ফোনৰ ৰিঙটো একেৰাহে বাজি আছিল। শ্ৰুতিয়ে পাকঘৰৰ পৰা আচলত হাত মুচি মনতে ভোৰভোৰাই ফোনটো উঠাবলৈ আহিল।( Storyboard )
"হেল' শ্ৰুতিৰ লগত কথা পাতিব পাৰিম নিকী?" ইফালৰ পৰা মাত আহিল।
" হয়, মই শ্ৰুতিয়ে কৈছোঁ আপুনি কোন?" শ্ৰুতিয়ে সুধিলে। ইফালৰ পৰা এটা মধ্যমীয়া শব্দ আহিল," শ্ৰুতি , মই বিতুলে কৈছোঁ।"
হাতৰ পৰা ফোনটো পৰি গল শ্ৰুতিৰ ," বি...তো..ল..।"
"হেল' শ্ৰুতি কি হল?এবাৰ মোৰ কথা ভালদৰে শুনা"।
শ্ৰুতিয়ে কপি থকা হাতেৰে ফোনটো উঠালে আৰু আচৰিত হৈ সংকুচিতভাবে কলে," বিতোল , কিন্তু তুমিতো .... দাদাই কৈছিল যে তোমাৰ এক্সিডেন্ট হল আৰু এতিয়া তুমি এই পৃথিৱীত নাই।"
শ্ৰুতিয়ে সেই মাতষাৰৰ লগত ভালদৰেই পৰিচিত। সেইবাবে তাইক জোকাৰি পেলালে সেই মাতষাৰে ইমান দিনৰ পাছত।
ইফালৰ পৰা আকৌ মাত আহিল ," শ্ৰুতি , মোৰ তোমাৰ লগত বহুত জৰুৰী কথা পাতিবলগা আছে। ভালকৈ শুনা, প্ৰথমে মই তোমাক ক্ষমা বিচাৰিছোঁ যে মই জীৱিত থকাৰ কথাটো তোমাৰ পৰা লুকুৱালোঁ নে এইটো কম যে মোৰ মৃত্যুৰ খবৰ তোমালৈ পঠিয়ালোঁ। ইয়াৰো এটা কাৰণ আছে। প্ৰথমে মই যি কবলৈ গৈছো মন দি শুনা, মোৰ লগতে তোমাৰ ছোৱালীও জীয়াই আছে যাক তুমি আৰু তোমাৰ দাদাই মোক গতাই দিছিলে।"
"কি? কি ক'লা তুমি? কি কৈছা তুমি এইবোৰ?" শ্ৰুতিয়ে এইবোৰ শুনি আচৰিত হৈ গল। চকুৰে এক বিস্মিত আৰু সুখ মিশ্ৰিত দুধাৰী চকুলো বৈ গল আৰু মাতসাৰ কঁপি উঠিল। তাৰ পাছত মাতষাৰ চম্ভালি তাই কলে," বিতুল, এইবোৰ কি ধেমালি কৰিছা তুমি? "
" শ্ৰুতি এইবোৰ ধেমালি নহয় , এয়াই সত্য। ইয়াৰ কাৰন কি , কিয় হল, কেনেকৈ হল এই সকলোবোৰ মই তোমাক পাছত কম। এতিয়া মাত্ৰ তুমি সোনকালে ইয়ালৈ গুচি আহা। মোৰ ওচৰত সময় বহুত কম আছে। মই তোমাক তোমাৰ সম্পত্তি গতাব বিচাৰো।"
বিতুলে আগলৈ কলে," মই জানো যে তুমি এই কথা শুনি আচৰিত হবা কিন্তু পৰিস্থিতি এনেকুৱাই।
"শ্ৰুতি, যিটো পৰিস্থিটিৰ পৰা তোমাক মই আৰু দাদাই উলিয়াই আনি জীৱনটোক ভালদৰে চলাবলৈ চেষ্টা কৰিছিলো , আজি সেই স্থিতি আকৌ তোমাৰ সন্মুখত আছে।"
এটা দীঘল উশাহ টানি বিতুলে কলে," তোমাৰ ছোৱালী আজিলৈকে মোৰ ওচৰত তোমাৰ সম্পত্তি হৈ আছিল কিন্তু তাই মোৰ জীৱনৰ অবিচ্ছেদ্য অংগ হৈ পৰিছে। হয়তো মই আজিও তোমাৰ জীৱনত দখল নিদিলোঁ হয় কিন্তু মই উপায়হীন। তোমাৰ কপালে আজি সেই স্থিতিত আনি থিয় কৰি দিছে যত তুমি তোমাৰ ছোৱালীৰ পৰা আঁতৰি গৈছিলা।
