এজোপা গছৰ তলৰ পৰা দেহত ফটা চিটা কাপোৰৰ অংশৰে এগৰাকী মহিলাৰ মৃতদেহ পোৱা গৈছিল। যাৰ শৰীৰত বহুতো আঘাতৰ চিহ্ন আছিল( Storyboard )। সন্দেহ আছিলে যে তাইক যৌন নিৰ্যাতন কৰি হত্যা কৰা হৈছিল। মৃতকৰ দেহৰ কাষত পোৱা কাগজ পত্রৰ দ্বাৰা গম পোৱা গৈছিল যে সেই মৃতদেহটে এচিটেন্ট বেংক মেনেজাৰ ৰাখী হাজৰিকাৰ আছিল। তাইৰ গাড়ীখনো কিছু আঁতৰত পোৱা গল। পুলিচ বিষয়া সকলে নিজৰ কাম কৰি আছিল, সেই সময়তে আন এখন বলেৰো আহি ৰখিল এচ, আই আদিত নামিলে।
মৃতদেহটো প্ৰথমে কোনে দেখা পাইছিল! এচ, আই আদিতে পুলিচ বিষয়া এজনক সুধিলে! এই ছোৱালীজনীয়ে ছাৰ। পুলিচ বিষয়াজনে এজনী ক্ষীণ ছোৱালীলৈ আঙুলিয়াই লৈ দেখুৱাই কলে। এই ছোৱালীজনীয়ে ইয়ালৈ আহাৰ বনাবলৈ শুকান খৰি বিচাৰি লৈ যাবলৈ আহে। আদিতে, সেই ছোৱালীজনীৰ ওপৰত দৃষ্টি ফুৰাই দ্বিতীয় প্ৰশ্ন কৰিলে, আৰু মৃতকৰ পৰিয়ালৰ লোক! পুলিচ বিষয়াজনৰ আঙুলি ঘটনাস্থলীৰপৰা কিছু আঁতৰত একেলগে থকা কিছু লোকৰ ফালে কৰি দেখুৱালে। আদিত তেওঁলোকৰ ওচৰলৈ গল আৰু তাৰে এজনক সুধিলে, মৃতকৰ লগত আপোনাৰ সম্বন্ধ! স্বামী হয় মই তাইৰ। নাম অনুজ। আৰু এইসকল! আদিতে তাৰ ওচৰত ৰৈ থকা লোকসকলৰ বিষয়ে জানিবলৈ বিচাৰিলে! এয়া মোৰ সৰু ভাইটি তনুজ আৰু এয়া মোৰ পাপা। অনুজে তাত ৰৈ থকা ডেকা যুৱকজনৰ লগত আৰু বৃদ্ধজনৰ লগত আদিতৰ পৰিচয় কৰালে। আদিতে, একান্ত মনে অনুজৰ মুখলৈ চাই ৰৈছিল, অনুজৰ মুখত তাৰ পত্নীৰ মৃত্যুৰ কোনো দুখ দেখা পোৱা নগৈছিল। সেই সময়তে দুজনমান পুৰুষ আৰু মহিলা কান্দি কান্দি সেই ঠাই পালেগৈ। পুলিচ বিষয়াসকলে তেওঁলোকক মৃতদেহৰ কাষলৈ যোৱাত বাধা দিলে।
ছাৰ, মই তাইৰ দেউতাক হয়। তাৰে মাজৰে কোনোবা এজনে যেনে তেনে কৰি কলে। আমি ইয়াত কিছু প্ৰয়োজনীয় কাম কৰি আছো। পুলিচ বিষয়াজনে তেওঁক বুজাই লৈ কলে। কিছু সময়ৰ পাছতে মৃতদেহ আপোনালোকক দিয়া হব। এগৰাকী মহিলাৰ স্থতিত দেখা পায় আদিতে আন্দাজ কৰিলে যে, সেইগৰাকী মৃতকৰ মাক হব। পুলিচ বিষয়াসকলে মৃতকৰ চিনাক্ত কৰি পোষ্টমৰ্টম কৰিবলৈ পথিয়াই দিলে। লাহে লাহে মানুহৰ ভীৰটো কমিল। আবেলি, আদিত সুধা পুচাৰ বাবে, অনুজৰ ঘৰলৈ গল। অনুজ ঘৰত