ধিংৰ বিধায়ক আমিনুল ইছলামৰ প্ৰতক্ৰিয়া : News update - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Tuesday, June 1, 2021

ধিংৰ বিধায়ক আমিনুল ইছলামৰ প্ৰতক্ৰিয়া : News update

 

News update

"কোভিদ আক্রান্ত লোকসকলক চিকিৎসা প্ৰদানৰ ক্ষেত্রত চিকিৎসক সকলে নিজৰ জীৱনৰ প্ৰতি চৰম ভাবুকি উপেক্ষা কৰি সেৱা আগবঢ়ায়। এইখন ভাৰতত কোভিদ আক্রান্ত লোকৰ চিকিৎসা সেৱাৰ লগত জড়িত প্ৰায় তিনি শতাধিক চিকিৎসক নিজে কোভিদ আক্রান্ত হৈ যোৱা মাহটোত মৃত্যুক আকোঁৱালি লোৱাৰ দুঃখ আমি পাহৰিব পৰা নাই। চিকিৎসক সকলৰ এই চৰম প্ৰত্যাহ্বানপুৰ্ণ সেৱাৰ কাৰণে আমি সদায় তেখেত সকলৰ ওচৰত কৃতজ্ঞ।  ( News update )


             কিন্তু দুৰ্ভাগ্যজনক ভাবে আজি হোজাই কোভিদ কেয়াৰ হস্পিতালত কৰ্মৰত চিকিৎসক (ডাক্টৰ) সেউজ কুমাৰ সেনাপতিক এদল উদণ্ড লোকে শাৰীৰিক ভাবে প্ৰহাৰ কৰা কাৰ্যক আমি তীব্র গৰিহণা দিছোঁ। ঘটনাৰ নিৰপেক্ষ তদন্ত কৰি বিহীত ব্যৱস্থা গ্ৰহণ কৰিবলৈ ৰাজ্য চৰকাৰৰ প্ৰতি দাবী জনাইছোঁ।" - আমিনুল ইছলাম। ( News update )

No comments:

Post a Comment

Advertisement

Pages