শ্ৰুতি, আচলতে মোৰ কেঞ্চাৰ হৈছে আৰু মোৰ ওচৰত সময় বহুত কম। মই এতিয়ালৈকে এইটো কথা আস্থাক কোৱা নাই কাৰণ তাই এইটো কথা সহ্য কৰিব নোৱাৰিব আৰু তাই ভাগি পৰিব। কিন্তু এইটো কথা লুকাইও নাথাকে সেইবাবে তাই গম পায় ভাগি পৰাৰ আগতে তুমি আহি তাইক চম্ভালিবা। মোৰ আৰু কোনো পৰিয়ালৰ মানুহ নাই আৰু বেলেগক মই তাইৰ দায়িত্ব তুলি দিব নোৱাৰো সেইবাবে তুমি যিমান সোনকালে পাৰা আহি তাইক চম্ভালা যাতে মই নিচিন্ত হৈ মৰিব পাৰো। দেৰি নকৰিবা শ্ৰুতি, কিয়নো ইয়াৰ বাহিৰে মোৰ ওচৰত একো উপায় নাই। মই অপেক্ষা কৰিম" বিতুলে নিজৰ ঠিকণাটো কৈ ফোনটো কাটি দিলে।
শ্ৰুতিয়ে তাইৰ শৰীৰত এক আজব শিহৰণ অনুভৱ কৰিলে। হাত ভৰিৰ পৰা যেন সকলো শক্তি নাইকিয়া হৈ গল।
" হে ভগবান, এতিয়া কি হব? মই কেনেকৈ যাম? কি কৰিম?" এইবোৰ ভাবি শ্ৰুতি নিজৰ পুৰণা দিনৰ স্মৃতিত বিলীন হৈ পৰিল।
শ্ৰুতিয়ে সৰুতেই মাক দেউতাকক হেৰুৱাই ডাঙৰ ককায়েক জিতেনৰ কোলাত ডাঙৰ হৈছিল। সৰু ঘৰ এটাত থাকি ককায়েকৰ চত্ৰ ছায়াত একো অভাৱ নাছিল কিন্তু সি বহুত পুৰণা চিন্তাধাৰা আৰু নিয়মৰ পালন কৰিছিল।হয়তো মাক দেউতাকৰ লালন পালনৰ অভাৱত ওচৰ চুবুৰীয়া বুঢ়া বুঢ়ী মানুহে যি শিকালে বুজালে তাকেই মানি ললে আৰু এই সকলো নিয়ম নিজৰ সৰু ভনীয়েকৰ ওপৰত প্ৰযোজ্য কৰিলে। জিতেনে নিজেও বেছি পঢ়িব নোৱাৰিলে আৰু শ্ৰুতিক দশম শ্ৰেণীৰ পাছত পঢ়িবলৈ নিদিলে। সোনকালেই টাইক বিয়া দি নিজৰ দায়িত্ব পালন কৰিব খুজিছিল। জিতেনৰ দৃষ্টিত যি ভাল পৰিয়াল পৰিল তাতেই শ্ৰুতিৰ বিয়া কৰাই দিলে। শ্ৰুতিৰ স্বামী ইঞ্জিনীয়াৰ আছিল কিন্তু পৰিয়ালটো বহুত ডাঙৰ আছিল। তিনিজন ককাই ভাই আছিল। তাৰে দুজন ডাঙৰ ককায়েক বিবাহিত আছিল আৰু দুয়োৰে লৰা দুজন আছিল। শ্ৰুতিৰ স্বামী অভিজিত মাকৰ বহুত মৰমৰ আৰু মাকৰ সকলো কথা চকু বন্ধ কৰি মানি লোৱা আজ্ঞাকাৰী লৰা আছিল। নিজতকৈ বেছি সম্পতি থকা ঘৰলৈ ছোৱালী, ভনী বিয়া দিব খোজা মাক দেউতাক, ককাই ভাইৰ দৃষ্টিৰ ফালৰ পৰা চাবলৈ গলে শ্ৰুতিয়ে এখন ভাল ঘৰ আৰু ভাল স্বামী পাইছিল।
ককায়েক আৰু পৰিয়ালৰ লোকে শ্ৰুতিক ভাগ্যবতি নাম দিলে। আৰু তাইৰ ভাগ্যক লৈ সকলোৰে হিংসা হল।
শ্ৰুতি বিয়া হৈ স্বামীঘৰলৈ আহিল। তাত সকলোৱে বহুত মৰম কৰিলে। সকলো কথা , মনোকামনা পূৰণ কৰিলে স্বামীয়ে কিন্তু মাকৰ ইচ্ছানুসাৰে।