খুব কম বয়সতে বিধৱা হৈছিল তাই :Storyboard - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Thursday, June 17, 2021

খুব কম বয়সতে বিধৱা হৈছিল তাই :Storyboard

 

Storyboard

প্ৰাঞ্জল, অফিচৰ পৰা অহা পাচতে, বিনিতাই চাহৰ লগত খোৱা বস্তু আনিবলৈ পাকঘৰলৈ গল। কাৰণ আবেলি সময়ত খালী চাহ খোৱাৰ প্ৰাঞ্জলৰ অভ্যাস নাছিল( Storyboard )। বিনিতাই, চাহ কাপ দিয়াত প্ৰাঞ্জলে কলে, বিনি, আজি গৰম গৰম পকৰি হোৱা হলে আৰু মজা লাগিল হয়। কাৰণ বৰষুণৰ বতৰত এই চাহকাপৰ আনন্দ পকৰিৰ লগত হে জমিব।

বিনিতাই কলে, আজি মোৰ মূৰটো বিষাই আছে, মই বনাব নোৱাঁৰো।

প্ৰাঞ্জলে কলে, তোমাক নো কোনে কৈছে! চাহ কাপো তুমি বনাইছানে! তাকো ইমান মূৰৰ বিষত! প্ৰীতি কত! তাই মিনিটতে বনাই দিব।

বিনিতাই, মাত দিলে, অ প্ৰীতি, কত আছা! অলপ পকৰি বনাই দিয়াচোন! তোমাৰ দাদাই পকৰি খাবলৈ মন কৰিছে। সেই সুযোগতে আমিও খাবলৈ পাম।

প্ৰীতিয়ে ভিতৰৰ পৰাই মাত দিলে, বৌ, তুমিয়েই বনোৱা। মই বাবুক পঢ়াই আছো। বাবুৰ লিখিবলৈ বহুত আছে। মই ৰাতিৰ আহাৰৰ বাবে সকলো তৈয়াৰী কৰি ৰাখিছো।

প্ৰাঞ্জলে কলে, এতিয়াটো ৬টা বাজিচেহে। ৰাতিলৈকে তুমি কি কৰিবলগীয়া আছে!

প্ৰীতিয়ে কলে, দাদা কাম বহুত আছে, মাৰ গাটো বেয়া, লগতে পাকঘৰৰ কামো চাব লাগে। লগতে ঘৰৰ সকলোকে। আৰু লগতে বাবুৰ ৰাতি টুপনিও সোনকালে নাহে!

কি, বাবুৰ বাবে সকলোৱে টিভি চোৱা বন্ধ কৰি দিব! প্ৰাঞ্জলে অলপ খঙেৰে কলে।\



কাৰণ, প্ৰাঞ্জলে, প্ৰীতিৰ পৰা এনে উত্তৰৰ আশা কৰা নাছিল।।প্ৰাঞ্জলৰ সৰল মমতাময়ী ভনীয়েকে পুৱাৰ পৰা নিশা এপৰলৈকে আমাৰ সকলোৰে সেৱাত থাকে, প্ৰাঞ্জলে ভাৱিৱলৈ ধৰিলে, প্ৰীতিয়ে, প্ৰাইভেট ভাৱে বি, এ পৰীক্ষা দিছিলদিছিল। পৰীক্ষা সময়ত ঘৰখন আলহীৰে ভৰপূৰ হৈ আছিল। কাৰণ সেই সময়ত প্ৰাঞ্জলৰ ডাঙৰ বায়েক পূজাৰ বিয়া আছিল। আৰু দিনে ৰাতিয়ে, প্ৰীতিয়ে আলহীৰ আল পৈচান ধৰা কামত লাগি থাকিবলগীয়া হৈছিল। কোনেও প্ৰীতিক কোৱা নাছিল যে, তুমি অলপ সময় পঢ়ি লোৱাগৈ! প্ৰীতিৰ আৰু এজনী বায়েক আৰু ককায়েকো আছিল। ঘৰলৈ অহা আলহীৰ শুশ্রূষা কৰা পাচত, অলপ সময়ৰ বাবে যেতিয়া প্ৰীতিয়ে পঢ়িবলৈ লৈছিল, সেই সময়তে কোনোবা নহয় কোনাবাই প্ৰীতিক মাতিদিছিল। প্ৰীতিৰ মাজু বায়েকে নিজৰ ছোৱালীজনী আৰু নিজৰ শহুৰৰ ঘৰৰ লোকৰ লগতে ব্যস্ত থাকিবলগীয়া হৈছিল। সকলোৰে মুখত প্ৰীতিৰ নামটোহে আছিল। মাকে সদায়ে ঘৰলৈ অহা আলহী লগতে কথা পাতি বহি ৰৈছিল। কিমান যে বিচৰা পাছত ইমান এখন ভাল পৰিয়াল পাইছো, তেওঁ কেৱল বাখ্যা কৰি ৰৈছিল।