অকলে আছিল। আদিতে, অনুজক প্ৰশ্ন কৰিলে, আপুনি আপোনাৰ পত্নীৰ মৃত্যুৰ খবৰ কাৰপৰা পালে আৰু আপুনি সেই সময়ত কত আছিল! মোক পুলিচৰ লোক এজনে ফোন কৰিছিল মৃতদেহ পোৱাৰ পাছত। অনুজে, মূৰ তললৈ কৰিয়েই কলে। মই ইয়াতে আছিলো।। আপুনি শেষবাৰলৈ আপোনাৰ পত্নীক কেতিয়া দেখা পাইছিল! আদিতে, দ্বিতীয় প্ৰশ্ন কৰিলে!যেতিয়া যোৱা কালি তাই অফিচলৈ ওলাইছিল। তাৰে পাছত আমাৰ মাজত কোনো কথা হোৱা নাছিল। আৰু তাই মোৰ লগত কথা পাতিবলেও পচন্দ নকৰিছিল। দীঘলীয়া উশাহ লৈ অনুজে কলে। তাই অফিচাৰ হৈ গৈছিল। তাইৰ সমানৰ লোকৰ লগতহে তাইৰ বেছি সম্পর্ক আছিল। আদিতে বুজিছিল, এয়া পাৰিবাৰিক কণ্ডল আছিল। নিজৰ কথাখিনি কয়ে, অনুজে কান্দোনত ভাঙি পৰিল।( Storyboard )
অনুজে যি নিজৰ পাৰিবাৰিক কথা কলে, সেই অনুসাৰে, অনুজে এখন ৰেচন দোকান চলাইছিল। বেছি পঢ়া শুনা নথকাৰ বাবে, নিজকে কেতিয়াও চাকৰিৰ বাবে সাজু কৰিব নোঁৱাৰিলে। কিন্তু অনুজৰ জীৱনত পঢ়া শুনা থকা ৰাখীক পায়, তাইক চাকৰিৰ বাবে পৰীক্ষা দিবলৈ উৎসাহিত কৰিলে। স্বামীয়ে কৰা কষ্টত সফল হল কিন্তু ৰাখীয়ে তেতিয়া নিজৰ আন এটা ৰূপ হে দেখুৱালে। ৰাখীয়ে, আগলৈ আৰু পঢ়িবলৈ বিচাৰিছিল কিন্তু তাইৰ ঘৰৰ আৰ্থিক অৱস্থাৰ বাবে তাইৰ সকলো সপোন, সপোন হৈয়ে ৰল। ৰাখীয়ে আনন্দ মনেৰে, অনুজৰ কথা শুনিলে। অনুজে, তাইৰ আগলৈ পঢ়াৰ সকলো খৰচ বহন কৰি, সকলো ফালৰপৰা সহায়তা কৰিলে। যাৰ সুন্দৰ ফলো সন্মুখলৈ আহিলে। ৰাখীয়ে কিছু প্ৰয়াসৰ পাছতে বেংকৰ পৰীক্ষাত উত্তীর্ণ হল। তেতিয়া অনুজৰ সুখৰ কোনো সীমা নাছিল। কিন্তু তাৰ আশাত আন কাৰোবাৰ বেয়া দৃষ্টি পৰিল। ৰাখীৰ সম্পর্ক তাইৰ বেংকৰ এজন যুৱক হেমন্ত লগত গঢ় লৈ উঠিল।এতিয়া ৰাখীয়ে, অনুজক, পঢ়া শুনা নজনা, আৰু কোনো কাম নজনাৰ দৰে লাগিল। তাহাঁতৰ মাজত কাজিয়া আৰম্ভ হল। কিন্তু অনুজে তাইক ডিৰ্ভোচ দিলে নিজৰ পৰাজয় দেখা পাইছিল। সেইবাবে অনুজে তাইক সকলোফালৰপৰা বুজাবলৈ ধৰিলে। ৰাখীৰ মাকৰ ঘৰখনো সমস্যাত পৰিল। এফালে অনুজৰ দৰে মধ্যেমবৰ্গীয় শান্ত স্বাভাৱৰ জোঁৱাই, আনফালে সহনশীলতাৰে ভৰা হেমন্ত।