অভিজিতৰ নিজৰ ইমানো সাহস নাছিল যে তাইক ফুৰাবলৈ লৈ যাব আৰু বজাৰৰ পৰা তাইৰ বাবে কিবা লৈ আহিব। মাকৰ আজ্ঞাকাৰী পুত্ৰ , পত্নীৰ সাৰথি হোৱা , বুজি পোৱা স্বামী হব নোৱাৰিলে। এইটো কথাৰ অনুভৱ শ্ৰুতিৰ তেতিয়া হল যেতিয়া বিয়াৰ কেইমাহমান পাছত তাই গম পালে যে তাই মাক হব ওলাইছে। এই সুখৰ খবৰটোৱে তাইৰ জীৱনত আৰু ফুৰ্তি আনি দিলে। কিন্তু মানুহে কয় নহয় যে চন্দ্ৰত দাগ আছে আৰু চন্দ্ৰৰো গ্ৰহণ লাগে। শ্ৰুতিৰ সুখেৰে ভৰা জীৱনতো তাইৰ শহুৰৰ ঘৰৰ মানুহৰ পুৰণা চিন্তাধাৰাৰ দ্বাৰা গ্ৰহণ লাগিলে। তেওঁলোকৰ মনত বেয়াকৈ প্ৰভাৱ পেলোৱা লৰা আৰু ছোৱালীৰ মাজত থকা ভেদভাৱে শ্ৰুতিক তাইৰ সুখৰ আকাশত উৰাৰ আগতেই পাখি কাটি মাটিত পেলাই দিলে। অভিজিতে মাকৰ ইচ্ছা শ্ৰুতিক শুনালে যে ," আমাৰ ঘৰত অতীজৰ পৰা লৰাই বংশ বঢ়াই আহিছে আৰু সিহঁত ভাই কঁকাইবোৰে এই পৰম্পৰা ৰক্ষা কৰিবলৈ সহযোগ কৰি আহিছে আৰু তাইৰ পৰাও লৰা জন্মৰ আশা কৰা হল।
শ্ৰুতি হতভম্ব হৈ পৰিল। হয়, তাইও এখন সৰু ঠাইৰ পৰা আহিছে আৰু পঢ়া শুনা কম কিন্তু তাইৰ ইমানটো বুজা শক্তি আছে যে এতিয়া আৰু লৰা ছোৱালিৰ মাজত ভেদভাব কৰাৰ যোগ নাই। এতিয়া ছোৱালীয়ে সেই সন্মান আৰু স্থান পাবলৈ সক্ষম হৈছে। তাই অভিজিটক বুজাবলৈ চেষ্টা কৰিলে," শুনকচোন, লৰা আৰু ছোৱালীৰ মাজত ভেদভাব ৰাখি আপুনি কিয় আমাৰ হবলগীয়া প্ৰথম সন্তানৰ সুখ কম কৰিছে? যদি আমাৰ ঘৰলৈ ইমান বছৰে ছোৱালী অহা নাই তেন্তে এতিয়া আহিবলৈ দিয়ক। লক্ষ্মীৰ ৰূপ হয় ছোৱালী, আৰু আমাৰ ঘৰত নো কিহৰ অভাৱ আছে? দাদাহঁতৰ লৰা কেইটা আমাৰ নিজৰ সন্তানৰ দৰেই সিহঁতেও এজনী ভন্টি পাব। মই এইটো কোৱা নাই যে ছোৱালিয়েই আহিব কিন্তু যদি ছোৱালী হয় তাত কি আপত্তি আছে?"
কথাবোৰ শুনি অভিজিত খঙত কব নোৱাৰা হৈ গৰজি উঠি শ্ৰুতিম আঙুলি টুৱাই ধমকি দি কলে," নিজৰ ভাষণ তোমাৰ ওছৰতেই ৰাখা। মোৰ ডাঙৰ দাদাহঁতে দুটাকৈ লৰা জন্ম দি এই বংশ আগবঢ়াই নিছে। সেইবাবে মইও মোৰ দুটা লৰা অন্তত হোৱাটো বিচাৰো। আৰু যত আহিবলগীয়া সন্তানটো লৰা হয় নে ছোৱালি প্ৰশ্ন আছে আমি পৰীক্ষা কৰুৱাম। লৰা হলে ঠিকেই আছে কিন্তু যদি ছোৱালী হয় তেন্তে গৰ্ভপাত কৰিম। বুজি পালা? এতিয়া আৰু মই একো শুনিব নিবিচাৰোঁ।"
শ্ৰুতিয়ে অভিজিতৰ এই নতুন ৰূপ দেখি আচৰিত হল। শ্ৰুতিৰ কোনো কথাই তাৰ ওপৰত প্ৰভাব পেলোৱা নাছিল বৰঞ্চ এতিয়া সেই ধমকিলৈ শ্ৰুতিৰ ভয় লগা হল। যাৰ ভয় আছিল সেয়াই হল। ৩ মাহ পাছত পৰীক্ষা কৰোৱাত ছোৱালী হোৱাৰ ৰিপৰ্ট আহিল। অভিজিতে তেতিয়াই ডাক্তৰৰ লগত এই কন্যা ভ্ৰূণ হত্যা কৰিবলৈ কথা পাতিছিল। কিন্তু শ্ৰুতিয়ে প্ৰথমে ঘৰলৈ অহাৰ জিদ কৰিলে হয়তো তাই ভাবিছিল যে অভিজিৎক তাই প্ৰথম বাৰ মাক হোৱাৰ সুখৰ পৰা বঞ্চিত নহবলৈ আৰু সন্তানটোক জীয়াই ৰাখিবলৈ বুজাব পাৰিব। কিন্তু অভিজিত আৰু গোটেই পৰিয়াল এই সিদ্ধান্তৰ পৰা লৰচৰ নহল। ওলোটাই তাইৰ শাহুৱে সেই সন্তানটো তাইৰ মাকৰ ঘৰত গৈ হত্যা কৰিব কলে কিয়নো আজিলৈকে তেওঁ এই পাপ কৰাৰ সন্মুখীন হোৱা নাছিল। তেওঁ এই কন্যা ভ্ৰূণ হত্যাৰ পাপৰ ভাগি হব খোজা নাছিল। শ্ৰুতিৰ ভৰিৰ তলৰ মাটি নাইকীয়া হৈ গল।