পেহীয়েক এগৰাকীয়ে প্ৰীতিক দেখা পায়, তাইৰ মাকক কলে, নবৌ, প্ৰীতিৰ পৰীক্ষা পাছত তাইৰো বিয়া পাতি দিয়ক। এতিয়া প্ৰীতিৰ পৰীক্ষা বাবে বিয়া ৰৈ নেথাকে নহয়!\



প্ৰীতিৰ মাকে কলে, হয় বিমলা, এই পঢ়ি শুনি কত নো অফিচাৰ হবগৈ! অকল গেজুৱেচনৰ নামটো লব। এইকো বিয়া দি, মই তীৰ্থ ভ্ৰমণ কৰি আহিমগৈ।

বিমলা পেহীয়ে কলে, নবৌ, আজিকালি ছোৱালীজনীকো লৰাৰ সমানে পঢ়াবলগীয়া হয়। মই এয়া কৈছিলো যে, পৰীক্ষা পাছত বিয়াখন হোৱা হলে, প্ৰীতিৰ ওপৰত পঢ়াৰ বোজা নাথাকিল হয়। এতিয়াটো তাই পঢ়িবলেকে সময় নাই!

নহয় বিমলা, আমাৰ ইয়াত লৰা ঘৰৰ ইচ্ছা মতেহে দিন বাৰ ঠিক কৰা হয়। ছোৱালী ঘৰৰ কথা মতে কত হয়! আমি বেছি কলে, উত্তৰ দিব যে, আুপোনালোকে  আন এখন ঘৰ বিচাৰি লব।

প্ৰীতিৰ যেনে তেনে পৰীক্ষা পাৰ হল। তাই ৫০শতাংশ নম্বৰ সহ উৰ্ত্তীণ হল। সেইবাবে প্ৰীতিয়ে আগলৈ আৰু নপঢ়িল। ইয়াৰ পাছত প্ৰীতিয়ে ৩বছৰ ঘৰৰ কাম কৰি, তথা ককায়েকো আৰু ভায়েকৰ প্ৰিয় খাদ্য বনাওতে পাৰ হৈ গল। আৰু এদিন প্ৰীতিৰো বিবাহ সম্পন্ন হৈ গল। প্ৰীতিৰ শহুৰৰ ঘৰখন বৰ সাধাৰণ আছিল, কিন্তু প্ৰীতিৰ স্বামী সমুদ্র বৰ সুন্দৰ আৰু ভাল মনৰ ব্যক্তি আছিল। সমুদ্র নিজৰ কামত বহুত কষ্ট কৰিছিল। সমুদ্রয়ে, এখন ফাৰ্মত কাম কৰিছিল। লাহে লাহে সময় পাৰ হৈ গল আৰু প্ৰীতি, এটা সন্তানৰ মাৰ হল। প্ৰীতি শহুৰৰ ঘৰলৈ যোৱাৰ পাছত, তাইৰ ককায়েকহঁতে তাই ঘৰখনত নথকাৰ অনুভৱ কৰিছিল। মাকৰো অসুস্থ হৈ পৰিছিল, আৰু বায়েকহঁতো বিয়া হৈ গৈছিল। মাকে, প্ৰাঞ্জলৰ মন পচন্দৰ একোকে বনাব নোঁৱাৰা হৈ পৰিছিল, আৰু আগৰদৰে কাম কৰিব নোৱাঁৰা হৈ পৰিছিল। যেতিয়ালৈকে প্ৰীতি আছিল, তাইয়ে ঘৰখনৰ সকলো কাম বন কৰিছিল আৰু ককায়েক প্ৰাঞ্জলৰ চোৱা চিতা কৰিছিল। যেনে, প্ৰাঞ্জলৰ কাপোৰ ধুই, ইস্ত্রি কৰা, তাৰ কিতাপ পত্র সজতনে ৰখা, আৰু প্ৰাঞ্জলৰ, মন পচন্দৰ আহাৰ তৈয়াৰ কৰা।\


