বিনা দেৱীৰ আজি সুখৰ ঠিকনা নাই।দৌৰি দৌৰি বিয়াৰ সকলো যোগাৰ চাই আছে। কেতিয়াবা কাৰোবাক ফুলৰ মালাডাল কিনাৰত লগাবলৈ কয় আৰু কেতিয়াবা লাইটবোৰ ঠিক কৰিবলৈ কয়। বামুনৰ লগত কিবা কথা পাতিলে আকৌ ঘৰৰ মানুহক কাম কৰিবলৈ আদেশ দিয়ে। আজিৰ দিনটো বিনা দেৱীৰ কাৰণে এইকাৰনেই ভাল দিন কাৰণ আজি তেওঁৰ বোৱাৰীয়েকৰ বিয়া। হয় আজি তেওঁৰ বোৱাৰীৰ বিয়া। বোৱাৰীৰ মাক দেউতাক অলপ শংকাত আছে। হয়তো তেওঁলোকে বুজি পোৱা নাই যে এইয়া শুদ্ধ নে ভুল।( Storyboard )
দুবছৰ আগতে যেতিয়া তেওঁৰ বোৱাৰী সুকন্যাই তেওঁৰ একমাত্ৰ লৰা ভাৰ্গৱৰ লগত বিবাহ বিচ্ছেদ কৰিছিল তেওঁ বহুত দুখিত হৈছিল। এফালে লৰাৰ মোহ আৰু আনফালে বোৱাৰীৰ দুখ। তেওঁলোকৰ বিয়া হোৱা ১বছৰ হৈছিল মাত্ৰ আৰু ভাৰ্গবৰ এটা ভুলৰ কাৰণে আজি বিবাহ বিচ্ছেদ হল। বিনা দেৱীয়ে গম পাইছিল যে তেওঁৰ লৰাই বহুত ডাঙৰ ভুল কৰিছে। বিনা দেৱীয়ে যেতিয়া তেওঁৰ লৰাৰ বিয়া সুকণ্যাৰ লগত কৰাবলৈ ঠিক কৰিছিল তেতিয়া ভাৰ্গবে মাকক নকলে যে সি মুম্বাইত এজনী ছোৱালীৰ লগত 'লিভ ইন' ৰিলেচনত থাকে। সমস্যা বেছি বাঢ়িল যেতিয়া সি বিয়াৰ পাছতো সেই ছোৱালীজনীৰ লগত থাকিবলৈ নেৰিলে। সেইদিনা সুকন্যা কাকো নোকোৱাকৈ মুম্বাইলৈ নোযোৱা হলে বিনা দেৱীয়ে এই কথা কেতিয়াও গম নাপালে হয়।\
দিভ'ৰচৰ পাছত ভাৰ্গব আৰু কেতিয়াও ঘৰলৈ নাহিল। কিন্তু বিনা দেৱীয়ে সুকণ্যাৰ দুখ দেখি মনত বহুত কষ্ট পায়। অৱশ্যে সুকন্যাই আজিলৈকে বিনা দেৱীক একো কোৱা নাই কিন্তু তেওঁ তাইৰ দুখৰ বাবে নিজকে অপৰাধী বুলি মানে।
দিভ'ৰচৰ পাছত সুকন্যা বিনা দেৱীৰ লগতেই থাকিল। বিনা দেৱী কানপোৰত অকলেই থাকে।সুকন্যাই কোনোদিন নকলে যে তাই মাকৰ ঘৰত থাকিব বিচাৰে। হয়তো তাই বিনা দেৱীক অকলে এৰিব খোজা নাছিল আৰু তাইৰ মাক দেউতাকৰ ওপৰত খং কৰিছিল যে বিয়াৰ আগত তেওঁলোকে ভাৰ্গবৰ বিষয়ে ভালকৈ জানি নললে। মাত্ৰ কানপুৰৰ খুৰাৰ কথামতেই বিয়া ঠিক কৰি দিলে।
দিভ'ৰচৰ পাছত কিছুদিন এনেকৈয়ে পাৰ হল। বীনা দেৱী আৰু সুকন্যা নিজৰ সমস্যাত দিনে দিনে চিন্তিত হল। তেওঁ সুকণ্যাৰ দুখ দেখি নিজক চম্ভালি ভাবিলে যে 'এতিয়া আৰু এনেকৈ নহব। মোৰ নো কি আছে? মইতো কেইদিনমানৰ অতিথি এই পৃথিৱীত কিন্তু সুকন্যাৰ গোটেই জীৱনটো বাকী আছে। মাক দেউতাকৰ চেষ্টাক সুকন্যাই একেষাৰে মানা কৰি দিয়ে। এতিয়া ময়েই কিবা এটা ভাবিব লাগিব।'