সকলোৰে এই মূৰ্খ কাণ্ডজ্ঞান দেখি শ্ৰুতিৰ হাঁহি উঠিল। মনতে ভাবিলে," বাহ! কি কথা ভাবিছে। পাপ কৰিবও মন আৰু পাপৰ ভাগিদাৰ হবও নোখোজে। সকলো কিমান স্বাৰ্থপৰ। মই, মই কি কৰিম? মা হবলৈ ওলোৱাৰ বাবে সুখী হম নে গৰ্ভত কন্যা সন্তান আছে বুলি দুখী হম। মোৰ অস্তিত্ব আৰু ইচ্ছাৰ কোনো মূল্য নাই নিকী? ছোৱালী জন্ম দিয়া বা হত্যা কৰাৰ কষ্টটো যেতিয়া মোৰ শৰীৰে পাব তেন্তে মোক কিয় কোনেও সোধা নাই যে মই কি বিচাৰো?" তাইৰ মনত হাজাৰটা প্ৰশ্নই বেৰি ধৰিলে আৰু পিছদিনা ৰাতিপুৱা তাইক মাকৰ ঘৰলৈ পঠিয়াই দিয়া হল। শ্ৰুতিক ধমকি দি কলে," এই পাপৰ পৰা মুক্ত হৈ ঘৰলৈ উভতি আহিবা।"
ঘৰলৈ অহাৰ পাছত ডাক্তৰৰ লগত কথা পাতি ককায়েকে তাৰিখ ঠিক কৰিলে। চাৰি দিন পাছত ডাক্তৰে মাতিলে। কিন্তু শ্ৰুতিৰ এক মিনিটৰ বাবেও শান্তি নাছিল। দুটা ৰাতি তাই উজাগৰে কটাই দিলে এইটো ভাবি যে তাই সন্তানটোক কেনেকৈ বচাব? কোনো উপায় বিচাৰি নাপায় তাই কঁকায়েকক কলে কিন্তু তেওঁৰ উত্তৰ শুনিও আচৰিত হল তাই।ককায়েকে সমাজৰ ভয় দেখুৱাই শহুৰৰ ঘৰৰ কথা মানি লোৱাটোয়েই ভাল বুলি কলে। লগতে নিজৰ আৰ্থিক স্থিতি আৰু বিয়া কৰোৱাৰ মনৰ ইচ্ছা প্ৰকাশ কৰিলে। সেইবাবে জিতেনে সমাজৰ আৰু তাইৰ শহুৰৰ ঘৰৰ মানুহৰ বিৰুদ্ধে যাব খোজা নাছিল।
এটা এটা পল শ্ৰুতিৰ বাবে কঠিন হৈ পৰিছিল। কোনেও তাইক সহায় কৰা নাছিল। তাই প্ৰতি মুহূৰ্ততে ঈশ্বৰক প্ৰাৰ্থনা কৰিলে সেই কণমানিজনীক জীয়াই ৰাখিবলৈ।
ঈশ্বৰৰ কৃপা নহলে সেই কণমানিজনিৰ সৌভাগ্য আছিল যে ডাক্তৰৰ ওচৰলৈ যোৱাৰ এদিন আগত জিতেনৰ বন্ধু বিতুল আহিল। বহুত দিনৰ পাছত আহিছিল তেওঁ। যেতিয়া তেওঁ শ্ৰুতিক দেখা পালে তেওঁ আচৰিত হৈ গল । জিতেনৰ পৰা তেওঁ শ্ৰুতিৰ সমস্যাৰ বিষয়ে গম পালে। তাৰ পাছত শ্ৰুতিক মাটি আনি তাইৰ ইচ্ছা সুধিলে। শ্ৰুতিৰ ইচ্ছা জানিব পাৰি তেওঁ জিতেনকো বুজালে যাতে এই পাপ হোৱাৰ পৰা ৰখাব পাৰি। কিন্তু জিতেনে বিতুলৰ কোনো কথা নুশুনিলে আৰু নিজৰ মতে ওলোটাই বুজালে। শ্ৰুতিয়ে জিতেনৰ ভৰিত পৰি কান্দিব ধৰিলে যে তাই নিজৰ সন্তানক এই পৃথিৱীলৈ আনিব বিচাৰে।
" তই পাগল হৈছ শ্ৰুতি? তইটো ভালকৈ জান যে এনেকুৱা কৰিলে তোৰ পৰিয়ালটোৱে তোক কেতিয়াও আপোন কৰি নলয় । তই মোৰ ওচৰলৈ সুখত আহিলে কোনো কথা নাই কিন্তু পৰিয়ালৰ বিৰুদ্ধে গৈ সদায় মাৰৰ ঘৰত থাকিবি নেকি? বিতুল তুমিয়েই বুজোৱা তাইক।"