বিয়াৰ ৩বছৰ পূৰ্ণ নহঁওতেই প্ৰীতিৰ ওপৰত দুখৰ সৰগ এখন ভাঙি পৰিল। এটা পথ দুৰ্ঘটনাত প্ৰীতিৰ স্বামীয়ে মৃত্যুক সাৱটি ললে। ছোৱালীজনীক সমস্যাত দেখি, প্ৰীতিৰ মাকে তাইক ঘৰলৈ লৈ গল। মাকৰ ঘৰলৈ যোৱাৰ পাছটো গোটেই সময় প্ৰীতিয়ে চকুপানী বুৱাই, আৰু নিজৰ অকমাণি বাবুটো লগত লাগি থাকোঁতে পাৰ হৈ যায়। যেতিয়া প্ৰীতিয়ে কোনো কাম কৰিবলৈ আগবাঢ়ি যায়, তেতিয়া সকলোৱে দয়া দেখুৱাই কামটো কৰিবলৈ নিদিয়ে। এদিন প্ৰীতি ঘৰৰ সন্মুখতে বহি আছিল। সেই সময়তে মাকৰ এগৰাকী পুৰণি বান্ধৱী বিচিত্ৰা আহিল, যি এতিয়া আন এখন চহৰত থাকে। বিচিত্রাক দেখা পায়ে, প্ৰীতি ভিতৰলৈ সোমাই আহিল। কাৰণ চিনাকি কাৰোবাক দেখা পালে তাইৰ দুধাৰি চকুলো বৈ আহে। মাকে বহু বাৰ মাত লগালে, মাজনী প্ৰীতি, চোৱাচোন, বিচিত্রা মাহী আহিছে। মাকে বহু বাৰ মাত দিয়াটো যেতিয়া প্ৰীতি ওলাই নাহিল, তেতিয়া বিচিত্রা মাহীয়েকে নিজে ভিতৰলৈ গৈ প্ৰীতিক কোঠাৰ পৰা ওলিয়াই সকলোৰে মাজলৈ লৈ আহিলে। আৰু বহু সময় মাহীয়েকে প্ৰীতিক সাৱটি ধৰি থাকিল। বিচিত্রা মাহীয়েকে অনুভৱ কৰিলে যে, প্ৰীতিক কোনো কাম কৰিবলৈ দিয়া নহয়, আৰু তাই নিজেও কাম কৰিবলৈ নাযায়। তেতিয়া বিচিত্রা মাহীয়েকে প্ৰীতিক মাকক বুজালে যে, প্ৰীতিকো ঘৰৰ কাম কৰিবলৈ দিব লাগে, যাৰ বাবে তাই ব্যস্ত হৈ থাকিব পাৰে। এনেদৰে তাই নিজকে অপৱিত্ৰ বুলি ভাৱি, অকলে অকলে থাকি নিজৰ অতীতৰ কথা কে ভাৱি থাকিব।( Storyboard )\


 মাকে কলে, বিচিত্রা, আমিটো তাই আৰু দুখ পাব বুলিয়ে তাইক একো কৰিবলৈ নিদো। আপুনি তাইৰ ওপৰতে  দায়িত্ব নিদিব, কিন্তু ব্যস্ত কৰি ৰাখিব। বাবুকো তাইৰ লগতে থাকিবলৈ দিব। কাৰণ দুখৰ পৰা ওলাবলৈ হলে, আন্ধাৰত বহি থকাৰ প্ৰয়োজন নাই। আৰু আজিকালি ছোৱালীয়ে বাহিৰত চাকৰি কৰে। প্ৰীতিও কাম কৰিলে নিজৰ ভৰি ওপৰত ঠিয় দিব পাৰিব। তাইৰোনো এতিয়া বয়স কিমান হৈছে? আৰু আগলৈ পঢ়ক? নতুন নতুন শিকক! কোনোবা নহয় কোনোবা, এজন প্ৰীতিয়ে নিশ্চিত পাব। 

