"সুপ্ৰভাত মোৰ সকলো শুভাকাংক্ষী ৰাইজ তথা কাৰ্যকৰ্তা বন্ধুসকল ৷ পোনপ্ৰথমেই আপোনালোকক মই শ্ৰদ্ধা সহকাৰে প্ৰণাম জনাইছোঁ ৷ আজি মই আপোনালোকক এটা ব্যতিক্ৰমী কথা ক'বলৈ লৈছোঁ ৷ ( News update )
মন্ত্ৰীত্বৰ দায়িত্ব লোৱাৰ পিছৰে পৰা মই নিজে এটা কথা মন কৰিছোঁ আৰু ইতিমধ্যে বিভিন্ন উৎসৰ পৰা সম্ভেদ পাইছোঁ যে একাংশ দুষ্ট তথা দালাল প্ৰকৃতিৰ লোকে মোৰ সৈতে চিনাকী থকাৰ হেতু জনস্বাস্থ্য কাৰিকৰী, পঞ্চায়ত আৰু গ্ৰামোন্নয়ন, খাদ্য, অসামৰিক যোগান আৰু গ্ৰাহক পৰিক্ৰমা এই তিনিওটা বিভাগতে মোৰ যোগেদি কাম কৰাই দিম বুলি কিছু সংখ্যক ব্যক্তিৰ লগত যোগাযোগ কৰিছে ৷ ( News update )
অসমৰ সদাশয় ৰাইজ, কাৰ্যকৰ্তা বন্ধুসকল আৰু মোৰ শুভাকাংক্ষী সকলক সামাজিক মাধ্যমৰ যোগেদি আহ্বান জনাইছো যে যদি এনে কোনো অসৎ তথা দালাল প্ৰকৃতিৰ লোকে মোৰ সৈতে সু-সম্পৰ্ক থকাৰ গইনা লৈ কাৰোবাক কিবা কাম আদায় কৰি দিম বুলি কোৱা কথাৰ সংবাদ পায়, তেতিয়া তাৎক্ষনিক ভাৱে আৰক্ষী প্ৰশাসনক বিষয়টো অৱগত কৰে যেন ৷ নতুবা এনেকুৱা কিবা বিষয় থাকিলে মোৰ পোষ্টৰ কমেন্ট বক্সত উক্ত ব্যক্তিৰ নাম, ফোন নম্বৰ, ঠিকনাসহ উল্লেখ কৰিব যাতে সেইসকল ব্যক্তিৰ ওপৰত মই বিহীত ব্যৱস্থা গ্ৰহণ কৰিব পাৰোঁ ৷
শেষত পুনৰবাৰ আপোনালোক সকলোকে সশ্ৰদ্ধ প্ৰণিপাত জনাইছোঁ ৷ ধন্যবাদ ৷ " - ৰঞ্জিৎ কুমাৰ দাস
( News update )


No comments:
Post a Comment