"কিন্তু জিতেন, আমি যি কৰিব ওলাইছোঁ সেইটোও ভুল হয় ।" বিতুলে শ্ৰুতিৰ পক্ষ লৈ কলে।
" অ , তুমিতো তাইৰেই হৈ কথা কবা কাৰণ তুমি তাইক বিয়া কৰাব বিচাৰিছিলা। মই এই সম্পৰ্ক মানা কৰি দিয়াৰ বাবে তুমি আজিও তাইক বিচৰা।" জিটেনে বিতুলক খঙেৰে কলে।
"জিতেন, এইবোৰ কি কথা কৈছা?কিমান ভুল চিন্তাধাৰা হৈ গল তোমাৰ। তুমি নিজৰ ভন্টীৰ সুখৰ কথা নাভাবি ওলোটাই মোক দোষ দিছা। এই সম্পৰ্ক নহল বুলি কি মই শ্ৰুতিক দুখত চাব বিচাৰিম? মই কি জানিছিলোঁ যে শ্ৰুতি ইয়াত আছে আৰু তাইৰ কি সমস্যা? মই ইমান নীচ নহয় যে নিজৰ স্বাৰ্থৰ বাবে তাইৰ পক্ষ লৈ মই তাইৰ জীৱনত অশান্তিৰ সৃষ্টি কৰিম।"
"মই যি ভাল বুলি ভাবিলোঁ মই কলো বাকী এইটো তোমাৰ আৰু ভন্টীৰ নিজৰ কথা। তুমি সমস্যা জনালা আৰু মই উপদেশ দিলোঁ। অ, আজি আৰু এটা কথা কম, মোৰ মনত সেই পুৰণা ভাববোৰ নাই কিন্তু যদি মই তোমাৰ আৰু শ্ৰুতিৰ কিবা সহায় কৰিব পাৰো তেন্তে মোক জনাবা। মই কেতিয়াও মানা নকৰো।" কথাখিনি কৈ বিতুল তাৰ পৰা গুচি আহিল।
বিতুলৰ মনত শ্ৰুতিৰ বাবে ভালপোৱা আছিল আৰু সি জিতেনক শ্ৰুতিৰ লগত বিয়াৰ কথা পাতিছিল কিন্তু শ্ৰুতিয়ে এই কথা গমেই পোৱা নাছিল। কথাটো জানি তাই অবাক হল। এনেকুৱা কি কাৰণ আছিল যে দাদায়ে বিতুলৰ লগত এই সম্পৰ্ক হবলৈ নিদিলে। এইবোৰ ভাবি শ্ৰুতি আৰু চিন্তাত পৰিল। তাই মনত কিবা ভাবি বিতুলক ফোন লগাই সুধিবলৈ সাহস কৰিলে আৰু বিতুলে বিয়া নোহোৱাৰ কাৰণ কলে যে তাৰ আৰ্থিক অৱস্থা সবল নাছিল। কিন্তু জিতেনে নিজৰ ভনীয়েকৰ বিয়া এখন ভাল, ধনী ঘৰত কৰিব বিচাৰিছিল।( Storyboard )
পিছদিনা ৰাতিপুৱা জিতেন বিতুলৰ ঘৰলৈ গল আৰু তেওঁ কৰা ব্যৱহাৰৰ বাবে ক্ষমা খুজিলে আৰু ঘৰলৈ উভতি অহাৰ পাছত তেওঁৰ চেহেৰাত এক ফুৰ্তিৰ জিলিকনি আছিল।জিতেনে এটা সিদ্ধান্ত কৰি বিতুলক লগত লৈ আহিল। জিতেনে নিজৰ সিদ্ধান্ত জনালে যে তেওঁ আহিবলগীয়া ভাগিনক স্বাগত কৰিব । তাৰ বাবে তেওঁ শ্ৰুতিৰ শহুৰৰ ঘৰৰ মানুহৰ যিকোনো বিৰোধিতা কৰিবলৈ সাজু। এতিয়া তেওঁ নিজৰ ভনীয়েকৰ সুখবোৰৰ কথা ভাৱিব। শ্ৰুতি ফুৰ্তিত কব নোৱাৰা হল।
পিছৰ সপ্তাহত যেতিয়া শ্ৰুতিৰ স্বামী অভিজিতে ফোন কৰিলে জিতেনে তেতিয়া তাৰ সিদ্ধান্তৰ বিষয়ে জনালে। যেতিয়া অভিজিতৰ ঘৰৰ মানুহে কথাবোৰ গম পালে তেওঁলোকে জিতেনক বহুত ভাল বেয়া কথা শুনালে। তেওঁলোকে লগতে এইটোও কলে যে," কন্যা সন্তান আৰু শ্ৰুতিৰ বাবে আমাৰ ঘৰত কোনো ঠাই নাই।
