দেউবাৰৰ দিন আছিল। সংগীতাই সোনকালে ঘৰৰ কামবোৰ আজৰি কৰি আছিল। তাইৰ ১৩ বছৰীয়া ছোৱালী স্নিগ্ধাইউ আজি তাইৰ লগত কামত সহায় কৰি দিছে( Storyboard )। দুয়ো ফুৰ্তিত আছিল কাৰন সুযোগটো ফুৰ্তি কৰাৰ আছিল। সংগীতাৰ ডাঙৰ বৰ্জনাৰ ছোৱালীৰ বিয়া। ঘৰৰ প্ৰথম বিয়া সেইবাবে সকলো বহুত উৎসাহিত আছিল।
কাম আজৰি কৰি দুই মাক জীয়েক বিয়াৰ বজাৰ কৰিবলৈ ওলাই গল। বিয়াৰ বতৰ আছিল বাবে বহুত ভিৰ মানুহৰ।স্নিগ্ধাক কাপোৰ লৈ দিয়াৰ পাছত সংগীতাই কাপোৰ চাবলৈ দোকান এখনলৈ গল।
দুকাণত বৰ ভিৰ নাছিল তথাপিও চাৰি পাঁচজনী মহিলা বহি আছিল।
সঙ্গীতাই দোকানলৈ সোমাই যাওঁতেই দোকানিজনে তাইৰ অভিবাদন জনাই কলে,' বাইদেউ, কেনেকুৱা চাদৰ মেখেলা দেখুৱাম আপোনাক?' সংগীতাই কোৱাৰ পাছত তেওঁ কলে ৫ মিনিট ৰব ইয়াৰ পাছত আপোনাক দেখুৱাম।
অলপ পাছত দুগৰাকী মহিলা গুচি গল আৰু দোকানত কাম কৰা লৰাজনে তাইক কাপোৰ দেখুৱালে।
সঙ্গীতাই কাপোৰ চাবলৈ আৰম্ভ কৰিছিল মাত্ৰ তেনেকুৱাতে স্নিগ্ধাই কলে,' মা , বলানা আৰু কিমান দেৰি কৰিবা নো?'
সঙ্গীতাৰ কোনোবাজুৰ কাপোৰ পছন্দ হলেই স্নিগ্ধাক সোধে ,' কেনেকুৱা লাগিছে মাজনী?'কিন্তু স্নিগ্ধাৰ একো খবৰেই নাই , তাই মনটো মাৰি আছে।\
অলপ সময় সংগীতাই মন নকৰিলে কিন্তু তাৰ পাছত তাই লক্ষ কৰিলে যে কিবা এটা অসহজ ঘটনা হৈ আছে।
তেতিয়াই সঙ্গীতাৰ চকু দোকানত কাম কৰা লৰা এজনৰ ওপৰত পৰিল যাৰ বয়স প্ৰায় ২৫ বছৰ। তাই দেখিলে যে সেই লৰাটোৱে স্নিগ্ধাক বহুত বেয়া চাৱনিৰে চাই আছিল আৰু লগতে কিবা ইংগিত দি আছিল।
এইবোৰ দেখি সংগীতাৰ খং উঠিল। তাই এতিয়াহে স্নিগ্ধাৰ সমস্যাতো বুজি পালে। তাই মনে মনে মোবাইলতো উলিয়াই ভিডিও অন কৰি এনেদৰে থলে যাতে সেই লৰাটোৰ সকলো কাণ্ড তাত বন্দী হৈ যায়।
দোকানৰ মালিক আৰু বাকী গ্ৰাহকবোৰ নিজৰ কামত ব্যস্ত আছিল সেইবাবে এইবোৰৰ প্ৰতি কাৰো ধ্যান নাছিল। তাৰ পাছত সংগীতাই লাহেকৈ উঠি লৰাজনৰ ওচৰত গল আৰু তাৰ ক'লাৰত ধৰি টানি আনি দুই থাপৰ লগাই দিলে। হঠাৎ হোৱা এই অপ্ৰত্যাশিত ঘটনাটোৱে লৰাটোক আচৰিত কৰি তুলিলে আৰু বাকী মানুহবোৰেও উচপ খাই সেইফালে চালে।
দোকানৰ মালিকে সঙ্গীতাক কলে,' বাইদেউ এইবোৰ কি অসভ্যলি?'