আদিতে অনুজৰ ঘৰৰপৰা বিদায় ললে। পাচদিনা পোষ্টমৰ্টম কৰি ৰাখীৰ মৃতদেহ পৰিয়ালৰ লোকক দি দিয়া হল। অনুজে এই কোনো প্ৰকাৰৰ প্ৰতিক্ৰিয়া নকৰিলে আৰু ৰাখীৰ সৎকাৰত অনুজ আৰু অনুজৰ পৰিয়ালৰ কোনো লোকে উপস্থিত নাথাকিল। ৰাখীৰ মাক দেউতাকে, অনুজে ৰাখীক হত্যা কৰিল বুলি কৈছিল।
কিন্তু আদিতে এই সম্পর্কত আগতে পোষ্টমৰ্টম ৰিৰ্পট চাই লব বিচাৰিছিল। আদিতে, এই কেচৰ লগত জড়িত সকলো লোককে চহৰ এৰি নাজাবলৈ কলে, আৰু পোষ্টমৰ্টম ৰিৰ্পটৰ অপেক্ষা কৰিলে। অতি সোনকালে পোষ্টমৰ্টম ৰিৰ্পট আহিল। মৃত্যুৰ আগতে ৰাখীৰ লগত শাৰীৰিক নিৰ্যাতন হৈছিল, সেয়া পুষ্টি হল। কিন্তু আৰ্শ্বয়যনক কথা এয়া আছিল যে, ৰাখীৰ মৃত্যুৰ কাৰণ, অধিক মাত্রা টুপনিৰ ঔষধ খোৱাৰ বাবেহে হৈছিল। আদিতৰ মূৰ ঘোৰোৱা যেন লাগি গল, এয়া নতুন কেনেধৰণৰ অপৰাধী আহিল, হাবিলৈ লৈ গৈ, শাৰীৰিক নিৰ্যাতন কৰে আৰু টুপনিৰ ঔষধ দি হত্যা! মাৰিবলগীয়াই আছিল যদি, ডিঙি চেপি,ডিঙি ৰেপি, চুৰি কটাৰীৰ ব্যৱহাৰ কৰিব পাৰিছিল। ইনেও, মৃতদেহৰ অৱস্হা দেখা পায় স্পস্হ কৰিব পৰা যায় যে, অপৰাধীয়ে অপৰাধৰ সকলো সীমা পাৰ কৰিছিল। আৰু যদি ৰাখীয়ে শাৰীৰিক নিৰ্যাতনৰ দুখত আত্মহত্যা কৰিছিল, তেতিয়া সেই হাবিৰ মাজত ৰাখীয়ে টুপনি ঔষধ কত পালে! তাইৰ বেগটো তাইৰ গাড়ীতে পৰি আছিল। আৰু ওচৰে পাজৰে কতো ঔষধৰ বটল পৰি থকা নাছিল!আৰু ৰাখী হাজৰিকাৰ এই হত্যাকাণ্ড এক ৰহস্য হৈয়ে ৰল।
এনেধৰনৰ আৰু গল্প/উপন্যাস পঢ়ক এই লিংকত - www.গল্প/উপন্যাস.com
বিঃদ্ৰঃ এই গল্প Social Media Journalism ফেচবুক গ্ৰুপৰ এগৰাকী সন্মানীয় সদস্যা ৰেখামণি চাৰিঙীয়াই আমালৈ প্ৰেৰণ কৰিছে।আপোনালোকেও যদি কোনো লেখা বা গল্প আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপৰ সদস্য হৈ তাত প্ৰকাশ কৰিব পাৰে।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব।( Storyboard )
আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup।
নতুবা আমাৰ ফেচবুক পেজ বা SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সতো গল্প সমূহ প্ৰেৰণ কৰিব পাৰে।
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page



No comments:
Post a Comment