বিচিত্রা, তুমি কেনেধৰণৰ কথা কৈছা? মোৰ ছোৱালীয়ে এনে কথা শুনিবলৈকে নিবিচাৰে। আগতেও কোনোবাই কওঁতে কান্দি কান্তি কৈছিল, মই আপোনালোকৰ বাবে বোজা হলো। যদি এনে হয়, মোক মোৰ শহুৰৰ ঘৰলৈ পথিয়াই দিয়ক। যেনে তেনে মই আৰু বাবু তাতে থাকিম। বিচিত্রা, এই বাবে দুটামান সম্বন্ধও আহিছিল। এজন ৩জনী ছোৱালীৰ দেউতাক আছিল।তেওঁ পত্নীৰ মৃত্যু হৈছিল। বহুত টকা পইচা থকা লোক আছিল। কিন্তু আমি, এই ভাৱি আমাৰ খোজ পিচোৱালো যে, মাহী মাকে নিজৰ কলিজা ওলিয়াই দিলেও, কিন্তু কোৱা লোকে বহু কথায় কব।কিন্তু এই কথা সচাঁ যে, বিধৱাৰ হাত ধৰি আগুৱাই যোৱাটো আমাৰ সমাজত বহু কম সংখ্যাক লোকহে আছে। আৰু আনৰ সন্তানক দেউতাকৰ মৰম দিয়াটো ইমান সহজ নহয়।\


বিচিত্রাই কলে, প্ৰীতিৰ গ্ৰেজুৱেচন সম্পূর্ণ হল। কিয়নো কিবা নতুন কাম শিকিবলৈ পাৰে।

প্ৰীতিৰ মাকে কলে, বিচিত্রা, আজিৰ এই সময়ত ছোৱালীৰ বাবে সুৰক্ষিত আৰু সন্মানীয় চাকৰিটো পাব লাগিব!

এনেদৰে এদিন দুদিন কৰি ৪বছৰ পাৰ হৈ গল। কিন্তু প্ৰীতি ঘৰৰ কামতে কৰি থাকিল, সকলোৰে বাবে ভাল ভাল আহাৰ বনোৱা, ঘৰখনৰ চাফ চিকুন কৰি ৰখাৰখা, সকলোৰে কাপোৰ ধুই ইস্ত্রি কৰি ৰখা, এইবোৰ প্ৰীতিৰ দৈনন্দিন কাম হৈ পৰিল। এতিয়া সময় বাগৰি যোৱাৰ লগতে, প্ৰীতিৰ বান্ধৱীবোৰো বিয়া হৈ গলগৈ। যিয়ে আগতে প্ৰীতিৰ লগত কিছু সময় পাৰ কৰিছিল। এদিন প্ৰীতিৰ পুৰণি বান্ধৱী ৰিম্পী আহিছিল। ৰিম্পীয়ে, প্ৰীতিক নিজৰ ঘৰলৈ লৈ গল। আৰু তাত প্ৰীতিয়ে কাম কৰা বাইজনীক কথা পতা শুনা পালে, বাইদেউ, মইটো আগতে কেতিয়াও আনৰ পাকঘৰলৈ সুমোৱা নাছিলো! কাম কৰাৰটো দূৰৰে কথা, কিন্তু যেতিয়া মোৰ স্বামীৰ মৃত্যু হল, তেতিয়া ঘৰৰ তামৰ বাচন, কাঁহৰ বাচন, সোণ, ৰূপৰ অলংকাৰ বেছি ঘৰৰ খৰচ ওলিয়ালো। সেই সময়ত মোৰ দাদা ভাইটিহঁতে তাহাঁতৰ লগত থাকিবলৈ গাওঁলৈ মাতিছিল। মই মোৰ শাহুমাৰ তিতা কেহাঁ মাত শুনি যাবলৈও ওলালো। কিন্তু সেই সময়তে মোৰ চিনাকি এগৰাকী বয়সীয়াল মহিলাই কলে, মাজনী, তুমি ইয়াতে থাকা। মই যত কাম কৰো, তুমিও তাতে আহাৰ বনোৱা কাম কৰিবা। মাজনী, কাম কৰাটো কোনো বেয়া কথা নহয়। মই জানো, তুমি গাওঁত একো কাম কৰিব নোঁৱাৰিবা। কিছু দিন তোমাৰ নবৌহঁতে তোমাক মান সন্মানেৰে ৰাখিব। কিন্তু কিছু দিন যোৱ পাছত কথায় পতি জেঙেৰা মাৰিব। আৰু সেই দিন ধৰি মই কাণত ধৰিলো, আৰু ইয়াতে থাকি গলো। প্ৰীতিয়ে দূৰত বহি সকলো কথা শুনি আছিল। আৰু প্ৰীতিৰ তেওঁলোকৰ কথা সত্য যেন লাগিল। যেতিয়া লৈকে মাক দেউতাক থাকে, সন্তানৰ বাবে সকলো কামে কৰে। কিন্তু তাইৰ নবৌয়েকে সদায়ে জেঙেৰা মাৰিয়েই কথা কৈছিল।\


