ট্ৰেইনখন গুৱাহাটী সোমোৱাৰ লগে লগে নীল সাজু হ'ল । গুৱাহাটীত নামিবলগা মানুহখিনিৰ কিছুমানে নিজৰ নিজৰ বস্তু -বাহানিবোৰ ঠিক-ঠাক কৰিবলৈ ল'লে ।( Storyboard )
কিছু সময়ৰ পিছত ট্ৰেইনখন আহি গুৱাহাটীৰ ষ্টেচনটোত ৰ'লহি । নীলৰ মনটো উদগ্ৰীৱ হৈ উঠিল । সুনন্দাৰ ওচৰলৈ গৈ তাইক মাত এটা লগাবলৈ তাৰ খুব মন গ'ল । কিন্তু তাৰ সাহস হোৱা নাই ! সি লক্ষ্য কৰিলে --সুনন্দাও গুৱাহাটীত নামিব ! সি ট্ৰেইনৰ পৰা খৰধৰকৈ নামি গ'ল । অলপ দূৰলৈ গৈ সুনন্দা ট্ৰেইনৰ পৰা নমালৈ সি অপেক্ষা কৰি ৰ'ল ...।
ছোৱালীজনীক লগত লৈ সুনন্দাই এয়াৰ বেগটোৰ সৈতে ট্ৰেইনৰ পৰা নামিল । বেগটো লৈ তাই লাহে লাহে আগুৱাই গৈ থাকিল । মনত কিবা এটা সাহস গোটাই নীল আগবাঢ়ি গ'ল সুনন্দাৰ পিনে ।
" সু-ন-ন্দা .. !"-- সি তাইৰ পিনে অলপ আগুৱাই আহি মাত লগালে ।
সুনন্দাই মাতটো শুনি অলপ ৰৈ দি তাৰ পিনে চালে । নীলৰ দুচকুত কাতৰ চাৱনি । সুনন্দাই অলপ সময় তালৈ চাই ৰ'ল ।
" কেনে আছা সুনন্দা ?"-- সি তাইৰ পিনে চালে ।
" জীয়াই আছোঁ নীল !"--সুনন্দাই তাৰ পিনে চাই লাহেকৈ ক'লে ।
সুনন্দাৰ মাতত এয়া খং , নে অভিমান, নে ক্ষমা , সি একো বুজিব নোৱাৰিলে । নোৱাৰে তাই তাক কেতিয়াও ক্ষমা কৰিব ! -- সি জানে । তথাপিও তাইৰ ওচৰলৈ আহিবলৈ সি আজি সাহসকণ গোটাইছে । বহুত কথাই সুধিবলৈ মন গৈছিল তাৰ তাইক । কিন্তু তাৰ সেই অধিকাৰ সি কেতিয়াবাই হেৰুৱাই পেলাইছে !
" তুমি ?"--হঠাৎ সুনন্দাই তাৰ পিনে চালে ।
সুনন্দাৰ এনে এটা প্ৰশ্নৰ বাবে সি কেতিয়াও প্ৰস্তুত নাছিল কিজানি !