" তাই যেতিয়াই ঘৰলৈ উভতি আহিব বিচাৰে ছোৱালীজনীক এৰি থৈ আহিব পাৰে।" শ্ৰুতিয়ে কথাটো শুনি বিচলিত হৈ পৰিল। আৰু কেতিয়ালৈকে ছোৱালী জন্ম কৰা আৰু ছোৱালী হৈ জন্ম লোৱা এক শাস্তি হৈ থাকিব।
ছোৱালীজনীৰ জন্মলৈকে জিতেনে শ্ৰুতিৰ দেখভাল কৰিলে আৰু যেতিয়া তাই পৃথিৱীলৈ আহিল জিতেনে তেতিয়াও নিজেই তাইৰ দেখভাল কৰিব ললে। এদিন হঠাৎ অভিজিৎক অহা দেখি শ্ৰুতি থতমত খালে। শ্ৰুতিয়ে ভাবিলে যে তেওঁলোকে নিজৰ ভুল বুজি পালে আৰু তাইক নিবলৈ আহিছে। মাকৰ আজ্ঞাকাৰী যদিও শ্ৰুতিৰ অবিহনে অভিজিত ঠাকিব নোৱাৰিছিল। ইমান দিন আঁতৰি থকাৰ বাবে হয়তো তাক শ্ৰুতিৰ ওচৰলৈ টানি আনিছিল। মাকক নোকোৱাকৈ অভিজিতে শ্ৰুতিক লগ কৰিবলৈ আহিল আৰু জিতেনকো ক্ষমা খুজিলে আৰু লগতে কলে যে সি শ্ৰুতিক নিবলৈ আহিছে কিন্ত সেই কন্যাসন্তানক হয়তো কোনেও আপোন কৰি নলয়। জিতেন বহুত বিমূৰত পৰিল। আকৌ এবাৰ নিজৰ ভনীয়েকক সি সন্মানেৰে ঘৰলৈ উভতাই পঠাবৰ মন মেলিলে। কিন্তু তেওঁ আকৌ সমাজৰ সেই বিচাৰত ডুব গল ভাগিনক লৈ।
সৰুৰে পৰাই তেওঁৰ মনত শিপাই থকা পুৰণা ভাৱধাৰা বোৰে আকৌ এবাৰ তেওঁক ভবাই তুলিলে। জিতেনে এই উচিত সুযোগটো হাতৰ পৰা যাব দিব বিচৰা নাছিল। ভনীয়েকৰ প্ৰতি থকা মৰম আৰু দায়িত্বই তেওঁক পুনৰ এটা সিদ্ধান্ত লবলৈ বাধ্য কৰালে শ্ৰুতিয়ে গম নোপোৱাকৈ।
জিতেনে তেওঁৰ সিদ্ধান্ত জনালে যে শ্ৰুতি আকৌ নিজৰ ঘৰলৈ উভতি যাব আৰু ছোৱালীনজনী তেওঁৰ লগত থাকিব। যেতিয়া শ্ৰুতিয়ে এই কথাৰ বিৰোধ কৰিলে তেতিয়া তেওঁ আত্মহত্যাৰ ভাবুকি দিলে আৰু ছোৱালীজনীৰ বাবে নিচিন্ত হৈ থাকিব কলে। শ্ৰুতিয়ে তেওঁৰ জিদৰ আগত হাৰ মানিলে আৰু বুকুত পাঠৰ থৈ গুচি গল। কিন্তু প্ৰতি সময়তে তাইৰ মনটো ছোৱালীজনীক লগ কৰিবলৈ গৈছিল। মাকৰ মমতা এতিয়া ইমান বাঢ়ি গল যে স্বামী আৰু ঘৰৰ মানুহে ঠাট্টা কৰিব ললে। অনবৰতে তাই ছোৱালীজনীৰ মাতটো কাণৰ ওচৰত শুনা পাই জাগি উঠে। কিন্তু তাইৰ এই অৱস্থাত কাৰো দয়া ওপজা নাছিল। এদিন তাইৰ অৱস্থা দেখি খঙত অভিজিতে জিতেনক ফোন কৰিলে।জিতেনে কথাটো শুনি তাক আশ্বাস দিলে যে সোনকালেই ইয়াৰ সমাধান উলিয়াব।
কিছুদিন পাছত ফোন আহিল যে জিতেন আৰু বিতুলে শ্ৰুতিৰ ছোৱালী আস্থাক লৈ তাইৰ ওচৰলৈ গৈ থাকোঁতে বাছখন দুৰ্ঘটনাগ্ৰস্ত হল যত কোনো মানুহ জীয়াই থকাৰ আশা নাই। শ্ৰুতিয়ে কথাটো শুনি মূৰ ঘূৰাই পৰি গল। নিজৰ সন্তান আৰু কঁকায়েকক হেৰুৱাৰ বেদনাৰ পৰা তাই ওলাবই পৰা নাছিল আৰু তেনেকুৱাতে তাই গম পালে যে তাই পুনৰবাৰ মাক হব ওলাইছে।এইবাৰ ভাগ্যই তাইক লগ দিলে আৰু তাই দুটা লৰা সন্তানৰ মাক হল। ঘৰত সকলোৱে আদৰ কৰিব ললে। তাইৰ আৰু সন্তান দুটাৰ যিকোনো কাম কৰিবলৈ সকলো সাজু থাকে।শ্ৰুতি লাহে লাহে সন্তান কেইটাক ডাঙৰ দীঘল কৰাত ব্যস্ত হৈ পৰিল কিন্তু সম্পূৰ্ন ৰূপে নিজৰ দুখ পাহৰিব পৰা নাছিল।