এতিয়া কালিৰে কথা এটা, নবৌয়ে নিজৰ লৰা ছোৱালী দুটাৰ বাবে, ৫০০টকীয়া কাপোৰ আনিলে আৰু তাইৰ বাবুৰ বাবে ১০০টকাও খৰচ কৰিলে গাত ধৰে। প্ৰীতিয়ে ভাৱিবলৈ ধৰিলে, আমি বাস্তৱত নিজৰ ভৰিত থিয় হবলৈ শিকিব লাগে। প্ৰীতিৰ বান্ধৱী ৰিম্পীৰ দেউতাকৰ কাপোৰৰ দোকান আছিল। আগতে প্ৰায়ে, ৰিম্পী দোকানত বহিছিল। আৰু হিচাপ চোৱা চিতা কৰিছিল। বহু বাৰ ৰিম্পীয়েও প্ৰীতিক দোকানলৈ আহিবলৈ কৈছিল। প্ৰীতিয়ে ৰিম্পীক কলে, মই কাম এটা বিচাৰি আছো। মই কেতিয়ালৈকে মোৰ মাৰ ঘৰখনত বোজা হৈ থাকিম! যদি মই নিজে কিবা এটা কৰোঁ, তেতিয়া মই মোৰ আৰু বাবুৰ চোৱা চিতা কৰিব পাৰিম। সেইদিনাই আবেলি ৰিম্পীয়ে, প্ৰীতিৰ মাকক কথাটো কলে যে, খুড়ী, মই বিচাৰো যে, প্ৰীতিয়ে মোৰ কাম কাজত অলপ সহায় কৰি দিয়ে। প্ৰীতিৰ, মাকে প্ৰথমে ৰিম্পীৰ কথা পচন্দ নকৰিছিল। কিন্তু পাছত ভাৱিলে, প্ৰীতিৰ পইচাৰ প্ৰয়োজন হৈছে,! তেতিয়া ৰিম্পীয়ে, কলে, খুড়ী, তাইৰ মনটো বাহিৰলৈ ওলাই গলে অলপ আনন্দিত হব। আৰু মই মোৰ কামত সহায়তা কৰিব পৰা এগৰাকী দায়িত্বশীল বান্ধৱী পাম। প্ৰীতিৰ মাকে, তাইক কাম কৰিবলৈ অনুমতি দি দিলে। এতিয়া প্ৰীতিয়ে, ৰিম্পাৰ দোকানত কাম কৰে। আৰু তাৰ বাবদ প্ৰীতিয়ে কিছু টকাও উপাৰ্জন কৰিছিল। এয়া দেখা পায়, প্ৰীতিৰ মাক বহু সুখী হৈছিল। যে তেওঁৰ প্ৰীতিয়েও নিজৰ মন পচন্দৰে খৰচ কৰিব পাৰিব। 


ককায়েক ভনীয়েকৰ স্নেহ এনেদৰে থাকক। কিন্তু তেওঁলোকৰ দয়াতে নিৰ্ভৰশীল হৈ থাকিব নেলাগে। বাহিৰৰ পৃথিৱীখনলেও ওলাই আহিব লাগে, তেতিয়াহে আত্মবিশ্বাস বাঢ়িব আৰু জীয়াই থকাৰ প্ৰেৰণা পোৱা যায়।


Storyboard







এনেধৰনৰ আৰু গল্প/উপন্যাস পঢ়ক এই লিংকত - www.গল্প/উপন্যাস.com


বিঃদ্ৰঃ আপোনালোকেও যদি কোনো গল্প আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আমাৰ ফেচবুক পেজৰ ইনবক্সত নতুবা ৯৮৫৪৭৯৯৫৭৭ নম্বৰত হুৱাটছ এপ যোগে প্ৰৰণ কৰক।

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

 নিৰ্বাচিত গল্প সমূহহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব।

আমাৰ ফেচবুক গ্ৰুপটো আপুনি পোনপটিয়াকৈ গল্প প্ৰকাশ কৰিব পাৰে।

আমাৰ গ্ৰুপৰ লিংক - SMJ24.facbookgroup

( Storyboard )


No comments:

Post a Comment

Advertisement

Pages