" আছোঁ !" -- সি লাহেকৈ ক'লে ।
" ওঁ । " --সুনন্দাই লাহেকৈ মূৰটো দুপিয়ালে ।
" তোমাৰ ছোৱালী ! "--সি অকণমানিজনীলৈ চাই সুধিলে ।
তাৰ প্ৰশ্নত সুনন্দা কিছু সময় থৰ হৈ ৰ'ল ।
" অঁ --অঁ -- !"--হঠাৎ চেতনা ঘূৰাই পোৱা মানুহৰ দৰে তাই কোনোমতে মূৰ দুপিয়ালে ।
সুধিম বুলি ভাবিও আৰু কোনো কথাই সি সুধিব নোৱাৰিলে তাইক । তাৰ বুকুৰ ভিতৰখনত কিবা এটা উজাৰ খাই উঠিল ।
" গৈ থাকোঁ দিয়া । "--সুনন্দা যাবলৈ ওলাল ।
নীলে কি ক'ব , একো ভাবিয়েই নাপালে ।
" বাৰু !"-- কোনোমতে ক'লে সি ।
কথাষাৰ ক'বলৈ বৰ কষ্ট হৈছিল তাৰ ।
সুনন্দা তাৰ গাৰ কাষেৰে লাহে লাহে পাৰ হৈ আগবাঢ়ি গ'ল । নীলে সুনন্দা যোৱাৰ পিনে একেথিৰে চাই থাকিল । সুনন্দা মানুহৰ ভিৰৰ মাজত নোহোৱা হৈ পৰিল ... ।
এসময়ত সুনন্দা তাৰ ওচৰৰ পৰা অলপ সময়ৰ বাবে আঁতৰি যাওঁতেই, তাৰ মনটো হাঁহাকাৰ কৰি উঠিছিল ! এক মুহূর্তও তাইক নেদেখাকৈ থকাটো তাৰ বাবে অসম্ভৱ হৈ পৰিছিল ।
আজিও তাৰ ওচৰৰ পৰা আঁতৰি গৈছে এই একেজনী সুনন্দাই ! অলপ সময়ৰ বাবে নহয় , শেষ বাৰৰ বাবে ! অথচ , সি এই বিচ্ছেদৰ যন্ত্ৰণা অনুভৱ কৰিবলৈ পাহৰি গৈছে এই মুহূর্তত ... !
এয়াই সুনন্দা ! তাৰ একালৰ প্ৰেম ! কিন্তু এতিয়া আনৰ পত্নী ! এগৰাকী মাক !
কথাবোৰ ভাবি ভাবি সি বহুপৰ একে ঠাইতে ৰৈ থাকিল । কিন্তু হঠাতে তাৰ মনটো ভাৰাক্ৰান্ত হৈ পৰিল । সি যেন এতিয়াই গৈ , এই ভিৰৰ মাজত তাইক বিচাৰি লৈ আহিবগৈ ! তাৰ যেন বহু ক'বলগীয়া থাকি গ'ল তাইক ! সুনন্দাই শুনিবনে তাৰ কথাবোৰ ? ---কি পৰিস্থিতিত পৰি, সি তাইৰ পৰা আঁতৰি আহিবলৈ বাধ্য হৈছিল .. ! নাই ,নাই । তাৰ এইবোৰ কথা শুনিবলৈ সুনন্দাৰ এতিয়া সময় নাই ! এতিয়া তাই আনৰ পত্নী । তাই চাগৈ তাক ইতিমধ্যে ক্ষমা কৰি দিছেই ! -- নীলে ভাবিবলৈ ধৰিলে ।
নিজৰ কাম এটাৰ বাবে দুদিনৰ কাৰণে গুৱাহাটীলৈ আহিও, কিয় জানো তাৰ ডিব্ৰুগড়লৈ উভতি যাবলৈ একেবাৰেই মন নগ'ল । এইখন চহৰত তাৰ বহু স্মৃতি বিজড়িত হৈ আছে ! দুদিন নহয় , চিৰদিনৰ বাবে সি থাকি যাব বিচাৰে গুৱাহাটীত ! কিন্তু এয়া জানো সম্ভৱ ! স্মৃতিবোৰ যে এতিয়া অতীত হ'ল ... !