বিনা দেৱীয়ে এতিয়া সুকণ্যাক লৈ বজাৰলৈ ওলাই যায়। কেতিয়াবা চিনেমা চাবলৈ লৈ যায় আৰু কেতিয়াবা সন্ধ্যা কীৰ্তন শুনিবলৈ। এতিয়া তেওঁ সুকণ্যাক পুনৰ চাকৰি কৰিবলৈ প্ৰেৰণা দিলে। দুই তিনি মাহ পাছত সুকন্যাই কানপুৰতে চাকৰি পালে। এতিয়া সুকন্যা নিজৰ দুখৰ পৰা অলপ আঁতৰি থাকিব ললে। মানুহৰ লগত হাঁহি মাতি কথা পাতিবলৈ ধৰিলে।\
এদিন সুযোগ বুজি তেওঁ সুকণ্যাক দ্বিতীয় বিবাহৰ বাবে কলে। সুকন্যাই একো নকলে কিন্তু তাৰ পৰা উঠি গুচি গল। তেওঁ হাৰ নামানিলে। তেওঁ সুকণ্যাক বুজাবলৈ ধৰিলে আৰু ভৱিষ্যত জীৱনৰ বাবে চিন্তা কৰিবলৈ বাধ্য কৰালে। অৱশেষত বিনা দেৱীৰ চেষ্টাই সুফল আনিলে। সুকন্যাই পুনৰ বিয়াৰ কথা ভাবিব ধৰিলে। লাহে লাহে কথা বতৰা পতাৰ পাছত সুকন্যা বিয়াৰ বাবে মান্তি হল।
এতিয়া বিনা দেৱীৰ বাবে কঠিন কামতো আছিল এজন ভাল লৰা বিচৰাটো। প্ৰথমে তেওঁ সুকণ্যাক কলে যদি তাইৰ চকুত কোনো ভাল লৰা আছে তেন্তে কৈ দিবলৈ। সুকন্যাই এই কথাত মানা কৰি কলে,' মইতো এতিয়া কোনো পুৰুষৰ ফালে নাচাও গতিকে লৰা বিচৰা কামটো আপুনিয়েই কৰক কিন্তু সকলো ঠিক কৰাৰ আগতে মই তেওঁক লগ পাব বিচাৰিম।'( Storyboard )
বিনা দেৱী এজন ভাল লৰা বিচৰাত লাগি গল। বহুত পৰিয়ালক লগ কৰিলে, হবলগীয়া দৰাক লগ কৰিলে ,অফিচলৈ গল তেওঁৰ বন্ধু বৰ্গৰ লগত লগ কৰিলে। যিমান পাৰে তেওঁলোকৰ পৰা সকলো জানিবলৈ চেষ্টা কৰে। অৱশেষত বিনা দেৱীয়ে পাৰ্থৰ ৰূপত তেওঁ মনে বিচৰা লৰাজন পালে। পাৰ্থ কানপুৰৰ ইঞ্জিনীয়াৰিং কলেজত অধ্যাপক আছিল আৰু বৃদ্ধ মাক দেউতাকৰ চোৱা চিতাৰ বাবে কেতিয়াও কানপুৰৰ পৰা বাহিৰলৈ যোৱাৰ চিন্তা নকৰিলে।
আজিও তাক বহুত ভাল ভাল কোম্পানীৰ পৰা চাকৰিৰ বাবে প্ৰস্তাৱ আহে কিন্তু সি মাক দেউতাকক এৰি কেতিয়াও যাব নোখোজে।\
দুয়ো পৰিয়াল লগ হোৱাৰ পাছত এতিয়া সময় আহিল সুকন্যা আৰু পাৰ্থৰ লগ হোৱাৰ। দুয়ো এক ৰেষ্টুৰেণ্টত লগ হল। চিনাকি হোৱাৰ পাছত সুকন্যাই পাৰ্থক ভাৰ্গবৰ কথা কলে। সুকন্যাই এই নতুন সম্পৰ্কটো সত্যৰ সৈতে আৰম্ভ কৰিব খুজিলে। পাৰ্থই কলে যে 'বিনা দেৱীয়ে এই বিষয়ে তাক সকলো কৈছে। তেওঁ লগতে এইটোও কৈছে যে ভাৰ্গবে তেওঁক ফোন নকৰে আৰু লগ কৰাটো দূৰৰ কথা। আপুনি ভাৰ্গবৰ পৰা আঁতৰি আহিও তেওঁৰ লগত থাকিলে আৰু তেওঁ আপোনাক নিজৰ সাৰথি বুলি ভাবে। মই মোৰ মা দেউতাৰ লগত থাকোঁ আৰু ভৱিষ্যতেও তেওঁলোকৰ লগতেই থাকিম। আপোনাৰো তাত কোনো আপত্তি হব নালাগে।'