'অসভ্যলি মই কৰা নাই এইজন মহাশয়ে কৰি আছিল ইমান দেৰীৰ পৰা , শুধক ইয়াক।'
তেতিয়ালৈকে লৰাজন সতৰ্ক হল। সি কলে,' মই কি অসভ্যলি কৰিলোঁ? মইতো নিজৰ কাম কৰি আছিলোঁ , সুধি লওক কাৰোবাক।'\
" মোৰ কাকো সোধাৰ প্ৰয়োজন নাই। মই নিজ চকুৰে দেখিছোঁ , কিমান দেৰীৰ পৰা তই মোৰ ছোৱালীক বেয়া চাৱনিৰে চাই আছ আৰু ইংগিত দি আছ।"
প্ৰথমে সি কথাষাৰ শুনি তাৰ চোৰ ধৰা পৰাত হতবাক হৈ গল।
তাৰ পাছত একো নজনাৰ ভাও জুৰি কলে," বাইদেউ আপুনি বিনা কাৰণত মোৰ ওপৰত দোষ জাপি দিছে। কি প্ৰমাণ আছে আপোনাৰ ওচৰত?"( Storyboard )
" হয় হয় বাইদেউ, এই লৰাজন মোৰ দোকানত বহুত বছৰৰ পৰা কাম কৰি আছে আজিলৈকে কোনেও এনেকুৱা আপত্তি কৰা নাই। আপুনি এনেকুৱা অৰ্থহীন কথা কৈ মোৰ বেপাৰ বেয়া কৰিছে।
" দাদা, আমাৰ সমাজত এনেও ছোৱালীৰ লগত হোৱা বেয়া কামবোৰ দেখিলে মানুহে নেদেখা ৰ ভাও জোৰে। তথাপিও মই এজনী মা হয়, বজাৰৰ মাজত মই বিনা কাৰনত কাৰোবাৰ ওপৰত দোষ নিদিওঁ। কিন্তু এইয়া মোৰ ছোৱালীৰ কথা। আপোনাক প্ৰমাণ লাগে এইয়া লওঁক." বুলি কৈ সংগীতাই ভিডিও অন কৰি দিলে। ভিডিওতো দেখি দোকানীৰ লগতে তাত বহি থকা মানুহবোৰ অবাক হল আৰু তাৰ কাণ্ড ধৰা পৰাত লৰাজন ভয়ত ঘামিবলৈ ধৰিলে। মালিকে তাক দুই তিনি থাপৰ লগাই দি বহুত বকিলে আৰু কামৰ পৰা উলিয়াই দিয়াৰ ধমকি দিলে আৰু সংগীতাক ক্ষমা খুজিলে।\
সংগীতাই কঠাখিনি শুনি কলে," ইয়াৰ শাস্তি ইমানেই নহয়। মই এতিয়াই ইয়াক পুলিচক গতাই দিম। কিছুদিন জেইলত থাকিব যেতিয়া তেতিয়া তাৰ মগজ ঠিক হব। যদি মই ইয়াক এনেদৰেই এৰি দিও তেন্তে ই কি শিক্ষা পাব।?'