দুদিনৰ পিছত গুৱাহাটীৰ কামখিনি কৰি লৈ সি ডিব্ৰুগড়লৈ উভতি গ'ল ।প্ৰায় দহ দিনমানৰ পিছত, নীলৰ মোবাইললৈ এটা অচিনাকি নম্বৰৰ পৰা মেছেজ আহিল ---
" নীল, সময়ে মোক বহু দূৰলৈ লৈ আহিল তোমাৰ পৰা ! কেতিয়াও ভবা নাছিলোঁ --সপোনবোৰ এনেকৈ থান-বান হৈ যাব বুলি ! বৰ সযতনে বুকুৰ মাজত সেই সপোনবোৰ সাঁচি ৰাখিছিলোঁ ! তোমাৰ অবিহনে জীয়াই থাকিব লাগিব বুলি কেতিয়াও ভাবিব নোৱাৰা মইজনীয়ে এতিয়া জীয়াই থাকিবলৈ আপ্ৰাণ চেষ্টা কৰিছোঁ ! সময়েই সকলো চাগৈ! সেই সময়েই মোক আজি এইখিনিলৈ আগুৱাই আনিছে ।
তুমি মোলৈ ৰ'বানে ? --এদিন তুমিয়েই মোক সুধিছিলা ! মনত আছেনে নীল? মই কৈছিলোঁ--- তোমাৰ বাবে মই মোৰ মৃত্যুৰ শেষ মুহূর্তলৈকে ৰ'ব পাৰিম ! মই কিন্তু তোমাৰ বাবে অপেক্ষা কৰি ৰৈছিলোঁ নীল ! তুমি তোমাৰ বিয়াৰ প্ৰস্তুতিত ব্যস্ত হৈ পৰিলা ! পাহৰি গ'লা মোক দিয়া প্ৰতিশ্ৰুতি ! বহুবাৰ তোমালৈ ফোন কৰাতো , তুমি মোৰ ফোন ৰিচিভ নকৰিলা ! আৰু কেতিয়াও নকৰিলা ! দেউতা আৰু মায়ে কথাবোৰ জানিব পাৰি ভাঙি পৰিছিল ! সমাজৰ ভয়ত মোক বদনামৰ পৰা বচাবলৈ অশেষ চেষ্টা কৰিছিল । কিন্তু তেতিয়ালৈ সময় বহুত দেৰি হৈ গৈছিল ! দেউতাই এই দুখতে চিৰদিনৰ বাবে বিদায় মাগিলে ! মই বহুত কান্দিলোঁ ! এদিন মাও গুচি গ'ল ! দেউতাৰ দৰেই ! মই একেবাৰে অকলশৰীয়া হৈ পৰিলোঁ ! মোৰ কোনো উপায় নাছিল তেতিয়া ! মই নিকিক জন্ম দিয়াটোৱেই সিদ্ধান্ত ল'লোঁ ! নিকিয়ে তাইৰ দেউতাকৰ কথা একোৱে নাজানে !! নিকিয়েই নহয়-- এই কথা মোৰ আৰু ভগৱানৰ বাহিৰে কোনোৱেই নাজানে ... !!
মানে ???-- নীল অলপ সময়ৰ বাবে থৰ হৈ ৰ'ল । নিকি তাৰ সন্তান !!! সুনন্দা কি অবিবাহিতা হৈ ৰ'ল !!! উস ! ভগৱান ! এয়া কি হৈছে মোৰ লগত !!!
সি আকৌ পঢ়ি গ'ল ---
......মই মোৰ ভালপোৱাৰ সকলো প্ৰমাণ দিলোঁ ! মোক সময়ে ক'ত পোৱালেহি আজি ! কৃষ্ণচূড়াৰ ৰঙা পাহিবোৰ বুটলি তোমাক লৈ দেখা সপোনবোৰ ৰঙীন হৈ উঠিছিল এদিন ! কৃষ্ণচূড়াৰ ফুলবোৰ তেতিয়া আমাৰ বাবেই ফুলিছিল ! --মোৰ তেনেকুৱাই লাগিছিল এদিন নীল ! কিন্তু এয়া মোৰ ভুল ধাৰণা আছিল ! কৃষ্ণচূড়াবোৰ আমাৰ বাবে ফুলা নাছিল তেতিয়া ! কৃষ্ণচূড়াবোৰ আৰু কাহানিও নুফুলে নীল !!
নিকিক মই দেউতাকৰ মৰমখিনি দিবলৈ
চেষ্টা কৰিম, যাতে তাই কোনোদিনে দেউতাকৰ শূন্যতাখিনি অনুভৱ নকৰে । দেউতাক অবিহনে তাই জীয়াই থাকিবলৈ শিকক ! নহ'লে যে মোৰ দৰে কষ্ট সহ্য কৰিবলৈ তাইৰ বৰ টান হ'ব ! তাই এতিয়া তেনেই সৰু হৈ আছে । কিন্তু এদিন তাই দেউতাকৰ কথা সুধিলে , মই তাইক কি বুলি সান্তনা দিম নীল !! মই একো ভাবিয়েই নাপাওঁ !
