নিজৰ ছোৱালীক কইনাসাজত দেখি বহুত সুখী হল। অমৰ আৰু কল্পনাইও ৰিয়াৰ গুণ বসানি আছিল। বাহিৰত সকলো আলহী উপস্থিত আছিল। সকলো দৰাৰ অপেক্ষাত আছিল আৰু তেনেকুৱাতে প্ৰশান্তলৈ লৰা ঘৰৰ পৰা ফোন আহিল। ফোনত অলপ সময় কথা পতাৰ পাছত প্ৰশান্ত অসুস্থ হৈ পৰিল। তেওঁৰ বুকুত বিষ হব ধৰিলে। ৰিয়াই দেউতাকক এনেকুৱা অবস্থাত দেখি কান্দিব ধৰিলে। কল্পনাই তাইক বুজাই মনে মনে থকালে। তাৰ পাছত তাই বাহিৰলৈ গুচি গল। কিছুসময় পাছত কল্পনা আৰু অমৰে প্ৰশান্তৰ লগত কিবা কথা পাতিলে। তাৰ পাছত ৰিয়াক তাইৰ ইচ্ছা সোধা হল।দেউতাকৰ অৱস্থা দেখি তাইও সন্মতি দিলে। তাৰ পাছত তাইৰ শিৰত ৰিংকুৰ নামৰ সেন্দুৰ লাগিল। না কোনো উৎসাহ না কিবা আশা। দেউতাকৰোঁ বেমাৰ ভাল নহল আৰু তেওঁ তাইক এৰি চিৰদিনৰ বাবে মাকৰ ওচৰলৈ গুচি গল। ৰিয়াও কান্দি কাটি কল্পনাৰ লগত গুৱাহাটীলৈ আহিল। কল্পনাই এক মিনিটৰ বাবেও তাইক নিজৰ চকুৰ সন্মুখৰ পৰা আঁতৰি যাব নিদিয়ে। আৰু বেদান্তই এজন ভাল বন্ধু হিচাপে প্ৰতিপল তাইৰ লগ দিলে।
কিন্তু ৰিংকু যাৰ লগত ৰিয়াৰ বিয়া হৈছিল সিতো তাইক এতিয়ালৈকে এবাৰো চোৱা নাছিল। গোটেই সময়খিনিত এনেকুৱা লাগিল যেন সি সিহঁতৰ মাজত নায়েই। এতিয়া তেওঁ তলত কলে যে এই বিয়াখন নামানে। 'মই তেওঁৰ সন্মুখত যাব নালাগে । কিয় দেউতা কিয়? মোৰ লগত এইবোৰ কিয় হৈছে? মোৰ ভুল কি? মইতো আজিলৈকে কাৰো একো বেয়া কৰা নাই। তেন্তে মোৰ লগত এনেকুৱা কিয় হল? মোক হালধি লগোৱা হল, মেহেণ্ডিও লগোৱা হল, মোৰ শিৰত সেন্দুৰ পিন্ধালে,ডিঙিত মংগলসূত্ৰ পিন্ধোৱা হল তথাপিও মোৰ বিয়া আধৰুৱা হৈ ৰল কিয় দেউতা?" ৰিয়াই চিঞৰি চিঞৰি কান্দিব ধৰিলে। দুৱাৰমুখত ৰৈ থকা কল্পনাই এইবোৰ শুনি কান্দিব লাগিল । তেওঁ দৌৰি গৈ অমৰক কথাবোৰ কৈ কান্দিব ধৰিলে," আমি ৰিয়াৰ বিয়া ৰিংকোৰ লগত কৰাই কিবা ভুল কৰা নাইতো?"
" নাই কল্পনা আমি একো ভুল কৰা নাই। ৰিংকুয়ে ৰিয়াৰ লগ নিদি ভুল কৰিছে। আমিতো ৰিয়াক জানোৱেই , তাইতকৈ আৰু ভাল ছোৱালী ৰিংকুৰ বাবে কতো পোৱা নাযাব। তুমি নিজক চম্ভালা আৰু ৰিয়াৰ ওচৰলৈ যোৱা। ৰিয়াক এতিয়া তোমাৰ প্ৰয়োজন আছে , নিজৰ মাকৰ প্ৰয়োজন।" অমৰে কল্পনাক বুজালে।
বেদান্ত : ' অ মা পাপাই ঠিকেই কৈছে। তুমি বেছি চিন্তা নকৰিবা , দাদাই ৰিয়াক স্বীকাৰ কৰিবই। ৰিয়া কোনো সাধাৰণ ছোৱালী নহয় মোৰ বেষ্ট ফ্রেণ্ড হয়। এতিয়া তাইক তোমাৰ প্ৰয়োজন আছে। দাদাৰ লগত আমি কাইলৈ কথা পাতিম।" সকলোৱে জানে যে বেদান্তই ৰিয়াৰ কথা কিমান চিন্তা কৰে।
(ৰিংকুয়ে তাইক স্বীকাৰ কৰিব নে? জানিবলৈ অহা খণ্ড সমূহলৈ অপেক্ষা কৰক)
এই উপন্যাস খনৰ বাকী কেইটা খণ্ড পঢ়ক এই লিংকত - https://www.smj24.in.Adharua.bibah
(ধাৰাবাহিক খন প্ৰতি বুধ,শুক্ৰ আৰু দেওঁবাৰে দিনৰ ঠিক ৪ বজাত প্ৰকাশ পায়। সেয়ে নিৰ্দিষ্ট সময়মতে পঢ়িবলৈ অনুগ্ৰহ কৰি গুগুলত চাৰ্ছ কৰিব - smj24.in )
আগলৈ…
গল্প বা উপন্যাস প্ৰেৰণ কৰিবলৈ আমাৰ মেইল আই দি আৰু ফেচবুক পেজৰ লিংক তলত উল্লেখ কৰা হল ।
( Assamese Storyboard )
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
আমাৰ মেইল আই ডিৰ লিংক - smj24.in@gmail.com
আমাৰ ফেচবুক গ্ৰুপটো আপুনি পোনপটিয়াকৈ গল্প প্ৰকাশ কৰিব পাৰে।
আমাৰ গ্ৰুপৰ লিংক - SMJ24.facbookgroup



No comments:
Post a Comment