সুকন্যাই উত্তৰ দিলে,' মোৰ কোনো আপত্তি নাই বৰঞ্চ এইটো সুভাগ্য যে তেওঁলোকৰ আশীৰ্বাদ সদায় লগত থাকিব।' দুয়ো নিজৰ মনৰ ভাৱধাৰা বোৰ অৱগত কৰিলে ।
সুকন্যা আৰু পাৰ্থ সহমত হোৱাৰ পাছত সকলো কথা বিনা দেবিয়ে সুকণ্যাৰ মাক দেউতাকক কলে আৰু তেওঁলোকৰ অনুমতি লৈ বিয়াৰ দিন ঠিক কৰিলে।
যেতিয়া সুকণ্যাৰ হাতত মেহেন্দি লাগি আছিল তেতিয়া দুইজনি মাকৰ চকু সেমেকি উঠিছিল। তেওঁলোক দুয়োয়ে তাইক আশীৰ্বাদ দিছিল যে তাইৰ ভৱিষ্যত জীৱনটো সুখৰ হওক। যিমান দুখ তাই আজিলৈকে সহিলে সেইয়া যেন আৰু ঘূৰি নাহে। পাৰ্থৰ ৰূপত সেইজন সংগী যাতে তাইৰ লগত জীৱনৰ প্ৰতিটো খোজত থাকে।\
আনফালে সুকণ্যাৰ চকু বিনা দেৱীৰ পৰা আঁতৰাই নাছিল। তেওঁ জোনফালেই যায় সুকণ্যাৰ কৃতজ্ঞ চকুযুৰীয়ে তেওঁকেই চাই থাকে। বিনা দেৱীয়ে শাহু হোৱাৰ পৰিভাষাই সলাই পেলালে। যি ভুল তেওঁৰ লৰা আৰু তেওঁৰ দ্বাৰা হৈছিল সেইবোৰ তেওঁ শুধৰাব পাৰি আত্মসন্তুষ্টি লাভ কৰিলে যিটো তেওঁৰ মুখখন দেখি জানিব পৰা গৈছে।
বিনা দেৱী আৰু সুকণ্যাৰ সম্পৰ্কটোক এটা নাম দিব পৰাটো বৰ কঠিন হব। কোৱা যায় যে মাক আৰু সন্তানৰ মাজৰ সম্বন্ধটো অন্তৰৰ লগত সংযোগ হৈ থাকে। ইয়াত দুখ কষ্টৰ এক অজিব সম্বন্ধ আছিল যিটো দুইগৰাকী স্ত্ৰীৰ অন্তৰৰ পৰা জোৰ খাই আছিল। বিয়াত উপস্থিত থকা অতিথিবোৰে এই বিশেষ সম্বন্ধটো দেখি ভাব বিভোৰ হৈ পৰিল।
এনেধৰনৰ আৰু গল্প/উপন্যাস পঢ়ক এই লিংকত - www.গল্প/উপন্যাস.com
( Storyboard )
বিঃদ্ৰঃ আপোনালোকেও যদি কোনো গল্প আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ গল্প সমূহ আমাৰ ফেচবুক পেজত নতুবা SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সত প্ৰেৰণ কৰিবলৈ আহ্বান জনালো।নিৰ্বাচিত গল্প সমূহ প্ৰেৰকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব,ধন্যবাদ।
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page


No comments:
Post a Comment