সেয়াও সময়েই ক'ব । সময়ে সকলো চম্ভালি লয়! নিকিকো চম্ভালি ল'ব এদিন --মোৰ বিশ্বাস আছে ! নিকিৰ নামটো , মই তোমাৰ নামটোৰ প্ৰথমটো আখৰ "ন"ৰেই থ'লোঁ ! যাতে তোমাৰ প্ৰতি মোৰ ভালপোৱা , মোৰ দুচকুৰ আগত সদায় জীপাল হৈ থাকে আৰু তোমাক যাতে মই সদায় মোৰ ওচৰত অনুভৱ কৰিব পাৰোঁ ! আজিও অনুভৱ কৰোঁ ! আৰু সদায় থাকিব তোমাৰ প্ৰতি মোৰ এই প্ৰেম , ভালপোৱা ... ! "
নীলৰ দুচকুৱেদি দুটোপাল চকুপানী নিগৰি আহি মোবাইলটোৰ স্ক্ৰীণত পৰিল । চকুৰে
ধোঁৱা -কোঁৱা দেখিলে সি । সি উচুপি উঠিল -- কি দুৰ্ভগীয়া সি ! নিজৰ সন্তানটোক সি এবাৰো চুব নোৱাৰিলে সিদিনা ! তাইক বুকুৰ মাজত সুমুৱাই লৈ সি এবাৰো হেঁপাহ পলুৱাই দেউতাকৰ মৰমখিনিও দিব নোৱাৰিলে ! অথচ সি সেই সন্তানৰে পিতৃ ! সি কেনেকৈ বুজাব সুনন্দাক ? সি যে সকলো হেৰুৱাই পেলাইছে ইতিমধ্যে ! -- দেউতাক, পত্নী , নিজ সন্তান ... !
এতিয়া তাৰ প্ৰেম সুনন্দা আৰু সিহঁতৰ প্ৰেমৰ একমাত্ৰ সাক্ষী নিকিও তাৰ ওচৰৰ পৰা আঁতৰি যাবলৈ ওলাইছে ! নাই ,নাই ! সি আৰু নোৱাৰা হৈ পৰিছে ! সি সুনন্দাক এনেকৈ তাৰ পৰা দূৰলৈ যাব দিব নোৱাৰে ! তাৰ সন্তান নিকিক তাৰ বুকুৰ পৰা কোনেও আঁতৰাই নিব নোৱাৰে এতিয়া !
নীলৰ চিঞৰি চিঞৰি কান্দিবৰ মন গ'ল । তাৰ হাতৰ পৰা মোবাইলটো সৰি পৰিল । সি উচুপি উঠিল নিঃশব্দে ! থোকাথুকিকৈ তাৰ মুখৰ পৰা ওলাই আহিল এটি শব্দ --সু-ন-ন্দা !! কৃষ্ণচূড়াবোৰ আকৌ ফুলিব সুনন্দা !!
সি ঠিক কৰিলে -- সি সুনন্দা আৰু নিকিক তাৰ ওচৰলৈ একেবাৰেই লৈ আহিব । চকুপানীখিনি মচি , সি ফোনটো হাতত তুলি ল'লে .... ।
( সমাপ্ত)
************
এনেধৰনৰ আৰু গল্প/উপন্যাস পঢ়ক এই লিংকত - www.গল্প/উপন্যাস.com
বিঃদ্ৰঃ উক্ত গল্প Social Media Journalism ফেচবুক গ্ৰুপৰ এগৰাকী সন্মানীয় সদস্যা অঞ্জনা দত্ত ডাঙৰীয়াণীৰ দ্বাৰা গ্ৰুপত প্ৰকাশিত।আপোনালোকেও যদি কোনো লেখা বা গল্প আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপৰ সদস্য হৈ তাত প্ৰকাশ কৰিব পাৰে।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব।( Storyboard )
আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup।
নতুবা আমাৰ ফেচবুক পেজ বা SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সতো গল্প সমূহ প্ৰেৰণ কৰিব পাৰে।
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page



No comments:
Post a Comment