আজি প্ৰায় ১৫ বছৰ পাছত তাই গম পালে যে তাইৰ ছোৱালীজনী জীয়াই আছে। তাই হাঁহিব নে কান্দিব বুজি পোৱা নাই। ইমান বছৰ আগতেই যেতিয়া ছোৱালীজনীক কোনেও আপোন কৰি নললে এতিয়া কত লব? এতিয়াটো আৰু দুজন তাইৰ লৰা আছিল , হয়তো সিহঁতেও নিজৰ বায়েকক আপোন কৰিব নোৱাৰিব।
অতীজৰে পৰা কেৱল লৰা জন্ম পোৱাৰ বাবে সকলো পুৰুষৰ গাত নিজৰ পুৰুষ হোৱাৰ অহংকাৰ ভৰি আছিল। তেওঁলোকে এইটো উপলব্ধি কৰাই নাছিল যে তেওঁলোকক জন্ম দিয়া আৰু বংশ আগবঢ়াই নিয়াত এগৰাকী তিৰোতাৰ অৱদান আছে। তেন্তে তেওঁলোকে এজনী মহিলাৰ অস্তিত্বৰ লগত খেলিবলৈ কেনেদৰে মূৰ্খতা কৰিব পাৰে? কিন্ত এতিয়া শ্ৰুতিয়ে কি কৰিব? আজিটো তাই অভিজিত আৰু লৰা দুটাৰ লগত এই বিষয়ে কথা পাতিবই লাগিব।
" আমি আমাৰ বিধিৰ লিখনিৰ পৰা পলাব নোৱাৰো। ভগৱানৰ ইচ্ছাক সলনি কৰিব আমি কেনেকৈ চেষ্টা কৰিব পাৰো। যিটোৰ পৰা পলোৱা হয় ভাগ্যই আনি আকৌ তাৰ সন্মুখত থিয় কৰি দিয়ে।" শ্ৰুতিয়ে মনতে কথাবোৰ ভাবি সন্ধ্যা লৰা আৰু স্বামীলৈ অপেক্ষ কৰিলে।
" নাই , এইটো কেতিয়াও হব নোৱাৰে। তুমি জানা এইটো অসম্ভৱ।" অভিজিতে শ্ৰুতিক কলে," আজি ইমান বছৰৰ পাছত তুমি সেই মানুহজনৰ কথা শুনি মূৰ্খ নহবা। কি ঠিক তেওঁ নিজৰ কিবা পাপ তোমাৰ ওপৰত জাপি দিব খুজিছে?"
" আপুনি মোৰ মমতাক গালি নিদিব। জীৱনৰ শেষ সময় গণি থকা মানুহজনে বিনা স্বাৰ্থৰে আমাৰ নিজৰ তেজৰ ছোৱালীজনীক ডাঙৰ দীঘল কৰিলে আৰু তেওঁ বিনিময়ত একো নিবিচাৰিলে আৰু আপুনি সেইজন মানুহক বেয়া বুলি কৈছে।
তেওঁ আজিলৈকে আমাৰ ছোৱালীজনীক এই কাৰণেই লুকাই ৰাখিলে কাৰণ আপুনি ছোৱালীজনীক আপোন কৰি লোৱা নাছিল আৰু মই তাইক এৰি থাকিব পৰা নাছিলোঁ। দাদা আৰু বিতুলে আমাৰ সংসাৰ পুনৰ গঢ়িবৰ বাবেই এই কথা আপোনাৰ পৰা লুকুৱালে। নাপাহৰিব যে দাদাক মোৰ অৱস্থাৰ কথা কৈ এই সিদ্ধান্ত লবলৈ আপুনিয়েই বাধ্য কৰালে। আজি যেতিয়া বিতুলে আমাৰ ছোৱালীজনীক আমাক ঘূৰাই দিব বিচাৰিছে আপুনি তেওঁক ধন্য নামনি ওলোটাই তেওঁক দোষী সাজিছে। আজিটো এজন দেউতাক হৈ সেই কণমানিজনীৰ কথা ভাৱক যি আপোনৰেই তেজ হয়। তাইৰ কি দোষ যে আজিও আপোনি তাইক আপুন কৰিব বিচৰা নাই আৰু মোৰ পৰা আৰু আপোনাৰ পৰা আঁতৰাই ৰাখিব বিচাৰিছে?"