সংগীতাৰ কথা শুনি দোকানত বহি থকা মানুহ আৰু দোকানিজনে কলে," বাদ দিয়ক বাইদেউ, ইয়াকটো দুই চাৰিদিন পাছত পুলিচে এৰি দিব কিন্তু আপোনাৰ ছোৱালীৰ বদনাম হব।"
" মোৰ ছোৱালীৰ বদনামি? তাই কি ভুল কৰিলে? আৰু এইটো ভয়ত মই ইয়াক এনেদৰে এৰি দিম? কেতিয়াও হব নোৱাৰে। এইয়াটো আমাৰ কমজুৰি যিয়ে এনেকুৱা মানুহক এই বেয়া কামবোৰ কৰাত বাহ বাহ দিয়ে। ঘৰৰ মানুহে সহায় নকৰিলে আৰু প্ৰতিবাদ কৰাত বাধা দিলে কিমান যে ছোৱালীয়ে এই ব্যৱহাৰবোৰ দেখিও নেদেখাৰ ভাও জোৰে আৰু কেতিয়াবাতো নিজক শেষ কৰি পেলাই। এনেকুৱা মানুহে যেতিয়ালৈকে শাস্তি নাপায় তেতিয়ালৈকে সিহঁতৰ জ্ঞান নাহে।" কথাখিনি কৈ সংগীতাই পুলিচক ফোন কৰিলে
কিছুসময় পাছত পুলিচ আহিল আৰু সেই লৰাজনক আহি লৈ গল। থানালৈ গৈ সংগীতাই ভিডিও তো প্ৰমাণ হিচাপে জমা দিলে। ঘৰলৈ আহি যেতিয়া তাই সকলোকে এই বিষয়ে কলে তাইক সকলোৱে সমৰ্থন জনালে।
সংগীতাই স্নিগ্ধাক বুজাই কলে," মাজনী মই সৰুৰে পৰাই তোমাক 'গুড টাছ আৰু বেদ টাছ'ৰ বিষয়ে কৈছোঁ। ডাঙৰ হোৱাৰ পাছতো তোমাৰ লগত এই বিষয়ে খোলাকৈ কথা পাতিছোঁ। তাৰ পাছতো তুমি এইবোৰ দেখি মনে মনে কিয় থাকিলা?"\
"চ'ৰি মা , মই ভয় খাইছিলোঁ যে মানুহে কি কব?"
" মাজনী মানুহৰ চিন্তা তুমি নকৰিবা। তোমাৰ পৰিয়াল তোমাৰ লগত সদায় আছে। কিবা ভুল দেখিলে সদায় তাৰ বিৰোধ কৰিবা আমি তোমাৰ লগত সদায় থিয় দিম।" স্নিগ্ধাই মাকৰ কথাত সন্মতি জনাই মোৰ জোকাৰি সাৱটি ধৰিলে
আজি সংগীতাই মনত শান্তি পালে , অতীতত যিবোৰ ঘটনা আৰু মানসিক প্ৰতাৰনাৰ তাই বলি হৈছিল আজি তাই নিজৰ ছোৱালীক সেইবোৰৰ পৰা বচাব পাৰিলে।
আজিও তাইৰ মনত আছে যেতিয়া আগতে বজাৰলৈ যাওঁতে কিমান বাৰ যে কোনোৱে তাইক বেয়াকৈ চুইছিল আৰু বেয়াকৈ কৈ দিছিল , তাই মাত্ৰ মনে মনে থাকে । যদি তাই কেতিয়াবা ঘৰৰ মানুহক কবলৈ চেষ্টাও কৰে তেতিয়া ঘৰৰ মানুহে প্ৰতিবাৰ তাইক এইটো কয় মুখ বন্ধ কৰি দিয়ে যে ,"কেতিয়াবা ভিৰৰ মাজত এনেকুৱা হৈ যায়। চাই থাকিব দিয়া তাক, তুমি তাৰফালে নাচালেই হল।ভালদৰে খোজকাঢ়িবা। ৰাস্তাত বেছিকৈ নাহাঁহিবা।" সকলোৱে তাইকেই জ্ঞান দিব ধৰে সেইবাবে তাই ঘৰত কবলৈ এৰি দিলে।
স্নিগ্ধাৰ জন্মৰ পাছতেই তাই মনত ভাবি লৈছিল যে "যি বেয়া অনুভৱৰ মাজেৰে তাই পাৰ হৈছিল সেইয়া স্নিগ্ধাৰ লগত হবলৈ নিদিওঁ। মই সকলো সুখ দুখত তাইৰ লগত থাকিম।" আজি নিজৰ ছোৱালীৰ লগ দি অতীতৰ বেয়া অনুভৱবোৰৰ বুজা বহুত পৰিমানে কম হল আৰু নিজকে সেই অনুভৱৰ পৰা পাতল অনুভৱ কৰিলে।
এনেধৰনৰ আৰু গল্প/উপন্যাস পঢ়ক এই লিংকত - www.গল্প/উপন্যাস.com
( Storyboard )
বিঃদ্ৰঃ আপোনালোকেও যদি কোনো গল্প আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ গল্প সমূহ আমাৰ ফেচবুক পেজত নতুবা SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সত প্ৰেৰণ কৰিবলৈ আহ্বান জনালো।নিৰ্বাচিত গল্প সমূহ প্ৰেৰকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব,ধন্যবাদ।
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page


No comments:
Post a Comment