" চোৱা শ্ৰুতি, মই মানিছোঁ.... " কথাষাৰ আধৰুৱা হৈ থাকোতেই শ্ৰুতিয়ে দৃহবিশ্বাসেৰে কলে," মই আপোনাক আপোনাৰ বংশৰ দুটা সন্তান দি দিলোঁ। মোৰ জীৱনৰ ইমান বছৰ আপোনাক দিলোঁ কিন্তু আপুনি কি দিলে? মোৰ পৰা মোৰ মাক হোৱাৰ অধিকাৰ কাঢ়ি ললে। মোৰ ছোৱালীজনীৰ পৰা জোৰ কৰি মোক আঁতৰাই আনিলে। আপুনি নিজৰ মাৰ পুত্ৰ হোৱাৰ দায়ত্ব পালন কৰিলে মোৰ লগত অন্যায় কৰি কিন্তু আজি মইও মোৰ মাক হোৱাৰ দায়িত্ব পালন কৰিম মোৰ ছোৱালীজনিক তাইৰ অধিকাৰ দি যি তাই আজি মোৰ পৰা বিচাৰিছে। "
মোৰ নিজৰ ছোৱালীজনীৰ ওচৰলৈ যাম। তাইক আপোন কৰি তাইক বুকুত সাৱটি ইমান দিনে অতৃপ্ত হৈ থকা মমতাৰ ঋণ পৰিশোধ কৰিম , আৰু আজি আপুনিও মোক ৰখাব নোৱাৰে।" কথাখিনি কৈ শ্ৰুতিয়ে কান্দি পেলালে।
" মা , আমিও যাম তোমাৰ লগত আমাৰ বাইদেউক লগ কৰিবলৈ আৰু লৈ আনিবলৈ।" শ্ৰুতিৰ লৰা দুটাই এনেদৰে কৈ আগুৱাই আহিল। দুয়োটা লৰাই আচৰিত হৈ মাক দেউতাকৰ কথাবোৰ শুনি আছিল। শ্ৰুতিৰ চকু ফুৰ্তি আৰু আশ্চৰ্যৰে ভৰি পৰিছিল।
" অন্ততঃ, আজি এই নৱ প্ৰজন্মই এজনী মহিলাৰ অস্তিত্বক চিনি পালে। ইয়াৰ পৰাই ঠিক, আজিৰ পৰাই ঠিক কিনটো আৰম্ভণি হল যেতিয়া পৰিনাম ও ভালেই হব। এতিয়া আমাৰ প্ৰতিটো প্ৰজন্মই ছোৱালীৰ স্বাগত কৰিব।" এই অনুভৱ লৰা কেইটাৰ মুখ কেইখন দেখিয়েই শ্ৰুতিয়ে কৰিছিল কিয়নো সিহঁতে বায়েকক লগ পাবৰ বাবে ব্যাকুল হৈ থকা দেখিছিল।
অলপ সময় সকলো নিস্তব্ধ হৈ পৰিল। শ্ৰুতিয়ে ৰুমৰ পৰা ওলাই কিবা আনিবলৈ যাওঁতে অভিজিৎক ডাঙৰ লৰাটোক মাত লগোৱা শুনিবলৈ পালে ," ভাস্কৰ, মাক কোৱা যে আস্থাক আনিবলৈ আমি সকলো যাম। মোৰ কাপোৰো ভৰাই লোৱা বেগত।"
শ্ৰুতি অভিজিতৰ ওচৰলৈ আহি কলে," ভাবি লওক, তালৈ গৈ আকৌ সলনি হৈ নাজায়টো?"
" নাই নহওঁ, কিন্তু আস্থাই জানো মোক পিতৃ হিচাপে আঁকোৱালি লব?" অভিজিতে সেমেকা চকুৰে শ্ৰুতিক সুধিলে।
" আপুনি যিমান বছৰ নিজৰ ছোৱালীক নিজৰ পৰা দূৰ কৰি শাস্তি দিলে , এতিয়া আপুনিও অলপ শাস্তি ভোগক যেতিয়ালৈকে তাই আপোনাক আঁকোৱালি লয়।" শ্ৰুতিয়ে মিচিকিয়াই অভিজিৎক আশ্বাস দি কলে।
শ্ৰুতিয়ে নিজৰ পৰিয়ালক পোৱাৰ সুখত সুখী হৈছিল আৰু লগতে বিতুলৰ দৰে মানুহ এজনৰ এই ত্যাগ আৰু মানৱতাক তাই প্ৰণাম জনাইছিল যিয়ে তাইৰ ছোৱালীজনীক ডাঙৰ দীঘল কৰিলে তাইৰ সুখৰ বাবে বিনা স্বাৰ্থত। সেইবাবে তেওঁ ককায়েকে বিয়াৰ বাবে সন্মতি নিদিয়াৰ পাছতো কোনো আপত্তি নকৰিলে আৰু বেলগকো বিয়া নকৰালে। মনৰ ভিতৰতে বিতুলৰ দৰে মহান ব্যক্তিক ধন্য মানি ঈশ্বৰক প্ৰাৰ্থনা কৰিলে আৰু নিজৰ প্ৰস্তুতি আৰম্ভ কৰিলে।
এনেধৰনৰ আৰু গল্প/উপন্যাস পঢ়ক এই লিংকত - www.গল্প/উপন্যাস.com
( Storyboard )
বিঃদ্ৰঃ আপোনালোকেও যদি কোনো গল্প আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ গল্প সমূহ আমাৰ ফেচবুক পেজত নতুবা SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সত প্ৰেৰণ কৰিবলৈ আহ্বান জনালো।নিৰ্বাচিত গল্প সমূহ প্ৰেৰকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব,ধন্যবাদ।
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page


No comments:
Post a Comment